২৬ ফেব্ৰুৱাৰীৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব ২৫ সংখ্যক কৃষি-উদ্যান মেলা

Story by  atv | Posted by  Munni Begum • 18 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
গুৱাহাটীৰ খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ খেলপথাৰত অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ অসম উদ্যান সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য সঞ্চালকালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হ'ব ৰাজ্যিক পৰ্যায়ৰ ২৫ সংখ্যক কৃষি-উদ্যান মেলা। এক বিবৃতিযোগে সঞ্চালকালয়ে এই কথা সদৰী কৰিছে। 
 
বিবৃতিটোত লগতে সদৰী কৰামতে চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই মেলাত কৃষি আৰু উদ্যান ক্ষেত্ৰৰ উৎপাদিত বিভিন্ন সামগ্ৰীৰ লগতে কৃষি-উদ্যান প্রযুক্তি বিষয়ক প্রদর্শনীৰ বিপণী থাকিব। তদুপৰি কৃষি-উদ্যান শিক্ষা, প্রযুক্তি, আঁচনি, বাণিজ্য আদিৰ সৈতে জড়িত চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠান বিভাগে এই মেলাত নিজ নিজ কর্মক্ষেত্ৰৰ কাম-কাজ তথা সেৱাৰ বিষয়ে প্রদর্শনৰ সুযোগ পাব। 
 
মেলাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কৃষি মন্ত্রী অতুল বৰাক মুখ্য পৃষ্ঠপোষক আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য বিদ্যুৎ চন্দ্র ডেকা আৰু ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া, আয়ুক্ত-সচিব অৰুণা ৰাজোৰিয়াক পৃষ্ঠপোষক হিচাপে লৈ এখন আয়োজক সমিতি গঠন কৰা হৈছে। 
 
অইন বছৰৰ দৰে এইবাৰো পুষ্পসজ্জা, বন্ধন কলা, চিত্রাংকণ, পাচলি, সজীৱ ফুল, ফল-মূল, ছাদৰ বাগিচা আদিৰ প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। তাৰ লগতে কৃষি-উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনাচক্র, প্রশিক্ষণ আদি অনুষ্ঠিত কৰা হ'ব।