ভাৰতীয় মুছলমানসকল ৪ জুনৰ লোকসভা নিৰ্বাচনৰ ফলাফলকলৈ শংকিত হোৱা উচিত নেকি ?

Story by  atv | Posted by  Munni Begum • 1 Months ago
জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰসকলে ভোটদানৰ পিছত আঙুলিৰ চিন প্ৰদৰ্শন কৰিছে
জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰসকলে ভোটদানৰ পিছত আঙুলিৰ চিন প্ৰদৰ্শন কৰিছে
 
  আতিৰ খান
 
যিহেতু ভাৰতে ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে, সেই সময়তে সমগ্ৰ দেশতে এক স্পষ্ট প্ৰত্যাশাৰ অনুভূতিয়ে বিৰাজ কৰা দেখা গৈছে।  
 
পূৰ্বৱৰ্তী নিৰ্বাচনৰ বিপৰীতে জনসাধাৰণৰ আৱেগেৰে চিহ্নিত কৰা এই নিৰ্বাচনত এক অস্বাভাৱিক মনোভাৱৰ সৃষ্টি হৈছে, যাক বুজাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে। তথাপিও সকলো ইংগিতসমূহে প্ৰকাশ কৰিছে যে, বৰ্তমানৰ ধাৰা বিজেপিৰ বাবে অনুকূল।
 
নিৰ্বাচনৰ আগমুহূৰ্তত গঠন হোৱা INDIA ব্লকে ৰাজনৈতিক দলসমূহক মুছলমান ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল। এই ব্লক গঠন হোৱাৰ পিছতে মুছলমান ভোটাৰসকলৰ মাজত এক জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। বহুতে ভাবিছিল যে মুছলমানসকলে এইবাৰ কংগ্ৰেছ আৰু আৰু ইয়াৰ মিত্ৰদল যেনে সমাজবাদী পাৰ্টিক ভোট দিয়াৰ ক্ষেত্ৰত এক কৌশলগত স্থিতি অনুসৰণ কৰিব। 
 
নিৰ্বাচনী প্ৰচাৰৰ এক ৰেলীত প্ৰধানমন্ত্ৰী মোদী
 
কিন্তু এনেধৰণৰ জল্পনা-কল্পনা আৰু ৰাজনৈতিক বিশ্লেষনে ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ কথা মনত পেলাই দিয়ে। ২০১৭ চনতো মুছলমানসকলৰ মাজত কৌশলগত ভোটদানৰ বাতৰিয়ে  বিজেপি মহলৰ ভিতৰত উদ্বেগৰ সৃষ্টি কৰিছিল, যাৰ ফলত একাংশ দলীয় নেতাই উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল।
 
তথাপিও এই ৰাজনৈতিক পদক্ষেপবোৰৰ মাজত যি ব্লকে সংখ্যাগৰিষ্ঠতা লাভ নকৰক কিয়, নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ কি হ'ব সেয়া বিবেচনা কৰাটো অতি প্ৰয়োজনীয়। যদি INDIA ব্লক ক্ষমতালৈ আহে, তেন্তে ভাৰতীয় মুছলমানসকলৰ জীৱনত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ'ব।   
 
কিন্তু ঐতিহাসিক নজিৰ অনুসৰি কেৱল ৰাজনৈতিক আনুগত্যই বস্তুনিষ্ঠ পৰিৱৰ্তনৰ নিশ্চয়তা নিদিয়ে। এই কথাটোৱে প্ৰমাণ হৈছিল যেতিয়া বাবৰী মছজিদৰ বিষয়টো ভাৰতৰ ৰাজনীতিত উত্থাপন হৈছিল। বাবৰী মছজিদৰ বিষয়টো উত্থাপন নোহোৱালৈকে ভাৰতীয় মুছলমানসকলে কংগ্ৰেছক এক প্ৰকাৰ অন্ধভাবে বিশ্বাস কৰিছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইয়াৰ বিপৰীতে NDAৰ সম্ভাৱ্য তৃতীয় কাৰ্যকালয়ে CAA, NRC, আৰু UCCৰ দৰে নীতিৰ প্ৰতি আশংকা সৃষ্টি কৰিছে। তথাপিও এনে নীতি ৰূপায়ণৰ ক্ষেত্ৰতো যথাযথ আইনী প্ৰক্ৰিয়া মানি চলা হ’ব। বিজেপি শাসনৰ অধীনত সাংবিধানিক সংশোধনীৰ ব্যাপক জল্পনা-কল্পনাৰ মাজতে ভাৰতৰ ইতিহাসৰ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি থকা চিৰস্থায়ী দায়বদ্ধতাক স্বীকাৰ কৰাটো অতি প্ৰয়োজনীয়। সাম্প্ৰদায়িক উত্তেজনাৰ দৃষ্টান্ত দুখজনক যদিও, এনেধৰণৰ ভাৰতীয় গণতন্ত্ৰৰ উদাৰ নীতি-নিয়মক প্ৰতিনিধিত্ব নকৰে। 
 
আমি এনে এখন দেশত বাস কৰোঁ, য’ত সংবিধান অনুসৰি সকলো সমান। যথাযথভাৱে যিকোনো ব্যক্তিয়ে নবাব আৰু ৰাজাৰ বংশধৰসকলৰ সৈতে কথা-বতৰা পাতিব পাৰে। কিন্তু এনেধৰণৰ পৰিবেশ ভাৰত গণতান্ত্ৰিক গণৰাজ্যত পৰিণত নোহোৱালৈকে অকল্পনীয় আছিল।
 
সহাৱস্থান আৰু স্থিতিস্থাপকতাৰ বৈশিষ্ট্যপূৰ্ণ ভাৰতৰ চহকী সভ্যতাবাদী ঐতিহ্যৰ পটভূমিত ভাৰতীয় মুছলমানসকলে নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত আতংকৰ সন্মুখীন হোৱাৰ প্ৰয়োজন নাই। বৰঞ্চ কৌশলগত স্থান নিৰ্ধাৰণ আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তন সাধন কৰিবলৈ ৰাজনৈতিক প্ৰভাৱৰ পৰা লাভৱান হোৱাতহে বেছি গুৰুত্ব দিব লাগে। 
 
মুছলমানৰ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
 
যিকোনো এটা ৰাজনৈতিক সত্তাৰ প্ৰতি অটল আনুগত্য ৰখাৰ পৰিৱৰ্তে, ভাৰতীয় মুছলমানসকলে বিজেপি আৰু কংগ্ৰেছ দুয়োকে জবাবদিহি কৰি এক সূক্ষ্ম দৃষ্টিভংগী অৱলম্বন কৰা উচিত। তেওঁলোকৰ সমৰ্থনৰ আধাৰত অনিশ্চয়তা সৃষ্টি কৰি, ভাৰতীয় মুছলমানসকলে তেওঁলোকৰ স্বাৰ্থ প্ৰতিফলিত কৰা নীতি গঠনত অধিক প্ৰভাৱ পেলাব পাৰে।
 
NDA বা INDIAৰ যিকোনো এটাৰ জয়ৰ ক্ষেত্ৰত, ভাৰতীয় মুছলমানসকলে পৰিপক্ক দৃষ্টিভংগী প্ৰদৰ্শন কৰিব লাগে আৰু সমাজৰ ভিতৰত ইতিবাচক উত্থানশীল পৰিৱৰ্তন অনাৰ দীৰ্ঘম্যাদী লক্ষ্যৰ ওপৰত কাম কৰিব লাগে। হতাশা বা উদযাপন দুয়োটাই ভাৰতীয় মুছলমানৰ দীৰ্ঘম্যাদী স্বাৰ্থ পূৰণ কৰিব নোৱাৰে।  
 
অৱশেষত, প্ৰগতিৰ বাবে সৰ্বাধিক অনুপ্ৰেৰণা সমাজৰ ভিতৰৰ পৰা আহিব লাগিব, সংস্কাৰ গ্ৰহণ কৰিব লাগিব আৰু সমাজৰ ভিতৰত মানসিকতাৰ পৰিৱৰ্তন বৃদ্ধি কৰিব লাগিব, যিটো নিৰ্বাচনৰ ফলাফলৰ বাহিৰেও এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হব।