জলবন্দী অসমৰ এখন গাঁৱত বিশেষ ব্যস্ততা

Story by  atv | Posted by  Munni Begum • 1 Years ago
বানপীড়িত লোকসকলে সুৰক্ষিত স্থানলৈ যোৱাৰ বাবে নাও ব্যৱহাৰ কৰিছে
বানপীড়িত লোকসকলে সুৰক্ষিত স্থানলৈ যোৱাৰ বাবে নাও ব্যৱহাৰ কৰিছে
আৰিফুল ইছলাম / গুৱাহাটী
 
কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে এতিয়া ভয়ংকৰ জলপ্ৰলয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে ৰাজ্যৰ কেইবাখনো জিলাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বছৰটোৰ দ্বিতীয়টো বানপানীয়ে অসমৰ লাখ লাখ লোকক প্ৰভাৱিত কৰাৰ সময়তে নলবাৰী জিলাৰ ৰাজাবজাৰ গাঁওত এক অন্য ধৰণৰ ব্যস্ততা পৰিলক্ষিত হৈছে। এই গাওঁৰ বাসিন্দাসকলে ৰাজ্যত সৃষ্টি হোৱা নাওৰ চাহিদা পূৰণ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি নাও নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে। 
 
মনকৰিবলগীয়া যে, বানপানীৰ সময়ত নাৱেই হৈছে অসমৰ জনসাধাৰণৰ যাতায়তৰ প্ৰধান আহিলা। নাও ব্যৱহাৰ কৰিয়েই বানপীড়িতসকলে তেওঁলোকৰ সা-সামগ্ৰীসমূহ সুৰক্ষিত স্থানলৈ লৈ যায় অথবা জৰুৰীকালীন অৱস্থাত ৰোগী কঢ়িয়াই নিয়াৰ বাবে নাওৰ ব্যৱহাৰ কৰা হয়। প্ৰশাসনেও বানপীড়িত লোকসকলক উদ্ধাৰৰ বাবে নাও ব্যৱহাৰ কৰে।
বানপানীৰ বাবে সম্প্ৰতি সমগ্ৰ ৰাজ্যতে নাওৰ ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰাত ৰাজাবজাৰ গাঁওৰ নাও প্ৰস্তুতকাৰীসকলৰ ব্যস্ততা হঠাতে বৃদ্ধি পোৱা দেখা গৈছে। ‘আৱাজ দ্যা ভইছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গাওঁখনৰ নাও প্ৰস্তুতকৰ্তা আব্দুল মান্নানে কয়; "বিগত দুটা দিনত আমাৰ বনাই থোৱা সকলো নাও শেষ হৈ গৈছে। এই দুদিনত প্ৰায় ২০ৰ পৰা ২৫খন নাও বিক্ৰী হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মানুহে নাও বিচাৰি আছে, কিন্তু আমি নতুনকৈ নাও বনাই দিব পৰা নাই’।
উল্লেখ্য যে, নলবাৰী জিলাৰ অন্তৰ্গত ৰাজাবজাৰ নামৰ গাওঁখনৰ প্ৰায় ৯০ শতাংশ লোকেই নাও প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰে। বানপানী বহুতৰ বাবে অভিশাপ হলেও, তেওঁলোকৰ বাবে এয়া আশীৰ্বাদস্বৰূপ। প্ৰত্যেক বছৰে বহাগৰ পৰা ভাদ মাহলৈ তেওঁলোকৰ নাও নিৰ্মান কৰাৰ মুখ্য সময়। বাকী সময়খিনিত নাও নিৰ্মান কৰা নহয় আৰু এই সময়খিনিক অফ ছিজন বুলি গণ্য কৰা হয়। অফ ছিজনত কিছুমান বিশেষ অৰ্ডাৰ অনুযায়ী আৰু ডিছাইন থকা নাও নিৰ্মান কৰি ৰখা হয়।
 
নলবাৰী জিলাৰ ৰাজাবজাৰ গাওঁৰ বাসিন্দাসকলে নাওৰ চাহিদা পূৰণ কৰিবলৈ নাও নিৰ্মাণত ব্যস্ত
 
