অনাথ আশ্ৰমৰ পৰা আই এ এছ বিষয়া হোৱালৈ বি আব্দুল নাছাৰৰ প্ৰেৰণাদায়ক কাহিনী

Story by  atv | Posted by  [email protected] • 10 Months ago
অনাথ আশ্ৰমৰ পৰা আই এ এছ বিষয়া হোৱালৈ বি আব্দুল নাছাৰৰ প্ৰেৰণাদায়ক কাহিনী
অনাথ আশ্ৰমৰ পৰা আই এ এছ বিষয়া হোৱালৈ বি আব্দুল নাছাৰৰ প্ৰেৰণাদায়ক কাহিনী
 
অনিকা মহেশ্বৰী / নতুন দিল্লী

কিতাপ বিক্ৰেতা গোপাল জীয়ে মোক তেওঁৰ দোকানত বিনামূলীয়াকৈ কিতাপ পঢ়াৰ অনুমতি দিছিল। সৰুতে মই সকলো ধৰ্মৰ কিতাপ পঢ়িছিলোঁ, তাৰ পৰাই গম পাইছিলোঁ যে এবাৰ মনটো দৃঢ় কৰিলেই সকলো সম্ভৱ। চি এছ কোচিঙত মোৰ বহু বন্ধু হিন্দু আছিল, যিয়ে মোক বহুত উৎসাহিত কৰিছিল। এই মন্তব্য আই এ এছ বিষয়া আব্দুল নাছাৰ বিৰ।

প্ৰতি বছৰে ইউ পি এছ চিৰ ফলাফল ঘোষণাৰ লগে লগে এনে বহু প্ৰেৰণাদায়ী কাহিনী পোহৰলৈ আহে, য’ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত পৰীক্ষাৰ্থীসকলৰ ত্যাগ, কষ্ট আৰু সংগ্ৰামৰ কৰা প্ৰকাশ পায়। এনে এক কাহিনীৰ নায়ক হ'ল কেৰালা কেডাৰৰ এজন আই এ এছ বিষয়া। তেওঁ পাঁচ বছৰ বয়সত অনাথ হৈ কেইবাবছৰ ধৰি অনাথ আশ্ৰমত কটাইছিল আৰু বৰ্তমান কেৰালা চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত সচিব হিচাপে কাম কৰি আছে।

পিতৃৰ মৃত্যুৰ সময়ত কেৰালাৰ থালাছেৰীৰ বাসিন্দা বায়িল আব্দুল নাছাৰৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ আৰু মাকৰ বাবে ছয়টা সন্তানৰ যত্ন লোৱাটো সেই সময়ত অসম্ভৱ হৈ পৰিছিল। কিন্তু তেওঁ সদায় উজ্জ্বল ভৱিষ্যতৰ বাবে সন্তানক ভাল শিক্ষা দিব বিচাৰিছিল, সেয়েহে পৰিয়ালটোৰ মৌলিক খৰচ বহন কৰিবলৈ নাছাৰৰ মাকে বিভিন্নজনৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
 

আব্দুল নাছাৰে শৈশৱত থকা অনাথ আশ্ৰমখন
 
অকলশৰীয়া পিতৃ-মাতৃ হোৱাৰ বাবে ছয়টা সন্তানক খুৱাই দিয়াৰ দায়িত্ব মাকৰ বাবে অত্যধিক হৈ পৰিছিল, গতিকে আত্মীয়ৰ লগত পৰামৰ্শ কৰি তেওঁ নিজৰ সৰু সন্তান আব্দুলক থালাছেৰীৰ দাৰুছালাম নামৰ স্থানীয় অনাথ আশ্ৰমলৈ পঠোৱাৰ সিদ্ধান্ত লয়।

আই এ এছ বিষয়া আব্দুল নাছাৰ বিয়ে 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত কয়, বৰ্তমান ভাৰতৰ জি-২০ শ্বেৰপা অমিতাভ কান্ত আই এ এছ বিষয়া আব্দুল নাছাৰৰ বাবে আদৰ্শ ব্যক্তি আছিল। অনাথ আশ্ৰমত পৰিচালিত উচ্চ প্ৰাথমিক বিদ্যালয়খনত যেতিয়া নাছাৰে পঢ়ি আছিল, তেতিয়া উপায়ুক্ত হিচাপে নিযুক্তি পোৱা নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে অনাথ আশ্ৰমখনলৈ গৈছিল। এনে এজন ডেকা আই এ এছ বিষয়াক দেখি নাছাৰে এদিন জিলা উপায়ুক্ত হোৱাৰ সপোন দেখিবলৈ ধৰিলে। আই এ এছ বিষয়া আব্দুল নাছাৰ বিয়ে মাত্ৰ ১১ বছৰ বয়সতে থালাচেৰী অনাথ আশ্ৰমত কাণ্টক প্ৰথম সাক্ষাৎ কৰিছিল।

আৰম্ভণিতে তেওঁৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ নাছিল। কিন্তু অনাথ আশ্ৰমৰ সেই পৰিবেশত সোমাই পঢ়া-শুনাত তেওঁ ক্ৰমাত মনোনিৱেশ কৰিব পাৰিছিল। কেইবছৰমানৰ পাছত তেওঁ এছ এছ এল চি (দশম শ্ৰেণী) সম্পূৰ্ণ কৰি অধিক পঢ়া-শুনাৰ বাবে আন এখন সুনামধন্য অনাথ আশ্ৰমলৈ বদলি হয়। ত্ৰিছুৰৰ ভাতনাপল্লী অনাথ আশ্ৰমলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰে।

