আজি গণতন্ত্ৰৰ দিনঃ গণতান্ত্ৰিক বিশ্বৰ নেতৃত্বত মহামানৱৰ দেশ

Story by  atv | Posted by  [email protected] • 7 Months ago
ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ দৃশ্য
ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ দৃশ্য
 
মনজিৎ কলিতা
 
বিশ্বই ৰাজতন্ত্ৰকে উৎকৃষ্ট শাসন প্ৰণালী হিচাপে গণ্য কৰাৰ সময়তে ভাৰতবৰিষত গণতন্ত্ৰই গজালি মেলিছিল৷ প্লেটো অথবা এৰিষ্ট’টলে ৰাজ্য পৰিচালনাত জনপ্ৰতিনিধিত্বৰ সুফল ব্যাখ্যা কৰাৰো বহু পূৰ্বেই অবিভক্ত ভাৰতভূমিত গণতন্ত্ৰৰ বীজ সিঁচিছিল লিচ্চৱী বংশই৷ ইতিহাসসিদ্ধ ব্যাখ্যা অনুসৰি লিচ্চৱী বংশৰ পৃষ্ঠপোষকতাত খ্ৰীষ্টজন্মৰো আগতে বিহাৰ আৰু নেপালৰ বৃহত্তৰ অংশত আৰম্ভ হৈছিল গণতান্ত্ৰিক শাসন৷ প্ৰাচীন সভ্যতাৰ আৰম্ভণিৰো পূৰ্বে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ইক্ষৱাকু বংশই প্ৰতিষ্ঠা কৰা লিচ্চৱীসকলে গংগা নৈৰ দাঁতিৰ বৈশালীত ৰাজধানী স্থাপন কৰিছিল৷ ইক্ষৱাকুৰ পুত্ৰ মনুৰ শাসনকাল আছিল সম্পূৰ্ণ আধুনিক গণতন্ত্ৰৰ তৰহৰ৷ সমিতি আৰু গণ- এই দুই নীতিৰ আধাৰত তেওঁলোকে বৃহৎ ভূখণ্ডত শাসন চলাইছিল৷ 
 
 
আনকি সামৰিক বাহিনীও গণতান্ত্ৰিক মতৰ আধাৰতে পৰিচানা কৰা হৈছিল৷ ঐতিহাসিক বিৱৰণ অনুসৰিয়েই ভাৰতত গণতন্ত্ৰৰ পৃষ্ঠপোষক হৈছে লিচ্চৱী বংশ৷ এই বিশাল ভূখণ্ডত জনতাৰ শাসনৰ আৰ্হি প্ৰতিষ্ঠা কৰাৰ কৃতিত্বও সেই প্ৰাচীন ৰাজবংশৰে৷
 
লিচ্চৱী বংশৰ শাসন পদ্ধতিৰ অন্যতম স্তম্ভ সমিতিত তাহানিতে অন্তৰ্ভুক্ত কৰা হৈছিল এদল অসামৰিক লোকক৷ তেওঁলোকে নীতিৰ বিষয়ে আলোচনা কৰিছিল৷ সিদ্ধান্ত লোৱাৰো কৰ্তৃত্ব আছিল সমিতিৰ৷ কিন্তু এই সিদ্ধান্ত বলৱতৰ বাবে আন এক স্তম্ভ গণৰ সদস্যক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল৷ আধুনিক গণতন্ত্ৰৰ সদনৰ আৰ্হিৰে তেওঁলোকে ৰাজ্য পৰিচালনা কৰিছিল৷
 
ব্ৰিটিছ শাসনৰ সময়ৰ দৃশ্য
 
কালক্ৰমত লিচ্চৱী বংশৰ অন্ত পৰাৰ পিছত পাশ্চাত্যৰ এদল দাৰ্শনিকে আৰম্ভ কৰিছিল গণতন্ত্ৰকামী চৰ্চা৷ নৱজাগৰণৰ পিছত দেশে দেশে গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত ৰাষ্ট্ৰসংঘয়ো কাৰ্যতঃ লিচ্চৱীসকলৰ নীতিকে বৈধতা প্ৰদান কৰিলে৷ ২০০৭ চনত সৰ্বোচ্চ গোলকীয় সংস্থাটোৱে ঘোষণা কৰিলে গণতন্ত্ৰৰ সফলতা উদযাপনৰ অৰ্থে বিশেষ দিৱস পালনৰ সিদ্ধান্ত৷ সেই অনুসৰি প্ৰতিবছৰৰ ২০০৮ চনৰ পৰা ১৫ ছেপ্টেম্বৰত উদযাপিত হৈ আহিছে আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস৷
 
