যেতিয়া স্মৃতিবোৰ জীৱনৰ বাবে সম্পদ হৈ উঠে...

Story by  Pallab Bhattacharyya | Posted by  [email protected] • 2 Months ago
ডঃ আফতাব আহমদ আলী
ডঃ আফতাব আহমদ আলী
 
 পল্লব ভট্টাচাৰ্য্য
 
“যেতিয়া আপুনি ভালপোৱা আৰু সন্মান কৰা কোনোবা এজনব্যক্তি স্মৃতি হৈ পৰে, তেতিয়া সেইস্মৃতি আপোনাৰ জীৱনৰ বাবে এটা সম্পদ হৈ উঠে”-এই উক্তিটো মোৰ বাবে আজি অতিসত্য যেন অনুভৱ হৈছে, যেতিয়া মই আমাৰ বন্ধু,দাৰ্শনিক আৰু পথ প্ৰদৰ্শক ডঃ আফতাব আহমদ আলীৰ মৃত্যুৰ খবৰ লাভ কৰো। আফতাফ আহমদ আলী আছিল এগৰাকী অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া আৰু ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক। ২-১২-৮৫ৰ পৰা ৩১-০৩-৯০লৈ তেওঁ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত আছিল।
 
 
প্ৰায় ১০০ জন শিক্ষানবিচ বা প্ৰ’বেচনাৰৰ সৈতে ১৯৮৬-১৯৮৮ চনলৈকে তেওঁৰ সক্ষম নেতৃত্বত পুলিচিঙৰ মূল কথাবোৰৰ বিষয়ে প্ৰশিক্ষণ পোৱাৰ মোৰো পৰম সৌভাগ্য হৈছিল। অসম আৰক্ষীত থকা কাৰ্যকালৰ লগতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ডেপুটেচনৰ কাৰ্যকাল আৰু এ পি এছ চিৰ অধ্যক্ষ হিচাপে মই এতিয়ালৈকে যদি কোনো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছো, সেয়া মূলতঃ তেওঁৰ বাবেই সম্ভৱ হৈছে বুলি মই ক’ব বিচাৰো।
 
আমাৰ ১৯৮৬ চনৰ বেটচত কিছুমান বিশিষ্ট ব্যক্তিত্ব আছিল। ইয়াৰ ভিতৰত অন্যতম হ’ল-উৰিষ্যাৰ অৱসৰপ্ৰাপ্ত ডিজিপি, আৰু ওড়িশা কৰ্মচাৰী বাছনি আয়োগৰ অধ্যক্ষ শ্ৰীমান অভয়, বৰ্তমান চিবিআইৰ সঞ্চালক প্ৰবীণ ছুদ,পশ্চিম বংগৰ ডিজিপি মনোজ মালব্য, আৰু আন বহুকেইজন। মই নিশ্চিত যে তেওঁলোকৰো বেছিভাগেই এইগৰাকী মহান ব্যক্তিৰ ওচৰত চিৰদিন ঋণী হৈ থাকিব। প্ৰকৃতাৰ্থত আফতাফ আহমদ আলী আছিলআমাৰ দৰে সকলো ব্যক্তিৰ সফলতাৰ আঁৰৰ মানুহ আৰু আমাৰ যোগাযোগৰ বাবে সৃষ্ট Whatsapp গ্ৰুপত প্ৰতিফলিত হোৱা বাৰ্তাসমূহে এই কথাৰ প্ৰমাণ দাঙি ধৰিছে।
 
ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডঃ আফতাব আহমদ আলী
 
জম্মু-কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত ডিজিপি আৰু মোৰ একালৰ সতীৰ্থ শ্ৰী শিছ পাল বৈদে ডঃ আলীৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছে, “সম্ভৱতঃ চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী, হায়দৰাবাদৰ তেওঁ আছিল অন্যতম শ্ৰেষ্ঠ সঞ্চালক। জন্নত নছিব হো আপ কো ছাৰ।ʼʼতেওঁৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত সকলো বিষয়াৰে আজি একে অনুভৱ সৃষ্টি হৈছে বুলি মোৰ দৃঢ় বিশ্বাস। 
 
একাডেমীত থকাৰ দিনবোৰ মোৰ এতিয়াও স্পষ্টকৈ মনত আছে কেনেদৰে আমাৰ দিনতো আৰম্ভ হয় শাৰীৰিক প্ৰশিক্ষণৰ (পিতি) আৰু পেৰেডৰ পৰা আৰু কিদৰে পৰিচালকে ঘোঁৰাৰ পৰা বুদ্ধিদীপ্তভাৱে আমাক দূৰৰ পৰা পৰ্যবেক্ষণ কৰে।পুৱাৰ আহাৰৰ পিছত আমি অন্তদ্বাৰ ক্লাছত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি যাওঁ য’ত পুলিচিঙৰ বিভিন্ন দিশ, আইপিচি, চিআৰপিচি, ইণ্ডিয়ান এভিডেন্স এক্ট, অন্যান্য আইনসমূহৰ বিভিন্ন দিশ আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত প্ৰভাৱ থকা আন বহুতো বিষয় শিকোৱা হৈছিল।
 
প্ৰয়াত সঞ্চালকগৰাকীয়ে আকস্মিকভাবে ক্লাছবোৰলৈ গৈছিল আৰু লগতে ব্যক্তিগতভাৱে কিছুমান ক্লাছো লৈছিল। অন্তদ্বাৰ ক্লাছৰ পিছত সন্ধিয়াৰ পিটি, পেৰেড আৰু খেল অনুষ্ঠিত হয়। তেওঁৰ আগত আৰু পিছত এনপিএৰসঞ্চালক আছে। আমাৰ প্ৰশিক্ষণ একাডেমীত আলী ছাৰৰ পূৰ্বে বা পিছতো বহু সঞ্চালকে কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু তেওঁৰ দৰে সত, নিকা আৰু প্ৰশিক্ষাৰ্থীৰ শুভচিন্তক সঞ্চালক পোৱাটো জটিল। তেওঁৰ অটল বিশ্বাস আছিল যে “আই পি এছৰদৰে সমতুল্য সেৱা কোনো নাই।” 
 
নৰ্থ ইষ্ট পুলিচ একাডেমী
 
বন পৰিৱেশ বিজ্ঞানত এজন পি এইচ ডি ডিগ্ৰীধাৰী আৰু প্ৰাক্তন ভাৰতীয় বন সেৱাত সেৱা আগবঢ়োৱা আৰু আমাৰ বেটচৰ শৈলেন্দ্ৰ শ্ৰীবাস্তৱে আলী ছাৰে তেওঁৰ  বায়’ডাটাৰ বিষয়ে অবগত হৈ কৰা স্পষ্ট মন্তব্যক মৰমেৰে মনত পেলাইছে “ ভদ্ৰলোক, আপুনি ভুল ঠাইলৈ আহিল। এনে লাগিছে যেন আপুনি প্ৰশংসাৰ বাবে হাহাকাৰ কৰে, আৰক্ষীত প্ৰশংসাৰ আশা কৰা অনুচিত। কোনো কাৰণত প্ৰশংসা আহিলেও নিজকে ভাগ্যবান বুলি ভাবিব।ʼʼ
 
আন এজন বেচটমেট টি কৃষ্ণ প্ৰসাদে ছাৰক এইদৰে মনত পেলায়,“তেওঁ এনপিএত ৫টা বেটচৰ বাবে প্ৰেৰণাৰ উৎস আছিল। এই বেটচসমূহৰ বিষয়াসকল বিভিন্ন প্ৰফাইলৰ এক ৰংচঙীয়া সংমিশ্ৰণ আৰু ইয়াৰ অন্তৰালত আলী ছাৰৰ অবদান অতুলনীয়। আইপিএছৰ সমতুল্য কোনো সেৱা নাই এই চিন্তাধাৰাৰে ছাৰে তেওঁলোকক আকৃষ্ট কৰিছিল। ২০২২ চনৰ কিছু প্ৰবেচনাৰৰ পাছিং আউট পেৰেডৰ (পুলিচৰ ভাষাত চমুকৈ পি অ’ পি) ষ্টেণ্ডত তেওঁক লগ পাইছিলো আৰু একেলগে খোজ কাঢ়ি লাইব্ৰেৰীলৈ গৈছিলো য’ত তেওঁ কেইখনমান কিতাপ বাছি উলিয়াই এটা চুকত বহিছিল আৰু অতি সোনকালেই সেইবোৰৰ মাজত ডুব গৈছিল। জীৱনৰ শেষ ক্ষণলৈ তেওঁ শিকাৰু আছিল।”
 
মোৰ বেটচৰ আন এজন আইপিএছ বিষয়া হৈছে মধ্যপ্ৰদেশ কেডাৰৰ শ্ৰী কে এন তিৱাৰী। তেওঁ কাকতলীয়াকৈ ড০ আলীৰ কেডাৰৰ। ড০আলী ১৯৫৫ চনৰ বিষয়া আছিল আৰু ১৯৫৬-১৯৫৭ চনৰ ভিতৰত জিলা প্ৰশিক্ষণৰ বাবে ৰেৱাত কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ গোবিন্দ গড় থানাৰ ভাৰপ্পাপ্ত বিষয়া হিচাপে কাম কৰিছিল। ত্ৰিশ বছৰৰ পিছত, ১৯৮৭ চনত মই এনপিএলৈ মৌলিক প্ৰশিক্ষণৰ বাবে যোৱাৰ সময়ত তেওঁ এনপিএৰ সঞ্চালক আছিল।
 
“মই ৰেৱাৰ বুলি জানি তেওঁ মোৰ প্ৰতি অধিক মৰমিয়াল আৰু বন্ধুত্বপূৰ্ণ হৈ পৰিল। ৰেৱাৰ দিনৰ বিভিন্ন ঘটনাৰ পুৰণি স্মৃতিবোৰ তেওঁ শ্বেয়াৰ কৰিছিল। আকৰ্ষণীয় শিক্ষণশৈলী আৰু নীতি-আদৰ্শ মানি চলা ব্যক্তি ড° আলী আছিল এজন অসাধাৰণ বক্তা। তেওঁ ৫ বছৰ ধৰি এন পি এৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু নব্বৈৰ দশক, ২০০০ আৰু ২০১০ চনৰ ভিতৰত ভাৰতক বিভিন্ন আভ্যন্তৰীণ নিৰাপত্তাৰ পৰা আঁতৰাই ৰখা ৬০০ৰো অধিক প্ৰ’বেচনাৰ্ছক শিকাই-বুজাই দক্ষ কৰি কৰি তুলিছিল।” -কে এন তিৱাৰীৰে ছাৰৰ কথা এইদৰে স্মৰণ কৰে।
 
১৪-১২-১৮ত মেঘালয়ৰ ৰি ভোই জিলাৰ উমছা গাঁৱত অৱস্থিত নৰ্থ ইষ্ট পুলিচ একাডেমী (নেপা)ত POP উপলক্ষে ড° আফতাফ আহমদ আলীক লগ পোৱাৰ সুযোগ মই পাইছিলোঁ, য'ত তেওঁ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল। মই যেতিয়া নিজৰ পৰিচয় দিলোঁ তেতিয়া তেওঁ যথেষ্ট সুখী আছিল। তেওঁৰ মুখমণ্ডলত দৃশ্যমান হʼল গুৰু-ছাত্ৰ পৰম্পৰাৰ  আৱেগৰ প্ৰতিফলন। আমি একাধিক বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ আৰু পুৰণি স্মৃতিবোৰ মোৰ মনলৈ উভতি আহিছিল।
 
উত্তৰ-পূবৰ এজন ব্যক্তি হিচাপে মই সেই অনুষ্ঠানত ডাঃ আলীক লগ পাই গৌৰৱান্বিত অনুভৱ কৰিছিলো, কাৰণ তেওঁ আছিল নেপা-আৰক্ষী আৰু পেৰা মিলিটাৰী ফৰ্চৰ প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুখ্য স্থপতি। তেওঁ ২১-০৭-১৯৭৮ৰ পৰা ১৩-১১-১৯৮৪লৈ নেপাৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত নব্বৈ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী মহান ব্যক্তিত্বৰ প্ৰতি সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষী চিৰঋণী হৈ থাকিব।
 
২৩-০২-২০২৪ তাৰিখে তেওঁৰ জানাজা সম্পন্ন হৈ যায়। এইগৰাকী মহান আত্মাক মই হৃদয়ৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছো। লগতে অনুভৱ কৰিছো যে মোৰ লগতে এনপিএৰ অন্যান্য প্ৰাক্তন শিক্ষাৰ্থী আৰু মোৰ সকলো বেটচমেটৰ ড০ আলী ছাৰৰ স্মৃতি গোটেই জীৱনত সযতনে ৰাখিব পৰা এক অমূল্য সম্পদ হ’ব।
 
(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)