'মিঞাৰ' বিশ্বমুখী যাত্ৰা

Story by  Sazzad Hussain | Posted by  Munni Begum • 9 Months ago
ভেনিচত এখন ছভিনিৰ বিপণি চলাই থকা বাংলাদেশৰ আচিফ হুছেইন বাবুৰ সৈতে লেখক ছাজ্জাদ হুছেইন
ভেনিচত এখন ছভিনিৰ বিপণি চলাই থকা বাংলাদেশৰ আচিফ হুছেইন বাবুৰ সৈতে লেখক ছাজ্জাদ হুছেইন
 
  ছাজ্জাদ হুছেইন 
 
যোৱা মাহত ইউৰোপ ভ্ৰমণলৈ যাওঁতে যেতিয়া ৰোমৰ লিঅ'নাৰ্ড' দ্য ভিঞ্চি বিমানবন্দৰৰ পৰা ৰোমা টাৰ্মিনি ষ্টেচনলৈ ভুল ৰেলত উঠি গৈ যেতিয়া ৰোমা ট্ৰাষ্টাবভৰে পাওঁগৈ তেতিয়া আমাৰ হোটেলৰ স্থান ছান পিয়েট্ৰ'ৰ বাবে পুনৰ এখন বেলেগ ৰেল ল'বলগীয়া হ'ল। ভেটিকানৰ একেবাৰে সমীপৰ সেই ছান পিয়েট্ৰ' ষ্টেচনৰ পৰা যেতিয়া ইতিমধ্যে কাম নকৰা মোৰ ভোডাফোন ইন্টাৰনেছনেল ৰ'মিঙৰ বিকল্পৰ বাবে স্থানীয় ছিম কাৰ্ড বিচাৰি ফুৰোঁতেই দেখিলোঁ দুজন ভাৰতীয়ই সলসলীয়া ইটালিয়ানত চাৰিআলিৰ কোণ এটাত কথা পাতি আছে। আমি কাষচাপি যোৱাত এজনে হিন্দীতেই প্ৰশ্ন কৰিলে, "কয়ি মদত?"। 
 
মই ছিম কাৰ্ডৰ কথা কোৱাৰ পিছতে পত্নী ফাৰহানাই ইতিমধ্যে শেষ সাজ ভাত দিল্লীত খোৱাৰ প্ৰায় ২৪ ঘন্টা হৈ যোৱাৰ বাবে অসমীয়াতে সুধিলে, "ভাত ক'ত পাম?" লগে লগে আনজন ভাৰতীয়ই বাংলাত আঙুলীৰে পথৰ সিটো পাৰলৈ ইংগিত দি ক'লে, "ঐখানে ভাত পাৱা যাবে আৰ তাৰ পাশে পাশিই মাবাইল ছিমেৰ ষ্ট'ৰ"। বঙালী যুৱকজন ভাৰতীয় নাছিল, তেওঁ বাংলাদেশী। 
 
বাংলাভাইজনৰ ইংগিত মতে আমি গৈ প্ৰথমে এখন দোকানৰ পৰা স্থানীয় মোবাইল ছিমকাৰ্ড এখন কিনিলোঁ। দোকানখনত এহাল বাংলাদেশী বাপেক-পুতেকে চলাই। প্ৰতিবেশী (আসাম ট' বাংলাদেশেৰ পাশা-পাশি) বুলি জানিব পাৰি আৰু মোৰ মুখত বাংলা শুনি(!) তেওঁলোকে লিখিত দামতকৈ কমকৈ ল'লে।
 
ৰোমৰ কলছিয়াম
 
দোকানখন পাৰ হৈ বাওঁহাতে ঘুৰিয়েই "ইণ্ডিয়ান হালাল ৰেষ্টুৰাঁ" খন পালোঁ। তাৰ ৱেটাৰজন এজন ৪০ বছৰীয়া বাংলাদেশী যি ২০১২ চনৰ পৰা ৰোমত আছে। ৰেষ্টুৰাঁখনৰ মেনেজাৰ পাকিস্তানী আৰু ৰান্ধনীজন ভাৰতৰ। ভাত-দাইল-ভাজি তৃপ্তিৰে খাই বিল দিবলৈ গৈ দেখোঁ যে সেই পাশা-পাশি আসামৰ বাবে ৱেটাৰজনে আমাৰ পানীৰ দাম ন'ললে (ৰোমত ১ লিটাৰ পানীৰ দাম ১.৫ ইউৰ'--মানে আমাৰ প্ৰায় দেৰশ টকা। 
 
তাৰপিছত হোটেলত সোমাই আবেলি যেতিয়া ভেটিকান আৰু ছেইন্ট প'ল কেথেড্ৰেল চাবলৈ আহিলোঁ, তেতিয়াও দেখিলোঁ সকলো জনসেৱামূলক ব্যৱসায়ী বাংলাদেশী। ছাটি, টুপি, বেগ, গ'গলছ, পৰিব্ৰাজকৰ বিভিন্ন লাগতিয়াৰ সামগ্ৰী যেনে চাৰ্জিং এডাপ্তৰ, পাৱাৰ বেংক, বিভিন্ন টুৰ পেকেজ আদি তেওঁলোকে বেছি ফুৰিছে। গ্ৰাহকৰ সৈতে সলসলীয়াকৈ ইটালীয়ানত কথা পাতিছে।
 
পিছদিনা ৰোমা টাৰ্মিনিতে আমাৰ ৰোম ভ্ৰমণৰ হ'প অন-হ'প অফ বাছ সেৱাৰ ব্যৱস্থা কৰি দিয়ে আন এজন বাংলাদেশী যুৱকে। ৰোমৰ কলছিয়াম, পেলেণ্টাইন হিল, ৰোমান ফ'ৰাম, স্পেনিছ ষ্টেপছ্, ট্ৰেভি ফাউন্টেইন আদি সকলো পৰ্যটনস্থলিত কেৱল বাংলাদেশী যুৱকে খোৱা পানী, শীতল পানীয় আৰু বিভিন্ন পৰ্য্যটক সামগ্ৰী বিক্ৰী কৰি আছে। 
 
ইটালীত কৰ্মৰত বাংলাদেশী প্ৰব্ৰজনকাৰী শ্ৰমিক
 
ৰোমৰ পিছত নেপলছত গৈ দেখিলোঁ একে দৃশ্য। ইয়াটো বিভিন্ন খাদ্য সমগ্ৰীৰ দোকান (ইয়াত মাৰ্কেট বুলি কয়) সমূহ বাংলাদেশীয়ে চলাই। সোতুৰা শাকৰ পৰা সৰিয়হৰ তেললৈকে পোৱা এনে "মাৰ্কেট" সমূহ সকলক "ভাৰতীয়"ৰ (ভাৰত-পাক-বাংলাদেশ-শ্ৰীলংকা)ৰ নিয়মীয়া লক্ষ্যস্থান। কেৱল পৰ্য্যটকৰ ওপৰত নিৰ্ভৰশীল আমালফি উপকুল আৰু কেপ্ৰি দ্বীপটো দেখিলোঁ এই বাংলাভাই সকলক আৰু তেওঁলোক আমাৰ বাবে হৈ পৰিছিল বাট-ঘাট আঙুলীয়াই দিয়া "স্থানীয় গাইড"।
 
ফ্লৰেঞ্চ আৰু পিছাটো অনু্ৰূপ দৃশ্য, অনুৰূপ অভিজ্ঞতা আৰু দিক-দৰ্শকৰ সেৱা তেওঁলোকৰ পৰা পালোঁ। কেৱল ভাৰতীয় বিৰিয়ানী, তন্দুৰি, মোগলাই বিক্ৰী কৰি যিহেতু ইটালীত ৰেষ্টুঁৰা চলাব নোৱাৰি, বেছিভাগ "ভাৰতীয়"ৰেষ্টুৰাই ইটালীয়ান খাদ্যও সমানে পৰিবেশন কৰে, য'ত বিভিন্ন সুৰাৰ বাহিৰেও গৰু আৰু গাহৰিৰ হাম, বেকন, ছালামী, ছ'ছেজ আদিও থাকে। ফ্লৰেঞ্চৰ "ৰয়েল ইণ্ডিয়া" এনে এখন বিখ্যাত ৰেষ্টুৰাঁ। লক্ষ্ণৌৰ ৰছীদ খানে প্ৰতিষ্টা কৰা এইখন ৰেষ্টুৰাঁত ভাৰতীয়, পাকিস্তানী আৰু স্থানীয় ইটালীয়ানে কাম কৰে।
 
বাংলাদেশী ব্যৱসায়ীৰে ভৰি থকা ইটালীৰ আটাইতকৈ প্ৰখ্যাত চহৰ খন হৈছে ভেনিছ। বিগত প্ৰায় ৫ শতিকাৰো অধিক কাল ধৰি এক বহুজাতীক নগৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত ভেনিছত এনেয়েও ভিন্ন জনগোষ্টী পূৰ্বৰ পৰায়ে আছে।
 
এতিয়া এই বৈচিত্ৰতাৰ শেহতীয়া সংযোজন হৈছে বাংলাদেশীসকল। ভেনিছৰ প্ৰত্যেকখন স্মৃতি বিপণি (Souvenir shop)ৰ গৰাকী বাংলাদেশী--কিছুমান পদপথত আৰু বাকীবোৰ বজাৰৰ ভিতৰত। প্ৰত্যেকজনেই বিভিন্ন বিদেশী পৰ্যটকৰ সৈতে ইটালীয়ান আৰু ইংৰাজীত কথা পাতে। আমি বাংলাত মাত লগালে মুখত হাঁহি বিৰিঙে আৰু অসমৰ বুলি কলে "আমাৰ পাশে-পাশি" বুলি কয়। 
 
পেলেণ্টাইন হিল
 
ভেনিছৰ এটা কেনেলৰ কাষৰ এনে এখন ডাঙৰ ছভিনিৰ শ্বপত কিবা কিবি কিনো বুলি সোমালোঁ। স্বত্বাধিকাৰীজনৰ নাম আছিফ হুছেইন বাবু। বাবুৱে আমাক বিভিন্ন বস্তু আন বিপণিতকৈ বহু কমত দিয়াৰ লগতে ফলমূল, পানী আদি পৰিবেশন কৰিলে, হাছিনা-মোদী, বাংলাদেশ-ভাৰত সম্পৰ্ককে ধৰি বহু বিষয়ত কথা পাতিলে। বাবুৱে ইটালীৰ ১০ বছৰীয়া ৱৰ্ক-ভিজাত আছে। সেয়া সুকলমে পাৰহৈ গ'লে নাগৰিকত্ব লাভ কৰিব। তেৱেঁই কলে যে তেওঁৰ দৰে অহা বহু বাংলাদেশী এতিয়া ভেনিছৰ স্থায়ী বাসিন্দা আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীও তাতে ইটালীয়ান মাধ্যমৰ স্কুলত অধয়নৰত। আমাৰ লগত কথাৰ মাজতে দেখিলোঁ বাবুৱে এদল স্পেনীয় পৰ্যটকৰ লগত সলসলীয়াকৈ এছপেনীয়লত কথা পাতিছে! 
 
ছুইজাৰলেণ্ডত ভোডাফোন নাই বাবে আকৌ আমাৰ ৰ'মিঙৰ সমস্যা হ'ল। বিশেষকৈ জুৰিখত বহু বেছি সমস্যা হ'ল। ইয়াতো বাটৰ কাষৰ ৰেষ্টুঁৰা-কাফে বোৰত দেখিলোঁ ৱেইটাৰবোৰৰ মাজত বাংলাদেশী। ফোনত গুগুল মেপ উলিয়াই তেওঁলোকেও আৰু তেওঁলোকৰ ছুইছ সহকৰ্মীসকলে আমাক বিভিন্ন স্থানত সহায় কৰি দিছিল। জুৰিখৰ বাংলাভাই সকলেও তাত প্ৰচলিত জাৰ্মান ভাষা সলসলীয়াকৈ কয়।
 
পেৰিছত ফ্ৰান্সৰ ঔপনিবেশিক অতিতৰ বাবেই আৰব (আলজেৰিয়ান) আৰু আফ্ৰিকীয়ান মানুহ বহু বেছি আৰু তেওঁলোক টেক্সিকে ধৰি বিভিন্ন বৃত্তিত জড়িত। কিন্তু আইফেল টাৱাৰ, আখ্ দে ট্ৰিঁয়ফ, চঁজ এলিজে', লুভ্ মিউজিয়াম আৰু ভাৰ্ছেই প্ৰসাদত বহু ছভিনিৰ শ্বপ, বিভিন্ন পানীয়ৰ বিপনী কিন্তু বাংলাদেশীয়ে চলায়। 
 
এথেন্স আৰু ছেণ্ট'ৰিণিত  ইতিমধ্যে উল্লেখিত কৰ্মক্ষেত্ৰত বাংলাদেশী জড়িত থকা চকুত নপৰিল যদিও গাড়ীৰ ৱৰ্কশ্বপ আৰু বিভিন্ন ডেলিভাৰী কামত কৰ্মৰত দেখিলোঁ। খবৰ লৈ গম পালোঁ যে গ্ৰীচৰ গ্ৰাম্যাঞ্চলত বহু বাংলাদেশী বৰ্তমান কৃষি শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে।
 
প্ৰব্ৰজনকাৰী বাংলাদেশী লোকে  ইটালীৰ গ্ৰাম্যাঞ্চলত কৃষি শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে
 
আমি মিঞা আখ্যা দিয়া পূৰ্ব-বংগীয়/বাংলাদেশী মানুহৰ শ্ৰম আৰু কৰ্মমুখী জীৱনধাৰাৰ বিষয়ে পুনৰ ইয়াত আলোচনা নকৰোঁ। কিন্তু তেওঁলোকৰ এই জগতমুখী যাত্ৰা আৰু প্ৰৱাসত প্ৰতিস্থা চমকপ্ৰদ। ১৯৮০ দশকৰ পৰা অনাকুশলী শ্ৰমিক হিচাপে বহু বাংলাদেশী মধ্য-প্ৰাচ্যৰ তৈলসমৃদ্ধ ৰাজতন্ত্ৰ সমুলৈ বনুৱা হিচাপে গৈছিল। তাৰপিছত ১৯৯০ৰ দশকত মালয়েছীয়ালৈ। আনকি আফ্ৰিকাৰ কেনিয়ালৈ হাবিত কাঠ কটা শ্ৰমিক হিচাপে আৰু ভাৰত মহাসাগৰৰ মালদ্বীপৰ ৰিজ'ৰ্ট সমুহতো সহায়ক হিচাপে তেওঁলোক নিয়োজিত হৈ আছে।
 
বিগত প্ৰায় আঢ়ৈ দশক মানৰ পৰা বাংলাদেশৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ যুৱকসকলে পশ্চিম ইউৰোপলৈ কামৰ সন্ধানত যাবলৈ লয় আৰু তেওঁলোক এতিয়া সেই দেশবোৰত সু-প্ৰতিস্থিত। এই প্ৰসংগত ভেনিছৰ বাবুৱে মোক এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিল: "ইউৰোপে কামেৰ জন্যে তুমি কি জাতি-ধৰ্ম সেতা কেউ না প্ৰশ্ন কৰি..."। 
 
নিজ দেশত প্ৰথমে পাকিস্তানৰ অত্যাচাৰ, তাৰ পিছত বহুদিন মিলিটেৰী শাসন, জনসংখ্যাৰ বিষ্ফোৰণ আৰু সম্প্ৰতি জলবায়ু পৰিবৰ্ত্তনৰ বাবে হোৱা সমুদ্ৰপৃষ্টৰ উচ্চতা বৃদ্ধিৰ বাবে বহু বাংলাদেশীয়ে জীৱন-জীৱিকাৰ সন্ধানত বিভিন্ন প্ৰান্তলৈ যাবলৈ লৈছে। পশ্চিমীয়া উদ্যোগীক ৰাষ্ট্ৰসমুহৰ বাবে তেওঁলোক হৈ পৰিছে সুলভ শ্ৰমিক আৰু কৰ্মী। 
 
শিক্ষিতচামৰ ইংৰাজী জ্ঞানেও ইয়াত অতিৰিক্ত সহায় কৰিছে (যিটো আফ্ৰিকা বা পশ্চিম এছিয়াৰ প্ৰবজনকাৰীৰ নায়)। এনে বৃহৎ প্ৰবাসী বাংলদেশীয়ে প্ৰতিদিনে বহু বিদেশী মুদ্ৰা নিজ দেশলৈ প্ৰেৰণ কৰি বাংলাদেশৰ অৰ্থনীতিলৈও প্ৰভুত অৰিহণা যোগাইছে। এতিয়া এনে লাগিছে যে ইহুদীসকলৰ পিছতে মিঞা/ বাংলাদেশীসকল বিশ্বৰ বৃহৎ অভিবাসী (diospora) হ'বলৈ গৈ আছে।