গুৱাহাটী
এতিয়াৰ পৰা গুৱাহাটীৰ পাৰ্কৰ ভিতৰত প্ৰৱেশ কৰিলে ভৰিব লাগিব মাচুল। গুৱাহাটীৰ পাৰ্কসমূহৰ বাবে প্ৰবেশ মাচুল নিৰ্ধাৰণ কৰি দিলে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জিএমডিএই। ৫ জুলাইৰ পৰা পাৰ্কসমূহত প্ৰৱেশ কৰিলে জিএমডিএই নিৰ্ধাৰণ কৰি দিয়া মাচুল আদায় দিব লাগিব।
গুৱাহাটীৰ অত্যাধুনিক উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যান মুকলি হোৱা দিনৰে পৰা বিনামূলীয়া প্ৰৱেশৰ সুবিধা আছিল, যদিও অহা ৫ জুলাইৰ পৰা পাৰ্কখনত প্ৰৱেশ কৰিলে ভৰিব লাগিব মাচুল। প্ৰত্যেকজনৰ বাবে মাচুল ধাৰ্য কৰা হৈছে ৬০ টকা।
জিএমডিএ কৰ্তৃপক্ষই পাৰ্কসমূহত বিনামূলীয়া প্ৰৱেশ ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যদিও পুৱা ৬ বজাৰ পৰা পুৱা ১০ বজালৈ প্ৰাতঃভ্ৰমণৰ ক্ষেত্রত মাচুল দিব নালাগে। সেইদৰে ৯ বছৰৰ তলৰ শিশু, ৭৫ বছৰৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে।
জিএমডিএই বিভিন্ন উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি মাচুলসমূহ নিৰ্ধাৰণ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি ৫ জুলাইৰ পৰা পাৰ্ক সমূহৰ নতুন মাচুল কাৰ্যকৰী হ'ব। ২০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ১৫০ টকালৈকে এই প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে। ইফালে গুৱাহাটী ৰ'পৱেৰ ক্ষেত্রত ২৫০ টকা মাচুল ধাৰ্য কৰা হৈছে।
জিএমডিএই জাৰি কৰা উদ্যানসমূহৰ নতুন মাচুল ক্ৰমে উজানবজাৰৰ যোৰ পুখুৰী পাৰ্কৰ প্ৰৱেশ মাচুল ২০ টকা, শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপৰ প্ৰৱেশ মাচুল ২০ টকা, আমবাৰীৰ শ্বহীদ উদ্যানৰ প্ৰৱেশ মাচুল ২৫ টকা, শুৱালকুচীৰ বস্ত্র উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা, হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা, আদাবাৰীৰ অটল উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা, চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননৰ প্ৰৱেশ মাচুল ৩০ টকা, পানবজাৰৰ নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা, ফাঁচীবজাৰৰ বটানিকেল গাৰ্ডেনৰ প্ৰৱেশ মাচুল ৬০টকা।
একেদৰে, উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰৱেশ মাচুল ৬০ টকা, পানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পাৰ্কৰ প্ৰৱেশ মাচুল ৬০ টকা, পানবজাৰৰ মহাবাহু ব্ৰহ্মপুত্র ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ প্ৰৱেশ মাচুল ১৫০ টকা, পানবজাৰৰ গুৱাহাটীৰ ৰ'পৱেৰ প্ৰৱেশ মাচুল ২৫০ টকা।
জিএমডিএ কৰ্তৃপক্ষৰ মতে উদ্যানসমূহৰ আধুনিকীকৰণ, চাফ-চিকুণতা আৰু উন্নত জনসেৱা নিশ্চিত কৰিবলৈ এই মাচুল ধাৰ্য কৰা হৈছে।