স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ ড০ চৈয়দ আঞ্জাৰ হাছমীক

Story by  atv | Posted by  Munni Begum • 16 h ago
ড০ চৈয়দ আঞ্জাৰ হাছমী
ড০ চৈয়দ আঞ্জাৰ হাছমী
 
আৱাজ-দ্য ভইচ / নতুন দিল্লী
 
২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া বিশাল অনুষ্ঠানত ভাৰত চৰকাৰৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে প্ৰখ্যাত ইছলামিক পণ্ডিত, গৱেষক তথা লেখক ড০ আঞ্জাৰ হাছমীক। এই আমন্ত্ৰণ কেৱল তেওঁৰ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ প্ৰতি সন্মান জনোৱায়ে নহয়, ই ভাৰতৰ বৈচিত্ৰ্য, ধৰ্মীয় সহনশীলতা আৰু বিশ্বজনীন আলোচনাত  দায়বদ্ধতাৰ বাৰ্তাৰ প্ৰতীক হয়।
 
এই ঐতিহাসিক সুযোগ উপলক্ষে ১৪ আগষ্টত ইণ্ডোনেছিয়াৰ পৰা নতুন দিল্লীত উপস্থিত হ’ব ড০ আঞ্জাৰ হাছমীয়ে আৰু ১৫ আগষ্টত লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ মাজতে তেওঁ দেশৰ শীৰ্ষ নেতৃত্বকো সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিব। যাৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সৌজন্যমূলক বৈঠকও অন্তৰ্ভুক্ত কৰা হৈছে।
 
ড০ চৈয়দ আঞ্জাৰ হাছমী
 
বৰ্তমান ড° হাছমীয়ে ফিলিপাইনছৰ শিক্ষামূলক ভ্ৰমণত ব্যস্ত হৈ আছে। য'ত তেওঁক চৰকাৰে ৰাজ্যিক অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। বিশেষভাৱে মাদ্ৰাছা শিক্ষাৰ পাঠ্যক্ৰম বিশ্লেষণ, মূল্যায়ন আৰু উন্নতিৰ উদ্দেশ্যে এই ভ্ৰমণৰ আয়োজন কৰা হৈছে। ইয়াৰদ্বাৰা তেওঁৰ বিশ্ব শৈক্ষিক দৃষ্টিভংগী আৰু সাংস্কৃতিক কূটনীতিত সক্ৰিয় অংশগ্ৰহণৰ প্ৰতিফলন ঘটিছে। 
 
সীতামড়ী বিহাৰৰ ড০ হাছমীয়ে দেশৰ বিভিন্ন মাদ্ৰাছাৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত জামিয়া মিলিয়া ইছলামিয়া দিল্লীৰ পৰা ইছলামিক ষ্টাডিজত বি এ আৰু এম এ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ উৰ্দু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে। ইউজিচি-নেট আৰু জেআৰএফৰ দৰে কঠিন ৰাষ্ট্ৰীয় পৰীক্ষাতো কেইবাবাৰো সফলতাৰে উত্তীৰ্ণ হৈছে ড০ হাছমীয়ে। যিয়ে তেওঁৰ শৈক্ষিক ক্ষমতা আৰু নিষ্ঠা প্ৰকাশ কৰিছে।
 
শেহতীয়াকৈ তেওঁ ইণ্ডোনেছিয়াৰ ইছলামিক ইউনিভাৰ্চিটি অৱ চালাটিগাৰ পৰা ইছলামিক ষ্টাডিজত পি এইচ ডি লাভ কৰিছে। তেওঁৰ শৈক্ষিক আৰু গৱেষণা সেৱা ভাৰত আৰু বিদেশত অতিশয় সন্মানীয়। তেওঁৰ বিখ্যাত গ্ৰন্থ "বাবা মাজনু শ্বাহ মাদাৰী: স্বাধীনতা সংগ্ৰামৰ এজন অচিনাকি নায়ক" ভাৰত চৰকাৰৰ সহযোগত প্ৰকাশিত হৈছিল। 
এই গ্ৰন্থখনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ধৰ্মীয় নেতৃত্বৰ ভূমিকাক উজ্জ্বল কৰি তুলিছে আৰু ইতিহাসৰ অৱহেলিত বীৰসকলক গাথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ এক প্ৰয়াস কৰিছে। ইয়াৰ উপৰিও তেওঁৰ দ্বিতীয়খন গ্ৰন্থ "ইছলামিক অধ্যয়নৰ গৱেষণা পদ্ধতি" ইণ্ডোনেছিয়ান ভাষালৈ অনুবাদ কৰা হৈছে আৰু তাত থকা বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত জনপ্ৰিয়তা লাভ কৰিছে। 
 
তেওঁৰ বহু গৱেষণা পত্ৰ ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড, ফিলিপাইনছ আদি দেশৰ প্ৰতিষ্ঠিত একাডেমিক আলোচনীত প্ৰকাশ পাইছে। ড° হাছমীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ শৈক্ষিক, সাংস্কৃতিক আৰু ধৰ্মীয় সহাৱস্থানৰ পৰম্পৰাক নিৰন্তৰভাৱে প্ৰতিনিধিত্ব কৰি আহিছে। বহু দেশত আয়োজিত শৈক্ষিক সন্মিলন, আন্তঃধৰ্মীয় আলোচনাৰ কাৰ্যসূচী আৰু আলোচনা চক্ৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰি আহিছে।
 
স্বাধীনতা দিৱসৰ দৰে গৌৰৱময় অনুষ্ঠানত ভাৰত চৰকাৰে বিশেষ অতিথি হিচাপে তেওঁক আমন্ত্ৰণ জনোৱাটো কেৱল ব্যক্তিগত সন্মান নহয়। ই শৈক্ষিক প্ৰগতি আৰু বিশ্বজনীন আলোচনাত ভাৰতীয় মুছলমান সমাজৰ সক্ৰিয় ভূমিকাক প্ৰদান কৰা স্বীকৃতিস্বৰূপ। এই সন্মানে দেশত ধৰ্মীয় সম্প্ৰীতি, শৈক্ষিক উৎকৰ্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা আৰু অধিক শক্তিশালী কৰিব। 
 
ড° আঞ্জাৰ হাছমীৰ এই সাফল্যই নতুন প্ৰজন্মৰ বাবে এক প্ৰেৰণাস্বৰূপ। যিয়ে জ্ঞান, কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাৰ শক্তিৰে ভাৰতৰ নাম বিশ্ব পৰ্যায়ত উজ্জ্বলাই তোলাত সহায়ক হব।