আৰণ্যকৰ উদ্যোগত বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা

Story by  atv | Posted by  [email protected] • 1 Months ago
আৰণ্যকৰ উদ্যোগত বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা
আৰণ্যকৰ উদ্যোগত বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা

গুৱাহাটী

ছবিৰ মাধ্যমেৰে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক কাহিনী কোৱাৰ পদ্ধতিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশহিচাপে প্ৰসিদ্ধ বন্যপ্ৰাণী সংৰক্ষণ সংস্থা আৰণ্যকে প্ৰকৃতি আৰু বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক এখন তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে। 
 
“নিকন ইণ্ডিয়া”ক ইকুইপমেণ্ট সহযোগী আৰু "ইক'এন ই"ক মিডিয়া সহযোগী হিচাপে লৈ যোৱা ৮ ৰ পৰা ১০ মাৰ্চলৈ গুৱাহাটীত অনুষ্ঠিত কৰা কৰ্মশালাখনত ছবিৰ মাধ্যমেৰে দৃশ্যগত কাহিনী কোৱাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
 
কৰ্মশালাখন উদ্বোধন কৰি  আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া বিভৱ কুমাৰ তালুকদাৰে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ কেমেৰাৰ জৰিয়তে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ হকে কাম কৰিবলৈ উৎসাহিত কৰে।  নিকন ইণ্ডিয়াৰ বিষয়া কুমাৰ কিশোৰ কলিতাই অংশগ্ৰহণকাৰীসকলক কাহিনী এটাক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ বাবে ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফীৰ ক্ষেত্ৰত হোৱা কাৰিকৰী উন্নতিৰ সুবিধা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। 
 

আৰণ্যকে এটা বিবৃতিত কয়, "কৰ্মশালাখনত ভিডিঅ’গ্ৰাফী আৰু চিনেমাট’গ্ৰাফীৰ মূল কথা, প্ৰকৃতি আৰু বন্যপ্ৰাণী বিষয়বস্তুৰ জ্ঞান, কাহিনীৰ বিকাশ আৰু ভিডিঅ’ সম্পাদনা আদি বিভিন্ন বিষয় আলোচনা কৰা হয়। অংশগ্ৰহণকাৰীসকলে গড়ভঙা সংৰক্ষিত বনাঞ্চলত আউটড’ৰ ভিডিঅ’ শ্বুটিঙত অংশগ্ৰহণ কৰাৰ লগতে  ছবি নিৰ্মাণৰ বিভিন্ন দিশ শিকাৰ সময়ছোৱাত নিজাকৈ অনুশীলন প্ৰকল্পও  প্ৰস্তুত কৰে।" 

অসমৰ কামৰূপস্থিত ড: ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ মোশ্যন পিকচাৰ ফটোগ্ৰাফী বিভাগৰ প্ৰবক্তা  ড: সঞ্জীব পৰাশৰে তথ্যচিত্ৰ নিৰ্মাণ বিষয়ক এক চিন্তা-উদ্দীপক অধিবেশন পৰিচালনা কৰে।

আৰণ্যকৰ মিডিয়া প্ৰডাকচন এণ্ড কমিউনিকেচন ডিভিজনৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত জ্যেষ্ঠ বিজ্ঞানী আৰু বন্যপ্ৰাণী ফটোগ্ৰাফাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা উদয়ন বৰঠাকুৰে বিভিন্ন অধিবেশন সঞ্চালনা কৰে। আৰণ্যকৰ ডকুমেন্টেশ্যন আৰু প্ৰডাকশ্যন বিষয়া চিন্ময় স্বৰ্গীয়াৰীয়ে ভিডিঅ’ সম্পাদনা বিষয়ক অধিবেশন সঞ্চালনা কৰে। সংমণ্ডলটোৰ প্ৰৱন্ধক মুনমিতা বৰুৱাই কৰ্মশালাখনৰ সামগ্ৰিক সমন্বয় ৰক্ষা কৰে।

আৰণ্যকৰ মিডিয়া প্ৰডাকচন এণ্ড কমিউনিকেশ্যন বিভাগৰ মুৰব্বী উদয়ন বৰঠাকুৰে কয়, “প্ৰকৃতি আৰু বন্যপ্ৰাণীক বিষয়বস্তু হিচাপে লৈ উন্নত ৰূপত কাহিনী উপস্হাপন কৰাৰ বাবে যোগাযোগ দক্ষতা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এলানি কৰ্মশালাৰ অংশ হিচাপে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আমি ভৱিষ্যতেও বিভিন্ন আনুষংগিক বিষয়ৰ ওপৰত এনেধৰণৰ আৰু অধিক কৰ্মশালাৰ আয়োজন কৰি যাম”।