‘এনেকুৱা ভয়ংকৰ বানপানী আমি কেতিয়াও দেখা নাছিলোঁ। বানপানীৰ সময়ত আমাৰ নাও বিক্ৰী হয়, কিন্তু এনেকুৱাকৈ বিক্ৰী হোৱা নাছিল। বনাই থোৱা সকলোবোৰ নাও শেষ হৈ গৈছে। বৰ্তমান অৰ্ডাৰ লৈ এখন নাও বনাই আছোঁ। বানপানীৰ ফলত আমাৰ কাঠ কটা মেচিন পানীত বুৰ গৈ আছে বাবে নতুনকৈ আৰু নাও বনাব পৰা নাই। বৰপেটা, নলবাৰী, ৰঙিয়া, ছিপাঝাৰ, মঙলদৈ আদি বহু ঠাইৰ পৰা মোৰ ওচৰত নাওৰ অৰ্ডাৰ আহি আছে। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকায়ো আমাক কেইখনমান নাওৰ অৰ্ডাৰ দিছে।"-আব্দুল মান্নানে পুনৰ কয়। 
মনকৰিবলগীয়া যে, কলিতাকুছিৰ বাসিন্দা মান্নানে নাও নিৰ্মান কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে। নাও নিৰ্মান কৰা কামটো তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ব্যৱসায়। প্ৰজন্মৰ পিছত প্ৰজন্মই এই কামটোৰ লগত জড়িত হৈ আছে। 
নাও নিৰ্মান কৰিবলৈ তেওঁলোকে সাধাৰণতে আজৰ, পমা আৰু উৰীয়াম গছৰ কাঠ ব্যৱহাৰ কৰে। সাধাৰণতে এখন নিৰ্মান প্ৰস্তুত কৰোঁতে তেওঁলোকক ৪ৰ পৰা ৫ দিন সময় লাগে। কিন্তু নাৱৰ আকাৰ আৰু আকৃতিৰ ওপৰতো এই সময় নিৰ্ভৰ কৰে। যদি ৩ ৰ পৰা ৪ জন ব্যক্তি উঠিব পৰা নাও প্ৰস্তুত কৰিব লাগে, তেতিয়া ৪ ৰ পৰা ৫ দিন সময় প্ৰয়োজন হয়। তাতকৈ যদি ডাঙৰ নাও নিৰ্মান কৰিব লাগে তেন্তে আৰু অধিক সময়ৰ প্ৰয়োজন হয়। 
 
বানপানীৰ সময়ত নাৱেই হৈছে অসমৰ জনসাধাৰণৰ যাতায়তৰ প্ৰধান আহিলা
 
নাও প্ৰস্তুতকাৰী জনে কয়,"আমাৰ গাঁৱৰ প্ৰায় ৯০ শতাংশ মানুহে নাও নিৰ্মানৰ কামত নিয়োজিত। আজিকালি মীন পালক সকলে ডাঙৰ ডাঙৰ পুখুৰীত নাও ৰাখে। মাছমৰীয়া সকলে বিলত মাছ মৰাৰ বাবে নাও ব্যৱহাৰ কৰে। মীন পালক আৰু মাছমৰীয়াৰ অৰ্ডাৰ অনুযায়ী আমি বছৰৰ আন সময়ত নাও নিৰ্মান কৰো। সাধাৰণতে আমাৰ ইয়াত বাৰিষাৰ সময়তহে নাওৰ চাহিদা বৃদ্ধি পায়। এইবাৰ নামনি অসমত বানপানীৰ প্ৰকোপ বৃদ্ধি পোৱাত নাওৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।" আব্দুল মান্নানে কয়।
 
নাও ব্যৱহাৰ কৰিয়েই বানপীড়িতসকলে তেওঁলোকৰ প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ সুৰক্ষিত স্থানলৈ লৈ গৈছে
 
উল্লেখ্য যে, বছৰটোৰ দ্বিতীয়টো বানপানীয়ে ৰাজ্যৰ প্ৰায় ২৫খন জিলাৰ ১২ লাখ লোকক প্ৰভাৱিত কৰিছে। ইয়াৰ ভিতৰত অন্যতম ক্ষতিগ্ৰস্ত জিলা কেইখন হ’লঃ বজালী, বাকসা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিমা-হাচাও, গোৱালপাৰা, হোজাই, কামৰূপ, কামৰূপ(মেট্ৰো), কাৰ্বি আংলং আদি।