ৰোজী ৰহমান: এগৰাকী ব্যতিক্ৰমী মডেল, সমাজসেৱিকা আৰু ৰাজনীতিবিদ

Story by  Munni Begum | Posted by  Munni Begum • 8 Months ago
মডেল ৰোজী ৰহমান
মডেল ৰোজী ৰহমান
 
মুন্নী বেগম/ গুৱাহাটী
 
ফেশ্বন জগতখনক লৈ আমাৰ সাধাৰণ মানুহৰ মন-মগজুত বিভিন্ন নেতিবাচক প্ৰশ্নৰ উদয় হয়। একাংশই এই জগতখনক ছুটি কাপোৰ পিন্ধি পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লোৱা এক পদ্ধতি বুলি ধৰি লয়। কিন্তু ফেশ্বন অথবা মডেলিং মানে কেৱল ছুটি কাপোৰ পিন্ধি ৰেম্পত খোজ দিয়াই নুবুজায়। মাৰ্জিত সাজ-পোচাক পৰিধান কৰিও ফেশ্বন জগতত খলকনি তুলিব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে অসমৰ জনপ্ৰিয় মডেল ৰোজী ৰহমানে। ৰাজনীতি আৰু সমাজসেৱামূলক কামৰ সৈতে জড়িত হৈও তেওঁ ফেশ্বনৰ জগতখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।   
 
গুৱাহাটীৰ বাসিন্দা মডেল ৰোজী ৰহমানে 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, "ফেশ্বন জগতখনৰ প্ৰতি মই পূৰ্বতে আগ্ৰহী নাছিলো যদিও মই নিজে সাজি কাচি থাকিবলৈ খুবেই ভাল পাইছিলো। মই কেতিয়াও ভবা নাছিলো যে মই নিজকে এগৰাকী মডেল হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম। মই সৰুৰে পৰা নাচ-গানৰ সৈতে জড়িত হৈ আছিলো। লকডাউনৰ সময়ত অৰ্থাৎ ২০২১ চনত মোৰ বান্ধৱী ৰিতু গগৈ আৰু হেমলতা চেতীয়াই মোক এখন আলোচনীৰ বাবে মডেলিং কৰিবলৈ খুব জোৰ কৰিছিল। তেতিয়া মই অসমীয়া আলোচনীৰ বেটুপাটৰ মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিলো। মই প্ৰথমে 'নন্দিনী' আৰু 'সখী' আলোচনীত মডেলিংৰ কাম আৰম্ভ কৰিছিলো। তাৰ পিছত মই চৈয়দা চিফা ফিৰদৌছিয়াৰ 'চেঞ্জিং চিজন' নামৰ ব্যুটিকৰ পৰা পাটৰ কাপোৰৰ এটা শ্ব' কৰাৰ বাবে অফাৰ লাভ কৰিছিলো। ইয়াৰ পিছত পুনৰ মই ডঃ নম্ৰতা শৰ্মাৰ পৰা আন এটা শ্ব'ৰ বাবে অফাৰ পাইছিলো। এনেকৈয়ে মই এটাৰ পিছত আনটো কাম কৰি মডেলিঙৰ জগতখনত সোমাই পৰিলো।"  
 
 
উল্লেখ্য যে, অসমীয়া পৰম্পৰাগত মেখেলা চাদৰৰ উপৰিও বিভিন্ন মাৰ্জিত সাজপাৰ পৰিধান কৰি ৰোজী ৰহমানে ৰাজ্যৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ মুকুট শিৰত ধাৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ মতে মাৰ্জিত সাজ-পোচাক পৰিধান কৰিও ফেশ্বনৰ জগতখনত সুনাম অৰ্জন কৰিব পৰা যায়।
 
ৰোজী ৰহমানে কয়, "মই যিহেতু মিছ পৰ্যায়ৰ পৰিৱৰ্তে মিছেছ পৰ্যায়ৰ পৰাহে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। সেয়েহে মই ভাবো যে মাৰ্জিত সাজ-পোচাক পৰিধান কৰিও ফেশ্বনৰ ক্ষেত্ৰখনত সফলতা অৰ্জন কৰিব পৰা যায়। কিয়নো মই সদায়ে মাৰ্জিত পোচাক যেনে গাউন তথা মেখেলা-চাদৰ পৰিধান কৰিয়ে মঞ্চত খোজ কাঢ়িছো আৰু বিজয়ীও হৈছো।" 
 
এক সৌন্দৰ্য প্ৰতিযোগীতাত ৰোজী ৰহমান
 
কৰ্মত বিশ্বাস কৰা ৰোজী ৰহমানে ২০২১ বৰ্ষৰ মোষ্ট বিউটিফুল মডেল অফ দ্য ইয়েৰ, ২০২১ বৰ্ষৰ ৰেড কাৰ্পেট বিউটিফুল কুইন ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰথম ৰাণাৰ্ছ আপ, ২০২২ বৰ্ষৰ ইণ্টাৰনেশ্যনেল গ্ল'বেল ইউনিভাৰ্ছ, ২০২২ বৰ্ষৰ মিচেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চত্তিশগড়, ২০২৩ বৰ্ষৰ মিচেছ ইণ্টাৰনেশ্যনেল এম্বেছাদৰ, ২০২৩ বৰ্ষৰ মিচেছ গ্ল’বেল দিল্লী, ২০২৩ বৰ্ষৰ মিচেছ ৰয়েল হাৰিয়ানা, ২০২৩ বৰ্ষৰ মিছ ষ্টাৰ ইউনিভাৰ্ছ, ২০২৩ বৰ্ষৰ এম এছ এছ এফৰ দিল্লী বঁটা, ২০২৩ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা, ২০২৩ বৰ্ষৰ মিচেছ পপুলাৰ ফেচ অৱ ইণ্ডিয়া আৰু ২০২৩ বৰ্ষৰ মোষ্ট প্ৰেষ্টেজিয়াছ মডেল অব দ্য ইয়েৰ আদিকে ধৰি মুঠ ১১ টা খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।   
 
মডেল ৰহমানে কয়, "মই ভাবো সমৰ্থন অবিহনে কোনো কামত মনোনিবেশ কৰাটো সম্ভৱ নহয়। যিকোনো কামতে সফল হ'বলৈ হ'লে কষ্টৰ লগতে সমৰ্থনৰো খুবেই প্ৰয়োজন। যিহেতু আমাৰ মুছলমান সমাজখনত এক ভ্ৰান্ত ধাৰনা আছে যে মহিলসকলে সদায় পৰ্দাৰ আঁৰত থাকিব লাগে। তেনে ক্ষেত্ৰত ফেশ্বনৰ জগতখনত কাম কৰিবলৈ ওলাই অহাতো সঁচাকৈয়ে এক প্ৰত্যাহ্বানজনক কাম। কিন্তু মোৰ সৌভাগ্য যে মই পৰিয়াল তথা সমাজৰ পৰা তেনে কোনো বাধাৰ সন্মুখীন হোৱা নাই। মোক মোৰ স্বামীয়ে সদায়ে উৎসাহিত কৰি আহিছে আৰু বন্ধুবৰ্গই খুবেই সহযোগিতা আগবঢ়াই আহিছে। যাৰ বাবে মই আজি সফলতাৰ চিৰি বগাব পাৰিছো।"
 
মডেল ৰোজী ৰহমানে লাভ কৰা সৌন্দৰ্য প্ৰতিযোগীতাৰ খিতাপসমূহৰ সৈতে
 
ফেশ্বনৰ জগতখনৰ লগতে ৰোজীয়ে ৰাজনৈতিক আৰু সমাজসেৱামূলক কামৰ সৈতেও জড়িত। ৰোজী বৰ্তমান মহিলা ৰাষ্ট্ৰ সুৰক্ষা সংগঠন অব ইণ্ডিয়াৰ বাবে অসমৰ হৈ কাম কৰি আহিছে। তেওঁ বিহু সুৰক্ষা মঞ্চ অসম, সাংস্কৃতিক মহাসভা অসম, ৰাংঢালী সাংস্কৃতিক সংস্থা, সাংস্কৃতিক সংস্থা 'সাতসৰী' আদি কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে।
 
ৰোজীয়ে কয়, "বৰ্তমান সময়ত অসমৰ ফেশ্বন উদ্যোগটো বহু আগবাঢ়ি গৈছে। কিয়নো অসমীয়া সংস্কৃতিত বাৰে-ৰহনীয়া সাজ-পাৰৰ এক মেট-মৰা সম্ভাৰ আছে। বহিঃৰাজ্যতে হওঁক বা বিদেশতে হওঁক, অসমৰ পৰম্পৰাগত মেখেলা-ছাদৰৰ এক সুকীয়া স্থান আছে। পাট, মূগা, ঘিচা, এড়ি আদিৰ পৰা কেৱল মেখেলা চাদৰ হৈয়ে থকা নাই, বিভিন্ন ফেশ্বনেবল পোচাক প্ৰস্তুত কৰা হৈ আহিছে। এই উদ্যোগৰ সৈতে জড়িত হৈ বহু মানুহে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্য, বহিঃৰাজ্যৰ ওপৰিও বিদেশলৈ গৈও অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। সেয়েহে মই ভাবো এতিয়া ফেশ্বনক পেছা হিচাপে গ্ৰহণ কৰিব পাৰি।"   
 
 মহিলা ৰাষ্ট্ৰ সুৰক্ষা সংগঠন অব ইণ্ডিয়াৰ মহিলা সদস্য সকলৰ সৈতে ৰোজী ৰহমান
 
ছেহেলি কল্যাণ সমিতিৰ প্ৰতিষ্ঠাপক ৰোজী ৰহমানে শিশু আৰু মহিলা সবলীকৰনৰ লগতে অসমৰ হেৰাই যোৱা থলুৱা খেল ধেমালি বৰ্তমানৰ প্ৰজন্মৰ মাজত উভতাই অনাৰ বাবে কাম কৰি আহিছে। ইয়াৰোপৰি ৰোজীয়ে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বহু শিশুক বিনামূলীয়াকৈ পঢ়োৱাই মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।  
 
এই সন্দৰ্ভত ৰোজীয়ে কয়, "প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ সাধ্য অনুসৰি সমাজৰ বাবে কাম কৰি যাব লাগে বুলি মই ভাবো। সেয়েহে নিজৰ দ্বায়িত্ব বুলি গণ্য কৰি মই ২০১২ চনৰ পৰা মই মোৰ সন্তানৰ লগতে বহু দুখীয়া ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ পঢ়োৱাই আহিছো। ইয়াৰোপৰি ছেহেলি কল্যাণ সমিতিৰ জৰিয়তে দুখীয়া মানুহক ভাল কাপোৰ, ইউনিফৰ্ম, জোতা আদি দান কৰি আহিছো। আনহাতে, আশাৰ ৰেঙনি নামৰ গ্ৰুপৰ জৰিয়তে মই অসমৰ বিভিন্ন অঞ্চলৰ বানপীড়িত লোকক সাহাৰ্য প্ৰদান কৰি আহিছো। গুৱাহাটীস্থিত সাদৰি কন্যা নামৰ এখন অনাথ শিশুৰ বিদ্যালয়তো সময় পালে গৈ বিনামূলীয়াকৈয়ে পাঠদান কৰোৱাই আহিছো।"