ভাৰতবাসীয়ে এইবাৰ দেশৰ উন্নতিৰ বাবে ভোটদান কৰি সাম্প্ৰদায়িক ভাৰতৰ ধাৰণাক নাকচ কৰিলেঃ চৈয়দ মহম্মদ আশ্ৰফ

Story by  atv | Posted by  [email protected] • 1 Months ago
চৈয়দ মহম্মদ আশ্ৰাফ কিচৌচহৱী
চৈয়দ মহম্মদ আশ্ৰাফ কিচৌচহৱী
 
ৰীতা ফাৰহাট মুকান্দ
 
চৈয়দ মহম্মদ আশ্ৰাফ কিচৌচহৱী (Syed Mohammad Ashraf Kichhouchhwi) হৈছে ইৰাণৰ চেমনানীসকলৰ বংশধৰ। তেওঁলোকক হজৰত মহম্মদৰ প্ৰত্যক্ষ বংশধৰ বুলি কোৱা হয়। চৈয়দ মহম্মদ আশ্ৰাফ ভাৰতীয় বেচৰকাৰী সংস্থা অল ইণ্ডিয়া উলামা মাছাইখ ব'ৰ্ড (AIUMB)ৰ প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় সভাপতিৰ আসনতো অধিষ্ঠিত হৈ আছে। ইছলামত শান্তিৰ বাৰ্তা প্ৰচাৰ কৰা আৰু দেশত শান্তি-সম্প্ৰীতি সু-নিশ্চিত কৰাটোৱেই হৈছে AIUMBৰ মূল লক্ষ্য।
 
বিভিন্ন কাৰণত বহুতে "তীব্ৰ উত্তেজনাপূৰ্ণ ৰাজনৈতিক থ্ৰিলাৰ" বুলি অভিহিত কৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কিছু চিন্তা ব্যক্ত কৰে। আৱাজ-দ্য-ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। AIUMB ৰ প্ৰতিষ্ঠাপক হিচাপে তেওঁ দেশৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু ভাল কামৰ প্ৰতি তেওঁ সদায় উৎসৰ্গিত।
 
তেওঁৰ এটা উল্লেখযোগ্য পদক্ষেপ হৈছে গাজাত খাদ্যৰ পেকেট বিতৰণ কৰা। গাজাৰ ধ্বংসাৱশেষৰ মাজতো AIUMB-এ চলোৱা খাদ্য বিতৰণ পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।
 
প্ৰশ্নঃ AIUMB ৰ প্ৰতিষ্ঠাপক হিচাপে দেশৰ উন্নয়নত আপোনাৰ আপোনাৰ ডাঙৰ ভূমিকা আছে। আপুনি ভাল কামত নিজকে বিলীন কৰি দিয়ে। বিশেষকৈ গাজাত ছিন্নভিন্ন ধ্বংসাৱশেষৰ মাজত AIUMB-এ খাদ্যৰ পেকেট বিতৰণ কৰা মহান কামে আমাক চুই গৈছে। আমি আপোনাক এই কামৰ বাবে প্ৰশংসা কৰিছো।
 
চৈয়দ মহম্মদ আশ্ৰাফ কিচৌচহৱীক প্ৰধানমন্ত্ৰী মোদীয়ে সম্বৰ্ধনা জনোৱা মুহূৰ্তত
 
আজি আমি আপোনাৰ সৈতে সদ্য সমাপ্ত লোকসভা ২০২৪ নিৰ্বাচনৰ বিষয়ে কিছু কথা পাতিব পাৰিমনে? মানুহে কৈছে যে ই আন নিৰ্বাচনতকৈ কিছু পৃথক আছিল, আপুনি কি ভাবে?
 
উত্তৰঃ মোৰ মতে নিৰ্বাচনে হিন্দু-মুছলমানৰ বিভাজনক অতিক্ৰম কৰিলে, সমগ্ৰ দেশৰ ভোটাৰসকলে নিজৰ মূল্যায়ন, বিষয়, আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি নিজৰ প্ৰাৰ্থী বাছনি কৰিছে। ভোট দিওঁতে কোনেও ধৰ্মৰ কথা ভবা নাছিল। দলিত, আদিবাসী, মুছলমান, শিখ, খ্ৰীষ্টান, হিন্দু আদিয়ে ভাৰতৰ উন্নতিৰ বাবে ভোটদান কৰি সাম্প্ৰদায়িক ভাৰতৰ ধাৰণাক নাকচ কৰাটো আমোদজনক দিশ আছিল। মই ক'ম যে এইবাৰৰ নিৰ্বাচন কোনো প্ৰকাৰে ধৰ্মৰ ভিত্তিত মেৰুকৃত হোৱা নাছিল; বৰঞ্চ ঐক্যবদ্ধ ভাৰতৰ ধাৰণাটোৰ সকলোৱে সমূহীয়াভাৱে সমৰ্থন কৰিছে।
 
প্ৰশ্নঃ এই নিৰ্বাচনৰ বিশেষ দিশ কি কি বুলি ভাৱে আপুনি?
 
উত্তৰঃ বিগত দুটা নিৰ্বাচনত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা থকাৰ বিপৰীতে এইবাৰ দলটোৱে সংখ্যাগৰিষ্ঠতাৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে। এই ঘটনাই এইবাৰৰ নিৰ্বাচনক পৃথক কৰি তুলিছে। এতিয়া তেওঁলোকে জনতা দল-ইউনাইটেড আৰু তেলেগু দেশম পাৰ্টিৰ সৈতে চৰকাৰ গঠিন কৰিবলগীয়া হৈছে।
 
এইবাৰ বিজেপিৰ ভোটৰ অংশ পূৰ্বৰ দৰে বৃহৎ নহয়। এই নিৰ্বাচনে প্ৰকাশ কৰে যে মানুহে নিজৰ বিষয় আৰু উদ্বেগ অনুসৰি বিবেকেৰে নিজৰ পছন্দৰ দলটোক ভোট দিছিল, যিয়ে প্ৰমাণ কৰে যে ভাৰতত এক সজীৱ গণতন্ত্ৰ আছে। এই নিৰ্বাচনৰ ইতিবাচক দিশ এইটোৱেই।
মানুহে ভোট দিবলৈ ভোটকেন্দ্ৰসমূহত ভিৰ কৰিছিল আৰু এইটো এটা ভাল লক্ষণ আছিল।
 
প্ৰশ্নঃ মুছলমানে কিধৰণে ভোট দিলে বুলি আপুনি ভাবে? জনসাধাৰণৰ ধাৰণা অনুসৰি তেওঁলোকে বিজেপিৰ বিৰুদ্ধে ভোট দিলে নেকি?
 
উত্তৰঃ মুছলমানে বিজেপিক ভোট নিদিলে বুলি ক’ব নোৱাৰি। কাৰণ মোদী চৰকাৰৰ সুশাসনৰ বাবেই দলটোক ভোট দিয়া যথেষ্ট শতাংশ মুছলমান লোক আছে। চৰকাৰৰ পৰা তেওঁলোকে বিভিন্ন সা-সুবিধা লাভ কৰিছে। প্ৰতিখন চৰকাৰৰ লগত এনেকুৱাই হয়: মানুহে সেই দলটোক ভোট দিয়ে যিয়ে তেওঁলোকক নিজৰ কামেৰে সুখী কৰে। সদায় সমস্যা থাকিলেও মানুহে সাধাৰণতে চৰকাৰৰ পৰা পোৱা ইতিবাচক কথাবোৰত গুৰুত্ব দিয়ে আৰু তাৰ ওপৰত ভিত্তি কৰি ভোটদান কৰে। এই নিৰ্বাচনক লৈ মোৰ এয়াই অনুভৱ।
 
ভোটদান কৰা মুহূৰ্তত
 
প্ৰশ্নঃ নিৰ্বাচনৰ ফলাফলক লৈ মুছলমানসকলৰ কিবা বিশেষ চিন্তা আছেনে?
 
উত্তৰঃ আমি বিশ্বাস কৰোঁ যে ক্ষমতাত থকা যিকোনো দলে দেশৰ কল্যাণ আৰু উন্নয়নক অগ্ৰাধিকাৰ দিয়া উচিত। তেওঁলোকে দেশৰ বাবে কাম কৰিব লাগিব আৰু সকলোকে সাঙুৰি ল'ব লাগিব। মই কেতিয়াও কোনো দল বা চৰকাৰক সমালোচনা নকৰো। উদাহৰণস্বৰূপে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু ভাল কাম কৰিছে। বিশেষকৈ তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছে আৰু মানুহৰ বাবে কল্যাণকাৰী আঁচনিৰ ব্যৱস্থা কৰিছে।
 
কিন্তু ধৰ্মীয় মেৰুকৰণ আৰু ঘৃণামূলক ভাষণৰ দৰে সমস্যাও উদ্ভৱ হৈছিল, যিয়ে বহু ভোটাৰক ভয় খুৱাইছিল। এই ক্ৰমবৰ্ধমান বিভাজন আৰু ভয়ৰ বাবে বহু মুছলমানে নিৰাশ অনুভৱ কৰিছিল আৰু চৰকাৰৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছিল। ইয়াৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত বহু মুছলমানে বিজেপিক ভোট দিছে। উদাহৰণস্বৰূপে বিহাৰত তেওঁলোকে বিজেপিৰ লগতে নীতিশ কুমাৰক বিশ্বাস কৰিছিল।
 
শেহতীয়া নিৰ্বাচনত নীতিশ কুমাৰ আৰু বিজেপিৰ মাজত শক্তিশালী অংশীদাৰিত্বৰ বাবেই বিহাৰত আৰজেডি বেয়াকৈ পৰাস্ত হৈছিল। ইয়াৰ পৰা দেখা যায় যে মুছলমানসকলে কোনো এটা দলৰ প্ৰতি আনুগত্যশীল নহয়, বৰঞ্চ সমৃদ্ধি আৰু উন্নয়নৰ ওপৰতহে তেওঁলোকে গুৰুত্ব দিয়ে। ভাৰতীয় মুছলমানসকলে সকলোৰে বাবে শান্তি, সম্প্ৰীতি আৰু প্ৰগতি বিচাৰে আৰু ভাল কামৰ সদায় শলাগ লয়।
 
প্ৰশ্নঃ কেন্দ্র আৰু ৰাজ্য চৰকাৰে অযোধ্যাত বৃহৎ পৰিমাণৰ আন্তঃগাথনি গঢ়ি তোলাৰ পাছতো মন্দিৰ চহৰখনত বিজেপিয়ে বৃহৎ লোকচানৰ সন্মুখীন হ'ল। ইয়াক লৈ বহুতৰে মনত কৌতুহলৰ সৃষ্টি হৈছে৷ ইয়াৰ কি কাৰণ হ'ব পাৰে বুলি আপুনি ভাবে?
 
উত্তৰঃ এইটো সঁচা যে অযোধ্যাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথেষ্ট উন্নয়নমূলক কাম কৰিছিল। কিন্তু বিজেপি প্ৰাৰ্থী লাল্লু সিঙৰ সংবিধান সন্দৰ্ভত বিতৰ্কিত বক্তব্যই দলিত আৰু অ’বিচিসকলক একত্ৰিত কৰে। তেওঁলোকে মুকলিকৈ বিজেপি প্ৰাৰ্থী লাল্লু সিঙৰ বিৰোধিতা কৰে। ইয়াৰ উপৰিও অযোধ্যাত ভূমি অধিগ্ৰহণ এটা ডাঙৰ বিষয় হৈ আছিল। ই বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সৃষ্টি কৰিছিল। এই স্থানীয় সমস্যাসমূহৰ লগতে বৰ্ধিত গোষ্ঠীগত উত্তেজনাই অযোধ্যাত বিজেপিক পিছ পেলাই ৰাখে।
 
বিজয়-উল্লাসৰ মুহূৰ্তত
 
প্ৰশ্নঃ যিহেতু এই প্ৰশ্নটো বহুতৰে মনত আছে, গতিকে মই পুনৰ এবাৰ কও, “ভাৰতত অনাগত দিনত মুছলমানসকলৰ ভৱিষ্যত কি, যিকোনো চৰকাৰেই নহওক কিয়? ভাৰতত তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল বুলি অনুভৱ কৰেনে?
 
উত্তৰঃ এই নিৰ্বাচনত ভাৰতৰ জনসাধাৰণে ভাৰতৰ বাবে ভোট দি বিভাজনৰ নতুন ধাৰণাক সম্পূৰ্ণৰূপে নাকচ কৰিছে। তেওঁলোকে এক আচৰিত ধৰণেৰে ঐক্যবদ্ধ ভাৰতৰ ধাৰণাটোৰ বাবে একত্ৰিত হৈছিল। ঘৃণাৰ বিৰুদ্ধে যুদ্ধত প্ৰেম সদায় জয়ী হয়।
 
লগতে, ভাৰতত মুছলমানসকলৰ ভৱিষ্যত ইমানেই উজ্জ্বল যে আমি এটা সম্প্ৰদায় হিচাপে আমাৰ দেশখনক সদায় প্ৰেম, শান্তি, আৰু সহনশীলতাৰে ভৰা বুলি কল্পনা কৰিছোঁ। ভাৰত চুফী সন্তৰ দেশ, গতিকে ভাৰতীয় মুছলমানে কেতিয়াও ভয় নকৰে। আমি ভাৰতীয় যিয়ে দেশৰ উন্নয়ন বিচাৰে আৰু আমাৰ দেশৰ প্ৰগতিৰ বাবে আমাৰ শ্ৰেষ্ঠখিনি উজাৰি দিব বিচাৰো।
 
(ৰীতা ফাৰহাট মুকান্দ এগৰাকী স্বতন্ত্ৰ লেখিকা)