একালৰ যুদ্ধক্ষেত্ৰ কাৰ্গিল এতিয়া দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু

Story by  atv | Posted by  [email protected] • 1 Years ago
কাৰ্গিলত মুকলি হ'ল বিলাসী হোটেল
কাৰ্গিলত মুকলি হ'ল বিলাসী হোটেল
 
আৱাজ দ্য ভইচ / কাৰ্গিল

প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰত পৰ্যটন খণ্ডই শেহতীয়াকৈ ব্যাপক  প্ৰসাৰৰ মুখ দেখাৰ পিছত এতিয়া কাৰ্গিল আৰু লাডাখৰ পৰ্যটন খণ্ডই নতুন ৰূপ লাভ কৰিছে। এটা সময়ত সন্ত্ৰাসবাদীয়ে দপদপাই থকা এই অঞ্চলসমূহৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ এতিয়া ইয়াত পৰ্যটকৰ সংখ্যাও লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। দেশী-বিদেশী পৰ্যটকক উন্নত আতিথ্য প্ৰদান কৰিবলৈ শেহতীয়াকৈ ব্যক্তিগত খণ্ডই লাডাখ আৰু কাৰ্গিলত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।

ইয়াৰ অংশস্বৰূপে কাৰ্গিলৰ এল এ এইচ ডি চিৰ চি ই চি ফিৰোজ আহমদ খানে কাৰ্গিলত নতুনকৈ নিৰ্মিত হোটেল মেৰিয়েল উদ্বোধন কৰে। এই অনুষ্ঠানত কাৰ্গিলৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি ফিৰোজ আহমেদ খানে কয় যে যুৱ প্ৰজন্মই কাৰ্গিলৰ দৰে স্থানত বিলাসী হোটেল স্থাপনৰ বাবে আগবাঢ়ি অহাটো আনন্দদায়ক কথা। ইয়াৰ দ্বাৰা অঞ্চলটোৰ পৰ্যটন খণ্ডই নতুন গতি লাভ কৰিব। তেওঁ কয়, লাডাখ মূলতঃ পৰ্যটন উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। কাৰ্গিলত বিলাসী হোটেলৰ অতি প্ৰয়োজন আছিল। মেৰিয়েল হোটেল এনে এটা উদাহৰণ, যিয়ে কাৰ্গিলত পৰ্যটন উদ্যোগক প্ৰসাৰিত কৰাত সহায় কৰিব।
 
 
তেওঁ কয় যে চৰকাৰে পৰ্যটন খণ্ডত সহায়ক ভূমিকা পালন কৰি আছে। কাৰ্গিলক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাত ব্যক্তিগত খণ্ডই ডাঙৰ অৰিহণা যোগাব পাৰে। ইয়াৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ প্ৰচেষ্টাৰ প্ৰয়োজন। পৰ্যটনৰ দিশত কাৰ্গিলৰ প্ৰচুৰ সম্ভাৱনা আছে। ই এক অনাৱিস্কৃত গন্তব্যস্থান। ইয়াত দুঃসাহসিক পৰ্যটন, ঐতিহ্য পৰ্যটন, ট্ৰেকিং আদিকে ধৰি বিভিন্ন ধৰণৰ পৰ্যটনৰ পৰিসৰ আছে।

হোটেলখনৰ অন্যতম স্বত্বাধিকাৰী গুলাম মেহদীয়ে কয় যে নিবনুৱা যুৱক-যুৱতীসকলক সহায় কৰিব পৰা ব্যৱসায় গঢ়ি তোলাটো তেওঁৰ সপোন। ১৭ বছৰীয়া ব্যৱসায়ত তেওঁ ইতিমধ্যে বহু যুৱক-যুৱতীক স্বাৱলম্বী হোৱাত সহায় কৰিছে। তেওঁ জনোৱা মতে, তিনি তাৰকাযুক্ত হোটেলখনত ২৩টা কোঠা, চাৰিটা ছুইট, কনফাৰেন্স হল আৰু পাৰ্টিৰ বাবে সুন্দৰ দৃশ্য থকা টেৰেচ আছে। 
 

কাৰ্গিলত এনেধৰণৰ আৰু অধিক আন্তঃগাথনি গঢ় লৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। হোটেলখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত আছিল জম্মু-কাশ্মীৰ বিধান পৰিষদৰ প্ৰাক্তন অধ্যক্ষ, কাৰ্গিল টাউনৰ কাউন্সিলাৰ হাজী আনয়ত আলী, কাৰ্গিল পৌৰসভাৰ সভাপতি হাজী মহম্মদ আব্বাছ আদুলপা আদি। 
 
হোটেলখনৰ মালিক হাজী আলী গুলাম আৰু তেওঁৰ পুত্ৰ গুলাম মেহদীয়ে অতিথিসকলক উষ্ম আদৰণি জনায়। তাৰ পিছত তেওঁ অতিথিসকলক হোটেলখন পৰিদৰ্শন কৰায়।