মিজোৰামত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ওপৰত কৰ্মশালা

Story by  atv | Posted by  [email protected] • 13 d ago
মিজোৰামত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ওপৰত কৰ্মশালা
মিজোৰামত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ওপৰত কৰ্মশালা
 
আইজল
 
বন্যপ্ৰাণী সুৰক্ষাৰ বিষয়টো পৰিৱেশ সুৰক্ষাৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান বুলি মন্তব্য কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে বন্যপ্ৰাণী অপৰাধ মোকাবিলা কৰাৰ ক্ষেত্ৰত ধন শোধন প্ৰতিৰোধ আইনৰ (পি এম এল এ) প্ৰাসংগিকতা আছে, কাৰণ ধন শোধন আৰু বন্যপ্ৰাণী অপৰাধৰ মাজত অন্তনিৰ্হিতভাৱে সম্পৰ্ক আছে।
 
 
আইজলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মিজোৰাম পীঠত বৃহস্পতিবাৰে আয়োজিত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ : প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা” শীৰ্ষক এখন কৰ্মশালাত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ন্যায়াধীশ ভূঞাই এই মন্তব্য কৰে আৰু কয় যে যিহেতু বন্যপ্ৰাণী অপৰাধৰ জৰিয়তে অৰ্জন কৰা সম্পত্তিৰ ক্ষেত্ৰত ধন শোধন প্ৰতিৰোধ আইন প্ৰজোয্য হয়, সেয়ে বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ অধীনৰ অপৰাধবোৰো ধন শোধন প্ৰতিৰোধ আইনৰ অন্তৰ্ভুক্ত।     
 
বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ন্যায়পালিকাকে ধৰি বিভিন্ন অংশীদাৰ সকলৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা উদ্যোগৰ অংশ হিচাপে মিজোৰাম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ আৰু অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যৌথভাৱে কৰ্মশালাখনৰ আয়োজন কৰিছিল।  
 
বিশ্ব ছানি ধৰা সংগঠিত বন্যপ্ৰাণী অপৰাধে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা, অস্ত্ৰৰ চোৰাং বেহা আৰু চোৰাং মানৱ সৰবৰাহৰ পাছত চতুৰ্থ গুৰুতৰ অপৰাধৰ ৰুপ ধাৰণ কৰিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰি ন্যায়াধীশ ভূঞাই কয় যে বিভিন্ন দেশে চলোৱা কঠোৰ অভিযান আৰু মৃত্যুদণ্ডৰ দৰে শাস্তিৰ পৰা হাত সাৰিবলৈ ড্ৰাগছৰ অবৈধ ব্যৱসায়ী চক্ৰই সমানে লাভজনক বন্যপ্ৰাণী অপৰাধত মনোনিৱেশ কৰিছে।      
 
বন্যপ্ৰাণী বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হোৱাৰ বাবে বন্যপ্ৰাণী অপৰাধ-প্ৰৱণ উত্তৰ পূৰ্বাঞ্চলত এনে অপৰাদ্ধৰ তদন্ত ক্ষীপ্ৰতৰ আৰু অপৰাধী দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই অঞ্চলটোত এটা বন্যপ্ৰাণী ফৰেণচিক প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
 
ন্যায়াধীশ ভূঞাই বৰ্তমানৰ আইনক অধিক শক্তিশালী কৰি দেশৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য সমূহত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে চোৰাংচোৱা তথ্য সংগ্ৰহ, সক্ষমতা বৃদ্ধি, বন্যপ্ৰাণী অপৰাধ আৰু অপৰাধীৰ তথ্য বেংক স্থাপন আৰু ফৰেণচিক বিজ্ঞানৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।
 
কৰ্মশালাখনত সান্মানিত অতিথি হিচাপে উপস্থিত থকা উচ্চতম ন্যায়ালয়ৰ আন এজন ন্যায়াধীশ প্ৰশান্ত বি ভাৰালে কয়, “জৈৱ বৈচিত্ৰ্যৰ খনি ভাৰতবৰ্ষ বন্যপ্ৰাণীৰ অলেখ প্ৰজাতিৰে ভৰপূৰ । বন্যপ্ৰাণী অপৰাধে বিশ্বজুৰি পাৰিপাৰ্শ্চিক সন্তুলনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু ভাৰতবৰ্ষ ইয়াৰ ব্যতিক্ৰম নহয়”।
 
বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে বিভিন্ন অংশীদাৰসকলৰ মাজত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ন্যায়াধীশ ভাৰালে দেশত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে ফাষ্ট ট্ৰেক আদালত, বন্যপ্ৰাণী অপৰাধৰ গোচৰত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰাৰ অৰ্থে দ্ৰুত তদন্ত, অপৰাধ প্ৰতিৰোধত ৰাইজৰ অংশগ্ৰহণ, বন্যপ্ৰাণী প্ৰতিৰোধ আইনৰ নিয়মিত পৰ্যালোচনা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ডি এন এ  বিশ্লেষণ, দ্ৰোণ আৰু উপগ্ৰহীয় চিত্ৰৰ ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে।
 
তেওঁ বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে বন কৰ্মী, ৰাজ্য প্ৰশাসন আৰু ৰাইজৰ মাজত সমন্বয় সৃষ্টিৰ আহ্বান জনায় আৰু অধিবক্তা সমাজক আইনী সেৱা প্ৰাধিকৰণৰ অধীনত বন্যপ্ৰাণী অপৰাধৰ গোচৰত সহায় আগবঢ়াবলৈ পৰামৰ্শ দিয়ে।
 
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জুথাংখুমাই আদৰণি ভাষণ দিয়া কৰ্মশালাখনত উচ্চ ন্যায়ালয়খনৰ আন দুগৰাকী ন্যায়াধীশ ক্ৰমে ন্যায়াধীশ নেলছন চাইলো আৰু ন্যায়াধীশ মাৰ্লি ভেংকুঙে অংশগ্ৰহণ কৰে ।
 
আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সচিব প্ৰধান ড: বিভৱ কুমাৰ তালুকদাৰে তেওঁৰ ভাষণত সংগঠিত বন্যপ্ৰাণী অপৰাধ মোকাবিলা আৰু প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আইনী ক্ষেত্ৰৰ লোকসকলকে ধৰি বিভিন্ন অংশীদাৰ সকলৰ মাজত বহনক্ষম সমন্বয় সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বন্যপ্ৰাণীৰ বৈচিত্ৰ্যৰে ভৰা আৰু প্ৰায় উন্মুক্ত সীমান্তৰে বেৰি থকা দেশৰ সীমামূৰীয়া উত্তৰ পূৰ্বাঞ্চল গোলকীয় বন্যপ্ৰাণী অপৰাধীৰ লক্ষ্য আৰু বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীৰ বাবে পছন্দৰ পথত পৰিণত হৈ পৰিছে।
 
মিজোৰাম আৰক্ষীৰ মহা পৰিদৰ্শক লালবিয়াকথাংগা খিয়াংতে আৰু জ্যেষ্ঠ শুল্ক বিষয়া মালস্বামলুৱাংগা, মিজোৰামৰ ডাম্পা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক অগ্নি মিত্ৰ আৰু আৰণ্যকৰ আইন পৰামৰ্শদাতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় কুমাৰ দাসে অঞ্চলটোৰ বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতি, গোচৰৰ তদন্ত, বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ সংশোধিত ব্যৱস্থা আদিৰ বিষয়ে উপস্থাপন কৰে ।
 
কৰ্মশালাখনত মেঘালয়ৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান, মিজোৰামৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, মিজোৰাম আৰক্ষী, শুল্ক বিভাগ, ৰাজ্যিক ন্যায়পালিকাৰ জ্যেষ্ঠ বিষয়াবৃন্দ, মিজোৰাম উকীল সন্থাৰ সভাপতি আৰু সদস্যসকলৰ লগতে আইজল আইন মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।