দেশ মাতৃৰ হকে মৃত্যুবৰণ কৰা আৰক্ষী বিষয়া মইনুল হকক চৰকাৰৰ শ্বহীদ ঘোষণা; জন্মস্থান বৰপেটাত শ্বহীদ বেদী স্থাপন

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্বহীদ আৰক্ষী বিষয়া মইনুল হক আৰু বৰপেটাত স্থাপন কৰা শ্বহীদ বেদী (বাওঁফালৰ পৰা)
শ্বহীদ আৰক্ষী বিষয়া মইনুল হক আৰু বৰপেটাত স্থাপন কৰা শ্বহীদ বেদী (বাওঁফালৰ পৰা)
 
চাইজুৰ ৰহমান /বৰপেটা
 
দেশ মাতৃৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদ মইনুল হকক সুদীৰ্ঘ ৩২ বছৰৰ মুৰত অসম তথা ভাৰত চৰকাৰে শ্বহীদ ঘোষণা কৰাৰ লগতে তেওঁৰ নামত শ্বহীদ বেদী স্থাপন কৰিছে। চৰকাৰৰ এনে পদক্ষেপে শ্বহীদ আৰক্ষী বিষয়া মইনুল হকৰ জন্মস্থান বৰপেটা জিলাৰ গৰেমাৰী গাঁওবাসীক আনন্দিত কৰিছে আৰু তেওঁলোকক সন্তোষ দিছে। 
 
উল্লেখ্য যে, ১৯৯১ চনৰ ২১ জানুৱাৰীত বৰপেটা DSB শাখাত কৰ্তব্যৰত অৱস্থাত আৰক্ষী উপ-পৰিদর্শক মইনুল হকক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। সেইগৰাকী আৰক্ষী বিষয়াৰ ত্যাগৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ অসম চৰকাৰে শেহতীয়াকৈ দেশৰ স্বাধীনৰ ৭৫ বছৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অধীনত ১০২ নং কুমল্লীয়াপাৰা গাঁও পঞ্চায়তৰ দ্বাৰা স্থানীয় জনপ্ৰিয় কলেজত শ্বহীদ বীৰ মইনুল হকৰ নামত  শ্বহীদ বেদী স্থাপন কৰে।
 
শ্বহীদ আৰক্ষী বিষয়া মইনুল হকৰ নামত স্থাপন কৰা শ্বহীদ বেদী উদ্বোধনীৰ পূৰ্বৰ এক দৃশ্য
 
১৯৪৮ চনত গৰেমাৰী গাঁওত জন্ম গ্ৰহণ কৰা মইনুল হক এজন দক্ষ আৰু সাহসী আৰক্ষী বিষয়াৰ লগতে এজন সমাজ সচেতন ব্যক্তি আছিল। তেওঁৰ প্ৰচেষ্টাত বৃহত্তৰ গৰেমাৰী অঞ্চলত গঢ়ি উঠিছিল জনপ্ৰিয় কলেজ, গৰেমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বাবৰ আলী মোল্লা এম ই মাদ্ৰাছা ইত্যাদি বিভিন্ন  অনুষ্ঠান-প্ৰতিষ্ঠান। মইনুল হকে তেওঁৰ শিক্ষা জীৱন বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিল আৰু তাৰ পৰাই হায়াৰ চেকেণ্ডেৰী পৰীক্ষা পাছ কৰিয়ে অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰি অসমৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ দেশ মাতৃৰ সেৱা কৰিছিল। 
 
কৰ্তব্যৰত অৱস্থাতে উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়া গৰাকীক সুদীৰ্ঘ ৩২ বছৰ পাছত চৰকাৰে শ্বহীদ ঘোষণা কৰি তেওঁৰ নামত শ্বহীদ বেদী স্থাপন কৰাত স্থানীয় জনসাধাৰণ, বিভিন্ন দল-সংগঠন আৰু তেওঁৰ  পৰিয়ালৰ লোকে চৰকাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। এই সন্দৰ্ভত গৰেমাৰী গাঁওৰ চৰকাৰী গাঁওপ্ৰধান বুলবুল হুছেইনে কয়, কৰ্তব্যৰত অৱস্থাত দেশ মাতৃৰ হকে আত্মবলিদান দিয়া আৰক্ষী বিষয়া মইনুল হকক চৰকাৰে শ্বহীদ ঘোষণা কৰাত আমি সন্তোষ লাভ কৰিছো। অসম মাতৃৰ স্বাভিমান, মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি শ্বহীদ হোৱা আৰক্ষী বিষয়াজনৰ আত্মবলিদান গৰেমাৰী অঞ্চলৰ নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ'ব।
 
একেদৰে, স্থানীয় জনপ্ৰিয় কলেজত অনুষ্ঠিত শ্বহীদ বেদী স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ১০২ নং কুমুল্লীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানমে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বীৰ শ্বহীদ মইনুল হকৰ নামত শ্বহীদ বেদী স্থাপন কৰিবলৈ পাই অতি আনন্দ আৰু গৌৰৱ অনুভৱ কৰা বুলি প্ৰকাশ কৰে। 
 
১০২ নং কুমল্লীয়াপাৰা গাঁও পঞ্চায়তৰ দ্বাৰা স্থানীয় জনপ্ৰিয় কলেজত শ্বহীদ বীৰ মইনুল হকৰ নামত  স্থাপন কৰা শ্বহীদ বেদী উদ্বোধনীৰ এক মূহুৰ্ত
 
আনহাতে, বীৰ শ্বহীদ আৰক্ষী বিষয়া ময়নুল হকৰ পুত্ৰ তথা শ্ৰীমন্ত শংকৰদেৱ কলেজৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইনে মনৰ ভাৱ ব্যক্ত কৰি কয়, "মোৰ দেউতা শ্বহীদ মইনুল হক অসম আৰক্ষীত কৰ্তব্যৰত অৱস্থাত ১৯৯১ চনৰ ২১ জানুৱাৰীত উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰিছিল। পলমকৈ হ'লেও সুদীৰ্ঘ ৩২ বছৰৰ পিছত চৰকাৰে তেওঁক শ্বহীদ ঘোষণা কৰিছে। তাৰ বাবে ম‌ই অসম তথা ভাৰত চৰকাৰক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো। লগতে দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া সকলো শ্বহীদৰ আত্মাৰ সদ্গতি কামনা কৰিছো।"
 
বৰপেটাৰ গৰেমাৰী-বানিয়াৰপাৰাস্থিত জনপ্ৰিয় কলেজত অনুষ্ঠিত এই অনুষ্ঠানটোত কলে খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিৰাজুল হক সহ বহুকেইগৰাকী অধ্যাপক-কৰ্মচাৰী, ৰেচম বিভাগৰ সহকাৰী পৰিদৰ্শক হুৰমুজ আলী প্ৰমুখ্যে বীৰ শ্বহীদ আৰক্ষী বিষয়া ময়নুল হকৰ পৰিয়াল, আত্মীয়-স্বজন, স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে।