গভীৰ অৰণ্যত বাঘ বিচাৰি ফুৰা মানুহজন

Story by  Daulat Rahman | Posted by  Munni Begum • 1 Months ago
ফিৰোজ আহমেদে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এছ গিলৰ পৰা কাৰ্ল জেইছ বঁটা গ্ৰহণ কৰিছে
ফিৰোজ আহমেদে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এছ গিলৰ পৰা কাৰ্ল জেইছ বঁটা গ্ৰহণ কৰিছে
 
দৌলত ৰহমান / গুৱাহাটী  
 
তেওঁ বাঘৰ সৈতে থাকি ভাল পায়। আচৰিত লাগিলেও কথাষাৰ অতিৰঞ্জিত নহয়। গভীৰ অৰণ্যৰ মাজত বাঘ বিচাৰি ফুৰা আৰু বাঘক কেমেৰাত বন্দী কৰাটো তেওঁৰ নিচা।  
 
এনে বিপদজনক কাৰ্য্যৰ আঁৰত থকা মানুহজন হৈছে ফিৰোজ আহমেদ। উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী (wildlife biologist) ফিৰোজ ভাৰতৰ আন্তৰ্জাতিকভাৱে প্ৰশংসিত বাঘ বিশেষজ্ঞসকলৰ মাজৰ এজন। ২০১০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানীত জিৰণি লৈ থকা এটা প্ৰাপ্তবয়স্ক বাঘক তেওঁৰ কেমেৰাত বন্দী কৰাৰ পিছত তেওঁ সমগ্ৰ দেশত জনপ্ৰিয় হৈ পৰিছিল। বাঘৰ ছবিখন কেমেৰাত বন্দী কৰাৰ পিছত ফিৰোজে এইটো আৱিষ্কাৰ কৰে যে ভাৰতৰ ভিতৰতে প্ৰতি এশ বৰ্গ কিলোমিটাৰত বাঘৰ ঘনত্ব কাজিৰঙাত সৰ্বাধিক আছিল।  
 
ফিৰোজ আহমেদে লিখা এখন কিতাপৰ বেটুপাত; (সোঁফালে) অৰণ্যত শিক্ষাৰ্থীৰ এটা গোটৰ সৈতে বাৰ্তালাপ কৰি আছে
 
ফিৰোজে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বাঘৰ লোকপিয়লৰ সৈতে জড়িত হৈ আছে। তেওঁ ২০০৮-২০১৩ চনলৈ কাজিৰঙাত কেমেৰা ট্ৰেপিং অনুশীলনৰ নেতৃত্ব দিছিল। তেওঁ ২০০৭ ৰ পৰা ২০১০ চনৰ ভিতৰত ওৰাং আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ নিৰীক্ষণ প্ৰক্ৰিয়াত নেতৃত্ব প্ৰদান কৰিছিল। কেমেৰা ট্ৰেপিং অনুশীলনীৰ সময়ত ফিৰোজে বনাঞ্চলত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। খঙাল গঁড়বোৰে প্ৰায়ে ফিৰোজ আৰু তেওঁৰ দলৰ অন্য সদস্য সকলক খেদি আহিছিল।  
 
আৱাজ-দ্য ভইছ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফিৰোজে কয় যে কাজিৰঙাত বাঘৰ নিৰীক্ষণৰ কাম প্ৰত্যাহ্বানৰে ভৰি আছে। নিৰীক্ষণত নিয়োজিত ব্যক্তিজনে ভালদৰে বুজিব লাগিব যে বাঘ এটাই অৰণ্যত বিভিন্ন সময়ত তথা পৰিবেশত কেনেধৰণৰ আচৰণ কৰে। কেমেৰা ট্ৰেপিং কৰা ব্যক্তিজনে বাঘৰ দৰে চিন্তা কৰিব লাগিব। ব্যক্তিজনে নিশ্চিত কৰিব লাগিব যে বাঘটোৱে কেমেৰা স্থাপন কৰা পথটোতেই খোজ কাঢ়িব। 
 
