ৰাজ্যজুৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উদযাপন

Story by  atv | Posted by  [email protected] • 1 h ago
কাহিলীপাৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন
কাহিলীপাৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন
 
গুৱাহাটী

আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। গানৰ ৰজাৰ জন্মদিনটো পালন কৰিবলৈ পূৰ্বৰ দৰে আজি ওলাই আহিল লাখ লাখ অনুৰাগী। প্ৰথমবাৰৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিত জন্মদিনটো উদযাপন কৰিবলগীয়া হৈছে অনুৰাগীসকলে। জন্মদিনটো এনেদৰে উদযাপন কৰিবলগীয়া হোৱাত অনুৰাগীসকল আৱেগিক হৈ পৰাই নহয় বুকুত সীমাহীন বেদনা অনুভৱ কৰিছে। 
 
ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজি শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হৈছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰতো আজি প্ৰতিজন অনুৰাগীয়ে পালন কৰিছে জুবিন বিহীন প্ৰথমটো ওপজা দিন। পুৱাৰে পৰা জুবিন ক্ষেত্ৰত অনুৰাগীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। এই উপলক্ষে জুবিন ক্ষেত্ৰত ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰৰ পুলি ৰোপণ আৰু সন্ধিয়া ৫,০০০ চাকি জ্বলোৱা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি প্ৰাণৰ শিল্পীগৰাকী নাই যদিও, তেওঁৰ গানবোৰ আছে, সৃষ্টিসমূহ আছে। এইবোৰৰ মাজতেই তেওঁৰ অস্তিত্ব আছে।
 
ইপিনে, আজি পুৱা কাহিলীপাৰাত জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। তেওঁৰ বাসগৃৰ চৌহদত শিল্পীগৰাকীৰ প্ৰিয় বকুল গছৰ তলত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগে লগে অনুৰাগীসকল আৱেগিক হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে। এই অনুষ্ঠানত শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়ালৰ সদস্য আৰু বহুতো শুভাকাংক্ষী উপস্থিত থাকে।