সৎ উপায়েৰে অৰ্জা ধনৰেহে আল্লাহৰ ওচৰত হজ্জ কবুল হয়

Story by  atv | Posted by  Munni Begum • 1 Years ago
মক্কাশ্বৰীফ
মক্কাশ্বৰীফ
  আয়েছা আশ্রফ আহমেদ

যোৱা দুই বছৰে কভি'দ মহামাৰীৰ বাবে কোনেও হজ্জলৈ যাব পৰা নাছিল। সৃষ্টিকৰ্তাৰ কৃপাত পৰিস্থিতি ভালৰ ফালে অহাৰ বাবে আন দেশৰ দৰে ভাৰত চৰকাৰেও এইবছৰ হজ্জলৈ পঠিওয়াৰ সিদ্ধান্ত লয়। জানিব পৰা মতে অসম হজ্জ কমিটীয়ে ৩৫০০ জনৰ কোটা (quota) পাইছে। সেইমৰ্মে এই মাহৰ ৫ তাৰিখে অসম ৰাজ্যিক হজ্জ কমিটীৰ পৰা প্ৰথমটো হজ্জ যাত্রীক ফ্লেগ অফ কৰা হয় আৰু শেষ হজ্জযাত্ৰীৰ দলটোক ১৮ তাৰিখে পঠিয়ায়। এইবাৰ অসম হজ কমিটীয়ে অসমীয়া গামোচা হজ্জযাত্ৰীসকলে ডিঙিত আঁৰি লোৱাটো আৰু থকা বিল্ডিং বা টেন্টত ওলমাই থোৱাটো বাধ্যতামূলক কৰিছে। নিশ্চয়কৈ, নিজৰ ঠাই এখনৰ লগত জড়িত কিবা চিহ্ণ লগত থাকিলে কোনোবা হাজীয়ে বাট হেৰুৱালে নিজা ঠাইৰ মানুহক আৰু থকা ঠাইখন দূৰৈৰ পৰাই চিনাক্ত কৰাত সুবিধা হব। 
 
ইছলাম ধর্ম প্রতিষ্ঠিত হৈছে পাঁচটা পিলাৰ বা স্তম্ভৰ ওপৰত। এই পাঁচটা পিলাৰ হৈছে (১) কলিমা (২) নামাজ (৩) ৰোজা (৪) জাকাত আৰু (৫) হজ্জ। আল্লাহতালাই তেওঁৰ বান্দাৰ ওপৰত ধাৰ্য কৰা হুকুম পালন কৰিবলৈ যিদৰে এজন বিশ্বাসী মুছলমানে দিনে পাচঁবাৰ নামাজ প্রতিষ্ঠা কৰে, এমাহ একেলেঠাৰিয়ে ৰোজা ৰাখে, নিজৰ জমা ধনৰ ওপৰত জাকাত দিয়ে, তেনেদৰে জীৱনত এবাৰ হজ্জলৈ যায়। 
উল্লেখনীয় এই যে, কলিমা, নামাজ আৰু ৰোজা প্ৰত্যেক মুছলমানৰ বাবে ফৰজ অৰ্থাৎ অৱস্য কর্তব্য। কিন্তু যাকাত দিয়া আৰু হজ্জলৈ যোৱাটো কেৱল আর্থিকভাৱে স্বচ্ছল ব্যক্তিৰ বাবেহে ফৰজ। স্মর্তব্য এই যে, যিসকলৰ হজলৈ যোৱাৰ সামৰ্থ নাই, তেওঁলোকে নিজ ঠাইতে কৰা প্ৰতিটো ভাল কামতেই হজ্জ কৰাৰ দৰে চোৱাব (পূণ্য) পায় আৰু দয়াৱান আল্লাহতালা তেওঁলোকৰ লগত সন্তুষ্ট হয়। নাবালক, অন্ধসকলৰ বাবে হজ্জ ফৰজ নহয়। মহিলাৰ নিজা উপার্জন নাথকিলেও স্বামীৰ উপাৰ্জনৰ টকাৰে হজ্জ কৰিব পাৰে। তাৰোপৰি নিজৰ নাথাকিলে পুত্ৰ-কন্যাৰ ধনৰেও হজ্জ হয়। সৎ উপায়েৰে অৰ্জা ধনৰেহে আল্লাহৰ ওচৰত হজ্জ কবুল হয়।  
বহুলোকে ভৱিষ্যতে হজ্জলৈ যাবলৈ আৰ্জ্জিত উপার্জন অলপ অলপ কৰি সঞ্জয় কৰি যায়। খুজি মাগি বা মাটি বিক্রি বা বন্ধকত থৈ পৰিয়ালক বিপদত পেলাই হজ্জলৈ যোৱাটো একপ্ৰকাৰ গুনাহৰ কাম। আকৌ, আনৰ ওপৰত বোজা হৈ হজ্জলৈ যোৱাটো অবাঞ্ছনীয়। আর্থিকভাৱে সমৰ্থ, কিন্তু শাৰীৰিকভাৱে অক্ষম বা অসুস্থ লোকে 'বদলা হজ্জ' কৰাব পাৰে। নিজে নগৈ আন কোনো ব্যক্তি যিয়ে নিজৰ ফৰজ হজ্জ কৰিছে, তেনে লোকক হজ্জলৈ পঠিওৱাকে কোৱা হয় 'বদলা হজ্জ"। মাথো পঠিওৱাজনে যাৱতীয় খৰচ পাতি দিব লাগিব।
 
মদীনাশ্বৰীফ
ইছলামিক কেলেণ্ডাৰৰ শেষৰটো মাহ 'জিলহজ' মাহত হজ্জ পালন কৰা হয়। প্ৰতি বছৰে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লাখ লাখ মুছলমানে আৰৱ দেশৰ পৱিত্ৰ মক্কা চহৰলৈ গৈ হজ্জ সম্পন্ন কৰে। পৱিত্ৰ মক্কা চহৰত হজ্জ কৰাৰ প্ৰথা ইছলাম ধৰ্মই পূর্ণতা পোৱাৰ আগৰে পৰাই চলি আহিছিল। অৱশ্যে তেতিয়াৰ হজ্জ আৰু আল্লাহৰ ৰছুল হজৰত মোহাম্মদ (দ:) এ শিকাই যোৱা হজ্জৰ মাজত পার্থক্য আছে। হজ্জত আল্লাহৰ হুকুম পালন কৰি আল্লাহৰ অনুগ্রহ পোৱাটোৱেই হৈছে হজ্জৰ মূখ্য আৰু একমাত্র উদ্দেশ্য।
হজ্জৰ কাম আৰম্ভ হয় এহৰাম পৰিধান কৰাৰ পৰা। এহৰাম হৈছে পৃথিৱীৰ মায়া-মোহ এৰি আল্লাহতালাৰ ওচৰলৈ যোৱাৰ এটা প্ৰতীকি অৱস্থা। তাৰোপৰি এহৰামৰ দ্বাৰা সকলো লোক সমপৰ্যায়ৰ হৈ পৰে; নাথাকে কোনো উচ্ছ-নীচ, নাথাকে কোনো জাত-পাত বা আন বিভেদ। চিলাই নথকা দুখন বগা কাপোৰ পুৰুষ হাজীসকলে এক বিশেষ নিয়মত পিন্ধিব লাগে আৰু সেয়াই হৈছে এহৰাম। এহৰাম পিন্ধি হজ্জৰ নিয়ত কৰি তালবিয়া' পঢ়িব লাগে। তালবিয়াত কোৱা হয় লাব্বাইক আল্লাহুম্মা লাব্বাইক, অর্থাৎ হে আল্লাহ মই হাজিৰ। মহিলাসকলৰ বাবে কোনো বিশেষ এহৰাম নাই। গোটেই শৰীৰ ঢকা যিকোনো কাপোৰ সাজেই মহিলাৰ বাবে এহৰাম হয়। মূৰৰ চুলি সম্পূর্ণ ঢকা হব লাগিব কিন্তু মুখমণ্ডল খোলা ৰাখিব লাগে।
হজ্জৰ প্ৰথম কৰণীয় হৈছে কাবা শ্বৰীফৰ চাৰিওফালে ঘড়ীৰ ওলোটা দিশে (anti clockwise) সাতবাৰ প্ৰদক্ষিণ কৰা হয়। ইয়াকে কোৱা হয় তোৱাফ কৰা। ইয়াৰদ্বাৰা সকলো মুছলমান এক আল্লাহৰ বান্দা হোৱাৰ পৰিচয় দিয়ে। মক্কাত থকা পৱিত্ৰ কাবা শ্বৰীফৰ সম্বন্ধে কোৰাণৰ চুৰা হজ্জ' নামৰ আয়াত নং ২৫ ত আল্লাহতালাই কৈছে, সমগ্ৰ মানৱমণ্ডলীৰ বাবে এই মছজিদ নিৰ্দ্দিষ্ট কৰি দিছো, য'ত স্থানীয় আৰু বাহিৰৰ লোকৰ বাবে সম অধিকাৰ প্ৰদান কৰিছো। ইয়াৰ পৰা বুজা যায়, পৱিত্র কাবাৰ চাৰিওফালে প্ৰদক্ষিণ কৰাটো আল্লাহে নিৰ্ধাৰণ কৰি দিছে। আল্লাহে ইয়াকো কৈছে যে, "যি ব্যক্তিয়ে আল্লাহৰদ্বাৰা নিৰ্ধাৰিত পৱিত্ৰ অনুষ্ঠানসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে আল্লাহৰ দৃষ্টিত সেয়া তেওঁৰ বাবে কল্যাণকৰ" কুৰআন ২২:৩০।  
 
অসমীয়াৰ স্বাভিমান গামোচা আঁৰি অসমীয়া হজযাত্ৰীসকল
 
তাৰ পিছত ওচৰতে থকা চাফা আৰু মাৰৱাত নামৰ দুখন পাহাৰৰ মাজত সাতবাৰ অহা-যোৱা কৰা হয়। আজিকালি অৱশ্যে পাহাৰ কাটি সমতল কৰি থোৱা হৈছে। যিয়েই নহওঁক এই সাতবাৰ দৌৰাৰ দ্বাৰা বিবি হাজেৰাই পিয়াহত আতুৰ হোৱা পুত্ৰ ইছমাইলৰ বাবে পানী বিচাৰি এখন পাহাৰৰ পৰা আন এখন পাহাৰলৈ দৌৰা কথাটো ৰোমন্থন কৰা হয়। শিশু ইছমাইলৰ ভৰিৰ গেৰুৱাৰ তলৰ পৰা ওলাই আহে পানীৰ ধাৰা। দৰাচলতে শিশুটিৰ ক্ৰন্দন শুনি আল্লাহৰ হুকুমত জিব্রাইল (আ:) এ বালিৰ ওপৰত আঘাট হানি (বহুতৰ মতে পাখীৰ দ্বাৰা) এই সু-নিৰ্মল পানীৰ ধাৰা বোৱাই দিয়ে। চাফা-মাৰৱাত সাতবাৰ অহা যোৱা কৰাৰ পিছত জমজমৰ পানী  হেঁপাহ পলুৱাই পান কৰা হয়। তাৰ পিছত এক বিশেষ নিয়মত ওমৰা কৰা হয়। জিলহজ মাহৰ ৮ তাৰিখে মিনালৈ যোৱা হয়। পিছদিনা অর্থাৎ ৯ জিলহজ তাৰিখে, দুপৰীয়া হোৱাৰ আগতে আৰাফাত মৈদানত উপস্থিত হব লাগিব। আৰাফাতত যি মুহূর্তত উপস্থিত হয়, সেই মুহুৰ্ততে ব্যক্তিগৰাকী হাজী হৈ যায়।  
তাতেই গোটেই দিন থাকি গুনাহৰ পৰা মুক্তি পোৱাৰ দোৱা আৰু সকলোৰে মঙ্গলৰ বাবে দোৱা কৰা হয়। সন্ধিয়া হোৱাৰ পিছতেই মুজদালিফালৈ আহিব লাগে৷ উন্মুক্ত আকাশৰ তলত ৰাতিটো মুজদালিফাত অৱস্থান কৰি বিশ্ৰাম লোৱা হয়। পিছদিনা অর্থাৎ ১০ জিলহজৰ দিনা মিনাত থকা জামৰাতলৈ (জামৰা মানে খুটা) আহি মটৰগুটিৰ সমান শিলগুটি দলিওৱা হয়। ইয়াক ৰমী (ৰমী মানে দলিওৱা) বুলিও কোৱা হয়। এয়া এক প্রতীকি ৰীতি। ইব্রাহীম (আ:) এ আল্লাহৰ হুকুমত পুত্ৰ ইছমাইল (আ:) ক কোৰবানীৰ বাবে লৈ অহাৰ সময়ত চয়তানে তিনি ঠাইত ফুচুলাইছিল। তাকেই ৰোমন্থন কৰি হাজীসকলে তিনিটা ঠাইত চয়তানলৈ শিলগুটি দলিয়ায়। এই সকলো ৰীতি পালন কৰাৰ পিছত হাজীসকলে মিনাত কোৰবানী দিয়ে। সেইদিনাই বকৰিদ যদিও বকৰিদৰ কোনো বিশেষ নামাজ বা উৎসৱৰ পৰিৱেশ দেখা নাযায়। কোৰবানী দিয়াৰ পিছত পুৰুষসকলে চুলি ক্ষুৰাই লয় আৰু মহিলা হাজীসকলে চুলিৰ এক ইঞ্চি আগ কটাই লয়। এই কামখিনি হৈ যোৱাৰ পিছত এহৰাম খোলা হয় আৰু নিজৰ সাধাৰণ পোছাক পৰিধান কৰি মক্কালৈ উভতি আহি 'তোৱাফ এ জিয়াৰত' অর্থাৎ সাতবাৰ পবিত্ৰ কাবা প্রদক্ষিন কৰিব লাগে। তোৱাফ কৰি পুনৰ মিনালৈ উভতি যাব লাগে। পিছদিনা অর্থাৎ ১১ জিলহজত পুনৰ ৰমী কৰা হয় আৰু ইয়াৰ লগে লগে হজ্জৰ প্ৰক্ৰিয়াৰ অন্ত পৰে।
কোৱা বাহুল্য যে, সকলোৱে যাতে কোনো বিপদত নপৰাকৈ হজৰ সকলো কাম শৃংখলাবদ্ধভাৱে ও সুচাৰুৰূপে পালন কৰি নিজ নিজ দেশলৈ উভতি যাব পাৰে তাৰ বাবে চৌদি চৰকাৰে পাৰ্যমানে সকলো ব্যৱস্থা কৰে। কিন্তু তাৰ মাজতে অনেক ঘটনাও ঘটি যায়। বহু হাজীৰ ভূল আৰু বেপেৰোৱা মনোভাৱৰ বাবেই এনে অঘটনবোৰ ঘটে বুলি ক'লে অকনো ভূল কোৱা নহ'ব। 
 
