ইজৰাইল-পেলেষ্টাইন সম্পৰ্কে আমাৰ সৰলীকৃত ধাৰণা আৰু সত্যতা

Story by  Sazzad Hussain | Posted by  Munni Begum • 6 Months ago
ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ
ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ
 
  ছাজ্জাদ হুছেইন 
 
ইজৰাইল-পেলেষ্টাইন সমস্যাটো ইছলাম-ইহুদী ধৰ্মীয় বিবাদ নহয়। ২য় বিশ্ব যুদ্ধত নাজী জাৰ্মানীৰদ্বাৰা নিগৃহিত ইউৰোপীয় ইহুদীসকলক এখন নিজা গৃহভূমি দিবলৈ বিজয়ী মিত্ৰ বাহিনীয়ে বৃটিছ অধিকৃত পেলেষ্টাইন দ্বি-বিভক্ত কৰি এফালে ইজৰাইল আৰু এফালে জৰ্ডান গঠন কৰাৰ পৰায়ে এই সংঘাতৰ সুত্ৰপাত। ঔপনিৱেশিক বৃটিছে এই কাৰ্য্য কৰোঁতে স্থানীয় আৰব বাসিন্দাৰ কোনো মতামত লোৱা নাছিল। ফলত ইছলাম, খ্ৰীষ্টান নিৰ্বিশেষে লাখ লাখ আৰব (ইয়াৰ ভিতৰত প্ৰখ্যাত চিন্তাবিদ এডৱাৰ্দ ছাঈদো আছিল) নিজ গৃহভূমিতে অঘৰী হৈছিল।
 
চুবুৰীয়া আৰব ৰাষ্ট্ৰ যেনে মিছৰ, ছিৰিয়া, লেবানন আৰু জৰ্ডানত শৰণাৰ্থী হিচাপে প্ৰৱেশ কৰা পেলেষ্টাইনী সকলেই ১৯৬৭ চনৰ পৰা (ইজৰাইলৰ বিৰুদ্ধে চুবুৰীয়া আৰব ৰাষ্ট্ৰসমূহৰ যুদ্ধত পৰাজয়ৰ পিছত) ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধ কৰি আহিছে। পেলেষ্টাইনী মুক্তি বাহিনী (PLO)ৰ উমৈহতীয়া মঞ্চৰ অধীনত মাৰ্ক্সবাদী-লেলিনবাদী, ইছলামপন্থী, খ্ৰীষ্টান, ছেকুলাৰবাদী সকলো মতবাদ আৰু ধৰ্মৰ পেলেষ্টাইনী সংগঠনে একেলগে ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰিছিল। 
 
আৰৱ-ইজৰাইলৰ যুদ্ধ
 
পেলেষ্টাইনী সশস্ত্ৰ সংগ্ৰাম আৰু ইছলামপন্থী সন্ত্ৰাসবাদ
 
পেলেষ্টাইনী প্ৰতিৰোধৰ সশস্ত্ৰ সংগ্ৰামত জড়িত সকলো সংগঠনেই মিছৰৰ ৰাষ্ট্ৰপতি জামাল নাছেৰৰ আদৰ্শত প্ৰতিষ্ঠিত ধৰ্ম-নিৰপেক্ষ আৰব জাতীয়তাবাদৰ অনুগামী। ধৰ্ম-নিৰপেক্ষ আৰব জাতীয়তাবাদ ইজৰাইলতকৈ আমেৰিকা আৰু ইয়াৰ বহতীয়া তৈল সম্পদত চহকী আৰব ৰাজতন্ত্ৰসমূহৰ বাবে বেছি চিন্তাৰ কাৰণ আছিল। নাছেৰৰ ধৰ্ম-নিৰপেক্ষ আৰব জাতীয়তাবাদে ইতিপূৰ্বেই মিছৰ, ইৰাক, লিবিয়া আদিত ৰাজতন্ত্ৰৰ পতন ঘটাই প্ৰজাতন্ত্ৰৰ সুত্ৰপাত কৰিছিল।
 
সেয়ে মিছৰৰ পূৰ্বৰ ইছলামপন্থী মুছলিম ব্ৰাদাৰহুডৰ প্ৰতিষ্ঠাপক ছৈয়দ কুতুব আৰু হাছান বান্নাৰ অনুগামীসকলক ছৌদি আৰবত আশ্ৰয় প্ৰদান কৰি আমেৰিকা আৰু ছৌদি আৰবে ১৯৬৭ চনৰ ইজৰাইলৰ বিৰুদ্ধে সন্মিলিত আৰব বাহিনীৰ পৰাজয়ৰ পিছত সৃষ্টি হোৱা হতাশা আৰু শূণ্যতা পূৰাবলৈ ছুন্নী ইছলামীয় মৌলবাদক পৃষ্ঠপোষকতা কৰিবলৈ ধৰে।
 
 আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, পিএলঅ'ৰ অধ্যক্ষ য়াছেৰ আৰাফাত আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইতজাক ৰাবিন
 
এই কট্টৰবাদী ইছলামীয় উগ্ৰবাদকেই পিছত (১৯৭৯-৮৮) আফগানিস্তানত ছোভিয়েট সেনাৰ বিৰুদ্ধে গঠন কৰা মুজাহিদীন হিচাপে আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত আল-কায়দা, আইছিছ আদি বিভিন্ন নামেৰে বিভিন্ন প্ৰান্তত প্ৰসাৰিত হৈ বিশ্বত "ইছলামীয় সন্ত্ৰাসবাদ" (Islamist terror) বুলি পৰিচিত হয়। 
 
ইয়াত মন কৰিবলগীয়া দিশটো হৈছে একে ইছলামধৰ্মী পৰিচয়ৰ বাবে উগ্ৰবাদ-সন্ত্ৰাসবাদৰ বিষয়ত একাকাৰ কৰাৰ সৰলীকৃত ধাৰণা আৰু মানসিকতা। ইজৰাইল বিৰোধী পেলেষ্টাইনী সশস্ত্ৰ প্ৰতিৰোধৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণসমূহ চলাইছিল PLPF, PLF আদি মাৰ্ক্সবাদী আৰু খ্ৰীষ্টিয়ান তথা Black September নামৰ ছেকুলাৰপন্থী পেলেষ্টাইনী সংগঠনসমূহে। তদুপৰি PLO ৰ অধীনৰ সকলোবোৰ সশস্ত্ৰ আক্ৰমণ কেৱল ইজৰাইলক লক্ষ্য কৰিহে কৰা হৈছিল। কোনো পেলেষ্টাইনী সংগঠনে আমেৰিকা, ইউৰোপ বা অন্য প্ৰান্তত কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য্য আজিলৈকে কৰা নাই।    
 
আল-আকছা মছজিদ
 
ইয়াৰ বিপৰীতে আমেৰিকা আৰু ইয়াৰ ৰাজতন্ত্ৰীক আৰব ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা আল-কায়দা, আইছিছ আদিয়ে পৃথিৱীৰ বিভিন্ন ঠাইত সন্ত্ৰাস কাৰ্য্য চলাই আহিছে। পিছে আল-কায়দা, আইছিছ আদিয়ে আজিলৈকে ইজৰাইলৰ ভূমিত ইজৰাইলী লক্ষ্যত এটাও আক্ৰমণ চলোৱা নাই! অধিকৃত পেলেষ্টাইনতো আজিলৈকে আল-কায়দা, আইছিছ আদিয়ে খোপনি পুতিব পৰা নাই।  
 
PLO ৰ মুখ্য কাৰ্য্যালয় বেইৰুটৰ পৰা উৎখাট কৰিবলৈ ১৯৮২ চনত ইজৰাইলে লেবানন আক্ৰমণ কৰিছিল। য়াছেৰ আৰাফটে PLO ৰ মুখ্য কাৰ্য্যালয় বেইৰুটৰ পৰা টিউনিছিয়ালৈ স্থানান্তৰ কৰাৰ পিছতো ইজৰাইলে দক্ষিণ লেবানন অধিকাৰ কৰি দেশখনৰ গৃহযুদ্ধত চামিল হোৱাৰ বিৰুদ্ধে প্ৰতিৰোধী বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিছিল হেজবুল্লা আৰু ইছলামীক জিহাদ নামৰ দুটা ছিয়া আৰব সংগঠনে।
 
লেবাননৰ গৃহযুদ্ধ
 
এই দুটা সংগঠনেও ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰি ২০০২ চনত ইজৰাইলক লেবানন ত্যাগ কৰিবলৈ বাধ্য কৰিছিল। পেলেষ্টাইনী সংগঠনসমূহৰ দৰেই হেজবুল্লা আৰু ইছলামীক জিহাদেও কেৱল ইজৰাইলৰ বিৰুদ্ধেহে সশস্ত্ৰ সংগ্ৰাম চলাইছিল। ইয়াৰ ভিতৰত ১৯৯২ চনত আৰ্জেন্টিনাৰ বুয়েনছ আয়ৰেছত ইছলামীক জিহাদে ইজৰাইলী দূতাবাসত চলোৱা আক্ৰমণ একমাত্ৰ তৃতীয় দেশত চলোৱা কূটাঘাত আছিল।
 
মধ্য-প্ৰাচ্যৰ সাঁথৰ 
 
অনা আৰব দেশ ইৰাণৰ পৰা আটলান্টিক উপকূল ছুই থকা আৰব ৰাজতন্ত্ৰ মৰক্কোলৈকে এই সমগ্ৰ এলেকা মধ্য-প্ৰাচ্য বুলি পশ্চিমীয়া ৰণনৈতীক সুত্ৰত কোৱা হয়। প্ৰধানকৈ ইছলামধৰ্মী এই এলেকা ইয়াৰ বিভিন্ন সাঁথৰ (paradox) সমূহৰ বাবে পৰিচিত, যিবোৰে অন্য প্ৰান্তৰ জনসাধাৰণ বা ধাৰণাসমূহ বিভ্ৰান্ত কৰি আহিছে। 
 
হেজবুল্লা সংগঠন
 
সাধাৰণতে কোৱা হয় যে আৰব জাতীয়বাদী চেতনাৰ বাবে কোনো আৰব ৰাষ্ট্ৰই ইজৰাইলক স্বীকৃতি নিদিয়ে আৰু কূটনৈতিক সম্পৰ্ক নাৰাখে। পিছে নাছেৰৰ উত্তৰসুৰী ৰাষ্ট্ৰপতি আনোৱাৰ ছাদাতৰ যোগেদি মিছৰে ১৯৭৮ চনত ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা প্ৰথম আৰব দেশ হয়।
 
ইয়াৰ পিছত জৰ্ডান, মৰক্কো আৰু ওমান আৰব ৰাষ্ট্ৰসমূহে ইজৰাইলৰে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে। তৈল সম্পৰ্কত চহকী আৰব ৰাজতন্ত্ৰসমূহে সকলো আমেৰিকাৰ মিত্ৰ হোৱা বাবে তেওঁলোকেও পেলেষ্টাইনৰ বিষয়ত মৌনতা অৱলম্বন কৰি আহিছে। বিগত দুটা বছৰত সংযুক্ত আৰব আমিৰিতন্ত্ৰী, বাহৰেইন, ছুডান আদি আৰব ৰাষ্ট্ৰসমূহেও ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে।      
 
কোৱা হয় যে মধ্য-প্ৰাচ্যৰ ইছলামীয় জগতত ছিয়া-আৰু ছুন্নী পন্থাক লৈ অতিজৰ পৰায়ে বিৰোধ আছে। এই বিৰোধ বিগত চাৰি দশকৰো অধিক কাল ধৰি এক আঞ্চলিক ৰণনৈতীক কৌশলত পৰিণত হৈছে। অঞ্চলটোত ছৌদি আৰবে ছুন্নী আৰু অনা-আৰব ৰাষ্ট্ৰ ইৰাণে ছিয়া ইছলামক প্ৰতিনিধিত্ব আৰু পৃষ্ঠপোষকতা কৰে।
 
ইজৰাইলী বাহিনীয়ে পেলেষ্টাইনৰ জলফাই গছ উৎখাত কৰাৰ এক দৃশ্য
 
লেবাননৰ গৃহযুদ্ধৰ সময়ৰ পৰাই ইৰাণৰ এই ছিয়া ইছলামৰ প্ৰভাৱ আৰব বিশ্বত পৰে। ছিৰিয়া আৰু গাদ্দাফীৰ লিবিয়াই ছিয়া ইৰাণৰ সৈতে নিকট সম্পৰ্ক স্থাপন কৰাৰ লগতে লেবাবননৰ হেজবুল্লা ইৰাণৰ প্ৰধান সহযোগী হৈ পৰে। আনহাতে PLO ৰ বিকল্প হিচাপে  ১৯৮৭ চনৰ পৰা আত্মপ্ৰকাশ কৰা ছুন্নী সংগঠন হামাসৰ সৈতে ছিয়া হেজবুল্লা আৰু ইৰাণৰ সৈতে শক্তিশালী সম্পৰ্ক আছে। 
 
অঞ্চলটোৰ বৃহৎ আৰু শক্তিশালী অনা-আৰব ছুন্নী প্ৰধান দেশ আকৌ ১৯৪৯ চনৰ পৰাই নাট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু ইজৰাইলৰ মিত্ৰ। এতিয়াৰ তুৰস্কৰ ইছলামপন্থী ৰাষ্ট্ৰপতি ৰজব তৈয়ব আৰ্দোৱানে মাজে মাজে পেলেষ্টাইনৰ সমৰ্থনত বাতৰিৰ শিৰোনাম দখল কৰে যদিও ইজৰাইলৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখে। তুৰস্কৰ আকৌ ছিয়া প্ৰধান দেশ আজাৰবাইজানৰ সৈতে গভীৰ সম্পৰ্ক। একে ছিয়াপন্থী হোৱা স্বত্বেও আজাৰবাইজানৰ ইৰাণৰ সৈতে সম্পৰ্ক ভাল নহয়। কাৰণ ইৰাণৰ আজাৰবাইজানৰ শত্ৰু ৰাষ্ট্ৰ আৰ্মেনিয়াৰ সৈতে মিত্ৰতা আছে। সেয়ে আজাৰবাইজানে নিজ দেশৰ ভূমিত ইজৰাইলক ইৰাণ বিৰোধী গুপ্তচৰ অভিযান কেন্দ্ৰ চলাবলৈ সুবিধা কৰি দিছে। ইজৰাইলী অস্ত্ৰ প্ৰয়োগ কৰিয়েই যোৱা সপ্তাহত আজাৰবাইজানে বিবাদমান নাগাৰ্ণ'-কাৰাবাখৰ পৰা আৰ্মেনিয় সকলক খেদি পঠিয়াইছে। 
 
আনহাতে তুৰস্কৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগ্ৰাম চলাই অহা ছুন্নী কুৰ্দ বিদ্ৰোহীসকল আমেৰিকা-ইজৰাইলৰ বাবে উত্তৰ ইৰাক আৰু ছিৰিয়াত ৰণনৈতীক সম্পদ (strategic asset)। কিন্তু তুৰস্কৰ বাবে কুৰ্দ বিদ্ৰোহীসকল সন্ত্ৰাসবাদী আৰু সেই দেশে প্ৰায়ে ছিৰিয়া আৰু উত্তৰ ইৰাকত তেওঁলোকৰ বিৰুদ্ধে সামৰিক অভিযান চলায়। 
 
ইজৰাইলী দূতাবাসত সন্ত্ৰাসবাদী আক্ৰমণ
 
১৯৯৩ চনত ইজৰাইল-পেলেষ্টাইনৰ মাজত স্বাক্ষৰিত ঐতিহাসিক ওছল' শান্তি চুক্তিৰ আজিৰ তিনি দশক অতিক্ৰম কৰাৰ পিছতো ইজৰাইলৰ দ্বাৰা সেনা অপসাৰণ, পেলেষ্টাইনী শৰণাৰ্থীৰ প্ৰত্যাগমণ, জেৰুজালেমক পেলেষ্টাইনৰ ৰাজধানী ঘোষণা আদি এটা স্বৰ্তও পালন নহ'ল। ওছল' শান্তি চুক্তিক তেতিয়াই বিশিষ্ট পেলেষ্টাইনী চিন্তাবিদ অধ্যাপক এডোৱাৰ্ড ছাঈদ, PLO মুখপাত্ৰ হান্নান অশ্ৰৱী, জৰ্জ হাব্বাছ আদি খ্ৰীষ্টান নেতা সকলেই আৰাফটে বেছিকৈ আপোছ কৰা বুলি বিৰোধীতা কৰিছিল।
 
পেলেষ্টাইনৰ বিষয়ত বিগত তিনিটা দশকত আৰব বিশ্বসহ সমগ্ৰ বিশ্বৰ ক্ৰমবৰ্দ্ধমান অনিহা আৰু আৰিয়েল শ্বেৰণ-নেটানয়্যাহুৰ দৰে সোঁ-পন্থী নেতাৰ আক্ৰমণাত্মক নীতিৰ বাবে ইজৰাইলী অভিবাসীৰ পেলেষ্টাইনী ভূমি দখল, ঘৰ দখল আৰু ধ্বংস, জলফাই খেতি নষ্ট আৰু আল আকছা মছজিদত আন্তৰাষ্ট্ৰীয় বিধি উলংঘা কৰি সঘনাই প্ৰৱেশ কৰা আদিৰে প্ৰতিদিনে নিৰৱচ্ছিন্ন অশান্তিৰ সৃষ্টি কৰি আহিছে আৰু এইবোৰৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ অমনোযোগিতাৰ বাবেই হামাসে এতিয়া এনে আক্ৰমণ কৰিছে।
 
(লেখক এজন স্তম্ভলেখক তথা উত্তৰ লখিমপুৰৰ লখিমপুৰ কমাৰ্চ কলেজৰ ইংৰাজীৰ শিক্ষক)