২২ জন ভাৰতীয়সহ দুখন জাহাজ জলদস্যুৰ অপহৰণ

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
শুকুৰবাৰে জাহাজ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, য়েমেন আৰু ছোমালিয়াৰ সমীপত সংঘটিত পৃথক দুটা ঘটনাত মুঠ ২২ গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই অনা দুখন বাণিজ্যিক জাহাজ জলদস্যুই অপহৰণ কৰিছে।
 
বিষয়াগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ‘এম টি ছিবু-১’ নামৰ ইৰিত্ৰিয়াৰ পতাকাবাহী তেলজাতীয় সামগ্ৰী পৰিবহণ কৰা টেংকাৰখনত মুঠ ২০জনীয়া কৰ্মচাৰী আছিল। ইয়াৰে ১৬জন ভাৰতীয় নাগৰিক। ২০ আগষ্টত য়েমেনৰ উপকূলৰ পৰা প্ৰায় ৩০ নটিকেল মাইল দূৰত, এডেন উপসাগৰত সশস্ত্ৰ জলদস্যুৱে জাহাজখন অপহৰণ কৰে।
 
ইয়াৰ উপৰি, ১৭ আগষ্টত ছোমালিয়াৰ পাণ্টলেণ্ড উপকূলৰ ওচৰত আন এখন কেমেৰুণৰ পতাকাবাহী মালবাহী জাহাজো জলদস্যুৰ আক্ৰমণৰ সন্মুখীন হয়। জাহাজখনত মুঠ ১০জনীয়া কৰ্মচাৰী আছিল, যাৰ ভিতৰত ৬জন ভাৰতীয় নাগৰিক। বিষয়াসকলে জনোৱা মতে, শেহতীয়া তথ্য অনুসৰি অপহৃত জাহাজ দুখনৰ ভাৰতীয় কৰ্মচাৰীসকল নিৰাপদে আছে।