স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ কিছু সময়ৰ পিছতে তেওঁ বাংগালুৰুত স্বাস্থ্য পৰিদৰ্শক ডিপ্লমাৰ চাকৰিমুখী পাঠ্যক্ৰমত যোগদান কৰে, কিয়নো তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পাৰিবাৰিক বোজাৰ সন্মুখীন হৈছিল। অৱশ্যে তাৰ পিছত তেওঁ পুনৰ জন্মস্থানলৈ গৈ ইংৰাজী সাহিত্যৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে, নাছাৰে ১৯৯৪ চনত কেৰালাৰ স্বাস্থ্য বিভাগত স্বাস্থ্য পৰিদৰ্শক হিচাপে প্ৰথম চৰকাৰী চাকৰি লাভ কৰে। এবছৰ স্বাস্থ্য বিভাগত সেৱা আগবঢ়োৱাৰ পিছত তেওঁ পুনৰ জন্মস্থানলৈ গৈ উচ্চ প্ৰাথমিক শিক্ষক হিচাপে কাম কৰে যদিও অতি সোনকালেই পুনৰ আগৰ চাকৰিলৈ ঘূৰি আহে।

উপায়ুক্ত হোৱাৰ লক্ষ্যৰে তেওঁ কেৰেলা ৰাজ্যিক অসামৰিক সেৱাৰ কাৰ্যবাহী পদৰ বাবে আবেদন কৰি স্বাস্থ্য পৰিদৰ্শক হিচাপে কাম কৰি তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। অৱশ্যে তেওঁৰ সমৰ্থনত পত্নী এম কে ৰুকছানা আগবাঢ়ি অহাত তেওঁ চাকৰিৰ পৰা অব্যাহতি লয়। স্কুলৰ শিক্ষয়িত্ৰী হোৱাৰ বাবে ৰুকছানাই পৰিয়াল চোৱাচিতাৰ দায়িত্ব ল’লে।

ৰাজ্যিক পৰ্যায়ৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অত্যন্ত নিষ্ঠাবান হৈ নাছাৰে প্ৰস্তুতিৰ বাবে বিভিন্ন স্থানলৈ গৈছিল। ২০০২ চনত তেওঁ প্ৰাৰম্ভিক পৰীক্ষাত আৰু ২০০৪ চনত মূল পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অৱশেষত ২০০৬ চনত কেৰেলা ৰাজ্যিক অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হৈ তেওঁ ডেপুটি কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰিছিল।

আই এ এছ বিষয়া আব্দুল নাছাৰ বিয়ে 'আৱাজ দ্য ভইচ'ক জনোৱা মতে এই সময়ছোৱাত ২০১২ চনত তেওঁৰ মাকৰ মৃত্যু হয় আৰু তাৰ পিছত পত্নী আৰু পৰিয়ালৰ আন সকলোৱে তেওঁক আৰু অধিক পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰে। তেওঁৰ সপোন আছিল আই এ এছ বিষয়া হোৱাৰ আৰু সপোন সাৰ্থক কৰাৰ দিশত প্ৰথম পদক্ষেপ ইতিমধ্যে সম্পূৰ্ণ হৈছিল। ২০১৫ বৰ্ষত তেওঁ ‘কেৰালাৰ শ্ৰেষ্ঠ ডেপুটি কালেক্টৰ’ হিচাপে নিৰ্বাচিত হয়।

২০১৭ চনৰ অক্টোবৰ মাহত আব্দুল নাছাৰক আই এ এছ বিষয়াৰ পদবীলৈ উন্নীতকৰণৰ সন্দৰ্ভত কৰ্মী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে এক নিৰ্দেশ জাৰি কৰিছিল। ২০১৯ চনৰ জুলাই মাহত কেৰালাৰ কোল্লামৰ জিলা উপায়ুক্ত হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ কেৰালা চৰকাৰত গৃহ নিৰ্মাণ আয়ুক্ত হিচাপে কাম কৰিছিল। 
 
কাৰ্যালয়ত আব্দুল নাছাৰ
 
আই এ এছ বিষয়া আব্দুল নাছাৰ বিয়ে 'আৱাজ দ্য ভইচ'ক জনোৱা মতে,১৯৭৫ চনৰ ১ জুলাইত তেওঁৰ পিতৃৰ মৃত্যু হোৱাৰ পিছত ২০১৯ চনৰ ১ জুলাইত কোল্লামৰ জিলা উপায়ুক্ত হিচাপে নিযুক্তি পোৱাটো তেওঁৰ বাবে এক অতি বিশেষ আৰু স্মৰণীয় দিন আছিল। নাছাৰৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক বহুতে শলাগ লৈছে। ১৩ বছৰ ধৰি অনাথ আশ্ৰমত থাকি আই এ এছ বিষয়া হোৱাৰ কাহিনীয়ে যুৱ-প্ৰজন্মক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব।

আই এ এছ বিষয়া আব্দুল নাছাৰ বিৰ মূল চখ হৈছে খেল উপভোগ কৰা আৰু বিভিন্ন স্থান ভ্ৰমণ কৰা। ছ'চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় নাছাৰৰ ফেচবুকত ১১ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে। এইদৰে আব্দুল নাছাৰে কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ বলত অনাথ আশ্ৰমৰ পৰা গৈ এজন সফল আই এ এছ বিষয়া হ'ব পাৰিছে।

আই এ এছ বিষয়া আব্দুল নাছাৰ বিয়ে আৱাজ দ্য ভইচক জনোৱা মতে, “মই মোৰ আত্মজীৱনী অতি সোনকালে প্ৰকাশ কৰিবলৈ ওলাইছো।” নাছাৰৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বিষয়ে চৰ্চা চলি আছে, লগতে বহু যুৱকেও তেওঁৰ পৰা প্ৰেৰণা লৈছে যিয়ে ১৩ বছৰ ধৰি অনাথ আশ্ৰমত বসবাস কৰি এই সফলতা লাভ কৰিছে।