২৫ আৰু ২৬ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙাৰ হাতী ছাফাৰী

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
এছীয় হাতীৰ গণনাৰ বাবে কাইলৈ অর্থাৎ ২৫ ফেব্ৰুৱাৰী আৰু ২৬ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙাৰ হাতী ছাফাৰী। ইতিমধ্যে হাতী গণনাৰ ক্ষেত্রভিত্তিক প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চল কর্তৃপক্ষই। 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে প্রকাশ কৰামতে পূব অসম বন্যপ্রাণী সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলক সামৰি ২৬ ফেব্ৰুৱাৰীলৈ সাত দিন ধৰি চলিব প্রস্তুতি পর্ব। 
 
ইতিমধ্যে হাতী থকা এলেকাসমূহ চিনাক্ত কৰি গণনাৰ কাম পূর্ণগতিত চলি আছে। ইয়াৰ পাচত সমস্ত গণনাকাৰীৰ পৰা তথ্য সংগ্ৰহ কৰি মূল গণনা কৰা হ'ব ২৭ ফেব্ৰুৱাৰীত। 
 
তদুপৰি ২৮ ফেব্ৰুৱাৰীত হ'ব সাধাৰণ নিৰীক্ষণ। হাতী গণনাত বন বিভাগৰ কর্মীসকলৰ লগতে কেইবাগৰাকীও হস্তী বিশেষজ্ঞই অংশগ্রহণ কৰিছে। ইতিপূর্ধে ২০১৭ চনত হোৱা গণনাত কাজিৰঙাত হাতীৰ সংখ্যা পোৱা গৈছিল ১,০৬৪টা।