গুৱাহাটীৰ পৰা বেঙ্ককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমান যাত্রীসকলৰ সুবিধাৰ্থে বেঙ্ককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হয়। এই বিমান সেৱা 'থাই এয়াৰ এছিয়া' নামৰ এয়াৰলাইনে আৰম্ভ কৰিছে। 
 
গুৱাহাটী বিমান বন্দৰ এই বিমানসেৱাৰ প্ৰথমখন বিমানৰ যাত্রা আনুষ্ঠানিকভাৱে মুকলি কৰে অসম স্কীল ডেভেল'পমেন্ট মিছনৰ নিৰ্দেশক অংকুৰ জৈন, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ মুখ্য বিমান বন্দৰ বিষয়া উৎপল বৰুৱা প্ৰমুখ্যে থাই এয়াৰ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৱুইটচুনি কুন্টাপেংগ আৰু ইণ্ডো-থাইৰ কার্যবাহী বিষয়া শ্যাম মালানীয়ে। 
 
উল্লেখ্য যে এই বিমানখনে মুঠ ৫৬জন যাত্ৰীৰ সৈতে গুৱাহাটী বিমান বন্দৰত যোৱা নিশা ১১ বাজি ১০ মিনিটত আহি অৱতৰণ কৰাৰ পাছত ১ ডিচেম্বৰত প্রথমদিনাই ৯৭জন যাত্ৰীৰে পুনৰ বেঙ্ককলৈ ৰাওনা হয়। আনহাতে, এই বিমানখন সপ্তাহৰ বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰেহে চলাচল কৰিব। 
 
বিমানখন নিশা ১১ বাজি ৪০ মিনিটত গুৱাহাটীৰপৰা উৰণ কৰি মাজনিশা প্রায় ২ বাজি ১৫ মিনিটত থাইলেণ্ডৰ সময় মতে শেষ নিশা বেঙ্ককত গৈ অৱতৰণ কৰিব। পৰৱৰ্তী সময়ত এই বিমান সেৱাৰে ছিঙ্গাপুৰ, ভিয়েটনাম, মালয়ছিয়া আৰু ইণ্ডোনেছিয়া আদিলৈ সংযোগী সেৱা আগবঢ়াব বুলি বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।