পৰ্যটকক আকৰ্ষণৰ বাবে বহনক্ষম উন্নয়ন মাচুল ৫০% কৰ্তন ভূটানৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
অধিকাংশ পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে চুবুৰীয়া দেশ ভূটানে পৰ্যটকৰ ওপৰত আৰোপ কৰা বহনক্ষম উন্নয়ন মাচুল $২০০ৰ পৰা $১০০ লৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। 
 
ক'ভিড সম্বন্ধীয় প্রতিবন্ধকতা প্রত্যাহাৰ কৰাৰ পিচতে যোৱা ২০২২ৰ ছেপ্টেম্বৰত ভুটান ভ্রমণলৈ যোৱা প্ৰতিগৰাকী পৰ্যটকৰ পৰা বহনক্ষম উন্নয়ন মাচুল হিচাপে $২০০কৈ আদায় কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল। 
 
শেহতীয়াকৈ দেশখনৰ পৰ্যটন উদ্যোগটোৰ মন্থৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ভুটানে অহা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী ৪ বছৰলৈকে এই মাচুল $১০০ লৈ হ্ৰাস কৰিছে। অৱশ্যে ভাৰতীয় পৰ্যটকৰ ক্ষেত্ৰত প্ৰতি নিশা যাপনৰ বাবে ১,২০০ টকাকৈ বহনক্ষম উন্নয়ন মাচুল আদায় কৰি আহিছে ভুটানে।