১ ডিচেম্বৰৰ পৰা ভাৰতীয়ৰ বাবে ভিছাবিহীন প্রৱেশৰ অনুমতি মালয়েছিয়াৰ

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
অর্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ উদ্দেশ্যে অহা ১ ডিচেম্বৰৰ পৰা ভাৰত আৰু চীনৰ নাগৰিকৰ বাবে ভিছাবিহীন প্রৱেশৰ অনুমতি প্রদান কৰিছে মালয়েছিয়া চৰকাৰে। 
 
দেওবাৰে এই কথা প্রকাশ কৰে মালয়েছিয়াৰ প্রধানমন্ত্রী আনোৱাৰ ইব্রাহিমে। ভাৰত আৰু চীনৰ নাগৰিকে ৩০ দিনলৈকে মালয়েছিয়াত ভিছা নোহোৱাকৈ থাকিব পাৰিব। 
 
এটা সূত্ৰত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ পৰা কোৱালালামপুৰ যাত্ৰাৰ ক্ষেত্ৰত চেন্নাই, কলকাতাৰ দৰে চহৰৰ পৰা বিমান সেৱা গ্রহণত এবাৰৰ 'ৰাউণ্ড ট্রিপ'ত খৰচ হয় প্রায় ১২ হেজাৰ টকা।
 
উল্লেখ্য যে ইয়াৰ পূর্বেও শ্রীলংকা, থাইলেণ্ড আৰু ভিয়েটনামে ভাৰতীয় নাগৰিকৰ বাবে ভিছাবিহীন প্রৱেশত অনুমতি প্রদান কৰিছে।