উন্মুক্ত আকাশৰ তলত নিশা হজীসকলে মুজদালিফাত অৱস্থান কৰি বিশ্ৰাম লোৱাৰ এক দৃশ্য 
 
হজ্জৰ আগতেই হওঁক অথবা পিছত, হাজীসকলে মদীনাশ্বৰীফলৈ যায়। মদীনাশ্বৰীফলৈ যোৱাটো হজ্জৰ বাবে বাধ্যতামূলক নহয় যদিও হাজীসকলে আল্লাহৰ ৰছল মোহাম্মদ (দ:)ৰ প্ৰতি মোহাব্বতৰ বাবে মদীনাশ্বৰীফলৈ ঢাপলিয়াই আহে। ইয়াতেই আছে ইছলামৰ প্ৰখ্যাত মছজিদ, 'মছজিদ এ নৱবী আৰু আছে পৱিত্ৰ ৰওজা মোৱাৰক'। অর্থাৎ‍ আল্লাহৰ ৰছুল (দ:) ৰ মোৱাৰক মাজাৰ। ইয়ালৈ আহি অতিকৈ মৰমৰ নৱীজনাক ওচৰৰ পৰা চালাম জনাই নিজৰ জীৱন ধন্য কৰে। আল্লাহতালাৰ হুকুমত অসম হজ্জ কমিটীৰ জৰিয়তে ২০০৫ চনত এই লেখিকাৰ হজ্জলৈ যোৱাৰ  সৌভাগ্য হৈছিল। সেই স্মৰণীয় যাত্ৰাৰ কিছু অনুভৱ আৰু অভিজ্ঞতা এই সুযোগতে জনাব বিচাৰিছো। 
 
