নিয়োগ সৃষ্টি, যুৱচামৰ দক্ষতা বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেট দাখিল

Story by  atv | Posted by  [email protected] • 8 Months ago
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

নতুন দিল্লী

নিয়োগ সৃষ্টি, যুৱচামৰ দক্ষতা বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীক কেন্দ্ৰবিন্দু কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে একেৰাহে সপ্তমবাৰৰ বাবে বাজেট আৰু এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো বাজেট দাখিল কৰে। ১ ঘণ্টা ৪০ মিনিটৰ বাজেট ভাষণত সীতাৰমণে নতুন কৰদাতাসকলৰ বাবে বিশেষ সকাহ দিয়াৰ কথা ঘোষণা কৰি নূন্যতম কৰ কৰ্তনৰ (standard deduction) হাৰ ৫০ হাজাৰৰ পৰিৱৰ্তে ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰিছে।
 
ইফালে, বাজেট ঘোষণাৰ পিছতে ভাৰতীয় শ্বেয়াৰ বজাৰ নিম্নগামী হৈছে। বিএছই চেন্সেক্সৰ ১২৪৮.২৩ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে নিফ্টীৰ ৪০৯ পইণ্ট হ্ৰাস পাইছে।
 
বাজেট দাখিল কৰি সীতাৰমনে কয় যে বাজেটৰ ৯টা অগ্ৰাধিকাৰৰ ভিতৰত উৎপাদনশীলতা, চাকৰি, সামাজিক ন্যায়, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, সংস্কাৰ আদি প্ৰধান বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে তেওঁৰ ক্ৰমাগত সপ্তমখন বাজেট দাখিল কৰে। ইয়াৰ পূৰ্বে প্ৰাক্তন বিত্তমন্ত্ৰী মোৰাৰজী দেশাইয়ে একেৰাহে ছখন বাজেট দাখিল কৰিছিল।
 
আজিৰ বাজেটত ভাৰতক ২০৪৭ চনৰ ভিতৰত বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ ৰোডমেপ প্ৰস্তুত কৰি নিয়োগ, দক্ষতা, কৃষি, আৰু উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এয়া হৈছে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। দুখন অন্তৱৰ্তীকালীন বাজেটকে ধৰি ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ এয়া ক্ৰমাগত ত্ৰয়োদশ বাজেট।
 
কেন্দ্ৰীয় বাজেটত গ্ৰাম্য অৰ্থনীতিৰ বাবে অধিক আবণ্টন, কৰ সংস্কাৰ, আন্তঃগাঁথনি উন্নত, স্থানীয় উৎপাদন, চাকৰি আৰু দক্ষতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নিয়োগ সৃষ্টিৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি বিত্তমন্ত্ৰীয়ে আজি তিনিখন নতুন আঁচনি ঘোষণা কৰে। "নিয়োগ সৃষ্টিৰ বাবে চৰকাৰে তিনিখন আঁচনি মুকলি কৰিব। সকলো খণ্ডতে নতুনকৈ কৰ্মশক্তিত প্ৰৱেশ কৰা ব্যক্তিসকলক এমাহৰ মজুৰি প্ৰদানৰ বাবে আঁচনি। এই আঁচনিয়ে ২.১ কোটি লাখ যুৱকক উপকৃত কৰিব।’-এইদৰে কয় বিত্তমন্ত্ৰীয়ে।
লোকসভাত বাজেট দাখিল কৰি তেওঁ কয় যে ভাৰতৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত গঠিত চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখি ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত কৰাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ।
 
ইফালে, প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা আৰু পাঁচ বছৰলৈ সম্প্ৰসাৰিত কৰি দেশৰ ৮০ কোটিৰো অধিক লোকক উপকৃত কৰিবলৈ চৰকাৰে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
কৃষকৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, "কৃষকক মুকলি কৰি দিয়া হ'ব নতুন ১০৯টা উচ্চ উৎপাদনক্ষম, জলবায়ু প্ৰতিৰোধী উদ্ভিদৰ জাত। দুবছৰৰ ভিতৰত এক কোটি কৃষকক প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত প্ৰৱেশৰ সুযোগ দিয়া হ’ব।”
 
নিৰ্মলা সীতাৰমণৰ বাজেটৰ আন এক উল্লেখনীয় দিশ হৈছে যে কৰ্কট ৰোগৰ ঔষধ আৰু মোবাইল ফোনৰ দাম হ্ৰাস হ’ব। আনহাতে, এনডিএ চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ কেন্দ্ৰীয় বাজেটে বিশেষ উপহাৰ কঢ়িয়াই আনিছে। কিয়নো, মঙলবাৰে দাখিল কৰা বাজেটত বিহাৰৰ বাবে ২৬,০০০ কোটি আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে ১৫,০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা হৈছে। 
পৰ্যটন খণ্ডক উদগণি যোগাই সীতাৰমণে কয় যে গয়াত বিষ্ণুপথ মন্দিৰ আৰু বোধগয়াৰ মহাবোধী মন্দিৰ কাশী বিশ্বনাথ কৰিডৰৰ দৰে নিৰ্মাণ কৰা হ’ব। একেদৰে, নালন্দাক পৰ্যটনৰ হটস্পট হিচাপে গঢ়ি তোলা হ’ব। ওড়িশাৰ মন্দিৰ আৰু অতীতৰ বিলসমূহৰ উন্নয়নৰ বাবেও বাজেটতত সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
 
মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ হিচাপে বাজেটত কৰ্মৰত মহিলাৰ বাবে হোষ্টেল স্থাপনৰ সিদ্ধান্ত লৈছে। হোষ্টেল আৰু ক্ৰেচৰ জৰিয়তে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্ৰহণ নিশ্চিত হ'ব বুলি সীতাৰমণে উল্লেখ কৰে।