পবিত্ৰ ৰমজান মাহ পালনৰ ধৰণ কিদৰে সলনি কৰিছে আধুনিক প্ৰযুক্তিবিদ্যাই?

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
আধুনিক প্ৰযুক্তিবিদ্যাই সলনি কৰি দিছে মুছলমান ধৰ্মাৱলম্বীসকলৰ এমাহজোৰা ৰমজান পালনৰ ধৰণ। প্ৰযুক্তিৰ আশীৰ্বাদত এতিয়া এনেকুৱা কিছুমান এপ অনলাইনৰ জগতখনলৈ আহিছে, যিয়ে ৰমজানৰ ৰোজাৰ সময় নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি দাতব্য সংস্থালৈ অধিক সহজে দান-বৰঙণি আগবঢ়োৱাৰ সুবিধা আগবঢ়াইছে। 
 
ধনী উপসাগৰীয় দেশসমূহৰ স্থানীয় লোকসকল অনলাইনত বিশ্বৰ ভিতৰতে আটাইতকৈ সক্ৰিয়। উদাহৰণস্বৰূপে, সংযুক্ত আৰব আমিৰশ্বাহীত (UAE) আনুমানিক ৯৯% জনসংখ্যা অনলাইনলৈ আহিছে; জাৰ্মানীত এই সংখ্যা হৈছে ৯৩%। ৰমজানৰ সময়ছোৱাত সমীক্ষাত দেখা গৈছে যে ইউ এ ই, চৌদি আৰব আৰু কাটাৰৰ দৰে দেশৰ লোকসকলে নিজৰ ফোন আৰু ছ’চিয়েল মিডিয়াত বহু বেছি সময় কটাবলগীয়া হোৱাৰ বাবে অনলাইন মিডিয়াৰ ব্যৱহাৰ আৰু অধিক তীব্ৰতৰ হৈ পৰে।
 
ৰমজান উপলক্ষে আবুধাবিৰ শ্বেখ জায়েদ গ্ৰেণ্ড মছজিদত ভক্তৰ ভিৰ
 
একে সময়তে ৰমজানে অনলাইন শ্বপিঙৰ জগতখনলৈও উত্থান আনে। মাহৰ শেষত উপহাৰ বিনিময় কৰা হয় আৰু প্ৰায়ে নতুন কাপোৰ ক্ৰয় কৰা হয়। যিহেতু নামাজ আৰু ইফতাৰত সামাজিক সমাৱেশ বৃদ্ধি পায়, সেয়েহে মানুহক অধিক সাজ-পোছাকৰ প্ৰয়োজন হয়। 
 
ৰমজানত ইনফ্লুৱেন্সাৰ্ছ (Influencers)সকলৰ প্ৰভাৱ বৃদ্ধি পাইছে। ছ'চিয়েল মিডিয়াত যিসকল লোকৰ বৃহৎ সংখ্যক ফ'ল'ৱাৰ আছে আৰু যিয়ে নিজৰ কথাৰে সমাজত প্ৰভাৱ পেলাব পাৰে, তেওঁলোককক সাধাৰণতে ইনফ্লুৱেন্সাৰ্ছ বুলি কোৱা হয়। 
 
ইজৰাইল-হামাস যুদ্ধৰ ভুক্তভোগীসকল লৈ ৰমজান উপলক্ষে খাদ্য সামগ্ৰী যোগান ধৰাৰ এক দৃশ্য
 
ৱেলছ বিশ্ববিদ্যালয়ৰ ইছলামিক অধ্যয়নৰ অধ্যাপক তথা Islamic Algorithms নামৰ কিতাপখনৰ লেখক গেৰী বাণ্টে কয়, “ইনফ্লুৱেন্সাৰ্ছসকলে ধৰ্মীয় বিষয়বস্তুৰ আলোচনাৰ পৰা আৰম্ভ কৰি সামগ্ৰী ক্ৰয়ৰ বিষয়ে পৰামৰ্শ আৰু ৰমজান সম্পৰ্কীয় কোনখন ড্ৰামা চাব লাগে, সেই বিষয়েও ক'ব হ’ব পাৰে। আন ইনফ্লুৱেন্সাৰ্ছসকলৰ দৰেই মুছলমান ইনফ্লুৱেন্সাৰ্ছসকলেও নিজৰ সামগ্ৰীৰ মাৰ্কেটিং কৰিব পাৰে বা আনক প্ৰম'ট কৰিবলৈ স্প'নছ'ৰ্ড কনটেণ্ট প্ৰস্তুত কৰে।"
 
উপসাগৰীয় দেশসমূহত ইনফ্লুৱেন্সাৰ্ছসকলে ইফতাৰৰ আহাৰ গ্ৰহণ কৰি থকা আড়ম্বৰপূৰ্ণ ডাইনিং টেবুলো দেখুৱাইছে। একেদৰে, ৰমজানৰ বিশেষ সংগ্ৰহৰ বাবে ফেশ্বন আৰু সৌন্দৰ্য্য ব্ৰেণ্ডৰ সৈতেও কাম কৰিছে। 
 
ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ্ছ তাৰীক জামিল
 
কিন্তু, ঠিক যেনেকৈ কিছুমান ঠাইত বৰদিনক বস্তু কিনাত অত্যধিক মনোনিৱেশ কৰাৰ বাবে সমালোচনা কৰা হয়, ঠিক তেনেকৈয়ে একাংশই সমালোচনা কৰিছে যে ইনফ্লুৱেন্সাৰ্ছসকলে পবিত্ৰ ৰমজান মাহক অত্যধিক ব্যৱসায়িক কৰি পেলাইছে। বিশেষকৈ গাজাত চলি থকা ৰক্তাক্ত সংঘাতৰ সময়ত ইনফ্লুৱেন্সাৰ্ছসকলে দামী-দামী খাদ্যৰে ইফতাৰ কৰা বা ৰং-বিৰঙী কাপোৰ পিন্ধি থকা দেখি যুদ্ধবিধ্বস্ত লোকসকল হয়তো বিচলিত হ’ব।
 
অৱশ্যে, ইয়াৰ মাজতে কিছুমান ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ্ছে খাদ্যৰ অপচয় হ্ৰাস কৰিবলৈ বা সামাজিক কামৰ প্ৰচাৰৰ ক্ষেত্ৰত আদৰণীয় কাম কৰি সমাজলৈ ইতিবাচক অৰিহণা আগবঢ়াই আছে। লগতে সতীৰ্থ মুছলমানসকলক তেওঁলোকৰ ধৰ্মীয় পৰম্পৰাৰ সৈতে ব্যক্তিগতভাৱে সংযোগ স্থাপন কৰাত সহায় কৰিছে। সামগ্ৰিকভাৱে প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ্ছসকলে ৰমজান পালনৰ ধৰণ-কৰণ কিছু পৰিমাণে হ'লেও সলনি কৰিছে যদিও তেওঁলোকৰ ভূমিকা এতিয়াও বিতৰ্কৰ বিষয় হৈ আছে। 
 
ৰমজান উপলক্ষে সজাই তোলা এখন শ্বপিংমল
 
কিছুমান ইনফ্লুৱেন্সাৰ্ছে (influencers) ৰমজান মাহত বস্তু কিনাত অত্যধিক মনোনিৱেশ কৰা বুলি সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু আন কিছুমানে আকৌ সমাজলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে আৰু নৱ প্ৰজন্মক তেওঁলোকৰ ধৰ্মীয় ঐতিহ্যৰ সৈতে জড়িত হোৱাত সহায় কৰিছে।