বৃত্তিৰ টকাৰে বিদেশত জ্ঞান অৰ্জন কৰা অসমীয়াজন

Story by  atv | Posted by  Munni Begum • 2 Months ago
আনন্দৰাম বৰুৱা
আনন্দৰাম বৰুৱা
 
অঞ্জু শাণ্ডিল্য
 
১৮৬৯ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন যুৱকে বিদেশত পঢ়িবলৈ ইচ্ছা কৰি দেউতাকক কথাটো জনালে; কিন্তু দেউতাকে সম্মতি নিদিলে। সেইবাবে যুৱকজনে এক বৃত্তি পৰীক্ষা দি, উত্তীর্ণ হৈ প্রথম স্থান লাভ কৰি বছৰি ২০০ পাউণ্ড অর্থাৎ ৩০০০ টকাৰ বৃত্তি লাভ কৰে আৰু গিলক্রাইষ্ট বৃত্তিও লাভ কৰে, যাৰ মূল্য আছিল ১০০ পাউণ্ড। এই বৃত্তি পাঁচ বছৰৰ বাবে লাভ কৰে। বৃত্তিৰ টকাৰেই লণ্ডনত থাকি বি এছ চি, বাৰ এট ল আৰু আই চি এছ পৰীক্ষা দিয়ে। আই চি এছ পৰীক্ষাত সপ্তম স্থান লাভ কৰি উত্তীৰ্ণ হৈ ভাৰতৰ পঞ্চমজন চিভিলিয়ান হোৱাৰ গৌৰৱ লাভ কৰে। আৰু অসমৰ! অসমৰ প্ৰথম চিভিলিয়ান, প্রথম বি এছ চি, বাৰ এট লৰ সন্মান লাভ কৰে। 
 
এইজন অসম সন্তানে ১৮৫০ চনৰ ২১ মে'ত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম গ্ৰহণ কৰিছিল। ঘৰৰে নামঘৰৰ পূজাৰী হৰগোবিন্দ শৰ্মাৰ ওচৰত সৰুতে সংস্কৃত শিক্ষা গ্রহণ কৰি, শিশু অৱস্থাতে অমৰকোষ কাব্য মুখস্থ কৰি স্পষ্টকৈ গাই যাব পাৰিছিল। কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰি স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু পিতৃৰ কর্মসূত্রে দুবছৰমান গোৱালপাৰাৰ স্কুলতো পঢ়িছিল। পাচত আকৌ কটন কলেজিয়েট স্কুলৰ পৰাই ১৮৬৪ চনত এন্ট্রেন্স (হাইস্কুল শিক্ষান্ত) পৰীক্ষাত উত্তীর্ণ হৈ কলকাতাত পঢ়িবলৈ লয়। তাৰ পাচত লণ্ডনত। লণ্ডনৰ পৰা ঘূৰি আহি দেউতাকৰ কঠোৰ নীতি-নিয়মৰ বাবে ঘৰলৈ যাব পৰা নাছিল। 
 
কলকাতাৰ প্ৰেছিডেন্সি কলেজ
 
শিৱসাগৰত এক্সটা এছিছটেন্ট কমিছনাৰ হৈ কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাচত বংগদেশৰ বিভিন্ন ঠাইত চাকৰি কৰিছিল। নোৱাখালিত এইজন যুৱকৰ নামত এটা পুখুৰী 'বৰুৱা দীঘি' আৰু এখন বজাৰ 'বৰুৱা বজাৰ' আজিও আছে। নোৱাখালিত (জিলাত) প্ৰথম ভাৰতীয় উপায়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা যুৱকজনক আদৰণি 'আৱাহন' শীর্ষক এটা বাংলা কবিতা লিখা হৈছিল- 'যিনি ভারতের সব সুখের নিদান / সবে সমস্বরে কর তাৰ গুণগান' কবিতাটো ২১ টা স্তৱকত লিখা হৈছিল। ইংৰাজী চিভিলিয়ান কবি এলেক মেকামিলানৰ কাব্যগ্রন্থ এখনত ১৫ পৃষ্ঠাৰ এটা দীঘল কবিতা আছে- 'আনন্দ ৰাম বৰুৱা'। 
 
