প্ৰতিষ্ঠিত হওক 'ৰাম ৰাজ্য'

Story by  atv | Posted by  [email protected] • 6 Months ago
প্ৰতিষ্ঠিত হওক 'ৰাম ৰাজ্য'
প্ৰতিষ্ঠিত হওক 'ৰাম ৰাজ্য'
 
 আফজাল হুছেইন
 
ভাৰতবৰ্ষত জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলোৰে অন্তৰত ৰামৰ আসন আছে। ভাৰতৰ বাহিৰতো বিশ্বৰ বিভিন্ন দেশত বিভিন্ন সময়ত ৰামচন্দ্ৰৰ বিষয়ে আলোচিত হৈ আহিছে। সমগ্র বিশ্বতে শ্ৰীৰামচন্দ্ৰৰ কাহিনী পৰিব্যাপ্ত হৈ আছে। জাভাৰ জনসাধাৰণে বিষ্ণুৰ অৱতাৰ ভগৱান ৰামক বিদেশী বুলি নাভাবে। তেওঁলোকে জাভাতে ৰামৰ জন্ম হৈছিল বুলি বিশ্বাস কৰে। থাইলেণ্ডৰ সম্ৰাটৰ উপাধি ৰাম। প্রাচীন ৰাজধানীৰ নাম অযোধ্যা, বিভিন্ন দোকান, ৰাস্তা আৰু হোটেলৰ ৰামায়ণভিত্তিক নাম। সাহিত্য-নাটকত থকা ৰামৰ বিষয়বস্তুৰ গ্ৰহণযোগ্যতাৰ পৰা স্পষ্ট যে ৰামকথা থাই সংস্কৃতিত এটি সজীৱ তথা গ্রহণীয় বর্ণনা।
 
মুছলিম ৰাষ্ট্র ইণ্ডোনেছিয়াতো ৰামৰ সংস্কৃতি বিদ্যমান। ইণ্ডোনেছিয়াত ৰামায়ণৰ উৎসৱ যিদৰে পালন কৰা হয়, সিমান উৎসাহ আৰু উদ্দীপনাৰে আমাৰ দেশতো পালন কৰা নহয়। তেওঁলোকৰ দেশতেই ৰামায়ণৰ জন্ম বা উৎপত্তি হোৱা বুলি সেই দেশৰ মানুহৰ দৃঢ় বিশ্বাস আছে। ভাৰতবৰ্ষই তেওঁলোকৰ দেশৰ পৰা ধাৰ কৰি আনিছে বুলি তেওঁলোকে বিশ্বাস কৰে। ইণ্ডোনেছিয়াৰ লোক ইছলামধর্মী হ'লেও তেওঁলোকে বিশ্বাস কৰে যে ইছলাম তেওঁলোকৰ ধর্ম, কিন্তু ৰামায়ণ তেওঁলোকৰ সংস্কৃতি। স্বাধীনতা লাভ কৰাৰ পিচত ইণ্ডোনেছিয়াৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নাম আছিল সুকর্ণ। তেখেতৰ জীয়েকৰ নাম হ'ল মেঘাৱতী। আজি কিছু বছৰ আগতে অৱসৰ গ্ৰহণ কৰা তেওঁলোকৰ ৰাষ্ট্ৰপতিজনৰ নাম আছিল ছুহাৰ্টো। অথচ এওঁলোক আটায়ে হ'ল ইছলামধর্মী লোক। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
মালয়েছিয়া এখন ইছলামধর্মী ৰাষ্ট্র। কিন্তু ৰামকথাৰ ব্যতিৰেকে সেই দেশৰ জনগণৰ কোনো কাম পূর্ণ নহয়। বাদশ্বাহৰ অন্যতম উপাধি হ'ল শ্রীপাদুকা। যাৰ অৰ্থ হ'ল ভৰতে যেনেকৈ ৰামৰ প্রতিনিধি হিচাপে অযোধ্যাৰ কাৰ্য পৰিচালনা কৰিছিল, অনুৰূপভাৱে মালয়েছিয়াৰ চুলতানো ৰামৰ প্রতিনিধি। ইণ্ডোনেছিয়াসহ এইসমূহ দেশত প্রথাসিদ্ধভাৱে ৰামায়ণ পাঠ কৰা হয় আৰু সেইটো কোনো ধর্মবিশেষৰ কাৰণে নির্দিষ্ট নহয়। বালিদ্বীপত খ্রীষ্টান পণ্ডিতে খ্রীষ্টিয় মন্ত্ৰৰ লগত ৰামায়ণো পাঠ কৰে। মালয়েছিয়াৰ মুছলমানসকলৰ বিয়াৰ অনুষ্ঠানত ৰামায়ণৰ কোনো দৃশ্যৰ অৱতাৰণা ব্যতিৰেকে বিয়াৰ আচাৰ পূৰ্ণ বুলি ধৰা নহয়। (বিষ্ণু প্রভাকৰ, নওনিয়ত হিন্দী ডাইজেষ্ট (জুন, ১৯৬৮), ৮৫-৮৬ পৃষ্ঠা)। 
 
