তৃপ্তি নাথ / নতুন দিল্লী
প্ৰায় চাৰি দশক পূৰ্বে মহাকাশত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় হিচাপে ইতিহাস ৰচা উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাই চন্দ্ৰযান ৩ৰ সফলতা উদযাপন কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে।
অশোক চক্ৰৰে সন্মানিত ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন পাইলট ৰাকেশ শৰ্মাই 'আৱাজ-দ্য ভইচ'ৰ ৰভিং সম্পাদক তৃপ্তি নাথৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে চন্দ্ৰযান-৩ক লৈ তেওঁৰ অনুভৱ হৈছে যে ই নিশ্চিতভাৱে সফল হ’ব। ২৩ আগষ্টত ভাৰতে চন্দ্ৰযান-৩ৰ সফলতা উদযাপন কৰিব নেকি বুলি সোধাত অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ শৰ্মাই কয়, “নিশ্চয়। আমি সফল হ’ম।’’
ভাৰতৰ মহাকাশ অন্বেষণ যাত্ৰাৰ বিষয়ে তেওঁ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি কয় যে ভাৰতৰ শক্তি হৈছে উদ্ভাৱন, ই অন্যান্য মহাকাশ শক্তিৰ সৈতে উচ্চ আসন লাভ কৰিছে আৰু ভাৰতে মহাকাশ নীতিক প্ৰভাৱিত কৰিব পৰা এক সৱল অৱস্থাত আছে। ৰাকেশ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিছু অংশ তলত আগবঢ়োৱা হ'লঃ
প্ৰশ্নঃ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে অলপতে কৈছিল, "মহাকাশ গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত শক্তিশালী ক্ষমতা থকা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত হৈছে পঞ্চম, যাৰ আছে নিজৰ ভূমিৰ পৰা উৎক্ষেপণ কৰা আৰু পৃথিৱী পৰ্যৱেক্ষণ, উপগ্ৰহ যোগাযোগ, বতৰ বিজ্ঞান, মহাকাশ বিজ্ঞান, নেভিগেচন আৰু স্থল আন্তঃগাঁথনিৰ কাৰ্যসূচী পৰিচালনা কৰাৰ সামৰ্থ্য।" আপুনি তেওঁৰ সৈতে কিমান দূৰ সহমত প্ৰকাশ কৰিব পাৰে?
উত্তৰঃ মই তেওঁৰ কথাত সম্পূৰ্ণ একমত কাৰণ তেওঁ আমাক যি কৈছে সেয়া সঁচাকৈয়ে ইছৰোৱে এই যোৱা চাৰি-পাঁচ দশকত কৰি দেখুৱাইছে আৰু ই সঁচাকৈয়ে দৰ্শনীয় হৈ পৰিছে। ইছৰোৱে বহুতো বাধা-বিধিনি অতিক্ৰম কৰি অবিৰতভাৱে অগ্ৰগতি লাভ কৰি আছে আৰু আজি আমি কেৱল আমাৰ নিজৰ মকাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ প্ৰস্তুতি চলাই থকাই নহয়, আমি মহাকাশক এক ব্যৱসায়িক উদ্যোগ হিচাপে গঢ়ি তুলি বন্ধুত্বপূৰ্ণ দেশসমূহৰ উপগ্ৰহকো কক্ষপথলৈ লৈ গৈছো। আমি উপগ্ৰহ নিৰ্মাণ কৰিব জনা হৈছো। আমি এনে বৈজ্ঞানিক কাৰ্যসূচীৰ অংশ হৈছে, যিবোৰ বিশ্বৰ মহাকাশ শক্তিধৰ দেশসমূহে পৰিচালনা কৰে।
তৃপ্তি নাথৰ সৈতে অনলাইন বাৰ্তালাপৰ সময়ত ৰাকেশ শৰ্মা
প্ৰশ্নঃ চন্দ্ৰযান-৩ অভিযানক লৈ দেশৰ সকলো নাগৰিকৰ মনত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰা দেখা গৈছে। সকলোৱে নিয়মীয়াকৈ ইছৰোৰ ছবিসমূহ নিজৰ মোবাইল অথবা কম্পিউটাৰত চাই আছে। ইয়াৰ সফলতাই ভাৰতৰ বাবে কি অৰ্থ বহন কৰিব?
উত্তৰঃ হয়, ভাৰতৰ বাবে ই যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়ে সাধাৰণ জনতাৰ মাজতো ইমান উৎকণ্ঠা দেখা গৈছে। ৰাছিয়াই ভাৰততলৈ এদিন বা দুদিন আগতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ সুযোগ পাইছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ ক্ৰাফ্টখন চন্দ্ৰপৃষ্ঠৰ দক্ষিণ দিশত ধ্বংসপ্ৰাপ্ত হৈছে। আমাৰ হাতত এতিয়াও কিছু সময় বাকী আছে। মই যথেষ্ট আত্মবিশ্বাসী যে এইবাৰ আমি সফল হ'ম। আপোনালোকে ভালদৰেই জানে যে আমি আমাৰ পূৰ্বৰ প্ৰচেষ্টা (চন্দ্ৰযান-২)ত অন্তিম মুহূৰ্তত ব্যৰ্থ হৈছিলো। আশাকৰোঁ সেই ভুলবোৰ ইছৰোৱে এইবাৰ সমাধান কৰিছে।
প্ৰশ্নঃ তিনি দশকৰো অধিক অপেক্ষাৰ অন্তত ২০২৪ চনৰ শেষৰফালে ভাৰতে মানৱ সঞ্চালিত মহাকাশ অভিযান মুকলি কৰাৰ লক্ষ্য লৈছে। আপুনি মহাকাশলৈ যোৱাৰ পৰা তিনি দশকৰো অধিক সময় হ’ল আৰু এতিয়া আপোনাৰ অভিলেখ ভংগ হ’ব বুলি আপোনাক কোনো কথাই আমনি কৰে নেকি ?
উত্তৰঃ আপুনি নিশ্চয় জানে যে ভাৰতৰ মানৱসঞ্চালিত মহাকাশ অভিযানৰ মাজত ৩৯ বছৰৰ ব্যৱধান সৃষ্টি হোৱাৰ এক গুৰুত্বপূৰ্ণ কাৰণ আছে, সেয়া হ’ল, ইছৰ’ই ড০ বিক্ৰম ছাৰাভাইয়ে নিৰ্ধাৰণ কৰা ৰূপৰেখাৰ ভিত্তিত এক অতি কেন্দ্ৰীভূত কাৰ্যসূচীৰে আগবাঢ়ি আছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰিছিল যে মহাকাশ প্ৰযুক্তিয়ে আমাৰ দেশৰ নাগৰিকৰ জীৱন উন্নত কৰিব লাগিব। ইছৰোৱে বিক্ৰম ছাৰাভাইৰ সেই ৰূপৰেখাৰ ওপৰত গুৰুত্ব দি নিজৰ মহাকাশ অভিযান আগুৱাই নিছে।
সেয়েহে মানৱসঞ্চালিত মহাকাশ কাৰ্যসূচী পিছুৱাই ৰখা হৈছিল কিন্তু এতিয়া ড০ বিক্ৰম ছাৰাভাইৰ অধিকাংশ লক্ষ্যত উপনীত হৈ আমি আমাৰ নিজৰ উপগ্ৰহ ডিজাইন কৰিব পাৰিছো, আমি সেইবোৰ কক্ষপথত সঠিকভাৱে সংস্থাপন কৰিছো, আমি আমাৰ দেশৰ অৰ্থনীতি আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত সহায় কৰি অহা তথ্যবোৰ উপগ্ৰহসমূহৰ পৰা সংগ্ৰহ কৰিছো। গতিকে, এতিয়া আন কাম কৰাৰ সময় আহি পৰিছে আৰু ইয়াৰ অংশস্বৰূপে আমি চন্দ্ৰযান, মংগলযান আদি অভিযানত হাত দিছো। এতিয়া, আমি এইবোৰক লৈ ব্যস্ত। আমি অন্যান্য মহাকাশ শক্তিৰ সৈতে সমানে ফেৰ মাৰিব পাৰিছো আৰু আমি মহাকাশ নীতি প্ৰভাৱিত কৰিব পৰা এক স্থিতিত আছোঁ।
প্ৰশ্নঃ ২০২০ চনৰ জুন মাহত চৰকাৰে ঘোষণা কৰা মহাকাশ খণ্ডৰ সংস্কাৰৰ বিষয়ে আপুনি কি ভাবে? প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বাবে মহাকাশ খণ্ড (পিপিপি) মুকলি কৰাৰ দৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুমান কৰা হৈছে যে বৰ্তমানৰ বিকাশৰ গতি অব্যাহত থাকিলে ভাৰতৰ মহাকাশ খণ্ড অনাগত বছৰবোৰত এক ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ'ব পাৰে।
উত্তৰঃ হয়, ময়ো এইদৰে ভাবো। এনেকুৱা হোৱাটো অনিবাৰ্য আছিল। কাৰণ এতিয়া আমি উপগ্ৰহ উৎক্ষেপন সেৱা প্ৰদানকাৰী হিচাপে আমাৰ বিশ্বাসযোগ্যতা প্ৰতিষ্ঠা কৰিছো আৰু বিশ্বৰ বিভিন্ন দেশে আমাৰ সহায়ত মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰে। আমি আমাৰ মহাকাশ কাৰ্যসূচীসমূহ অতি মিতব্যয়ীভাৱে চলাওঁ আৰু এই বজাৰখনত আমাৰ যথেষ্ট কদৰ আছে। আমাৰ সেৱা ব্যৱহাৰ কৰিবলৈ বহুসংখ্যক গ্ৰাহকে শাৰী পাতি থাকে। এনে পৰিস্থিতিত ইছৰোৱে ভাৰতৰ মহাকাশ প্ৰকল্পসমূহৰ ওপৰত গুৰুত্ব দিয়াত অসুবিধাৰ উদ্ভৱ হৈছে। তেওঁলোকৰ মনোসংযোগ বিঘ্নিত হৈছে। দুয়োটা দিশ পৰিচালনা কৰাটো ইছৰ’ৰ বাবে অতি কঠিন হৈ পৰিছে। গতিকে, উন্নত দেশসমূহৰ দৰে ভাৰতেও ব্যক্তিগত খণ্ডক উদগণি যোগোৱা উচিত যাতে ইছৰোৱে গৱেষণা আৰু উন্নয়ন আৰু অধিক অন্বেষণৰ অভিযানমসূহ সফলতাৰে অব্যাহত ৰাখিব পাৰে।
প্ৰশ্নঃ ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীয়ে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?
উত্তৰঃ এটা হ’ল প্ৰশিক্ষিত মানৱশক্তিৰ অভাৱ। আগতে আমি ব্ৰেইন ড্ৰেইনৰ বাবে বহু মানৱশক্তি হেৰুৱাইছো, বহু ভাৰতীয়ই নাছাত কাম কৰি আছে। ভৱিষ্যতৰ গৱেষণামূলক কামৰ বাবে থলুৱা প্ৰতিভাৰ নিযুক্তি হৈছে আনটো প্ৰত্যাহ্বান। মহাকাশ অতি নিৰ্দিষ্ট খণ্ড হোৱাৰ বাবে নিয়োগৰ সুযোগ যথেষ্ট সীমিত। অৱশ্যে মই ক’ম যে উদ্যোগটো ব্যক্তিগত খণ্ডৰ বাবে মুকলি হোৱাৰ লগে লগে কথাবোৰ নিশ্চিতভাৱে উন্নত হ'ব৷ প্ৰতিভাক আকৰ্ষিত কৰা, যুৱ অৱস্থাত তেওঁলোকক কৰ্মক্ষেত্ৰত লগোৱা, তেওঁলোকৰ কল্পনাশক্তিক জাগ্ৰত কৰাটো অতি প্ৰয়োজনীয়। এই কথা যিদৰে ড° কালামেও উল্লেখ কৰিছিল।
প্ৰশ্নঃ ২০১৯ চনত ইছৰ’ই আৰম্ভ কৰা বাৰ্ষিক বিশেষ যুৱ বিজ্ঞানী কাৰ্যসূচী (Yuva Vigykaryakram YUVIKA)ক আপুনি কেনেদৰে ৰেটিং দিব। ২০১৯, ২০২২ আৰু ২০২৩ চনলৈকে এই কাৰ্যসূচীত ৬০৩ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।
উত্তৰঃ মই যেতিয়া মোৰ সন্তানক ডাঙৰ-দীঘল কৰিছিলো, তেতিয়া মোৰ উদ্দেশ্য আছিল তেওঁলোকক বিভিন্ন বৃত্তিৰ সৈতে পৰিচয় কৰাই দিয়া। মই ভাবো, এইটো এটা অতি ভাল পদক্ষেপ। যুৱক-যুৱতীসকলে ইছৰ’ৰ সকলো মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰি ওচৰৰ পৰা চাব পাৰে যে বিজ্ঞানীসকলে কেনেধৰণে কাম কৰিছে। এইদৰে তেওঁলোকে যুৱ অৱস্থাতে প্ৰত্যাহ্বানসমূহ বুজিব পাৰে। আৰু এই সকলোবোৰে তেওঁলোকৰ কল্পনাশক্তিক জগাই তুলিব আৰু যিসকল সঁচাকৈয়ে আগ্ৰহী তেওঁলোকে মহাকাশ ক্ষেত্ৰখনক নিজৰ সপোন হিচাপে গঢ়ি তুলিব আৰু নিজৰ নিৰ্বাচিত ক্ষেত্ৰখনত উৎকৃষ্টতা অৰ্জন কৰাটো জীৱনৰ লক্ষ্য কৰি ল’ব। আমাক এনে বুদ্ধিমান যুৱক লাগে যিয়ে ইছৰ’ৰ এই সফলতাৰ যাত্ৰাক আগবঢ়াই নিব পাৰিব।
প্ৰশ্নঃ ১৯৮৪ চনৰ গ্রীষ্মকালৰ আপোনাৰ সেই অবিশ্বাস্য মহাকাশ যাত্ৰাৰ বিষয়ে কিছু কথা আমাৰ সৈতে শ্বেয়াৰ নকৰিলে এই কথা-বতৰা আধৰুৱা হৈ ৰ’ব৷
উত্তৰঃ সেই যাত্ৰা যথেষ্ট কঠিন আছিল। কিন্তু এটা কথাই মোক অনু্প্ৰাণিত কৰিছিল যে দেশৰ একমাত্ৰ ব্যক্তি হিচাপে মই মহাকাশলৈ যোৱাৰ আকৰ্ষণীয় সুযোগ লাভ কৰিছো। মহাকাশে সদায় প্ৰতিটো প্ৰজন্মক মোহিত কৰি আহিছে। স্কুলীয়া ছাত্ৰ হৈ থাকোঁতে ইউৰি গাগৰিণে মহাকাশলৈ গৈছিল। তাৰ পিছত আমেৰিকাৰ মহাকাশচাৰীয়ে চন্দ্ৰপৃষ্ঠত ভৰি থৈ ইতিহাস ৰচে। তেতিয়াই মোৰ মনত কল্পবিজ্ঞান সজীৱ হৈ উঠিছিল। ভাৰতে মানৱসঞ্চালিত মহাকাশ অভিযানৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সেই একে ধৰণৰ অনুভৱ আকৌ এবাৰ জাগ্ৰত হৈছে।
ৰবিশ মালহোত্ৰা আৰু মই উভয়ে এটা নতুন ভাষা শিকিব লগা হৈছিল। আমি নতুন পৰিৱেশ আৰু আন দেশৰ পেছাদাৰীসকলৰ লগত খাপ খাব লাগিছিল। অভিযামৰ পেছাদাৰী দিশটো ইমান প্ৰত্যাহ্বানজনক নাছিল কাৰণ আমি নিৰ্বাচিত হোৱাৰ সময়ত ৰবিশ আৰু মই দুয়োজনেই অভিজ্ঞ টেষ্ট পাইলট আছিলোঁ। বাকী কামবোৰ আমাৰ বাবে কিছু কঠিন আছিল।