চৰকাৰৰ ₹২ লাখৰ পুৰস্কাৰ নাকচ কৰি দেশজুৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিল মানৱদৰদী দীপক কুমাৰ

Story by  atv | Posted by  [email protected] • 6 d ago
দীপক কুমাৰ
দীপক কুমাৰ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
যি সময়ত সমাজত ঘৃণা আৰু উত্তেজনা দ্ৰুতগতিত বিয়পি পৰে, তেনে সময়তে কিছুমান মানুহে মানৱতা, সহানুভূতি আৰু সাহসৰ নীৰৱ ভাষাৰে সকলোৰে হৃদয় জয় কৰি আহিছে। তেনে এগৰাকী ব্যক্তি হৈছে দীপক কুমাৰ। যিয়ে স্বীকৃতিৰ পৰিৱৰ্তে মানৱতাক বাছি লৈ সম্প্ৰতি দেশজুৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
 
শেহতীয়াকৈ তেওঁ ৭০ বছৰীয়া এজন দোকানীক আক্ৰমণ কৰিবলৈ অহা এটা দুৰ্বৃত্তৰ দলৰ বিৰুদ্ধে থিয় দিছিল, যিসকলে দোকানীজনক তেওঁৰ দোকানখনৰ নাম সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।
 
এই ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰাৰ পিছত ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে দীপকৰ সাহসৰ সন্মানাৰ্থে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। কিন্তু দীপকে এটি সাধাৰণ অনুৰোধ কৰি সেই ধন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
দীপকে কয়, "২ লাখ টকা এক বৃহৎ ধনৰাশি। সেয়েহে যদি মন্ত্ৰীগৰাকীয়ে এই ধনৰাশি কোনো বিশেষভাৱে সক্ষম লোকক বা অন্য কোনো অভাৱগ্ৰস্ত লোকক দিয়ে, তেন্তে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় হ'ব। যিসকল লোকক এই ধনৰাশি প্ৰয়োজনীয়তা ছে, সেইসকলক এই ধন প্ৰদান কৰক।"
 
যি সময়ত সহানুভূতিতকৈ ক্ষোভ, হিংসা, বিদ্বেষ বেছি বিয়পে, সেই সময়ত এজন ব্যক্তিয়ে সন্মান, সহানুভূতি আৰু শান্ত সাহসৰ পক্ষ বাচি লয়। আৰু সেই সিদ্ধান্তই লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে।
 
উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰাখণ্ডৰ স্থানীয় যুৱকৰ এটা দলে কোটদ্বাৰৰ বজাৰত এখন দোকানৰ মুছলমান মালিকক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰাত দীপকে হস্তক্ষেপ কৰিছিল। দোকানখনৰ নামত 'বাবা' শব্দটো ব্যৱহাৰ কৰাৰ বাবেই সমস্যাৰ সৃষ্টি হৈছিল। যেতিয়া দোকানীজন আৰু তেওঁৰ পুত্ৰই আক্ৰমণাত্মক যুৱক কেইজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰি আছিল, তেতিয়াই দীপকে তেওঁলোকৰ কথাৰ মাজত হস্তক্ষেপ কৰিছিল।
 
যেতিয়া দলটোৱে দীপকক প্ৰশ্ন কৰিছিল যে, তেওঁ দোকানীজনক ৰক্ষণাবেক্ষণ কিয় কৰিবলৈ আহিছে, তেওঁ কোন হয়, তেতিয়া দীপকে শান্তভাৱে উত্তৰ দি কৈছিল যে, "মোৰ নাম দীপক মহম্মদ"।  এই ঘটনাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হয় আৰু শীঘ্ৰে ভাইৰেল হৈ পৰে। এক্স (পূৰ্বতে টুইটাৰ) ত এই ছবিখন পোষ্ট কৰাৰ পিছত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে দীপকৰ সাহস আৰু ভাৰতীয় পৰিচয়ৰ প্ৰতি থকা দৃঢ় অনুভূতিৰ বাবে তেওঁক প্ৰশংসা কৰে।
 
এই আৱেগিক ঘটনাটো বাবা স্কুল ড্ৰেছ এণ্ড মেটচিং চেণ্টাৰত সংঘটিত হৈছিল, যি হৈছে এখন সৰু দোকান যি কেইবা দশক ধৰি চলি আহিছে। যিখন উত্তৰাখণ্ডৰ কোটদ্বাৰত শ্বোইব আহমেদৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত।  তেওঁ সোঁপন্থী সংগঠনৰ সৈতে জড়িত বুলি অভিযোগ কৰা এটা দলে দোকানখনৰ নামত 'বাবা' শব্দৰ ব্যৱহাৰৰ বিৰোধিতা কৰাৰ পিছত দোকানখন আক্ৰমণৰ সন্মুখীন হয়। তেওঁলোকে প্ৰশ্ন কৰে যে, মুছলমান সম্প্ৰদায়ৰ দোকানৰ এই শব্দটো ব্যৱহাৰ কৰাৰ অধিকাৰ আছেনে?
 
দীপকৰ হস্তক্ষেপে স্থানীয় বাসিন্দাসকলক উৎসাহিত কৰিছে, যিসকলৰ বহুতেই আহমেদ পৰিয়ালক বছৰ বছৰ ধৰি জানে। যদিও আলোচনা উত্তেজনাপূৰ্ণ আছিল, ধৰ্মীয় পৰিচয়ৰ পৰিৱৰ্তে দীৰ্ঘদিনীয়া চুবুৰীয়া সম্পৰ্কক ভিত্তি কৰি পৰিয়ালৰ সমৰ্থন কৰাৰ বাবে পৰিৱেশ সলনি হৈছিল। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ'বলৈ নিদিয়ে।
 
কথাৰে আৰম্ভ হোৱা তৰ্ক শীঘ্ৰে দোকানী গৰাকীৰ বৃদ্ধ পিতৃ ৱেকেল আহমেদৰ বাবে অস্বস্তিকৰ হৈ পৰিছিল। তেওঁক দোকানখনৰ নাম আৰু সেই নাম ব্যৱহাৰ কৰাৰ অধিকাৰ দুয়োটাকেই ন্যায্যতা দিবলৈ কোৱা হৈছিল। কণ্ঠ আৰু অধিক উচ্চ  হৈছিল, আৰু অধিক মানুহ গোট খাইছিল। বৰ্তমানৰ পৰিস্থিতিত পৰিস্থিতি হিংসাত্মক হোৱাৰ দিশে আগবাঢ়িছিল।
 
সেই মুহূৰ্তত স্থানীয় হিন্দু বাসিন্দা দীপক কুমাৰ আগবাঢ়ি আহিছিল। তেওঁ নীৰৱ হৈ নাথাকি দলটোৰ যুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ তেওঁলোকক সোঁৱৰাই দিয়ে যে, মুছলমানসকল ভাৰতৰ সমান অধিকাৰ থকা নাগৰিক। যেতিয়া তেওঁৰ পৰিচয়ৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁৰ উত্তৰ আছিল "মোৰ নাম মহম্মদ দীপক"। তেওঁৰ কথাবোৰে এই ধাৰণাক প্ৰত্যাহ্বান জনাইছিল যে ধৰ্ম বা নামেই নিৰ্ণয় কৰে তেওঁ কোন দেশৰ নাগৰিক হয়।
 
দীপক কুমাৰে পিছত এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি লোকসকলক ঘৃণাক পৰিত্যাগ কৰিবলৈ আৰু একতাৰ বাবে থিয় হ'বলৈ আহ্বান জনায়। তেওঁ কয় যে, ধৰ্মৰ বাবে মানুহক লক্ষ্য কৰাটোৱে দেশৰ সামাজিক সম্প্ৰীতিৰ ক্ষতি কৰে। তেওঁ সকলোকে সোঁৱৰাই দিয়ে যে, মানৱতা সদায় পৰিচয়তকৈ আগত ৰখা হয়।  যি সময়ত উত্তৰাখণ্ড আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা ধৰ্মীয় ভয়-ভাবুকিৰ ঘটনা পোহৰলৈ আহিছে, সেই সময়ত কোটদ্বাৰ ঘটনাটো বিশেষভাৱে চৰ্চিত হৈছে- সংঘাতৰ বাবে নহয়, বৰঞ্চ এজন সাধাৰণ নাগৰিকে নীৰৱতাৰ সলনি সাহস, ভয়ৰ সলনি সহানুভূতি আৰু বিভাজনৰ সলনি ঐক্যক বাছি লোৱাৰ বাবে।