ৰাষ্ট্ৰসংঘই গণতন্ত্ৰ দিৱসৰ ঘোষণা কৰাৰ সময়ত পত্ৰ-পুষ্পে বিকশিত হৈ পৰিছে ভাৰতীয় গণৰাজ্য৷ প্ৰাচীনকালত লিচ্চৱীসকলে আৰম্ভ কৰা নীতিকে সাৰোগত কৰি জনতাই প্ৰতিনিয়ত স্যবস্ত কৰিছে সংবিধানপ্ৰদত্ত অধিকাৰ৷ 
 
সৰ্বোচ্চসংখ্যক লোকক প্ৰতিনিধিত্ব কৰা বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰততো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত অনুসৰি পালিত হৈছে বিশেষ দিনটো৷ গণতন্ত্ৰৰ নীতি আৰু আদৰ্শ প্ৰচাৰৰ অভিপ্ৰায়েৰে পালিত এই দিৱসৰ গণতন্ত্ৰ মাতৃ ভাৰতবৰ্ষৰ বাবে তাৎপৰ্যপূৰ্ণ ৷
 
ইণ্ডিয়া গেটৰ চৌহদৰ দৃশ্য
 
ভৱিষ্যতৰ সংকটৰে মোকাবিলাৰ বাবে গণতান্ত্ৰিক প্ৰমূল্যৰ সবলীকৰণৰ শ্ল’গানেৰে উদযাপিত আন্তৰ্জাতিক গণতন্ত্ৰ দিৱসৰ গোলকীয় প্ৰেক্ষাপটতো সুকীয়া মৰ্যাদা আছে৷ প্ৰধানতঃ মানৱাধিকাৰৰ সুৰক্ষা, স্বাধীনতা আৰু গণতান্ত্ৰিক নীতিৰ ৰক্ষনাবেক্ষণৰ মূলমন্ত্ৰৰে বিশ্বজুৰি প্ৰতিবছৰে এই দিৱস পালিত হৈ আহিছে৷ 
 
কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত গোলকীয় কূটনীতিয়ে জটিল ৰূপ পৰিগ্ৰহ কৰাৰ ফলশ্ৰুতিত এই উপলক্ষৰ গুৰুত্ব বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে আন্তৰ্জাতিক পটভূমিত বৃদ্ধি হৈছে ভাৰতৰ ওজন৷ কিয়নো নানা জটিলতা মাজতো ভাৰতে বাহাল ৰখা গণতান্ত্ৰিক নীতি সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ মধ্যবিন্দুস্বৰূপ৷ গণতন্ত্ৰৰ মাতৃ হিচাপে বিশ্বই স্বীকৃতি প্ৰদান কৰা ভাৰত বিগত সময়ছোৱাত একাধিক অগ্নিপৰীক্ষাৰো সন্মুখীন হৈছিল৷ পিছে সকলো বিঘিনি কেৱল গণৰাজ্যৰ শক্তিৰেই প্ৰতিহত কৰিবলৈ ভাৰত সক্ষম হৈছে৷ একনায়কত্বই বিশ্বৰ বৃহৎ অংশ অশান্ত কৰি তোলাৰ সময়ত একমাত্ৰ ভাৰতেই গণতন্ত্ৰৰ সপক্ষে গোলকীয় প্ৰেক্ষাপটত যুক্তি প্ৰদৰ্শন কৰিছে৷ দেশৰ ১৪০ কোটিৰো অধিক লোকক প্ৰতিনিধিত্ব কৰি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত নেতাই জনতাৰ মতৰ ভিত্তিতে ৰূপায়ণ কৰিছে ভৱিষ্যমুখী নীতি ৷
 
ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ দৃশ্য
 
তদুপৰি ঔপনিৱেশিক শানৰ পৰা মুক্তি লাভৰ পিছতে ভাৰতত প্ৰতিষ্ঠিত গণতন্ত্ৰ হৈছে সমগ্ৰ বিশ্বৰ বাবে আশ্বৰ্যৰ বিষয়৷ আৰক্ষী, জনতা, ৰাজনৈতিক নেতা আৰু সংবাদ মাধ্যমক মূল খুঁটি কৰি ভাৰতে যিদৰে গণতান্ত্ৰিক প্ৰমূল্যবোধক সুৰক্ষিত কৰি ৰাখিছে তাৰ সুফল সমগ্ৰ বিশ্বই লাভ কৰিছে৷ আশ্বৰ্যজনকভাৱে সংখ্যাগৰিষ্ঠৰ মতৰ ভিত্তিত প্ৰতিষ্ঠিত হ’লেও ভাৰতীয় গণতন্ত্ৰই সদায় সংখ্যালঘুৰ অধিকাৰ সুৰক্ষাও নিশ্চিত কৰিছে৷ ভোটৰ অংকই কেতিয়াও গণতন্ত্ৰ ভেটী হ’ব নোৱাৰে, সুস্থ গণতন্ত্ৰৰ সবল ভিত্তি হৈছে জনতাৰ সামগ্ৰিক স্বাৰ্থৰ সুৰক্ষা- এই নীতিৰ আধাৰতে ভাৰতবৰ্ষ পৰিচালিত বুলি মানি লৈছে বিশ্বই৷
 
শান্তি কাহানিও অকলশৰীয়া নহয়, ন্যায় অবিহনে শান্তি স্থাপন অসম্ভৱ৷ স্বচ্ছতা অবিহনে ন্যায় আৰু উন্নয়ন অবিহনে স্বচ্ছতা একপ্ৰকাৰৰ বাতুলতা৷ কিন্তু এই সকলোবোৰ গণতন্ত্ৰ অবিহনে অসাৰ৷ কেউটা স্তম্ভৰ যুগলবন্দীৰ জৰিয়তেহে গণতান্ত্ৰিক বিকাশ সম্ভৱপৰ৷ মনীষী অব্ৰাহাম লিংকনৰ বিৱৰণ অনুসৰিয়েই কেৱল জনতাই হৈছে গণতন্ত্ৰৰ মূধচৰ খুঁটা৷ জনতাৰ বাবে শান্তি, ন্যায়, উন্নয়ন তথা স্বচ্ছতাৰ সমন্বয়েৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ জৰিয়তেই মুকলি হ’ব ভৱিষ্যমুখী সমাজৰ দ্বাৰ৷
 
সমগ্ৰ বিশ্বই গণতন্ত্ৰকে উৎকৃষ্ট মানৱীয় কল্যাণৰ পথ বুলি মানি লোৱাৰ সময়তো বৃহত্তৰ অংশত একনায়কত্ব বাহাল আছে৷ কিন্তু গোলকীয় প্ৰেক্ষাপটত গণতন্ত্ৰৰ দূতৰ ভূমিকাতো অৱৰ্তীণ হৈছে ভাৰত৷ একমাত্ৰ শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যই দেশৰ নেতৃত্বক এই সুযোগ প্ৰদান কৰিছে৷ অনাহূত ৰক্তক্ষয়ে বিশ্বক সময়ে সময়ে জুৰুলা কৰাৰ পৰতো ভাৰতে আহ্বান কৰিছে শান্তিৰ৷ একমাত্ৰ সুস্থ গণতান্ত্ৰিক প্ৰমূল্যৰ জৰিয়তে ভাৰতবৰিষে যেন আহৰণ কৰিছে সৰ্বাধিনায়ক হোৱাৰ শক্তি৷
 
এই ধৰণৰ উপলক্ষ সাম্প্ৰতিক প্ৰেক্ষাপটত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ বাবেও তাৎপৰ্যপূৰ্ণ৷ মহামানৱ মহাত্মা গান্ধীৰ দেশে সৰ্বস্তৰৰ জনতাৰ মতামতৰ ভিত্তিত নীতি ৰূপায়ণ কৰাৰ লগতে বৰ্তমান নেতৃত্ব প্ৰদান কৰিছে গণতান্ত্ৰিক বিশ্বক৷ যথাৰ্থতে এই উপলক্ষ হৈছে ভাৰতীয় হোৱাৰ গৌৰৱ উদযাপনৰো মাহেন্দ্ৰক্ষণ৷
 
"এই লিখনিটো আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰকাশ কৰা হৈছে।"
 
(লেখক এগৰাকী নিবন্ধকাৰ আৰু ব্ল’গাৰ)