জীৱন, ধৰ্ম আৰু সংগীতক লৈ ভাৰতৰ এহাল প্ৰখ্যাত দম্পতিৰ দৃষ্টিভংগী

Story by  atv | Posted by  [email protected] • 1 Months ago
সৰোদ সম্ৰাট ওস্তাদ আমজাদ আলী খান আৰু প্রসিদ্ধ ভাৰতনাট্যম শিল্পী শুভলক্ষ্মী বৰুৱা খান
সৰোদ সম্ৰাট ওস্তাদ আমজাদ আলী খান আৰু প্রসিদ্ধ ভাৰতনাট্যম শিল্পী শুভলক্ষ্মী বৰুৱা খান
 
দৌলত ৰহমান / গুৱাহাটী

সৰোদ বাদনেৰে এফালে যদি তেওঁ যাদু সৃষ্টি কৰে, আনফালে, তেওঁৰ পত্নীয়ে আকৌ ভাৰতনাট্যমেৰে দেশবাসীক মোহিত কৰে। তেনে এহাল প্ৰখ্যাত দম্পতি হৈছে আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুলভাৱে সমাদৃত সৰোদ সম্ৰাট ওস্তাদ আমজাদ আলী খান আৰু প্রসিদ্ধ ভাৰতনাট্যম শিল্পী শুভলক্ষ্মী বৰুৱা খান। দুই ভিন্ন ধৰ্মত বিশ্বাসী ভাৰতৰ প্ৰসিদ্ধ দম্পতিহালে বিবাহ, সম্পর্ক, ধৰ্ম আৰু সংগীত জীৱনৰ বিভিন্ন আকৰ্ষণীয় দিশ আৱাজ-দ্যা ভইচৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত দাঙি ধৰে।

শাৰীৰিক অসুস্থতাৰ বাবে এইবাৰ ৰমজান মাহৰ ৰোজা ৰাখিব নোৱাৰা বুলি উল্লেখ কৰি শুভলক্ষ্মী বৰুৱাই কয় যে পবিত্ৰ ৰমজান মাহত আন মুছলমান পৰিয়ালত যিধৰণৰ পৰিৱেশৰ সৃষ্টি হয়, তেওঁলোকৰ ঘৰতো তেনে এক পৰিস্থিতি বিৰাজ কৰিছে। তেওঁ প্ৰতিবাৰে ৰমজানৰ ৰোজা ৰাখি আহিছে যদিও এইবাৰ শাৰীৰিক অসুস্থতাৰ বাবে ৰোজা ৰখাতো তেওঁৰ বাবে সম্ভৱ হোৱা নাই বুলি আৱাজ-দ্যা ভইচৰ সন্মুখত জানিবলৈ দিয়ে।
 
পৰিয়ালৰ সৈতে আমজাদ আলী খান আৰু শুভলক্ষ্মী বৰুৱা খান
 
ইফালে, অসমৰ এটি প্রসিদ্ধ হিন্দু পৰিয়ালৰ জীয়ৰী শুভলক্ষ্মী বৰুৱাৰ সৈতে তেওঁৰ বিবাহৰ কথা সোধাত আমজাদ আলী খানে কয়, "মই বিশ্বাস কৰোঁ যে এজন পুৰুষ আৰু এগৰাকী মহিলাৰ সম্পৰ্ক ভগৱানে নিৰ্ণয় কৰে। সৰ্বশক্তিমান ঈশ্বৰে নিৰ্ণয় কৰে কোনে কাৰ লগত বিবাহপাশত আবদ্ধ হ'ব। মই শুভলক্ষীক প্ৰথম কলিকতাত ভাৰতনাট্যম পৰিৱেশন কৰা দেখিছিলোঁ। মই সেইসময়ত ভাবিছিলোঁ যে তেওঁক ভগৱানে এই পৃথিৱীত কেৱল মোৰ বাবেই পঠিয়াইছে। আমি যথেষ্ট সৌভাগ্যৱান যে আমাৰ জ্যেষ্ঠজনে আমাক আশীৰ্বাদ কৰিছিল। মোৰ শহুৰ পৰশুৰাম বৰুৱা, শুভলক্ষ্মীৰ সকলো আত্মীয়, তেওঁৰ ভাতৃ আৰু ভগ্নীসকলে মোক বহুত মৰম আৰু শুভকামনা দিছিল। আমি দুয়োৱে মানৱতাবাদক বিশ্বাস কৰোঁ। কলাৰ মাজেৰে আমাৰ সম্পৰ্ক।"

শুভলক্ষ্মী বৰুৱাই কয় যে আন্তঃধৰ্মীয় বিবাহৰ ক্ষেত্ৰত যেনেকৈ ভাৰতৰ যিকোনো পৰিয়ালত বিবাদ আৰু অনিশ্চয়তাৰ সৃষ্টি হয়, সেয়া তেঁওলোকৰ ক্ষেত্ৰতো হৈছিল। "কিন্তু মোৰ ক্ষেত্ৰত, মই মোৰ মা দেউতাৰ পৰা ইমান মৰম লাভ কৰিছিলোঁ যে মোৰ বিবাহৰ প্ৰস্তাৱটোক অস্বীকাৰ কৰাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিছিল। অৱশ্যে খান চাহেবক লগ পোৱাৰ পিছত মোৰ মা-দেউতা তেওঁৰ ব্যক্তিত্ব, মানৱীয় ভাৱধাৰা, কলা আৰু সংস্কৃতি দেখি আকৃষ্ট হৈছিল। ধৰ্মীয় দৃষ্টিভংগীৰ কথা কবলৈ গলে, আমি মানৱতাবাদক বিশ্বাস কৰোঁ। যেতিয়া আপুনি এগৰাকী শিল্পী হয়, আপুনি মিলাপ্ৰীতিৰ এক পৃথক পৰ্য্যায়লৈ যায়। জাতি, ধৰ্ম আৰু বৰ্ণই আমাৰ জীৱনত প্ৰভাৱ পেলাব নোৱাৰে। আমি ধৰ্মৰ বাহ্যিকতাৰ পৰা অন্তৰ্নিহিত পৰ্যায়লৈ গতি কৰোঁ।"

তেওঁৰ ঘৰত কি ধৰ্ম অনুসৰণ কৰে বুলি সোধাত আমজাদ আলী খানে কয় যে তেওঁলোকৰ চাৰি দেৱালৰ ভিতৰত কেৱল মানৱতাবাদ বিদ্যমান। “সংগীতৰ কোনো ধৰ্ম নাই। এজন সংগীতজ্ঞ হিচাপে মই সকলো ধৰ্মকে সন্মান কৰো। সকলো ধৰ্ম বিশ্বাসী লোক মোৰ দৰ্শক।"-তেওঁ কয়। 

বিভিন্ন ধৰ্মৰ বৰ্ধিত গোড়ামী সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি প্ৰসিদ্ধ সৰোদবাদকজনে কয়, "শিক্ষা থকা স্বত্বেও আমি ধৰ্মকলৈ যুঁজি আছোঁ, পৰস্পৰে পৰস্পৰক হত্যা কৰিবলৈও সাজু। ধৰ্মীয় গোড়ামী কৰাসকল পৃথিৱীৰ বাবে একো একোটা বোজা। ১৯৬০ চনত ভাৰতৰ সেইসময়ৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ  দ্বাৰা পদ্ম ভূষণ বঁটা লাভ কৰা মোৰ পিতৃ প্ৰয়াত ওস্তাদ হাফিজ আলী খানে মোক শৈশৱৰ পৰাই এক ঈশ্বৰৰ আদৰ্শ বিশ্বাস কৰিবলৈ শিকাইছিল।"

স্বামীক সমৰ্থন কৰি শুভলক্ষ্মীয়ে কয় যে তেওঁলোকৰ ঘৰত তেওঁৰ আৰু খান চাহেবৰ নিজা নিজা প্ৰাৰ্থনা গৃহ আছে। সকলো ঈশ্বৰ তেওঁলোকৰ ঘৰত বিদ্যমান আৰু সকলো ধৰ্মৰে উৎসৱ তেওঁলোকে উদযাপন কৰে। "মোৰ এতিয়াও মনত আছে, কেনেকৈ সকলো ধৰ্মৰ বন্ধু-বান্ধৱীয়ে মোৰ গৃহ চহৰ শিৱসাগৰত একেলগে  ঈদ উদযাপন কৰিছিলো। এইদৰে উৎসৱ উদযাপন কৰাটোৱে হৈছে মানৱতাবাদৰ উদযাপন।"-শুভলক্ষ্মী বৰুৱা খানে কয়। 
 
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰখ্যাত দম্পতিহাল
 
ভাৰতনাট্যম শিল্পীগৰাকীয়ে গৌৰৱেৰে কয় যে তেওঁৰ জনস্থান অসমত মানুহৰ সম্পৰ্কৰ মাজত কেতিয়াও ধৰ্মই স্থান নাপাই। "অসমত মানৱতাবাদ আৰু ভাতৃত্ববোধ হৈছে প্ৰধান ধৰ্ম আৰু মই আশা কৰোঁ এই আদৰ্শ সদায় এনেকৈ অটুত থাকিব।"-তেওঁ কয়। ভাৰতীয় সভ্যতাৰ বিভিন্ন দিশ উল্লেখ কৰি খান চাহেবে কয়, "নমস্কাৰ বা দুয়োখন হাতেৰে মানুহক সম্ভাষণ জনোৱাটো সমগ্ৰ পৃথিৱীৰ বাবেই এক আদৰ্শ। এয়া ভাৰতীয় সভ্যতাৰ অনন্য পৰিচয়। এনেকুৱা সংস্কাৰে ভাৰতৰ মানৱতাবাদ, নম্ৰতা আৰু গুণাগুণৰ প্ৰতিফলন ঘটাইছে।"

উল্লেখ্য যে, তেওঁলোকৰ দুই পুত্ৰ আমান আৰু আয়ানো দুজন প্ৰতিভাৱান সৰোদ বাদক। আমান আৰু আয়ানৰ দৰে দুই প্ৰতিভাৱান সৰোদ বাদকক জন্ম দিয়াৰ বাবে খান চাহেবে তেওঁৰ পত্নী শুভলক্ষীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে। 

শুভলক্ষ্মীয়ে কয় যে তেওঁ কেৱল মাতৃৰ ভূমিকাহে পালন কৰিছে। "মই আমাৰ দুয়োটা পুত্ৰৰ কাৰণে বিশেষ একো কৰা নাছিলোঁ। মই মাত্ৰ সিহঁতক যথেষ্ট সময় দিছিলোঁ। দুয়োৰে জন্ম আৰু ডাঙৰ দীঘল দিল্লীতে হৈছিল। মই সিহঁতক অতি সৰল আৰু স্বাভাৱিক ধৰণে জীৱন যাপন কৰিব কৈছিলোঁ। মই সিহঁতক মানৱ ধৰ্মৰ কথা শিকাইছোঁ।"-তেওঁ কয়। 

সাক্ষাৎকাৰটোৰ শেষৰ ফালে খান চাহেবে ভাৰতীয় যুৱক যুৱতীসকলক অনুৰোধ কৰি কয় যে জীৱনত নিজৰ লক্ষ্যত উপনীত হবলৈ সদায় শান্ত আৰু সহনশীল হৈ থাকিব লাগে। একেদৰে, শুভলক্ষ্মীয়ে কয় যে তেওঁ নিজৰ সাধ্য অনুসৰি সদায় জন্মস্থান (অসম) আৰু দেশৰ সেৱা কৰিব বিচাৰে।