পাঠকে নিশ্চয় গম পাইছে ইমানপৰ কাৰ বিষয়ে কোৱা হৈছে। ৰসৰাজ বেজবৰুৱাদেৱে এইজন তৰুণক 'অসম গছা' আখ্যা দিছিল। তেওঁৰ বিষয়ে এখন গ্রন্থ লিখিছিল শূল শর্মাই- অমৰজ্যোতি আনন্দৰাম বৰুৱা', গ্ৰন্থখনৰ আগকথাত ড° অমৰজ্যোতি চৌধুৰীয়ে লিখিছিল- 'বহুজনে এনে কৃতিত্বকেই জীৱনৰ সৰ্বোত্তম সন্তুষ্টিৰে দিন কটালেহেঁতেন। মনীষী আনন্দৰাম বৰুৱা কিন্তু এনে কৃতিত্বতকৈও আৰু উজ্জ্বল ৰূপত উজলি উঠিল।' 
 
গুৰুত্বপূৰ্ণ চৰকাৰী চাকৰি কৰিও কিমান কাম কৰিছিল। দুবছৰ শিৱসাগৰত থাকোতে ইংলিছ-সংস্কৃত ব্যাকৰণখনৰ ৰচনা কৰাৰ আৰম্ভণি কৰে। A practical English Sanskrit Dictionary খন বংগৰ মৈমনসিংহ জিলাৰ এছিছটেন্ট মেজিষ্ট্ৰেট আৰু কালেক্টৰ হৈ থাকোতে দুটা বছৰত সম্পূৰ্ণ কৰে। ৰাণীগঞ্জত মহকুমাধিপতি হৈ থাকোতে ভৱভূতিৰ মহাবীৰ চৰিত্ৰৰ সম্পাদনা আৰু টিকাভাষ্য ৰচনা কৰিছিল 'জানকীৰাম ভাষ্য'। 
 
আনন্দৰাম বৰুৱা বঁটা লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীসকল
 
নোৱাখালিৰ জিলাধিপতি হৈ থাকোতে সংস্কৃত চৰ্চাৰ প্ৰসাৰতাৰ বাবে দুজনমান পণ্ডিতক লৈ 'পণ্ডিত সভা' নামেৰে এক অনুষ্ঠান গঠন কৰে। বংগদেশৰ দুঠাইত দুটা ছপাযন্ত্র স্থাপন কৰিছিল- 'অৰুণোদয় যন্ত্র', 'মণিৰাম যন্ত্র'। ১৮৮৫ চনৰ সাত এপ্ৰিলত এইজন অসম সন্তান কলকাতা বিশ্ববিদ্যালয়ৰ ফেল' নিযুক্ত হৈছিল। 'অসম প্রকাশন পৰিষদে' আনন্দৰাম বৰুৱাৰ তিনিখন কিতাপ পুনৰ মুদ্ৰণ কৰিছিল- 'Amar Sinha's Namalinganusassana, Dhatubritisara, Bhababhuti and his place in Sanskrit Literature। এইজন অসম সন্তানৰ নামত উমৰাংচুত আনন্দৰাম বৰুৱা একাডেমী অব এডমিনিষ্ট্ৰেচন নিৰ্মাণৰ কাম ৰাজ্য চৰকাৰে কৰিছে। ওপজা ঠাই ৰজাদুৱাৰত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা গঠিত সংস্থা- 'আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি' চমুকৈ আবিলাক'। 
 
