চত্ৰপতি শিৱাজীৰ সৈন্য বাহিনীত আছিল ৬০ হাজাৰ মুছলমান সেনা; হিন্দু শাসক বুলি কৈ তেওঁৰ ভাৱমূৰ্তি বিকৃত কৰা হৈছে

Story by  atv | Posted by  Munni Begum • 1 Years ago
চত্ৰপতি শিৱাজী মহাৰাজ
চত্ৰপতি শিৱাজী মহাৰাজ
 
মুখতাৰ খান
 
চত্ৰপতি শিৱাজী মহাৰাজৰ নাম মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশত অত্যন্ত গৌৰৱ আৰু সন্মানেৰে লোৱা হয়। মহাৰাষ্ট্ৰত প্ৰতি বছৰে ১৯ ফেব্ৰুৱাৰীত অতি ধুমধামেৰে শিৱাজী জয়ন্তী উদযাপন কৰা হয়। ১৬৭৪ চনৰ ৬ জুনত শিৱাজীয়ে ৰাজ অভিষেক ঘটোৱা দিনটোও ৰাজ্যখনত উলহ-মালহেৰে পালন কৰি অহা হৈছে। উল্লেখ্য যে, প্ৰায় ৩৫০ বছৰ আগতে ৰায়গড় দূৰ্গত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শিৱাজী মহাৰাজৰ ৰাজ অভিষেক ঘটিছিল। 
 
ইতিহাসত বহুতো ৰজা আছে কিন্তু মানুহে কেৱল তেওঁলোককহে মনত ৰাখে যিসকলে মানুহৰ মঙ্গলৰ বাবে কাম কৰে। সমতা, ভাতৃত্ববোধ আৰু ন্যায়ৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে চত্ৰপতি শিৱাজী মহাৰাজকো মানুহে আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁৰ শাসনকালত সমাজত কোনো বৈষম্য নোহোৱাকৈ ৰাজহুৱা কল্যাণৰ কাম আগবাঢ়িছিল। 
 
সম্প্ৰতি দেশৰ মহান বীৰ শিৱাজী মহাৰাজক একাংশ ৰাজনৈতিক দল আৰু সংগঠনে ন্যস্ত স্বাৰ্থৰ বাবে হিন্দু শাসক হিচাপে চিত্ৰিত কৰিছে। কিন্তু শিৱাজীৰ দৰে এক মহান ব্যক্তিত্বক কেৱল ধৰ্মৰ দৃষ্টিৰে চোৱাটো উচিত নে ? প্ৰকৃতাৰ্থত শিৱাজী মহাৰাজক কেৱল ধৰ্মৰ ৰক্ষক হিচাপে প্ৰক্ষেপ কৰাটো তেওঁৰ মৰ্যাদা হ্ৰাস কৰাৰ সমান। কাৰণ, শিৱাজীৰ জীৱন অতিবাহিত হৈছিল উচ্চ আদৰ্শ অনুসৰণেৰে। 
 
ৰায়গড় দূৰ্গ
 
তেওঁ সন্ত, পীৰ আউলিয়া আৰু সকলো ধৰ্মক সন্মান কৰিছিল। সেইবাবে তেওঁ যেতিয়া স্থানীয় মাৰাঠাসকলৰ সৈতে স্বৰাজ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া বৃহৎ সংখ্যক মুছলমানেও তেওঁক সমৰ্থন কৰিছিল। সেই সময়ত তেওঁৰ সৈন্যবাহিনীত থকা মাৰাঠাসকলক শিৱাজীৰ মাউলে বুলি কোৱা হৈছিল। তেওঁ যুঁজ দিয়া প্ৰতিখন যুদ্ধত হাজাৰ হাজাৰ মুছলমানে অংশগ্ৰহণ কৰিছিল; তেওঁৰ প্ৰশাসনতো মুছলমান মাউলে আছিল। সেইবাবেই আজিও কলহাপুৰ বা ছাটাৰাৰ মুছলমানসকলে শিৱাজী জয়ন্তী শোভাযাত্ৰাত অতি ধুমধামেৰে অংশগ্ৰহণ কৰে।
 
শিৱাজী মহাৰাজৰ শাসনকালত জনকল্যাণ, ন্যায়, ভাতৃত্ববোধক অগ্ৰাধিকাৰ দিয়া হৈছিল। সেইবাবেই আজিও তেওঁ আৰু তেওঁৰ শাসন ব্যৱস্থাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। মনকৰিবলগীয়া যে, শিৱাজী মহাৰাজৰ পৰিয়ালৰ লোকে চুফী সন্তসকলক বহুত সন্মান কৰিছিল। তেওঁৰ ককায়েকে নিজৰ দুই পুত্ৰ ক্ৰমে শ্বাহজী আৰু শ্বৰীফজীক মুছলমান পীৰ বাবা শ্বাহ শ্বৰীফৰ নামেৰে নামাকৰণ কৰিছিল। শিৱাজী মহাৰাজে চুফী সন্ত বাবা ইয়াকুটৰ প্ৰতি অতিশয় সন্মান প্ৰদৰ্শন কৰিছিল। যুদ্ধভূমিলৈ যোৱাৰ পূৰ্বে তেওঁ আশীৰ্বাদ বিচাৰি সদায় বাবা ইয়াকুটৰ ওচৰলৈ গৈছিল। চুফীসকলৰ কৱৰস্থান বিভিন্ন দৰগাহসমূহতো তেওঁ তেলৰ চাকি জ্বলাইছিল।
 
একেদৰে, শিৱাজীৰ ৰাজত্বকালত নাৰীক সন্মান কৰা হৈছিল। আনকি যুদ্ধৰ সময়তো মহিলাৰ গাত হাত উঠোৱা নিষিদ্ধ আছিল। এবাৰ কল্যাণ ৰাজ্যৰ ৰজা শিৱাজীৰ সেনাৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁৰ ধুনীয়া বোৱাৰীক শিৱাজীৰ ওচৰত উপস্থাপন কৰা হৈছিল। তেতিয়া তেওঁ এই কাৰ্যৰ বাবে সেনা বাহিনীৰ মূৰব্বীক নিন্দা কৰিছিল আৰু মুছলিম মহিলাগৰাকীৰ ওচৰত নিজে ক্ষমা বিচাৰিছিল। মহিলাগৰাকীক শিৱাজী মহাৰাজে কৈছিল ক’লে যে তেওঁ নিজৰ মাতৃৰ দৰেই আৰু তেওঁক সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে গৃহভূমিলৈ ঘূৰাই পঠিয়াইছিল।
 
চত্ৰপতি শিৱাজী মহাৰাজ
 
শিৱাজী মহাৰাজৰ নিজৰ মুছলমান সৈনিকসকলৰ ওপৰত অটল বিশ্বাস আছিল। তেওঁৰ সেনাবাহিনীত ৬০ হাজাৰতকৈ অধিক মুছলমান সৈনিক আছিল। তেওঁ এটা শক্তিশালী নৌসেনাও প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ কৰ্তৃত্ব মুছলমান সৈনিকৰ হাতত আছিল। আনকি সাগৰীয় দুৰ্গ পৰিচালনাৰ দায়িত্বও অভিজ্ঞ মুছলমান গৱৰ্ণৰৰ ওপৰত ন্যস্ত কৰা হৈছিল, যেনে দালাত খান, ইব্ৰাহিম খান, ছিদ্দি মিষ্ট্ৰী আদি। ৰুষ্টামোজমেন, হুছেইন খান, কাছিম খানৰ দৰে বহু মুছলমান যুদ্ধাধিপতিয়ে বিজাপুৰ ৰাজকীয় ৰাজ্য এৰি ৭০০ জন পাঠান সৈন্যৰ সৈতে শিৱাজী মহাৰাজৰ সেনাবাহিনীত যোগদান কৰিছিল। শিৱাজী মহাৰাজৰ আটাইতকৈ ঘনিষ্ঠ চৰ্দাৰসকলৰ ভিতৰত অন্যতম আছিল সিদ্দি হিলাল। যুদ্ধত তেওঁ দাঙি ধৰা দুঃসাহসিক কলা-কৌশলসমূহ অত্যন্ত জনপ্ৰিয় আছিল।
 
একেদৰে, শিৱাজীৰ সেনাবাহিনীত ব্যৱহাৰ কৰা বেছিভাগ কামান মুছলমান সৈনিকৰ দ্বাৰা পৰিচালিত হৈছিল। ইব্ৰাহিম খান আছিল মুখ্য বন্দুকধাৰী; শ্বামা খান আৰু ইব্ৰাহিম খান আছিল অশ্বাৰোহী দলৰ মুৰব্বী। শিৱাজীৰ অন্যতম দেহৰক্ষী আছিল ছিদ্দি ইব্ৰাহিম। আফজল খানৰ সৈতে হোৱা মুখামুখিত সিদ্দি ইব্ৰাহিমে শিৱাজী মহাৰাজক নিজৰ জীৱন সংকটাপন্ন কৰি হলেও ৰক্ষা কৰিছিল। পিছলৈ শিৱাজী মহাৰাজে তেওঁক ফোণ্ডা দুৰ্গৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। এই সকলো তথ্যই শিৱাজী আৰু তেওঁৰ মুছলমান সহযোগীসকলৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ সাক্ষ্য বহন কৰে।
 
যেতিয়া শিৱাজীক আগ্ৰা দুৰ্গত গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়া মাদাৰী মেহতাৰ নামৰ এজন মুছলমান লোকে পলায়নত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জাতি-ধৰ্ম নিৰ্বিশেষে শিৱাজী মহাৰাজে তেওঁৰ সহকৰ্মীসকলৰ হৃদয় জয় কৰিছিল বাবে তেওঁলোকেও নিজৰ ৰজাৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু আছিল।
 
পাৰ্চী ভাষাৰ পণ্ডিত কাজি হাইদৰ আছিল শিৱাজীৰ মুখ্য আইনী বিষয়া। প্ৰশাসনৰ চিঠি-পত্ৰ লিখা, চুক্তি স্বাক্ষৰ কৰা আৰু গোপন পৰিকল্পনা তৈয়াৰ কৰাত তেওঁৰ মুখ্য ভূমিকা আছিল। এবাৰ হিন্দু ছৰ্দাৰে কাজি হাইদৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল আৰু তেওঁক বিশ্বাস নকৰিবলৈ  সম্ৰাট শিৱাজীক পৰামৰ্শ দিছিল। ইয়াৰ বাবে শিৱাজীয়ে তেওঁক সমালোচনা কৰি কৈছিল, কাৰোবাৰ জাতি (ধৰ্ম) চাই সততা পৰীক্ষা কৰা উচিত নহয়, সেই ব্যক্তিজনৰ কামৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁৰ সততা নিৰ্ণয় কৰা উচিত।
 
চুফী সন্ত বাবা ইয়াকুটৰ দৰগাহ
 
শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ প্ৰস্তুতি বহু আগতেই আৰম্ভ হৈছিল। শিৱাজী মহাৰাজে ৰাইগড়ত উপস্থিত হোৱাৰ সময়ত মন্দিৰকে ধৰি কেইবাটাও নতুন অট্টালিকা নিৰ্মাণ কৰা হৈছিল। সেয়া দেখি ৰাজপ্ৰসাদলৈ উভতি অহাৰ সময়ত মহাৰাজে নিজৰ চৰ্দাৰক সুধিছিল যেতিয়া তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰিছিল, তেতিয়া কিয় মুছলমানৰ বাবে কোনো মছজিদ নিৰ্মাণ কৰা নাছিল। তাৰ পিছতে লগে লগে ৰাজপ্ৰসাদৰ ঠিক সন্মুখতে এটা মছজিদ নিৰ্মাণ কৰা হ’ল আৰু সেয়া আজিও তাত অক্ষত হৈ আছে।
 
আজি শিৱাজী আৰু আফজল খানৰ মাজৰ শত্ৰুতাক হিন্দু-মুছলমান কেন্দ্ৰিক উত্তেজনাৰ কাহিনী হিচাপে উপস্থাপন কৰা হৈছে। কিন্তু সত্য কথাটো হ’ল যে আফজল খানৰ মৃত্যুৰ পিছত শিৱাজী মহাৰাজে তেওঁৰ মৃতদেহ ইছলামিক ৰীতিৰে সমাধিস্থ কৰিবলৈ নিৰ্দেশ দিছিল। আফজল খানৰ বাবে এটা কংক্ৰিটৰ কবৰ নিৰ্মাণ কৰা হৈছিল আৰু তেওঁৰ পুত্ৰসকলক ক্ষমা কৰা হৈছিল।
 
শত্ৰুৰ বিৰুদ্ধে শাসকৰ এনে আচৰণ ইতিহাসত খুব কমেইহে পোৱা যায়। ইতিহাসৰ এই সকলোবোৰ ঘটনাই প্ৰমাণ কৰে যে শিৱাজী মহাৰাজ আৰু মোগলৰ মাজত যুদ্ধ ৰাজনৈতিক স্বাৰ্থ আৰু ৰজাসকলৰ মাজত থকা পাৰস্পৰিক সংঘাতৰ বাবেহে হৈছিল, কোনো ধৰ্মীয় আধিপত্যৰ বাবে যুদ্ধ হোৱা নাছিল।