 চাফা আৰু মাৰৱাত নামৰ দুখন পাহাৰৰ মাজত হজীসকলে অহা-যোৱা কৰা এক দৃশ্য
 
ৰাজ্যিক হজ কমিটিৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আগবঢ়োৱা সা-সুবিধাবোৰ দেখি অভিভূত হৈ পৰিছিলো। আল্লাহৰ ওচৰত সকলোৰে বাবে দোৱা কৰিছিলো আৰু পৱিত্ৰ মক্কা শ্বৰীফত সকলোৰে বাবে দোৱা কৰিম বুলি মনে মনে ঠিক কৰিছিলো। আল্লাহৰ ৰছুল (দ:) এ কৈছিল, "ওমৰা আৰু হজ্জ কৰা জন আল্লাহৰ  আলহী; তেওঁ যি দোৱা কৰে আল্লাহে সেয়া কবুল কৰে, তেওঁ যি বিচাৰে আল্লাহে সেয়া দিয়ে।"
 
হজীসকলে মিনাত থকা জামৰাতলৈ (জামৰা মানে খুটা) আহি মটৰগুটিৰ সমান শিলগুটি দলিওৱা এক দৃশ্য
 
যেহেতু ফৰজ হজ্জ মাথো এবাৰেই হয়, সেয়ে প্ৰথমবাৰতেই ভালদৰে কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। তোৱাফৰ আৰু আন মাকামত প্রয়োজনীয় হোৱা দোৱাৰ ওপৰিও হজ্জৰ কৰণীয়খিনি নোটবুকত আগতিয়াকৈ লিখি লব লাগে। দীঘলীয়া বাট খোজ কাঢ়িবলৈ নিজকে অভ্যস্ত কৰিবলৈ বহু আগৰ পৰা অনুশীলন কৰিব লাগে। মহিলাসকলে জামাতত নামাজ পঢ়াৰ নিয়ম শিকি লোৱাটো বাঞ্ছনীয়। অনথ্যাই হেৰেমশ্বৰীফত নামাজ পঢ়িবলৈ লওঁতে বিপাঙত পৰিব লাগিব।
 
সু-নিৰ্মল পানীৰ জমজম কুঁৱা
 
প্রত্যেকবাৰে হজ্জযাত্ৰীসকলক সহায় কৰিবলৈ 'খাদেমাতুল হুজ্জাজ' বা হাজীৰ সেৱক হিচাবে চৰকাৰী খৰচত বহুকেইজনক মক্কালৈ পঠিয়ায়। কিন্তু দুখৰ কথা এই যে, এই সকলৰ পৰা সহায় পোৱাটো দূৰৰে কথা বহুতেই এই সেৱকসকলক দেখাকে নাপায়। আশাকৰোঁ এই দিশটোৰ প্ৰতি অসম হজ কমিটীয়ে ধ্যান দিব আৰু ইয়াৰ এটা ব্যৱস্থা লব। নহলে অবাবত টকা খৰচ হৈ থাকিব আৰু অসমৰ হাজীসকলে হাৰাশাস্তি ভোগ কৰি থাকিব লাগিব। দেখা যায় যে, মহিলাসকলে মীনাত পৰিষ্কাৰ টয়লেট বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। ইয়াৰ বাবে এক উপযুক্ত ব্যৱস্থা লয় যেন।
 
হজ্জলৈ যাওঁতে আনৰ লগত আমাৰ ব্যৱহাৰপাতি মাৰ্জিত হোৱা উচিত। আমি মনত ৰখা উচিত, আমি এখন দেশক প্ৰতিনিধিত্ব কৰিছো। আমি যেন নিজৰ দেশখনৰ একো একোজন 'ব্রেণ্ড এম্বচেদৰ তেনে ভাৱত থকাটো উচিত। আমাৰ প্ৰতিটো আচৰণে আমাৰ দেশখনৰ ছবি দাঙি ধৰে। আকৌ, এক মুহূৰ্ত্তৰ বাবেও পাহৰিব নালাগিব যে, আমি “আল্লাহৰ সন্মানীয় অতিথি” হিচাবে হজ্জলৈ আহিছো। সেয়ে সকলো সময়তে আমাৰ আচৰণ হব লাগিব মার্জিত, নম্ৰ আৰু ভদ্র।
 
(লেখিকা এগৰাকী শ্বিলং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা)