শ্ৰীনগৰ
আগন্তুক অমৰনাথ যাত্ৰাৰ পূৰ্বে কাশ্মীৰ উপত্যকাৰ মুছলমান ধৰ্মীয় নেতা, স্থানীয় বিধায়ক আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে এই তীৰ্থযাত্ৰা শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সফলভাৱে সম্পন্ন কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে সমৰ্থন আগবঢ়াইছে।
বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল তথা শ্ৰী অমৰনাথ শ্ৰাইন ব'ৰ্ডৰ অধ্যক্ষ মনোজ সিন্হাই এইসকল প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।
বৈঠকত মনোজ সিন্হাই উপস্থিত প্ৰতিনিধিসকলক কাশ্মীৰৰ আধ্যাত্মিক ঐতিহ্যৰ ৰক্ষক আৰু দেশৰ নৈতিক মূল্যবোধৰ অভিভাৱক বুলি অভিহিত কৰে। তেওঁ সকলোকে আহ্বান জনায় যাতে প্ৰতিজন তীৰ্থযাত্ৰীয়ে কাশ্মীৰত এক সুৰক্ষিত, সন্মানজনক আৰু স্মৰণীয় আধ্যাত্মিক অভিজ্ঞতা লাভ কৰে।
সিন্হাই কয়, "প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি বাবা অমৰনাথৰ প্ৰাচীন আধ্যাত্মিক ঐতিহ্য সজীৱ কৰি ৰাখিবলৈ সক্ষম হৈছোঁ। পুনৰ এবাৰ ভক্তসকলক আদৰণি জনোৱাৰ বাবে আমি সাজু হৈছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ দিশ-নিৰ্দেশনা আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ। প্ৰতিজন তীৰ্থযাত্ৰীয়ে যাতে সন্মান, নিৰাপত্তা আৰু আপোনত্বৰ অনুভূতি লাভ কৰে, সেয়া নিশ্চিত কৰাত আপোনালোকৰ ভূমিকা অত্যন্ত তাৎপৰ্যপূৰ্ণ।"
বৈঠকত উপস্থিত প্ৰতিনিধিসকলে কয় যে, তেওঁলোকে অধীৰ আগ্ৰহেৰে তীৰ্থযাত্ৰীসকলৰ আগমনৰ অপেক্ষা কৰি আছে আৰু যাত্ৰা সুচাৰুৰূপে সম্পন্ন হোৱাত সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
পাহালগামৰ বিধায়ক আলতাফ আহমদ ৱানীয়ে কয়, "আমি শতাব্দীপ্ৰাচীন এই পৰম্পৰাৰ উত্তৰাধিকাৰী। তীৰ্থযাত্ৰীসকলক আদৰণি জনাবলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। বৈঠকত উপস্থিত সকলো ধৰ্মীয় নেতা আৰু অন্যান্য প্ৰতিনিধিয়ে সৰ্বসন্মতিক্ৰমে শান্তিপূৰ্ণ আৰু সুচাৰু অমৰনাথ যাত্ৰাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে।"
বৈঠকত অংশগ্ৰহণ কৰা হোটেল ব্যৱসায়ীসকলেও অমৰনাথ যাত্ৰীসকলৰ বাবে কোঠাৰ ভাড়াত ৩০ শতাংশ ৰেহাই ঘোষণা কৰে। এইবাৰৰ অমৰনাথ যাত্ৰা ৩ জুলাইৰ পৰা আৰম্ভ হৈ ২৮ আগষ্টত সমাপ্ত হ'ব। যাত্ৰাকেন্দ্ৰিকভাৱে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষী আৰু ভাৰতীয় সেনাবাহিনীৰ উপৰি ৬৭০টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী মোতায়েন কৰা হৈছে।
মনোজ সিন্হাই কয়, "প্ৰতি বছৰে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰে যে, শ্ৰী অমৰনাথজী যাত্ৰা এনে এক অনুষ্ঠান, য'ত সকলো ধৰ্ম, সম্প্ৰদায় আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে একেলগে মিলি তীৰ্থযাত্ৰীসকলৰ সেৱাত আত্মনিয়োগ কৰে। আহক, আমি বাবা বৰফানীৰ এই পবিত্ৰ যাত্ৰাক ভক্তি, সেৱা আৰু সম্প্ৰীতিৰ এক অনুকৰণীয় নিদৰ্শন হিচাপে গঢ়ি তোলোঁ। প্ৰতিজন তীৰ্থযাত্ৰীয়ে যাতে কাশ্মীৰৰ আতিথ্য আৰু আন্তৰিকতাৰ উষ্ণ অনুভৱ লাভ কৰে, সেয়া আমি সকলোৱে নিশ্চিত কৰোঁ।"