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অন্তৰালত ৰাজনৈতিক উদ্দেশ্য যে নিহিত হৈ আছে এইটো ধুৰুপ। মনত ৰখা দৰকাৰ যে একমাত্র অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শ্ল'গানেৰেই বিজেপিয়ে ভাৰতবৰ্ষত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল। ১৯৮৪ চনত লোকসভা নির্বাচনত বিজেপিয়ে মাত্র দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। কেৱল ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ প্রতিশ্রুতিৰে হিন্দু জনগণৰ মাজত এক ধর্মীয় আবেগৰ সৃষ্টি কৰি ১৯৮৯ চনত ৮৫ খন আৰু পৰৱৰ্তী ১৯৯১ চনত লোকসভা নির্বাচনত ১২০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে এইবেলিও অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰে 'অব কি বাৰ চাৰশ পাৰ' শ্ল'গানেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ জোৰদাৰ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। সেয়ে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ আগে আগে আধৰুৱা ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰি সমগ্র ভাৰতবৰ্ষত এটা ৰামময় পৰিবেশৰ সৃষ্টি কৰিব বিচৰা হৈছে, যাতে এনে পৰিবেশৰ যোগেদি নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ সহজসাধ্য হয়।
 
ইণ্ডোনেছিয়াত ৰামায়ন পৰিৱেশন
 
ভাৰতবৰ্ষত বর্তমান ২০ শতাংশ লোকে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত ককবকাই জীৱন নির্বাহ কৰিবলগীয়া হৈছে। প্রতি পাঁচজন ভাৰতীয়ৰ ভিতৰত এজনৰ প্ৰতিদিনৰ ব্যয়ৰ পৰিমাণ ১৬০ টকাতকৈয়ো কম। দেশত আর্থিক বৃদ্ধিৰ হাৰ বৃদ্ধি পালেও জনসংখ্যাৰ এক পঞ্চমাংশ লোক আজিও ক্ষুধা নিবাৰণৰ বাবে এমুঠি অন্ন, আশ্ৰয়ৰ বাবে এটা গৃহ, লজ্জা নিবাৰণৰ বাবে এখন বস্তুৰ অভাৱত ভুগি আছে। হাতৰ আঙুলিত গণিব পৰা এমুঠি লোকৰ হাতত দেশৰ সম্পদৰাজি পুঞ্জীভূত হৈছে। 
 
চৰকাৰী খণ্ডসমূহ লাহে লাহে পুঁজিপতিৰ অধীনলৈ গমন কৰাত নিয়োগৰ ক্ষেত্র দৈনিক হ্রাস পাব ধৰিছে। আদানি-আম্বানিৰ দৰে লোকৰ আয়ৰ বৃদ্ধিৰ গতি জেট বিমানসদৃশ হৈছে। বৃদ্ধি হৈছে তেওঁলোকৰ ভোগ ব্যয়, হ্রাস পাইছে দৰিদ্ৰ লোককে ধৰি তলৰ মানুহৰ আয় আৰু ব্যয় ক্ষমতা। মধ্যবিত্ত শ্ৰেণীৰ লোকেই জীয়াই থাকিবলৈ যাওঁতে চকুৰে সৰিয়হৰ ফুল দেখিছে। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। দেশৰ নিবনুৱাৰ ছবিখন ভয়াৱহ হৈ পৰিছে। বিকাশৰ নামত ঋণৰ বোজা দিনে দিনে বৃদ্ধি পাব ধৰিছে। মোডী ক্ষমতালৈ অহাৰ পূর্বে অর্থাৎ ২০১৪ চনত ভাৰতৰ মুঠ ঋণ আছিল ৫৫ লাখ কোটি টকা। বিগত দহ বছৰত এই ঋণৰ পৰিমাণ বৃদ্ধি হৈ হৈছে ২০৫ লাখ কোটি টকা। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
নিৰ্বাচনৰ (লোকসভা) আগমুহূৰ্তত ৰাম মন্দিৰৰ ইছ্যুটো এনেকুৱা 'হিট' কৰা হৈছে যে ৰাম মন্দিৰ ইছ্যুৰ গদাৰ কোবত বাকী সকলো সমস্যাই পলাই পত্রং দিছে। ঋণগ্রস্ততা, আর্থিক দুৰৱস্থা, নিবনুৱা সমস্যা, দুর্নীতি, ভ্রষ্টাচাৰ এই সকলো এতিয়া তল পৰিছে।
 
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এঘাৰদিনীয়া কঠোৰ ব্রত পালন কৰিছিল। এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ লগতে সকলোৰে মনত ৰামৰ আদৰ্শ স্থাপিত হওক। কিয়নো ধনুৰ্ধৰ ৰাম আর্য-ক্ষত্রিয়সকলৰ এজন আছিল। ৰামে কেৱল অস্ত্রশক্তিৰে অনাৰ্যসকলক পৰাভূত কৰা নাছিল। মৈত্রিত্বৰ দ্বাৰা তেওঁলোকক আপোন কৰি লৈছিল। শত্রুক তেওঁ মিত্রৰূপে জয় কৰিছিল। গুহক, সুগ্রীৱ, হনুমান, জটায়ু, বিভীষণ- এওঁলোক প্রত্যেকেই আছিল অনার্য। পৰম মিত্ৰ হিচাপে ৰামচন্দ্ৰই এওঁলোকৰ অন্তৰ জয় কৰিছিল। এওঁলোকক এনেকুৱা ব্যবহাৰ কৰা হৈছিল, যাৰ ফলত এওঁলোকে শ্ৰীৰামচন্দ্রক 'প্রভু' হিচাপে মানি লৈছিল। সীতাক হৰণকাৰী ৰামৰ প্ৰধান শত্ৰু ৰাৱণক পৰাজিত কৰিও ৰামচন্দ্ৰই তেওঁৰ পৰা ৰাজনীতি জ্ঞানৰ উপদেশ বিচাৰিছিল। আনকি লংকেশ্বৰক হত্যা কৰিও তেওঁৰ ৰাজ্য দখল নকৰি সৰু ভায়েকক ৰাজ্য ঘূৰাই দিছিল। ইয়াতে শ্ৰীৰামচন্দ্ৰই প্রেম আৰু ত্যাগৰ উদাহৰণ দাঙি ধৰিছে। 
 
সেয়ে ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ জৰিয়তে ভাৰততো 'ৰাম ৰাজ্য' প্রতিষ্ঠা হওক। এনে এখন 'ৰাম ৰাজ্য' প্রতিষ্ঠা হওক, য'ত জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলোৱে ন্যায় পাওক। 'ভগৱান ৰাম' যাতে 'ৰাজনৈতিক ৰামলৈ ৰূপান্তৰ নহয়, তাৰ বাবে' সকলোৱে সজাগ হ'ব লাগিব।
 
(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক হাব্ৰাঘাট কলেজ, কৃষ্ণাই, গোৱালপাৰা)