২০১৫ চনত 'আবিলাকে' ড° অমৰজ্যোতি বৰুৱাৰ উপন্যাস 'আনন্দ জাতক' প্রকাশ কৰিছিল। সেই বছৰতে 'আবিলাকে' ড° সূর্য কুমাৰ ভূঞাই ৰচনা কৰা 'আনন্দৰাম বৰুৱা' শীর্ষক জীৱনী গ্ৰন্থখনৰো নৱম সংস্কাৰণ প্ৰকাশ কৰে। কেইবছৰমানৰ পৰা অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে। এই বছৰো প্ৰদান কৰিব, কিন্তু সকলো ছাত্র-ছাত্রীয়ে বাৰু জানেনে আনন্দৰাম বৰুৱাৰ কথা? সংস্কৃত আৰু অসমীয়া ভাষাত হাইস্কুলীয়া শিক্ষা লাভ কৰা আনন্দৰাম বৰুৱাই বিদেশত গৈ ইংৰাজী মাধ্যমত 'ভাৰতীয় অসামৰিক সেৱা (আই চি এছ) পৰীক্ষা দি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। আৰু আনন্দৰাম বৰুৱাৰ আগতে কোনো ভাৰতীয় লোকে জিলা প্ৰশাসনৰ দায়িত্ব লাভ কৰা নাছিল। 
 
'ভাৰতীয়সকলৰ ভিতৰত আনন্দৰাম বৰুৱাই সৰ্বপ্ৰথমে জিলাৰ কাৰ্যকৰী ভাৰ পায়।' (জে এন স্তুপ্ত, আই চি এছ) নোৱাখালিত জিলাধিপতি হৈ থাকোতে নোৱাখালি আৰু বৰিশালৰ মাজত জাহাজ চলাচলৰ ব্যৱস্থা, ছোৱালী স্কুল স্থাপন, ৰাস্তা-ঘাট, নলা-নর্দমাৰ সুব্যৱস্থা, পুখুৰী খন্দা, হাট-বজাৰ খোলা আদি জনকল্যাণমূলক কাম কৰিছিল। নোৱাখালিৰ ৰাইজেও কুমিল্লাত থকা পুখুৰীটো 'বৰুৱা দীঘি' আৰু এখন বজাৰ 'বৰুৱা বাজাৰ' নামেৰে আনন্দৰাম বৰুৱাৰ নামত চিৰযুগমীয়া কৰি ৰাখিলে। 
 
আনন্দৰাম বৰুৱা উদ্যান
 
সৰুতেই দেউতাক গৰ্গ সদৰামিন বৰুৱাই যি সংস্কৃত শিক্ষা দিয়াইছিল, সেই সংস্কৃত শিক্ষাৰ প্রতি, ভাষাটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আজীৱন সংস্কৃত সাহিত্য চর্চা কৰি গ'ল। কিন্তু দেউতাকৰ কু-সংস্কাৰ মানি ল'ব পৰা নাছিল। লণ্ডনৰ পৰা ঘূৰি আহোতে উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত জাহাজৰ পৰা নামিছিল আনন্দৰাম বৰুৱা। বালিচৰত তম্বুৰ তলত ৰৈ আছিল পিতৃ। পিতৃয়ে আদেশ দিছিল, প্রায়শ্চিত্ত হোৱাৰ, কিন্তু সেই আদেশ অমান্য কৰিছিল পুত্ৰই। যুক্তি দর্শাইছিল, এয়া কুসংস্কাৰ। আৰু সমাজৰ নিয়ম মানি দেউতাকে আনন্দৰাম বৰুৱাক ঘৰলৈ নিনিলে। সেয়াই শেষ দেখা। আৰু মৰমী মাতৃ দুলভেশ্বৰী বৰুৱানীক যে কলকাতালৈ যোৱাৰ সময়তে দেখা! আৰু ঘৰৰ বাহিৰত বিভিন্ন ঠাইত চাকৰি কৰা আনন্দৰাম বৰুৱা ১৮৮৯ চনৰ ১৯ জানুৱাৰীত কলকাতাৰ বালিগঞ্জ চাকুলাৰ ৰোডৰ তাৰকানাথ পালিতৰ ঘৰত মৃত্যুবৰণ কৰে। আনন্দৰাম বৰুৱা নৱ-প্ৰজন্মৰ বাবে আদর্শ হৈ ৰওঁক। 
 
(আনন্দৰাম বৰুৱা জন্ম দিৱস উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে)