শিক্ষাৰ সুফল: সুস্থিৰ হৈছে মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
মনজিৎ কলিতা 
 
দেশ বিভাজনৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯.৮ শতাংশ আছিল মুছলমান৷ ১৯৫১ চনৰ লোকপিয়ল অনুসৰি সেই সময়ত ভাৰতৰ মুছলমান জনসংখ্যা আছিল প্ৰায় ৩.৫৮ কোটি৷ স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়লৰ তথ্যমৰ্মে হিন্দু নাগৰিকৰ সংখ্যা আছিল ২১.৩ কোটি৷ শেহতীয়াকৈ ভাৰতে জনসংখ্যাৰ দিশেৰে চীনক অতিক্ৰম কৰাৰ পিছত এই সন্দৰ্ভত একাধিক প্ৰশ্নৰ উত্থাপন হৈছে৷ ভাৰতত ক্ৰমশঃ মুছলমানৰ সংখ্যাধিক্যৰ বিষয়ে চৰ্চাৰ সময়ছোৱাত কিন্তু পাৰিসাংখ্যিক তথ্য সম্পূৰ্ণ বিপৰীত৷
 
প্ৰতি দশকৰ ব্যৱধানত দেশত সম্পন্ন হোৱা লোকপিয়লৰ ভিত্তিত ২০২১ চনত ভাৰতৰ মুঠ মুছলমান জনসংখ্যা ২১.৩ কোটিলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছিল৷ শেহতীয়াকৈ এই সন্দৰ্ভত বিভ্ৰান্তিকৰ আলোচনাৰ সময়ত পিছে পৰিসংখ্যাই প্ৰকাশ কৰা তথ্যৰাজিয়ে সত্য উদঘাটন কৰিছে৷ দেশত ২০১১ চনত সম্পন্ন হোৱা লোকপিয়লৰ তথ্য অনুসৰি মুঠ জনসংখ্যাৰ ৭৯.৮০ শতাংশ হৈছে হিন্দু নাগৰিক৷ অৰ্থাৎ ১৯৫১ চনৰ পৰা ৬০ বছৰৰ পিছত ভাৰতবৰ্ষত হিন্দু জনসংখ্যা হৈছিল ৯৬.৬২ কোটি৷ ৬০ বছৰৰ ভিতৰত আকৌ ইছলাম ধৰ্মাৱলম্বী ভাৰতীয়ৰ সংখ্যা ১৪.২৩ শতাংশ বৃদ্ধি পাইছে৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি মুছলমান জনসংখ্যা ১৪.২৩ শতাংশ বৃদ্ধি হৈ হৈছেগৈ প্ৰায় ১৭.২২ কোটি৷ ৬০ বছৰৰ ভিতৰত দেশৰ খ্ৰীষ্টান জনসংখ্যা ২.৩০ শতাংশ বৃদ্ধি হৈছে৷ এই সময়ছোৱাত পৰিবৰ্ধিত শিখ জনসংখ্যা হৈছেগৈ ২.০৮ কোটি৷
 
ডঃ ইলিয়াছ আলীয়ে এটা চাৰত মুছলমান মহিলাৰ সৈতে বাৰ্তালাপ কৰিছে
 
পৰিসংখ্যাগত এনে তথ্যৰাজিয়ে কিন্তু ভাৰতত ইছলামৰ প্ৰসাৰৰ সত্যতা প্ৰতিপন্ন কৰা নাই৷ একাধিক ব্যক্তি আৰু সংগঠনে ক্ৰমবৰ্ধিত ইছলাম জনসংখ্যাই দেশৰ ধৰ্মীয় জনবিন্যাস সলনি কৰি তোলাৰ আশংকা কৰাৰ সময়ত জনগণনাই বিপৰীত তথ্যহে প্ৰদৰ্শন কৰিছে৷ অৱশ্যে ক’ভিডৰ বাবে ২০২১ চনৰ লোকপিয়ল স্থগিত হোৱাৰ ফলত এই সংক্ৰান্তীয় শেহতীয়া তথ্য প্ৰকাশ নাপালে৷ জনবিস্ফোৰণ বিষয়ক চৰ্চাৰ সময়ত পিছে পৰিয়াল কল্যাণ আঁচনিৰ বিশ্লেষক গোটৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুৰব্বী দেৱেন্দ্ৰ কোথাৰীৰ ভাষ্যও তাৎপৰ্যপূৰ্ণ৷
 
এই বিষয়ত দীৰ্ঘকালে গৱেষণাৰ অন্তত তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ ভাৰতত ইছলাম ধৰ্মাৱলম্বীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আশাপ্ৰদভাৱে হ্ৰাস পাইছে৷ শিক্ষাৰ প্ৰসাৰৰ লগতে আন সামাজিক কাৰণত এই ধাৰা অনাগত সময়তো বাহাল থকাৰ অনুমান কৰিছ বিশেষজ্ঞগৰাকীয়ে৷ তেওঁৰ ব্যাখ্যা অনুসৰি পৰৱৰ্তী লোকপিয়লত মুছলমানৰ জনসংখ্যা বৃদ্ধি বহুলাংশে হ্ৰাস হ’ব৷ বৰ্তমান এই মাত্ৰা পূৰ্বৰ তুলনাত স্থিৰ হোৱা বুলিও তেওঁ পাৰিসাংখ্যিকভাৱে বৰ্ণনা কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ পূৰ্বৰ ৭৯.৮০ শতাংশৰ পৰা ৮০.০৩ শতাংশলৈ বাঢ়িছে বুলিও তথ্যগতভাৱে কোথাৰীয়ে উল্লেখ কৰিছে৷
 
ভাৰতত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে গাণিতিক আৰ্হিৰে বিগত সময়ত দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছিয়ে ৰচনা কৰা ‘দ্য পপুলেশ্যন মিথঃ ইছলাম, ফেমিলী প্লেনিং এণ্ড পলিটিক্স ইন ইণ্ডিয়া’ শীৰ্ষক গ্ৰন্থখনতো বৰ্ণিত হৈছে সবিশেষ তথ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকদ্বয় দীনেশ সিং আৰু অজয় কুমাৰে প্ৰস্তুত কৰা বহুপদীয় আৰু ব্যাখ্যামূলক সূত্ৰৰ ভিত্তিত তেওঁ লিখা কিতাপখনত একাধিক তথ্য সন্নিৱিষ্ট হৈছে৷ তদানুসৰি ভাৰতত ২০২১ চন পৰ্যন্ত হিন্দু জনসংখ্যাই ১১৫ৰ ঘৰ অতিক্ৰম কৰিছে৷ কিন্তু একেসময়তে মুছলমান নাগৰিকৰ সংখ্যা হৈছেগৈ প্ৰায় ২২ কোটি৷ অৰ্থাৎ গাণিতিক উপপাদ্য অনুসৰি নিৰ্ধাৰিত গতিতে দেশৰ মুছলমান জনসংখ্যা বৃদ্ধি হৈছে৷
 
একাংশ শিক্ষাৰ্থী
 
এই সূত্ৰই গাণিতিকভাৱে প্ৰতিপন্ন কৰা সত্য অনুসৰিয়ে ভাৰতবৰ্ষত কাহানিও মুছলমানৰ সংখ্যাই হিন্দু জনসংখ্যাক অতিক্ৰম কৰিব নোৱাৰে৷ জনসংখ্যা বৃদ্ধিৰ হাৰে প্ৰদৰ্শন কৰা ধাৰা অনুসৰিয়েই অনাগত এহাজাৰ বছৰৰ পিছতো দেশত হিন্দু জনসংখ্যা সংখ্যালঘু নহয়৷ এই উপপাদ্যৰ আধাৰতে ২১৭০ চনলৈ দেশৰ জনসংখ্যাৰ বিষয়ে বিশ্লেষণ কৰা হৈছে৷ এই সন্দৰ্ভত নিৰ্ভৰযোগ্য তথ্য প্ৰকাশ কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ জনসংখ্যা বিষয়ক বিভাগৰ অধ্যাপক পি এম কুলকাৰ্ণীয়ে৷ তেওঁৰ বিশ্লেষণ অনুসৰি বিগত সময়ত অধিক জন্মহাৰসত্ত্বেও ভাৰতত মুছলমানৰ সংখ্যা মুঠ জনসংখ্যাৰ ২০ শতাংশতকৈ অধিক হ’ব নোৱাৰে৷
 
আন্তঃৰাষ্ট্ৰীয় সমীক্ষক সংস্থা পিউ ৰিচাৰ্ছৰ গৱেষণাতো অনুৰূপ তথ্যই প্ৰকাশ পাইছে৷ দীৰ্ঘকালীন জৰীপৰ পিছত তেওঁলোকে সদৰী কৰা অনুসৰি ১৯৯২ চনপৰ্যন্ত দেশৰ অধিকাংশ মুছলমান দম্পতিৰ আন ধৰ্মাৱলম্বী অভিভাৱকৰ তুলনাত কমেও এটিকৈ অধিক সন্তান আছিল৷ কিন্তু আৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ ফলত এই পৰিসংখ্যা গড় হিচাপত হ্ৰাস পাবলৈ ধৰে৷ কিন্তু ২০১৫ চনৰ ভিতৰত সকলো ধৰ্মৰে জনসংখ্যা বৃদ্ধি স্থিৰ হ’বলৈ ধৰে৷ ১৯৯২ৰ পৰা ২০১৫ চনৰ ভিতৰত প্ৰতিগৰাকী মহিলাৰ সন্তান প্ৰসৱৰ হাৰ ৪.৪ শতাংশলৈ হ্ৰাস পায়৷ এই হাৰ মুছলমান সমাজত গড়ে ২.৬ শতাংশ নিম্নগামী হোৱা বুলি সমীক্ষাত প্ৰতিপন্ন হৈছে৷
 
গতিকে দেশত মুছলমান জনবিস্ফোৰণ সন্দৰ্ভত অব্যাহত থকা সকলো চৰ্চা প্ৰামাণিকভাৱে ভিত্তিহীন বুলি প্ৰকাশ কৰিছে সমীক্ষকে৷ গাণিতিক উপপাদ্যৰ ভিত্তিত সম্পন্ন কৰা সমীক্ষা অনুসৰিয়েই অনাগত এহাজাৰ বছৰৰ পিছতো ভাৰতবৰ্ষত ইছলাম ধৰ্মাৱলম্বী সংখ্যাগুৰু হোৱাৰ সম্ভাৱনা নাই৷ তদুপৰি শিক্ষাৰ পোহৰে আলোকিত কৰাৰ সময়ত দেশৰ সংখ্যালঘু সমাজে জনবিস্ফোৰণ ভয়াৱহতা অনুধাৱন কৰিছে৷ এতেকে ক্ৰমশঃ নিম্নগামী হৈছে জনসংখ্যা বৃদ্ধিৰ হাৰ৷
 
(লেখক এজন সাংবাদিক, নিবন্ধকাৰ আৰু লেখক)