Thu May 15 2025 8:49:27 AM
  • Follow us on
  • Subcribe

আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী  
 
গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত আজিৰে পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা আৰম্ভ হয়। এই মেলাত থাইলেণ্ড, তুৰস্ক, আফগানিস্তান, ডুবাই, কোৰিয়া আৰু বাংলাদেশকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তৰ বিপণীয়ে অংশগ্রহণ কৰিব। 
 
ইণ্ডাষ্ট্ৰীজ এণ্ড ট্রেড ফেয়াৰ এছ'চিয়েচন অব্ আছামৰ উদ্যোগত আৰু উন্নয়ন আয়ুক্ত (হস্তশিল্প), বস্ত্র মন্ত্রালয়, নেডফি আৰু ভাৰত চৰকাৰৰ এম এছ এম ই'ৰ সহযোগত এই আন্তঃৰাষ্ট্ৰীয় মেলাখনত শিল্পী আৰু উদ্যোগীসকলৰ বিভিন্ন সামগ্রী নির্দিষ্ট বিপণী আৰু পেভিলিয়নত প্রদর্শন কৰা হ'ব। 
 
দুর্গাপূজাৰ উৎসৱ চমু চাপি অহাৰ লগে লগে মেলাখন বিভিন্ন ক্রেতা আৰু গ্রাহকসকলৰ বাবে ব্যৱসায়িক মঞ্চ হ'ব বুলি আশা কৰা হৈছে। মেলাখনত প্রদর্শিত হ'বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত শাৰী, অলংকাৰ, আচৱাবপত্র, ঘৰুৱা সামগ্রী, স্বাস্থ্য সম্পর্কীয় সামগ্রী, মেখেলা-চাদৰ, কার্পেট, তুর্কী মিঠাই (শুকান) আদি। 
 
তদুপৰি বিভিন্ন ফলমূল, সুগন্ধি দ্রব্য, হস্ত-তাঁত আৰু হস্তশিল্পৰ সামগ্রী এই মেলাত পোৱা যাব। ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া এই আন্তঃৰাষ্ট্ৰীয় মেলা কর্তৃপক্ষই গুৱাহাটী বাণিজ্য মেলা উৎকর্ষ বঁটা প্রদান কৰিব।