নিপুণৰ পৃথিৱী

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  ডঃ সত্যজিৎ ভূঞা 
 
পঢ়িবলৈ পাইছোঁ যে, মানসিকভাৱে শক্তিশালী হোৱাৰ নিমিত্তে ঈগল চৰাইবোৰ কমেও সত্তৰ বছৰ জীয়াই থাকিব পাৰে। অৱশ্যে চল্লিশ বছৰমান পাৰ হোৱাৰ পাছতে ঈগলে এটা কঠিন সিদ্ধান্ত ল'বলগীয়া হয়। সেই সময়তে ইয়াৰ হাতোৰাবোৰ চিকাৰ কৰিবৰ বাবে সিমান তীক্ষ্ণ হৈ নাথাকে। ঠোঁটটোও বেঁকা হয় আৰু ধাৰহীন হয়। তদুপৰি, ডেউকা গধুৰ হৈ পৰাৰ বাবে উৰণ ক্ষমতাও হ্রাস পায়। সেয়ে চল্লিশ বছৰ হোৱাৰ পাছত ঈগলে এটা সিদ্ধান্ত ল'বলগীয়া হয়। হয় মৰিব বা নতুন জীৱনৰ বাবে নিজকে প্রস্তুত কৰিবৰ কাৰণে এটা কষ্টসাধ্য পৰিৱৰ্তন প্ৰক্ৰিয়াক আদৰি ল'ব। 
 
ঈগলটোৱে গৈ পৰ্বতৰ গাত খুন্দিয়াই তাৰ পুৰণি ঠোঁটটো ভাঙি পেলায়। বিষে জৰ্জৰ এটা অৱস্থা। তাৰ পাছত তাৰ নতুন ঠোঁট বৃদ্ধি পাই আহে। সেইটো ধাৰাল। সেই ঠোঁটেৰে খুন্দিয়াই সি হাতোৰাও চোকা কৰি তোলে। গোটেই কামখিনি কৰিবলৈ ঈগলক প্রয়োজন হয় প্রায় ডেৰশ দিনৰ। তাৰ পাছত নতুন জীৱনপ্রাপ্ত ঈগলৰ আত্মবিশ্বাসো বৃদ্ধি পায়। বৰষুণত অন্য চৰাইবোৰ বাহত সোমাই ৰয়। আনহাতে, নতুন জীৱনপ্রাপ্ত ঈগলে উচ্চ আকাশত উৰণ-বিচৰণ আৰম্ভ কৰি দিয়ে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ঈগলৰ এই নতুন জীৱন প্ৰাপ্তিৰ কাহিনীৰে মানুহেও শিক্ষা লভি উদ্বুদ্ধ হ'ব পাৰে। আচলতে নিজকে প্রতিনিয়ত বিকশিত কৰি নাথাকিলে মানুহে জীৱন নিৰ্বাহত দুর্ভোগ ভুগিবলগীয়া হয়। পৃথিৱীত হৈ থকা নানা পৰিৱৰ্তনৰ সৈতে নিজক সমদ্ৰুতিত ৰাখিব নোৱাৰিলেই ঘূর্ণায়মান পৃথিৱীৰ পৰা কৰ্ফাল খাই পৰিবলগীয়া হয়। সেয়ে প্রতিনিয়তৰ আপডেচনৰ প্ৰসংগ ওলাওঁতেই মানুহে শ্ৰম কৰাৰ বাবে প্রস্তুত হোৱা জৰুৰী হৈ উঠে। 
 
প্রথম শিল্প বিপ্লৱটো সাধন কৰিবলৈ মানৱ সমাজে বহু যুগ অপেক্ষা কৰিব লাগিছিল। তাৰ পাছৰ শিল্প বিপ্লৱৰ বাবেও সভ্যতাৰ বহু যুগৰ সাধনা আৰু বহু দীঘলীয়া শ্ৰমৰ ইতিহাস। কিন্তু যোৱা দুটা দশকত সমাজে যিমান উত্তৰণ-পৰিৱৰ্তন দেখিবলৈ পাইছে, সেয়া এক অর্থত অকল্পনীয়। এনে উত্তৰণৰ পৰিৱেশৰ সৈতে খাপ খুৱাই চলিবৰ বাবে মানুহে বহু কথা জনা জৰুৰী হৈ পৰিছে, আৰু কেৱল জানিলেই নহ'ব, বর্তি থাকিবৰ বাবে মানুহ নিপুণ (Skilled) বা দক্ষ হোৱাটো জৰুৰী হৈ পৰিল। 
 
যিমানে নতুন প্রযুক্তিৰ আগমন হৈছে, সিমানে এই প্রয়োজনীয়তা বৃদ্ধি পাবলৈ ধৰিছে। নতুন নতুন প্রযুক্তিয়ে যোৱা দুটা দশকত মানুহক চমৎকৃত কৰিছে। কৃত্রিম বুদ্ধিমত্তাকে মুখ্য কৰি এনেবোৰ উদ্ভাৱনে বৰ্তমান সময় আৰু সমাজক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছে। এতিয়া কি উদ্যোগ, কি স্বাস্থ্য খণ্ড, কি বেংকিং ছেক্টৰ ইত্যাদি সকলোতে কেৱল নিপুণৰ বিশেষ কৰ্ম-প্রদর্শন। এটা সময় আছিল যেতিয়া কেৱল তথাকথিত শিক্ষাৰে শিক্ষিত হৈ উঠিলেই ব্যক্তি গুৰুত্বপূৰ্ণ হৈছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এতিয়া পৰিৱেশ-পৰিস্থিতি তেনে নহয়। পেছাদাৰী শিক্ষা লাভৰ পাছতো মানুহে নিপুণ হৈ উঠিব নোৱাৰিলে, দক্ষতা বৃদ্ধি কৰি নিজকে কর্মোপযোগী বুলি প্রতিপন্ন কৰিব নোৱাৰিলে গুৰুত্ব পাব নোৱাৰে। এটা সময় আছিল যেতিয়া মানুহৰ ধাৰণা আছিল নিপুণতা বা দক্ষতা বৃদ্ধি প্রয়োজনীয় সম্পদ হ'ব পাৰে কেৱল তথাকথিত শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাসকলৰ ক্ষেত্রত। তথাকথিত শিক্ষাৰে জীৱিকা অৰ্জন কৰিব নোৱাৰাজনৰ ক্ষেত্ৰতহে যেন নিপুণতা আয়ত্ত কৰা বা তাক বৃদ্ধি কৰি লোৱাটো প্রয়োজনীয়। 
 
কিন্তু সময়ৰ অগ্রগতিয়ে, সভ্যতাৰ বিকাশে অন্য দাবী কৰিছে। যিকোনো পেছাত বর্তি থাকিবলৈ ন্যূনতমভাৱেও জীৱিকা আৰ্জিবলৈ মানুহ দক্ষ হ'বই লাগিব। নিপুণ হ'বই লাগিব। এইটো আটাইতকৈ বেছি প্রয়োজনীয় হৈ উঠিছে সেইসকল শিক্ষার্থীৰ ক্ষেত্ৰত, যিসকলে জীৱিকাৰ সন্ধান কৰি আছে। মুঠ জনসংখ্যাৰ কিমান শতাংশইনো চৰকাৰী চাকৰি পায়? সকলো ঠাইতে এই সংখ্যা অতি নগণ্য। গতিকে দক্ষতা বৃদ্ধিৰে আন ক্ষেত্ৰসমূহত জীৱিকাৰ সন্ধান কৰিব লাগিব। 'অতি দক্ষজনে নিজৰ বাট নিজে গঢ়িব আৰু আনকো তাৰপৰা উপকৃত কৰিব। স্ব-নিয়োজনৰ ক্ষেত্ৰত পাৰদৰ্শিতা আৰু 'Innovation'-এ মুখ্য ভূমিকা ল'ব। এয়া হৈ উঠিছে সময়ৰ দাবী।
 
(লেখক অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ বৈদ্যুতিক বিভাগৰ অধ্যাপক আৰু 'ট্রেইনিং এন্ড প্লেচমেন্ট' বিষয়া)