পশ্চিম গাৰো পাহাৰ, গোৱালপাৰাত হাতীৰ সৈতে সহাৱস্থানৰ বাবে তৃণমূল পৰ্যায়ৰ লোকক সংগঠিত কৰাৰ উদ্যোগ আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 9 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী  
 
অসমৰ গোৱালপাৰা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ বাবে প্ৰস্তুত কৰা কাৰ্যসূচী ক্ষীপ্ৰতৰ কৰিবলৈ স্থানীয় লোক আৰু অন্যান্য অংশীদাৰসকলৰ সমৰ্থন আদায়ৰ অৰ্থে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে ব্যাপক ততপৰতা আৰম্ভ কৰিছে।
 
ডাৰউইন ইনিচিয়েটিভে পৃষ্ঠপোষকতা কৰা এই প্ৰকল্পৰ অধীনত সংস্থাটোৱে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বড়োগোবাল গাঁওত অলপতে অনুষ্ঠিত এখন প্ৰশিক্ষণ কৰ্মশালাত গাওঁবাসীক সৌৰশক্তিচালিত বেৰা স্থাপন আৰু পৰিচালনাৰ প্ৰশিক্ষণ দিয়ে। ১৮ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত ১৭ গৰাকী মহিলা আৰু ৰেপিড ৰেচপন্স ইউনিট (আৰ আৰ ইউ)ৰ সদস্য, গাঁও চেম্পিয়ন আৰু গাঁওবুঢ়াকে ধৰি ৩৭ জন গাওঁবাসীয়ে অংশগ্ৰহণ কৰে। 
 
জ্যেষ্ঠ বিষয়া অঞ্জন বৰুৱাৰ নেতৃত্বত আৰণ্যকৰ সমল দলটোৱে অংশগ্ৰহণকাৰীসকলক সৌৰ বেৰাৰ ধাৰণা, ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু বিভিন্ন উপাদান, সহাৱস্থানক উদগনি যোগোৱাৰ বাবে মানৱ-হস্তীৰ সংঘাত প্ৰশমনত ইয়াৰ উপযোগিতাৰ লগতে সৌৰ বেৰাৰ সৈতে বিভিন্ন সঁজুলি আৰু যন্ত্ৰপাতিৰ সংযুক্ত কৰাৰ বিষয়ে ব্যাখ্যা কৰে। কৰ্মশালাৰ দ্বিতীয় দিনা সমল দলটোৰ নিৰ্দেশনাত স্থানীয় লোকসকলক সৌৰ বেৰা স্থাপনৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। 
 
ইয়াৰ পূৰ্বে প্ৰশমন ব্যৱস্থা কাৰ্যকৰী কৰাৰ পূৰ্ব প্ৰস্তুতি হিচাপে আৰণ্যকে বড়োগোবাল গাঁৱত ৰেপিড ৰেচপন্স ইউনিট (আৰ আৰ ইউ) গঠন কৰে। বড়োবাক্ৰা,  কলিতাপাৰা, হাতোগাওঁ, মোথাপাৰা, বেলগুৰি আদিকে ধৰি পশ্চিম গাৰো পাহাৰৰ বিভিন্ন চুবুৰীয়া গাঁও আৰু অসমৰ সীমান্তৱৰ্তী কেইখনমান গাঁৱৰ ৩০ জন অংশগ্ৰহণকাৰীক লৈ গঠন কৰা এইটো অঞ্চলটোৰ প্ৰথমটো আৰ আৰ ইউ। সেই অঞ্চলত মানৱ-হাতী সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে গাঁওবাসীক সজাগ কৰাৰ বাবে বন্যহস্তীৰ গতিবিধিৰ তথ্য দ্ৰুতভাৱে প্ৰেৰণৰ বাবে আৰ আৰ ইউৰ সদস্যসকলৰ এটা হোৱাটছএপ গ্ৰুপ গঠন কৰা হৈছে।
 
চলিত মাহৰ প্ৰথমভাগত আৰণ্যকৰ দলৰ সহযোগত ৰংজুলি ৰেঞ্জ বন কাৰ্যালয়ে গোৱালপাৰা জিলাৰ কাৰিপাৰা এম.ই. স্কুল চৌহদত এখন সজাগতা সভা অনুষ্ঠিত কৰে। বৃহত্তৰ অঞ্চলটোত সহাৱস্থানৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে মানৱ-হাতী সংঘাতৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই সজাগতা সভাত কাৰিপাৰা, ডাবপাৰা, শকলা, পশ্চিম মাটিয়া, টেকটেকিয়াপাৰা, ভাটিপাৰা, বাপুপাৰা, সৰপাৰা আদি গাঁৱৰ পৰা প্ৰায় ৩৫ জন লোকে অংশগ্ৰহণ কৰে।
 
ৰংজুলিৰ বন ৰেঞ্জ বিষয়া ম: খলিলুৰ ৰহমানে অংশগ্ৰহণকাৰীসকলক বন বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে আৰু ক্ষতিপূৰণৰ পদ্ধতিৰ লগতে নিৰ্বাচিত কিছু লোকক টৰ্চ লাইটৰ ৰূপত প্ৰদান কৰা সহায়ৰ বিষয়ে ব্যাখ্যা কৰে। আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই হাতীৰ আচৰণ, বাসস্থান, খাদ্য আৰু চাল-চলন অভ্যাস সম্পৰ্কে উপস্থাপন কৰে।
 
অৱসৰপ্ৰাপ্ত শিক্ষক হৰ কুমাৰ নাথে সভাপতিত্ব কৰা সভাখনৰ মত-বিনিময় অনুষ্ঠানত জিলা পৰিষদৰ প্ৰাক্তন সদস্য মহেশ চৌধুৰীয়ে সেই অঞ্চলত হাতীৰ সৈতে সহাৱস্থান আৰু মানৱ-হাতী সংঘাত বিষয়ত বক্তব্য ৰখাৰ লগতে ক্ষতিপূৰণ আদায় আৰু সংঘাত প্ৰশমনৰ বাবে বন বিভাগে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
 
এই অনুষ্ঠানসমূহৰ সৈতে আৰণ্যকৰ দলৰ নিপুল চাকমা, সুভাষ ৰাভা, ৰিপুঞ্জয় নাথ আৰু ৰূপম গয়াৰীৰ লগতে বটোগোবলৰ গাঁও চেম্পিয়ন নবীন ৰাভা জড়িত হৈ আছিল।