এটা আঙুঠিৰ সহায়ত কেনেকৈ ৫ দশক পূৰ্বে হেৰুওৱা বান্ধৱীক বিচাৰি পালে তৈবুন নিছাই ?

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 1 Years ago
তৈবুন নিছা আৰু তেওঁৰ বান্ধৱী জুলেখা
তৈবুন নিছা আৰু তেওঁৰ বান্ধৱী জুলেখা
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুন নিছাৰ জীৱনত সদায় এটা চিন্তাই আমনি কৰি আছিল। এই চিন্তাই তেওঁক বছৰ বছৰ ধৰি খুলি খুলি খাইছিল, সহায় বিচাৰি আনকো প্ৰকাশ কৰিব পৰা নাছিল। মাত্ৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল যে তেওঁ যাতে বহু বছৰ ধৰি বিচাৰি থকা স্কুলীয়া সহপাঠী এগৰাকীক মৃত্যুৰ পূৰ্বে সাক্ষাত কৰিব পাৰে। অৱশেষত নেদেখাজনে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে আৰু শেহতীয়াকৈ শিৱসাগৰত ৭০ উৰ্ধৰ দুই বান্ধৱী লগা-লগি হয়। ইয়াৰ লগে লগে তৈবুন নিছাই দীৰ্ঘদিনীয়া চিন্তাৰ পৰা সকাহ লাভ কৰে !
 
প্ৰবীণ খেলুৱৈগৰাকীৰ এই চিন্তা প্ৰায় ছয় দশকৰ আগৰ স্কুলীয়া দিনৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া তেওঁৰ সহপাঠী জুলেখাই শ্ৰেণীকোঠাত এটা সোণৰ আঙঠি হেৰুৱাইছিল। ইয়াৰ পিছত দুদিনমান ধৰি স্কুলত হৈ-হাল্লা হৈছিল যদিও আঙঠিটো ক’তো পোৱা নগ’ল। সেই সময়ত স্কুলত এটা নিয়ম আছিল যে স্কুলত সোনকালে আহি পোৱা ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠা ঝাড়ু দি ধূলি চাফা কৰিব লাগে।
খেলৰ প্ৰতি আগ্ৰহী তৈবুন নিছাই প্ৰায় প্ৰতিদিনে আনতকৈ আগতেই স্কুলত উপস্থিত হৈছিল যাতে তেওঁ স্কুলৰ খেলপথাৰত অনুশীলন কৰিবলৈ কিছু সময় লাভ কৰে। এদিন পুৱা সোনকালে স্কুল পোৱাৰ লগে লগে তেওঁক নিজৰ শ্ৰেণীকোঠা চাফা কৰিবলৈ দিয়া হ’ল। সেইদিনা ঝাড়ু দি থাকোঁতে তৈবুন নিছাই শ্ৰেণীকোঠাৰ এটা চুকত আঙঠিটো পাইছিল। কিন্তু, তেতিয়াই তেওঁৰ মনত এটা ভয়ংকৰ অনুভৱ সোমাইছিল যে জুলেখাক আঙুঠিটো ঘূৰাই দিলে, মানুহে হয়তো অভিযোগ কৰিব যে আঙুঠিটো তৈবুন নিছাই চুৰি কৰি ইমানদিনে ভয়তে লুকুৱাই ৰাখিছিল। সেই ভয়তে তেওঁ আঙুঠিটো নিজৰ লগতে ৰাখিবলৈ সিদ্ধান্ত ল'লে।
 
উল্লেখ্য যে, তৈবুন নিছা আছিল এজন কৃষকৰ কন্যা আৰু জুলেখাৰ দেউতাক আছিল এজন চৰকাৰী কৰ্মচাৰী। 
 
তৈবুন নিছা আৰু তেওঁৰ বান্ধৱী জুলেখাই শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খন
 
“তাৰ পিছত দেউতাৰ মৃত্যু হ’ল, আমাৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়া হৈ গ’ল। আমি কেতিয়াবা ঘৰুৱা সামগ্ৰী বিক্ৰী কৰিয়েই জীয়াই থাকিব লগা হৈছিল। ইয়াৰ ভিতৰত জুলেখাৰ আঙঠিটোও আমি এদিন বিক্ৰী কৰিবলৈ বাধ্য হৈছিলো। ক্ৰীড়াত মোৰ প্ৰদৰ্শনৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেত চাকৰি পোৱাৰ পিছতহে আমাৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিছিল।"-নিছাই কয়।
 
“গতানুগতিক কামেৰে আমি আমাৰ জীৱনটো আগবঢ়াই লৈ গৈছিলো। তাৰ মাজতো যোৱা পাঁচ দশকৰো অধিক সময় ধৰি এটা চিন্তাই মোক সদায় খেদি ফুৰিছিল। যিদিনা আমি আমাৰ পৰিয়ালৰ আৰ্থিক সংগ্ৰামৰ বাবে জুলেখাৰ আঙঠিটো বিক্ৰী কৰি দিছিলো, সেইদিনাৰ পৰাই মই চিন্তিত হৈ পৰিছিলোঁ যে নেদেখাজনৰ ওচৰত মই ইয়াৰ কি উত্তৰ দিম ! তাৰ পিছত মই যেতিয়া স্বাৱলম্বী হ’লোঁ, তেতিয়া মই সংকল্প ল’লোঁ যে জুলেখাক সকলো কথা ক’ম আৰু তাইক মই আঙঠিটোৰ মূল্য ঘূৰাই দিম। কিন্তু, সেই সময়লৈকে জুলেখাৰ বিয়া হৈ গ’ল আৰু তাইৰ লগত মোৰ যোগাযোগ নোহোৱা হৈ গ’ল৷
 
“যেতিয়াই মই শিৱসাগৰলৈ গৈছিলো তেতিয়াই মই সদায় জুলেখাৰ ঠিকনাৰ সন্ধান উলিওৱাৰ চেষ্টা কৰিছিলো। এনে কামৰ বাবে মই আনৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰিলোঁ আৰু শিৱসাগৰত থকা মোৰ সৰু ভনীক জুলেখাৰ ঠিকনা বিচাৰি থাকিবলৈ ক’লোঁ আৰু অৱশেষত তাই শিৱসাগৰৰ কুকুৰাপুহিয়াত জুলেখাৰ ঘৰৰ ঠিকনা বিচাৰি পালে। মোৰ আনন্দৰ কোনো সীমা নাছিল, যেতিয়া মই গম পালোঁ যে তাই জীয়াই আছে আৰু মই তাইৰ যোগাযোগ নম্বৰটো সংগ্ৰহ কৰিলো। মই লগে লগে তাইক ফোন কৰি ক’লোঁ যে মই শিৱসাগৰলৈ যোৱাৰ সময়ত তাইক লগ পাম," 'আৱাজ দ্য ভইচ'ক এইদৰে কয় নিছাই। 
 
অৱশেষত বহু অপেক্ষাৰ মূৰত, কিছু দিন পূৰ্বে জুলেখাৰ বাসগৃহত উপস্থিত হ'ল তৈবুন নিছা। বহু দশকৰ মূৰত দুই হেৰুওৱা বান্ধৱীৰ পুনৰ মিলন সম্ভৱ হৈ উঠিল। “আমি আমাৰ স্কুলীয়া দিনবোৰৰ কথা সোঁৱৰণ কৰোঁ, একেলগে খাদ্য গ্ৰহণ কৰো আৰু বহু সময় আড্ডা মাৰিছিলো, তাৰ পিছত মই তাইক সুধিছিলো, ‘স্কুলত যে তোমাৰ এটা আঙঠি হেৰাইছিল সেয়া মনত আছেনে ?’ তাই প্ৰথমতে কৈছিল যে তাইৰ দেখোন মনত পৰা নাই। তাৰ পাছত মই তাইক কথাটো সোঁৱৰাই দিবলৈ চেষ্টা কৰিলোঁ ‘সেইটো হীৰা আকৃতিৰ আছিল?’, আৰু অলপ পিছত তাইৰ মনত পৰিল। তাৰ পিছত মই তাইক মোৰ দুৰ্দশা আৰু তাইক বিচাৰি উলিয়াবলৈ কৰা দীঘলীয়া প্ৰচেষ্টাৰ কথা ক’লোঁ। মই তাইক ক’লোঁ যে মই সেই আঙঠিটোৰ মূল্য হিচাপে কিছু পৰিমাণৰ ধন ঘূৰাই দিবলৈ ইয়ালৈ আহিছো। জুলেখাই সেই ধন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, কিন্তু মই জোৰ কৰি ধনৰ পেকেটটো তাইৰ হাতত তুলি দিলোঁ," নিছাই কয়।
 
তৈবুন নিছাৰ বান্ধৱী জুলেখা
 
“এতিয়া, মই অত্যন্ত সকাহ অনুভৱ কৰিছো। মনটো মুকলি হৈ পৰিছে। আজিকালি প্ৰায় প্ৰতিদিনে মই জুলেখাৰ লগত কথা পাতো।"-মহিলাগৰাকীয়ে লগতে কয়।
 
ইফালে, জুলেখাই সাংবাদিকৰ আগত কয়, “তৈবুন নিছাৰ এনে আন্তৰিকতাই আমাক আপ্লুত কৰি তুলিছে। মোৰ বাসগৃহত তেওঁক আদৰণি জনাই মই যথেষ্ট আচৰিত হৈছিলো। মই ক’লোঁ তেওঁ মোক এনেকুৱা কোনো ধন আদায় দিব নালাগে, যিটো মই নিজেও আনকি পাহৰি গৈছিলোঁ। কিন্তু, তেওঁ মোক জোৰকৈ ক’লে যে মই ইয়াক গ্ৰহণ কৰিবই লাগিব," জুলেখাই কয়।
 
হজ কৰিবলৈ যোৱাৰ সময়তো এই চিন্তাই তেওঁক আমনি কৰিছিল নেকি বুলি সোধাত তৈবুন নিছাই কয়, "আমি ইমান গভীৰতালৈ নাযাওঁ দিয়া, কিন্তু এটা কথাই মাত্ৰ ক’ব পাৰো যে জুলেখাৰ বাবে টকাখিনি মই সুকীয়াকৈ ৰাখি থৈছিলো।”
 
এন এফ ৰেলৱেৰ জ্যেষ্ঠ বিষয়া হিচাপে অৱসৰ লোৱাৰ পিছত নিছাই গুৱাহাটীস্থিত নিজৰ বাসগৃহত ফিটনেছ জিম চলাই আছে আৰু বিভিন্ন দাতব্য কামৰ সৈতে জড়িত হৈ পৰিছে।