ভাৰতক ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া ১০ গৰাকী মুছলমান আইনবিদ

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
স্বাধীনতাৰ পিছত বহু মুছলমানে ভাৰতীয় ন্যায়পালিকা আৰু আইনজীৱী বৃত্তিৰ সমৃদ্ধি সাধন কৰিছে। ভাৰতৰ ১০ জন শীৰ্ষ আইনী ব্যক্তিৰ তালিকা তলত দিয়া হ'ল, যিসকলে ভাৰতৰ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু তেওঁলোকৰ কাৰ্য্যকালত জনসাধাৰণে ন্যায় লাভ কৰিছে।

এম চি ছাগলা
 
মহম্মেদালী কুৰিম ছাগলা স্বাধীনতাৰ পিছত বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ আছিল। আধুনিক ভাৰতৰ আইনী আৰু ৰাজনৈতিক দৃষ্টিকোণ গঢ়ি তোলাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ১৯০০ চনত বোম্বেত জন্মগ্ৰহণ কৰা ছাগলাই অক্সফ'ৰ্ডত শিক্ষা গ্ৰহণ কৰে আৰু প্ৰখ্যাত লিংকন ইনত বাৰলৈ আমন্ত্ৰিত হয়। তেওঁৰ আইনজীৱী কেৰিয়াৰৰ উপৰিও, তেওঁ স্পষ্টতা, সততা আৰু উদাৰ দৃষ্টিভংগীৰ বাবে জনাজাত আছিল।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ সৈতে ন্যায়াধীশ এম চি ছাগলা
 
তেওঁৰ বিচাৰত প্ৰায়ে নাগৰিক স্বাধীনতা আৰু সাংবিধানিক নৈতিকতাৰ প্ৰতি গভীৰ চিন্তা প্ৰতিফলিত কৰিছিল। ছাগলা আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত, ব্ৰিটেইনৰ উচ্চায়ুক্ত আৰু তাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাত শিক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
তেওঁ গণতন্ত্ৰ আৰু স্বচ্ছতাত দৃঢ় বিশ্বাসী আছিল। তেওঁৰ আত্মজীৱনী, "ৰ'জেছ ইন ডিচেম্বৰ"ত তেওঁৰ জীৱন আৰু মূল্যবোধৰ বিষয়ে তেওঁৰ সৎ চিন্তা-চৰ্চাক প্ৰতিফলিত কৰা হৈছে। তেওঁক এজন সন্মানীয় ৰাষ্ট্ৰনেতা হিচাপে স্মৰণ কৰা হয়। যিয়ে বুদ্ধিমত্তাৰ সৈতে নৈতিক সাহসৰ সংমিশ্ৰণ কৰি উচিত ন্যায় প্ৰদানৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁ সমাজত ভিন্ন মতৰ লোকৰ পৰা প্ৰশংসা লাভ কৰিছিল।

এ এম আহমাদী
 
মুখ্য ন্যায়াধীশ আজিজ মুছাব্বাৰ আহমাদী  ভাৰতৰ অন্যতম সন্মানীয় আইনজ্ঞ। তেওঁ গুজৰাটৰ চুৰাটত এটি দাউদী বোহৰা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ নিম্ন আদালতৰ ন্যায়াধীশ আছিল। ১৯৫৪ চনত তেওঁ আহমেদাবাদৰ আদালতত আইনজীৱী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ ১৯৬৪ চনৰ মাৰ্চত মাত্ৰ ৩২ বছৰ বয়সত চিভিল জজ হিচাপে নিযুক্ত হৈছিল। বিশেষকৈ সেই সময়ত তেওঁ সেই পৰ্য্যায়ৰ একমাত্ৰ মুছলমান ন্যায়াধীশ আছিল।
 
নাতিনীয়েকৰ সৈতে ন্যায়াধীশ এ এম আহমদী
 
তেওঁৰ নিযুক্তিৰ সময়ত প্ৰতিবাদৰ সন্মূখীন হ'বলগীয়া হৈছিল। পিছলৈ ১৯৮৮ চনৰ ডিচেম্বৰ মাহত তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ উন্নীত কৰা হয় আৰু ১৯৯৪ চনৰ ২৫ অক্টোবৰত তেওঁক মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হয়।
 
ন্যায়াধীশ হিচাপে থকা সময়ছোৱাত তেওঁ ২৩২ ৰো অধিক ৰায় দিছিল আৰু তেওঁৰ সমগ্ৰ কাৰ্যকালত ৮০০ ৰো অধিক বিচাৰপীঠৰ অংশ আছিল। তেওঁৰ ঐতিহাসিক ৰায়সমূহৰ ভিতৰত আছে এছ.আৰ. বোমাই বনাম ইউনিয়ন অৱ ইণ্ডিয়া (১৯৯৪)। তেওঁ সেই ৯ জনীয়া বিচাৰপীঠৰ সদস্য আছিল যিয়ে অ'বিচি সংৰক্ষণক সমৰ্থন কৰিছিল। য'ত ৫০ শতাংশৰ সীমা নিৰ্ধাৰণ কৰাত সহায় কৰিছিল আৰু 'ক্ৰীমী লেয়াৰ' বৰ্জনৰ সংজ্ঞা দিছিল।

এম. ফাতিমা বীভী
 
ন্যায়াধীশ ফাতিমা বীভীক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৮৯ চনৰ ৬ অক্টোবৰত নিযুক্তি পোৱা ফাতিমা বীভী ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আৰু এছিয়াৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হয়। তেওঁ কেৰালাৰ পাথানামথিতাৰ বাসিন্দা আছিল। ১৯৫০ চনত তেওঁ বাৰ কাউন্সিলৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা প্ৰথমগৰাকী মহিলা হিচাপে স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল আৰু কল্লামত এগৰাকী অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল।
 
ন্যায়াধীশ এম. ফাতিমা বীভী
 
তেওঁ ১৯৫৮ চনত কেৰালাৰ ন্যায়পালিকাত মুন্সীফ হিচাপে যোগদান কৰিছিল আৰু পিছলৈ পদোন্নতি লাভ কৰি শীৰ্ষ পৰ্যায়ৰ ন্যায়পালিকাৰ পদত অধিষ্ঠিত হৈছিল। ১৯৮৩ চনত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পিছত তেওঁ ভাৰতৰ উচ্চ ন্যায়পালিকাৰ প্ৰথম মুছলমান মহিলা হিচাপে পৰিগণিত হয়। তেওঁ কয় যে তেওঁৰ নিযুক্তিয়ে ন্যায়পালিকাত মহিলাসকলৰ বাবে "এক বন্ধ দুৱাৰ খুলি দিছে"। পৰৱৰ্তী সময়ত তেওঁ তামিলনাডুৰ ৰাজ্যপাল হৈছিল।

এম এইচ বেগ 
 
ন্যায়াধীশ মিৰ্জা হামিদুল্লাহ বেগে ১৯৭৭ চনৰ জানুৱাৰীৰ পৰা ১৯৭৮ চনৰ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ ১৫ তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ বিদ্বান দৃষ্টিভংগী আৰু সাংবিধানিক আইনৰ গভীৰ বুজাশক্তিৰ  বাবে জনাজাত আছিল। ন্যায়াধীশ বেগে ভাৰতীয় ন্যায়িক ইতিহাসৰ এক অশান্ত সময়ছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মুখ্য ন্যায়াধীশ হোৱাৰ আগতে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু পিছত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।
 
ন্যায়াধীশ এম এইচ বেগ
 
তেওঁৰ কেৰিয়াৰৰ অন্যতম উল্লেখযোগ্য দিশ আছিল এডিএম জবলপুৰ গোচৰত (১৯৭৬) তেওঁৰ জড়িত হৈ থকা, য'ত তেওঁ জৰুৰীকালীন অৱস্থাৰ সময়ত মৌলিক অধিকাৰৰ স্থগিতাকৰণক বিতৰ্কিতভাৱে সমৰ্থন কৰিছিল। অৱসৰৰ পিছত তেওঁ ভাৰতৰ সংখ্যালঘু আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মহম্মদ হিদায়তুল্লাহ 
 
মহম্মদ হিদায়তুল্লাহ ১৯৬৮ চনৰ পৰা ১৯৭০ চনলৈ ভাৰতৰ ১১ তম মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু সাংবিধানিক আইনৰ গভীৰ বোধগম্যতাৰ বাবে জনাজাত আছিল। তেওঁ ভাৰতীয় ন্যায়বিচাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯০৫ চনত লক্ষ্ণৌত জন্মগ্ৰহণ কৰা হিদায়তুল্লাহৰ এক বিশিষ্ট শৈক্ষিক পটভূমি আছিল আৰু উচ্চতম ন্যায়ালয়ত যোগদান কৰাৰ পূৰ্বেও তেওঁ এগৰাকী বিশিষ্ট আইনজ্ঞ আছিল।
 
ন্যায়াধীশ মহম্মদ হিদায়তুল্লাহ
 
তেওঁৰ ন্যায়িক অৱদানৰ উপৰিও তেওঁ ১৯৬৯ চনত ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি আৰু পিছত ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ ভাৰতৰ উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিদায়তুল্লাহক তেওঁৰ সততা, শিক্ষাগত অৰ্হতা আৰু ন্যায়ৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বাবে প্ৰশংসা কৰা হৈছিল। তেওঁৰ এই উত্তৰাধিকাৰে ভাৰতৰ আইনী ক্ষেত্ৰৰ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

আলতামাছ কবীৰ
 
ন্যায়াধীশ আলতামাছ কবীৰ ভাৰতৰ ৩৯ তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এটা বঙালী মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ কলকাতা বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল। ন্যায়াধীশ কবিৰে ১৯৭৩ চনত তেওঁৰ আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। পিছত তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ উন্নীত হয় আৰু অৱশেষত ২০১২ চনৰ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ হয়।
 
ন্যায়াধীশ আলতামাছ কবীৰ
 
ন্যায়াধীশ কবিৰ তেওঁৰ কৰুণ দৃষ্টিভংগী আৰু বিশেষভাৱে মানৱ অধিকাৰ আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদানৰ বাবে জনাজাত আছিল। তেওঁ বিশেষভাৱে সমাজৰ পৰা বঞ্চিতসকলৰ প্ৰতি থকা উদ্বিগ্নতা আৰু সকলোৰে বাবে ন্যায় প্ৰদানৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে সন্মানিত আছিল। ন্যায়াধীশ অলতামাছ কবীৰৰ ২০১৭ চনৰ ১৯ ফেব্ৰুৱাৰীত মৃত্যু হয়। তেওঁৰ কেৰিয়াৰ ভাৰতীয় আইনী ক্ষেত্ৰখনত এক প্ৰেৰণা হিচাপে ৰৈ গৈছে।

বাহাৰুল ইছলাম
 
ন্যায়াধীশ বাহাৰুল ইছলাম এগৰাকী প্ৰখ্যাত ভাৰতীয় আইনজ্ঞ আৰু সংসদীয় সদস্য আছিল। ১৯১৮ চনত অসমত জন্মগ্ৰহণ কৰা তেওঁ এগৰাকী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল।
 
ন্যায়াধীশ বাহাৰুল ইছলাম
 
১৯৮০ চনত, ন্যায়াধীশ ইছলামক ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ উন্নীত কৰা হয়। দেশৰ সৰ্বোচ্চ ন্যায়িক কাৰ্য্যালয়ত কাম কৰাৰ পূৰ্বে তেওঁ বিধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ বিচাৰ স্পষ্টতা, ন্যায্যতা আৰু মানৱ অধিকাৰৰ প্ৰতি উদ্বিগ্নতাৰ বাবে পৰিচিত আছিল। ন্যায়পালিকাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে তেওঁ কিছু সময়ৰ বাবে ৰাজনীতিলৈ উভতে আৰু পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।
 
আহছানুদ্দিন আমানুল্লাহ
 
ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ। তেওঁ সততা, আইনী দক্ষতা আৰু ন্যায়ৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে জনাজাত। আহছানুদ্দিন আমানুল্লাহে ১৯৬৩ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ আইনী আৰু ৰাজহুৱা সেৱাৰ সৈতে জড়িত এটা পৰিয়ালৰ সদস্য। তেওঁ পাটনা উচ্চ ন্যায়ালয়ত তেওঁৰ আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল, য'ত তেওঁ সাংবিধানিক আৰু অসামৰিক গোচৰৰ এক বিস্তৃত পৰিসৰৰ ন্যায় আৰু গভীৰতাৰে পৰিচালনা কৰাৰ বাবে স্বীকৃতি লাভ কৰিছিল।
 
ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ
 
২০১১ চনত তেওঁ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু পিছত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰীত তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ ন্যায়িক কেৰিয়াৰৰ সময়ছোৱাত ন্যায়াধীশ আমানুল্লাই তেওঁৰ উচিত বিচাৰ, প্ৰগতিশীল দৃষ্টিভংগী আৰু আইনী ব্যৱস্থাত স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ বাবে সন্মান অৰ্জন কৰিছে।

ফইজান মুস্তাফা 
 
ফইজান মুস্তাফা এগৰাকী শিক্ষাবিদ আৰু আইনী পণ্ডিত। তেওঁ হায়দৰাবাদৰ নেশ্যনেল একাডেমী অৱ লিগেল ষ্টডিজ এণ্ড ৰিচাৰ্ছ (NALSAR) আইন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় ওড়িশা (NLUO) ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।
 
শিক্ষাবিদ আৰু আইনী পণ্ডিত ফইজান মুস্তাফা
 
তেওঁ টেকন'ল'জি ইনকিউবেটৰ টি-হাবৰ পৰিচালনা সমিতিৰ সদস্য। শেহতীয়াকৈ তেওঁ পাটনাৰ চানাইকা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ছাবিহুল হাছনাইন
 
১৯৮০ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে ন্যায়াধীশ ছাবিহুল হাছনাইনে। ১৯৮৪ চনত তেওঁ এজন অধিবক্তা হিচাপে নামভৰ্তি কৰে আৰু মূলতঃ চিভিল ছাইড/কনষ্টিটিউচনেল এণ্ড ছাৰ্ভিচত কাম কৰে।
 
ন্যায়াধীশ ছাবিহুল হাছনাইনে (বাওঁফালে)
 
২০০৮ চনৰ মে' মাহত তেওঁক অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ২০১০ চনৰ ১৯ এপ্ৰিলত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁক দিল্লী বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।