কাশ্মীৰলৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটকৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি

Story by  Daulat Rahman | Posted by  Munni Begum • 9 Months ago
শীতকালত কাশ্মীৰত পৰ্যটকৰ ভিৰ
শীতকালত কাশ্মীৰত পৰ্যটকৰ ভিৰ
 
দৌলত ৰহমান / গুৱাহাটী
 
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰম্ভ হোৱাৰ পিছৰে পৰা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পৰা যোৱা পৰ্যটকৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছিল। কিন্তু এতিয়া কাশ্মীৰ উপত্যকালৈ শান্তি ঘূৰি অহাৰ লগে লগে উত্তৰ-পূব অঞ্চলৰ পৰ্যটকসকলে পুনৰ প্ৰকৃতিৰ ৰম্যভূমি আৰু ‘পৃথিৱীৰ স্বৰ্গ’ত  ভিৰ কৰিছে।
 
পৰ্যটন বিভাগ আৰু ব্যক্তিগত ট্যুৰ অপাৰেটৰে প্ৰদান কৰা পৰিসংখ্যাৰ ভিত্তিত তৈয়াৰ কৰা এক আনুমানিক হিচাপ অনুসৰি, ২০২২ চনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তৰ পৰা প্ৰায় ২৫ হাজাৰ পৰ্যটকে কাশ্মীৰ ভ্ৰমণ কৰিছিল। ২০২৩ চনৰ শেষৰ ছমাহত অঞ্চলটোৰ পৰা অহা পৰ্যটকৰ সংখ্যা হ’ব প্ৰায় ১২ জন আৰু এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এজন ট্যুৰ অপাৰেটৰে কয় যে বৰ্তমানৰ গতি অনুসৰি গৈ থাকিলে ২০২৩ চনত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩০ হাজাৰতকৈ অধিক পৰ্যটকে কাশ্মীৰ ভ্ৰমণ কৰিব।
 
কাশ্মীৰৰ টিউলিপ গাৰ্ডেনত দেশী-বিদেশী পৰ্যটকৰ ভিৰ
 
‘শৈশৱৰ পৰাই মই কাশ্মীৰ ভ্ৰমণৰ সপোন বুকুত লৈ ফুৰিছিলো। ‘ভূ-স্বৰ্গ’ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ মই উদগ্ৰীৱ হৈ পৰিছিলোঁ। কিন্তু শেহতীয়া বছৰবোৰত কাশ্মীৰত সন্ত্ৰাসবাদীৰ কূটাঘাত চলি থকাৰ বাবে মই উপত্যকাটো ভ্ৰমণৰ পৰিকল্পনা ত্যাগ কৰিবলৈ বাধ্য হৈছিলো। অৱশ্যে, ৩৭০নং অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰলৈ দ্ৰুতগতিত শান্তি ঘূৰি আহে আৰু অৱশেষত মই এই বছৰৰ জুন মাহত পৰিয়ালৰ সৈতে কাশ্মীৰ ভ্ৰমণ কৰো। মোৰ সপোন বাস্তৱত পৰিণত হ’ল আৰু কাশ্মীৰৰ প্ৰায়বোৰ পৰ্যটনস্থলী পৰিদৰ্শন কৰিলোঁ।’-গুৱাহাটীৰ ব্যৱসায়ী গীতাৰ্থ তালুকদাৰে এইদৰে কয়।
 
উল্লেখ্য যে, ২০২২ চনত জম্মু-কাশ্মীৰলৈ ১.৮৮ কোটি পৰ্যটক আহিছিল, যিটো যিকোনো অঞ্চলৰ বাবে যথেষ্ট বেছি। কিন্তু প্ৰশাসনৰ বিশ্বাস যে এই বছৰ পৰ্যটকৰ আগমনৰ সংখ্যাই ২ কোটিৰ সীমা অতিক্ৰম কৰিব।
 
দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু শ্ৰীনগৰস্থিত ডাল লেক
 
ইফালে, বৰ্তমান পৰিয়ালৰ সৈতে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি থকা গুৱাহাটীস্থিত পেছাদাৰী ইভেণ্ট মেনেজাৰ বিনয় দাসে কয় যে কাশ্মীৰ উপত্যকাত উপস্থিত হোৱাৰ পিছত তেওঁ নিজকে পৃথিৱীৰ বাহিৰত থকা যেন অনুভৱ কৰিছে। মঙলবাৰে (১৮ জুলাই) বিনয় আৰু তেওঁৰ পৰিয়ালে দেশৰ অন্যতম পূজনীয় হিন্দু তীৰ্থস্থান বৈষ্ণো দেৱী মন্দিৰ পৰিদৰ্শন কৰে।
 
"জম্মু-কাশ্মীৰৰ প্ৰায় সকলো পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা আছে আমাৰ। উপত্যকাটো এতিয়া সম্পূৰ্ণ শান্তিপূৰ্ণ হোৱাৰ বাবে পৰ্যটকসকলে মুক্ত মনেৰে ঠাইবোৰ ভ্ৰমণ কৰি আছে।"-বিনয় দাসে কয়।
 
পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰা শ্ৰীনগৰস্থিত পৰি মহল
 
আনহাতে, উজনি অসমৰ শিৱসাগৰৰ শ্বাহীন আখতাৰে ১০ বছৰৰ মূৰে মূৰে এবাৰ কাশ্মীৰ ভ্ৰমণ কৰি আহিছে। "এয়া মোৰ তৃতীয়টো কাশ্মীৰ ভ্ৰমণ। মোৰ প্ৰথম ভ্ৰমণ আছিল ২০০৪ চনত আৰু তাৰ পিছত পুনৰ ২০১৩ চনত মই কাশ্মীৰলৈ আহিছিলো। এইবাৰ মই ইয়াত গোটেই পৰিয়ালৰ সৈতে আহিছো। কাশ্মীৰে সদায় মোক আকৰ্ষিত কৰে আৰু প্ৰতিবছৰে এই সুন্দৰ উপত্যকাটোলৈ আহিবলৈ মন যায়। সৰ্বশক্তিমানে কাশ্মীৰত এই পৃথিৱীৰ স্বৰ্গ তৈয়াৰ কৰিছে।’-শ্বাহীনে কয়।