'পদ্মশ্ৰী' নুৰুদ্দিন আহমেদৰ সোণসেৰীয়া যাত্ৰা

Story by  atv | Posted by  Munni Begum • 2 h ago
'পদ্মশ্ৰী' নুৰুদ্দিন আহমেদ
'পদ্মশ্ৰী' নুৰুদ্দিন আহমেদ
 
  স্বপ্না দাস
 
গণতন্ত্ৰ দিৱসৰ এই মহত্ত্বপূৰ্ণ দিনটোত দেশৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। কলা-সংস্কৃতিৰ জগতৰ পৰা সামাজিক-ৰাজনৈতিক ক্ষেত্ৰলৈ অতুলনীয় অৱদানেৰে অসম তথা ভাৰতৰ সেৱাত উজ্জ্বল নিদৰ্শন সৃষ্টি কৰি সকলোৰে আদৰ্শ হৈ পৰা ৰাজ্যৰ পাঁচগৰাকীকৈ স্বনামধন্য ব্যক্তিক পদ্মশ্ৰী সন্মানৰ বাবে বাছনি কৰাতো ৰাজ্যখনৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱময় অধ্যায়। 
 
এইবাৰ অসমৰ পৰা পাঁচগৰাকী ব্যক্তিয়ে এই সন্মান লাভ কৰাটো ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয়। অসমৰ সু-সন্তান হৰিচৰণ শইকীয়া, প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থ, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি, যোগেশ দেউৰীয়ে এই সন্মান লাভেৰে অসমীয়া সমাজৰ প্ৰতিভা, শ্ৰম আৰু সমৰ্পণক ৰাষ্ট্ৰীয় মঞ্চত নতুনকৈ স্বীকৃতি প্ৰদান কৰিছে।
এই গৌৰৱময় তালিকাত অন্তৰ্ভুক্ত হোৱা পাঁচগৰাকী সন্মানপ্ৰাপকৰ ভিতৰত এগৰাকী নীৰৱ সাধকৰ নাম নুৰুদ্দিন আহমেদ। অসমীয়া শিল্পজগতৰ বাবে বিশেষ তাৎপৰ্য বহন কৰে। নুৰুদ্দিন আহমেদে নিজৰ কৰ্ম, নিষ্ঠা আৰু দীৰ্ঘদিনীয়া সাধনাৰে সমাজলৈ যি মূল্যবান অৱদান আগবঢ়াই আহিছে, সেয়া এই পদ্মশ্ৰী সন্মানৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে। নিঃশব্দে, নীৰৱে নিজৰ ক্ষেত্ৰত কাম কৰি অহা নুৰুদ্দিন আহমেদৰ যাত্ৰাই প্ৰমাণ কৰে যে সঁচা প্ৰতিভা আৰু সততা কেতিয়াও অথলে নাযায়। এই সন্মান কেৱল ব্যক্তিগত কৃতিত্বৰ স্বীকৃতি নহয়; ই এখন ৰাজ্যৰ সংস্কৃতি, সৃষ্টিশীলতা আৰু শ্ৰমসাধনাৰ ৰাষ্ট্ৰীয় স্বীকৃতি। 
 
শৈশৱৰ পৰাই সৃজনশীল মনত উদ্ভাৱন হোৱা কল্পনাক হাতৰ পৰশেৰে সজাই পৰাই পৰিদৃষ্ট কৰাৰ প্ৰয়াসত ব্ৰতী এই ব্যক্তিগৰাকীয়েই  অসমৰ সুসন্তান নুৰুদ্দিন আহমেদ। নলবাৰী জিলাৰ হাতিকুঁছিত জন্মলাভ কৰা এগৰাকী কলাসুলভ ব্যক্তি যাৰ ঐকাত্মিক সাধনা, আশাসুধীয়া প্ৰচেষ্টা আৰু শ্ৰমৰ ফলত অনন্য ৰূপত প্ৰতিভাত হৈ আহিছে অলেখ কীৰ্তি। যিগৰাকী ব্যক্তিৰ হাতৰ পৰশত বিগত সময়ছোৱাত প্ৰাণ পাই উঠিছে ঐতিহাসিক স্মাৰক, বহু কালজয়ী দৃশ্য, ধ্ৰুপদী শিল্প, বিশিষ্ট ব্যক্তিৰ পূৰ্ণাংগ মূৰ্তি আদি--- শিল্পকলাৰ সৈতে জড়িত এইগৰাকী বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদৰ কৰ্মৰাজিৰ বাবেই সকলোৰে মাজত তেওঁ পৰিচিত 'প্ৰতীকপট স্ৰষ্টা' ৰূপে। 
 
শৈশৱৰে পৰাই কলা-শিল্পৰ প্ৰতি দুৰ্বাৰ আৰ্কষণ অনুভৱ কৰা নুৰুদ্দিন আহমেদ সৃষ্ট বিভিন্ন বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি, অসমৰ  ভিন্ন সংস্কৃতিৰ প্ৰতীকী ৰূপ, ঐতিহ্য বিজড়িত অনেক সম্পদৰ চানেকি আদিয়ে তেওঁৰ কলাত্মক সৃষ্টিৰ অনন্য নিদৰ্শন দাঙি ধৰি আহিছে। শিল্পকলাৰ প্ৰতি মনত দুৰ্বাৰ হেঁপাহ থকা নুৰুদ্দিন আহমেদে তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই শিক্ষা, সাহিত্য, কলা-সংস্কৃতিৰ 'নৱদ্বীপ' হিচাপে পৰিচিত নলবাৰীৰ জন্মঠাইত অনুষ্ঠিত এখন নাটকৰ মঞ্চৰ চেটিঙৰ কামৰে আৰম্ভ কৰা এই যাত্ৰা পৰৱৰ্তী কলাসুলভ যাত্ৰাপথত অনেক স্বাভাৱিক ঘাট-প্ৰতিঘাটৰ মাজেৰে ন ন চমকপ্ৰদ সৃষ্টিৰে অগ্ৰসৰ হৈ গৈছিল। 
 
ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মান কৰা ৫০০০ বছৰ পুৰণি মায়া সভ্যতাৰ মূল মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা পূজাৰ পেণ্ডেল আৰু ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত পূজা মণ্ডপ
 
নলবাৰীৰে আন এগৰাকী সুসন্তান, 'জীৱনশিল্পী' আদ্য শৰ্মাৰ অনন্য প্ৰয়াসেৰে 'কহিনুৰ থিয়েটাৰ'ৰ মঞ্চত দৰ্শকক বিমুগ্ধ কৰি আটলাণ্টিক মহাসাগৰৰ বুকুত টাইটানিক ডুবোৱাৰ যি অন্যতম কলাসুলভ কৰ্ম,  তাৰো অন্যতম সহযোগী আছিল নুৰুদ্দিন আহমেদ। চাৰিমাহ পূৰ্বে অসম বাসীয়ে অকালতে হেৰুওৱা সকলোৰে বুকুৰ আপোন জুবিন গাৰ্গৰ প্ৰতিকী ৰূপ দিয়া তথা বিগত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা সৰুসজাইৰ 'ঝুমইৰ বিনন্দিনী'ৰ মূল তোৰণ। অনুষ্ঠানৰ মূল মঞ্চ সজোৱাৰ পৰা আদি কৰি 'এড্‌ভাণ্টেজ আছাম ২.০'ৰ বাবে বৰঝাৰৰ পৰা খানাপাৰালৈ মুঠ ২০খনকৈ  আদৰণি তোৰণ দৃষ্টিনন্দন ৰূপত সজাই-পৰাই তোলাৰ গধূৰ দায়িত্বও ন্যস্ত আছিল তেওঁৰ হাততেই। 
 
তদুপৰি ভ্ৰাম্যমাণৰ মঞ্চত ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ 'সমুদ্ৰ মন্থন'ৰ দৃশ্যায়নো এইগৰাকী ভাস্কৰ্য শিল্পৰে কলাত্মক সৃষ্টি আছিল। দুৰ্গা পূজাত বাঁহেৰে ১০১ ফুট উচ্চ মূৰ্তি নিৰ্মাণ কৰি ২০১৭ চনত 'গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ৰ বাবে সাজু হৈছিল যদিও দুৰ্ভাগ্যৱশত এজাক ধুমুহা-বৰষুণে সেই মূৰুতিৰ অনিষ্ট সাধন কৰাত সেই বিশ্ব অভিলেখ গঢ়িব নোৱাৰিলে। কিন্তু সেই ধুমুহায়ো যেন নুৰুদ্দিন আহমেদৰ মনোবল ভাঙিব নোৱাৰিলে; বৰং বঢ়ালেহে। ২০১৭ চনৰেই দুৰ্গা পূজালৈ মাত্ৰ ছদিন বাকী থাকোতে দিন-ৰাতি একাকাৰ কৰি মূৰ্তিটো পুনৰ্নিমাণত ব্যস্ত হোৱাৰোপৰি সেই কাম এসপ্তাহলৈ এদিন বাকী থাকোতেই সম্পূৰ্ণ কৰাৰ পিছত সেই মূৰ্তিটো 'লিমকা বুক অফ ৰেকৰ্ডছ'ত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হয়। 
 
এয়া অসমৰ বাবেই গৌৰৱৰ কথা! এয়া যিকোনো প্ৰতিকূলতাকো নেওচি স্বপ্নিল প্ৰত্যাশা পূৰণৰ উদ্দেশ্যে মানসিক সাহসক সাৰথি কৰি কৰ্মব্ৰতী হৈ থকাৰ অনুপ্ৰেৰণা! আনহাতে, আমি জানো যে নতুন নতুন চিন্তাৰে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে প্ৰতিবছৰে দুৰ্গা পূজাত দেৱী দুর্গাৰ প্ৰতিমাৰ উপৰি দুৰ্গোৎসৱকে ধৰি বিভিন্ন পূজাৰ মণ্ডপো বিভিন্নধৰণে নিৰ্মাণ কৰি অহাৰ লগতে তাজমহলৰ প্ৰতীকী ৰূপ, পূজাৰ মণ্ডপ আৰু পেণ্ডেলৰ যোগেদি  পাঁচ হেজাৰ বছৰ পুৰণি মায়া সভ্যতাৰ আভাস দিয়াৰ ব্যতিক্ৰম প্ৰয়াসো কৰিছিল এইগৰাকী শিল্পী নুৰুদ্দিন আহমেদে। 
 
১৯৭৫ চনৰ পৰাই কলাত্মক শিল্পৰ সৈতে জড়িত নুৰুদ্দিন আহমেদৰ নিৰ্দেশনাত আৰু নেতৃত্বত নিৰ্মাণ কৰা অসমৰ প্ৰতীকপট ২০০১ চনৰ পৰা ২০০৩ চনলৈকে ক্ৰমাগতভাৱে দিল্লীত গণৰাজ্য দিৱসত উপস্থাপন হৈছিল। তদুপৰি ২০০৩ চনৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট নিৰ্মাণৰ বাবে তেওঁ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। ৫০ বছৰীয়া কৰ্মজীৱনত শতাধিক ছবিত কলা নিৰ্দেশক হিচাপে জড়িত হোৱা এইগৰাকী নীৰৱ সাধকৰ অৱদানৰ কথা কৈ যেন  শেষ কৰিব নোৱাৰি। 
 
ৰাজ্যৰ ৰাজধানী চহৰত অনুষ্ঠিত হৈ যোৱা 'এড্‌ভাণ্টেজ আছাম ২.০' আৰু  'ঝুমইৰ বিনন্দিনী' শীৰ্ষক অনন্য অনুষ্ঠান দুটাৰ বাবে বৰঝাৰ বিমান বান্দৰৰ পৰা সৰুসজাইৰ মূল কলাত্মক আৰু দৃষ্টিনন্দন মঞ্চলৈকে সাঙুৰি মুঠ কুৰিখন তোৰণ নিৰ্মাণেৰে গুৱাহাটীক যেন অপৰূপা নকইনাৰ ৰূপতহে সজাই তুলিছিল নুৰুদ্দিন আহমেদে। ২০খনকৈ আদৰণি তোৰণ মাত্ৰ ১০ দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছিল তেওঁ, যিটো একপ্ৰকাৰ আছিল এক প্ৰকাৰ প্ৰত্যাহ্বান স্বৰূপ। কিন্তু প্ৰত্যাহ্বানৰ হাঁহিমুখে আৰু কৰ্মতৎপৰ মনেৰে মুখামুখি হয় সাধ্য কৰি তোলাত ওস্তাদ নুৰুদ্দিন আহমেদে এই প্ৰত্যাহ্বানৰ ক্ষেত্ৰতো সফলতা লাভ কৰে--- তাকো অতি দৃষ্টিনন্দন ৰূপত কুৰিখন তোৰণ এসপ্তাহ তিনিদিনত নিৰ্মাণ কৰি। ব্যস্ত গুৱাহাটীৰ ৰাজপথত কেতিয়া তেওঁ এই কাম কেনেকৈ সমাধা কৰিছিল?
 
সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ
 
নুৰুদ্দিন আহমেদে সদৰী কৰা মতে দিনত যিহেতু গুৱাহাটীৰ ব্যস্ততা অন্তহীন, সেইবাবেই বৰঝাৰৰ পৰা খানাপাৰালৈকে এনেদৰে আদৰণি তোৰণ নিৰ্মান কৰাটো বৰ কঠিন কাম আছিল যদিও বেছিভাগ নিশাৰ ভাগতেই তোৰণ নিৰ্মাণৰ কাম কৰিবলগীয়া হৈছিল বোলে। আনহাতে, ইমান দৃষ্টিনন্দন ৰূপত সৰুসজাইৰ ১২৩ ফুট বহল আৰু ২৪ ফুট উচ্চতাৰ মূল মঞ্চখন নিৰ্মাণ কৰাটোও জানো উজু কাম আছিল? কিন্তু তাকো কৰি দেখুৱায় নুৰুদ্দিন আহমেদে--- তাকো কলাসুলভতাক প্ৰতিভাত কৰি। সকলোৱেই জানো যে নুৰুদ্দিন আহমেদৰ সৃষ্টিকৰ্ম অনন্য আৰু বাৰ্তাবাহক। 
 
'এড্‌ভাণ্টেজ আছাম ২.০' আৰু 'ঝুমইৰ বিনন্দিনী'ৰ অনুষ্ঠানৰ বাবে নিৰ্মিত মঞ্চ, তোৰণ, পেণ্ডেল আদিত সৃষ্ট শিল্পকৰ্মৰ মাজেৰে সমগ্ৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি আদিক উপস্থাপন কৰাৰ প্ৰয়াস কৰা দেখা গৈছে। যেন তেওঁৰ শিল্পকৰ্মৰ মাজেৰেই এয়াও কৃষ্টি-সংস্কৃতিত চহকী অসমক প্ৰতীকী ৰূপত তুলি ধৰাৰ এক প্ৰচেষ্টা বুলিব পাৰি। দুই পুত্ৰৰ সহযোগত এই কৰ্ম সম্পাদন কৰা নুৰুদ্দিন আহমেদে এই শিল্পকৰ্মই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাত সুখী। 
 
এই সম্পৰ্কত তেওঁৰ অভিমত, "সৰুসজাইৰ 'ঝুমইৰ বিনন্দিনী'ৰ মূল তোৰণ আৰু মূল মঞ্চ সজোৱাৰ পৰা আদিকৰি 'এড্‌ভাণ্টেজ আছাম'ৰ বাবে বৰঝাৰৰ পৰা খানাপাৰালৈ মুঠ ২০খন  আদৰণি তোৰণ পুত্ৰদ্বয়ৰ সহযোগত নিৰ্মাণ কৰা হ'ল। দৰ্শকৰ প্ৰশংসাৰ বাবে ধন্যবাদ জনালোঁ।" আনহাতে, ২০২৫ চনৰ আৰম্ভণিতে অনুষ্ঠিত অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰো বিজ্ঞান মেলা প্ৰাণ পাই উঠিছিল নুৰুদ্দিন আহমেদৰ হাতৰ পৰশতে। উল্লেখযোগ্য যে ১৯৮৭ চনত হোৱা সাহিত্য সভাৰ পাঠশালা অধিবেশনৰো  কলাত্মক দিশত হেনো তেওঁৰ যথেষ্ট অৱদান আছিল। 
 
মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ, দ্য গ্ৰেট ৱাল অফ চাইনা, ৰোমৰ কল'চিয়ামকে ধৰি বিভিন্ন চমকপ্ৰদ কলাসুলভ কৰ্মৰে খ্যাতি অৰ্জন কৰা নুৰুদ্দিন আহমেদ নিজেই এগৰাকী সফল শিল্পী হোৱাৰ সমানে তেওঁৰ প্ৰচেষ্টাত  জন্ম পোৱা কাহিলীপাৰাস্থিত ৰাজদ্বীপ ষ্টুডিঅ'ই বহু কলাশিল্পী আৰু ভাস্কৰ্যশিল্পীৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক জীৱন আৰু জীৱিকাৰ পথো প্ৰদৰ্শন কৰিছে। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে শিল্প সাধনাত ব্ৰতী অসমৰ এইগৰাকী স্বনামধন্য শিল্পী নুৰুদ্দিন আহমেদে ২০০৫ চনত নাটকৰ মঞ্চ চেটিঙৰ বাবে 'কমল লাল মেম'ৰিয়েল বঁটা' লাভ কৰিছিল ৷ 
 
শিল্প আৰু কলাৰ জগতখনলৈ কেইবাদশক ধৰি প্ৰদান কৰি অহা অৱদানৰ বাবে ২০১৭ চনত সংগীত নাটক অকাডেমী বঁটাও লাভ কৰা এইগৰাকী শিল্পীৰ হাতৰ যি যাদু, নলবাৰীত ওপজা সেই শিল্পসত্ত্বা আমাৰ গৌৰৱ, অসমীয়াৰ সম্পদ। যিগৰাকী ব্যক্তিয়ে নিজৰ কৰ্মৰ মাজেৰে সমাজক সমৃদ্ধ কৰে, সময়ে তেওঁক নিজেই স্বীকৃতি দিয়ে। সেই স্বীকৃতি  যদি প্ৰাপ্ত হয় জীৱিত কালত তাতকৈ হয়তো অধিক সুখকৰ আন একো নহ'ব।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)