ফিৰোজে কয়, "কাজিৰঙা আৰু অন্যান্য অঞ্চলত ডাঙৰ প্ৰত্যাহ্বান হৈছে বিপদজনক জন্তুৰ উপস্থিতি, য'ত আমি প্ৰায়ে কেমেৰা ঠিক কৰিবলৈ খোজ কাঢ়ো। আমি প্ৰায়ে গঁড় বা ম'হৰ দ্বাৰা সৃষ্টি কৰা ওখ ঘাঁহৰ সুৰংগৰ মাজেৰে খোজ কাঢ়ো। আমি গঁড়, ম'হ বা হাতীৰ জাকৰ মুখামুখিও হওঁ। এই সকলোঅবোৰ প্ৰত্যাহ্বান নেউচি আমি ২০০৯ চনত এক বৃহৎ সফলতা লাভ কৰিছিল। সেই বছৰত আমি নিশ্চিত কৰিব পাৰিছিলো যে ভাৰতৰ ভিতৰতে কাজিৰঙাত প্ৰতি এশ বৰ্গ কিলোমিটাৰত বাঘৰ ঘনত্ব সৰ্বাধিক আছিল। কাজিৰঙাত ইমান বেছি সংখ্যক বাঘ আছে বুলি তেতিয়ালৈ কোনেও বিশ্বাস কৰা নাছিল। সকলোৱে আমাক সুধিছিল যে আমাৰ তথ্যবোৰ প্ৰকৃত নে কাল্পনিক। পিছত মানুহে আমি নিৰূপন কৰা বাঘৰ স্ংখ্যাক সত্য বুলি স্বীকাৰ কৰিছিল। সেইটো এটা ইতিহাস আছিল।"
 
ফিৰোজ আহমেদ তেওঁৰ পত্নী আৰু দুই কন্যাৰ সৈতে
 
ফিৰোজে অৱশ্যে স্বীকাৰ কৰিছিল যে এই কঠিন কামটো কাজিৰঙাৰ বহু অভিজ্ঞ কৰ্মচাৰীৰ সহযোগত কিছু পৰিমানে সহজ হৈ পৰিছিল। ফিৰোজ আৰু তেওঁৰ দলৰ সদস্যসকলে ২০১২ চনত অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানত এটা বিস্তৃত কেমেৰা ট্ৰেপিং প্ৰকল্প চলাইছিল। নামদাফাৰ প্ৰকল্পটো নিশ্চিতভাৱে আটাইতকৈ প্ৰত্যাহ্বানমূলক দায়িত্ব আছিল। যিটো ফিৰোজৰ দলে গ্ৰহণ কৰিছিল আৰু সফলতাৰে সম্পূৰ্ণ কৰিছিল।  
 
নামদাফা আৰাকান আৰু পাটকাই পাহাৰৰ পৰিসৰৰ এক অংশ। নামদাফালৈ যাবলৈ একমাত্ৰ পথ হৈছে পাহাৰৰ শৃংখলা পাৰ হৈ এঠাইৰ পৰা আন এঠাইলৈ যোৱা। পাহাৰবোৰৰ গড়াবোৰ থিয় হোৱাৰ বাবে বাবে খোজ কাঢ়িবলৈ যথেষ্ট কঠিন হয়। সেয়েহে ফিৰোজ আৰু তেওঁৰ সদস্য সকলে  নিজৰ  পথ নিজে সৃষ্টি কৰি লৈছিল। ফিৰোজ আৰু তেওঁৰ দলৰ সদস্যসকলে গুগল আৰ্থ প্ৰযুক্তিৰ সহায় লৈছিল। নামদাফাতও ফিৰোজ আৰু তেওঁৰ দলৰ সদস্যসকলক কেইজনমান আগশাৰীৰ  বন কৰ্মীয়ে সহায় কৰিছিল, যিহেতু তেওঁলোকৰ নামদাফাৰ ওচৰ পাজৰৰ অঞ্চলবোৰৰ বিষয়ে ভাল জ্ঞান আছিল।
 
ফিৰোজে কয়, "অৰণ্য আৰু জীৱনৰ বিষয়ে শিকাৰ কোনো অন্ত নাই।  আমি আমাৰ কামৰ সময়ত কিছুমান চোৰাং চিকাৰীকো লগ পাইছিলো। যিয়ে আমাৰ কেমেৰা ট্ৰেপিঙৰ ব্যৱস্থাবোঅৰক বহু পৰিমানে ক্ষতি সাধন কৰিছিল। এই প্ৰত্যাহ্বানমূলক প্ৰকল্পটো তিনি মাহ ধৰি অব্যাহত আছিল। অৱশেষত আমি নামদাফাৰ পৰা প্ৰথমবাৰৰ বাবে কেমেৰাত বাঘৰ ছবিৰ আৱদ্ধ কৰিবলৈ সফল হৈছিলো।"
 
কেমেৰা ট্ৰেপিং অভিজ্ঞতাৰ বৰ্ণনা দি ফিৰোজে কৈছিল যে বাঘে অৰণ্যত ফটো তুলিবলৈ ভাল নাপায়। বাঘে স্পষ্টভাৱে অৰণ্যৰ পৰিৱেশ বুজি পায় ঠিক যেনেদৰে মানুহে নিজৰ ঘৰৰ পৰিৱেশৰ বিষয়ে বুজি পায়।  
 
ফিৰোজ আহমেদৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা জিৰণি লৈ থকা এটা প্ৰাপ্তবয়স্ক বাঘৰ প্ৰশংসিত আলোকচিত্ৰখন
 
ফিৰোজে কয়, "বাঘে সম্ভৱতঃ অৰণ্যৰ চাৰিওফালৰ পৰিবেশৰ সামান্য পৰিৱৰ্তনও চিনাক্ত কৰিব পাৰে। বাঘে আমাৰ ঘামৰ পৰা আমাৰ গোন্ধ চিনাক্ত কৰিব পাৰিছিল। অৱশ্যে, প্ৰাপ্তবয়স্ক বাঘবোৰে কেমেৰাৰ বিষয়ে চিন্তিত নহয়, আনহাতে ডেকা আৰু উপ প্ৰাপ্তবয়স্কসকল অধিক চিন্তিত। কেমেৰাৰ পোহৰে প্ৰায়ে তেওঁলোকক আতংকিত কৰি তুলিছিল। তেওঁলোকে সেই তিক্ততা মনত ৰাখে আৰু তাৰ পিছত কেমেৰা ট্ৰেপঙৰ অৱস্থান পৰিহাৰ কৰা আৰম্ভ কৰে। কিন্তু বাঘ গণনা কৰিবলৈ আমি অধিক বুদ্ধিমান হ'ব লাগিব, সেয়েহে আমি প্ৰায়ে কেমেৰা ট্ৰেপঙৰ অৱস্থানটো সঘনাই সলনি কৰিবলগীয়া হয় আৰু বাঘৰ ফটোবোৰ পুনৰ উঠাবলৈ চেষ্টা কৰোঁ। বনাঞ্চলত তেওঁলোকৰ জনসংখ্যা অনুমান কৰিবলৈ আমাক এটা বাঘ আৰু এটা অঞ্চলৰ বেছিভাগ বাঘৰ বহুতো ছবিৰ প্ৰয়োজন। সেয়েহে, আমি অৱশেষত বাঘটোক আমাৰ কৌশলত পৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰোঁ।" 
 
ফিৰোজ অসমত বৰ্তমান বাঘৰ সংখ্যাক লৈ সুখী।  তেওঁ কয়, "বাঘৰ সংখ্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে। পৰৱৰ্তী ১৫-২০ বছৰত ই দুগুণ বৃদ্ধি হ'ব পাৰে, যদিহে মানাস টাইগাৰ ৰিজাৰ্ভৰ দৰে সংখ্যা বৃদ্ধি কৰাৰ সুযোগ অধিক থকা এলেকাবোৰত বনাঞ্চলৰ ব্যৱস্থাপনা শক্তিশালী কৰা হয়। দৰাচলতে, মানাস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা যোৱা ১০ বছৰত ১০ ৰ পৰা ৪৪ লৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী ১০-১৫ বছৰত তিনিগুণ নহ'লেও দুগুণ হ'ব।"
 
ফিৰোজৰ মতে অসমৰ অন্যতম সম্ভাৱ্য বাঘৰ বাসস্থান হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যি পূৱ অৰুণাচল আৰু পূৱ অসমত বাঘৰ উৎস হিচাপেও কাম কৰে। দুৰ্ভাগ্যবশতঃ ডিব্ৰু-ছৈখোৱাৰ অৱস্থা ভাল নহয় আৰু তাত বাঘৰ সংখ্যা হ্ৰাস পাইছে। ফিৰোজে শেষবাৰৰ বাবে ২০১৩ চনত ডিব্ৰু-ছৈখোৱাত বাঘ চিনাক্ত কৰিছিল।   
 
ফিৰোজ আহমেদে ৰ'য়িংৰ পাহাৰত ট্ৰেকিং কৰি আছে; (সোঁফালে) কেমেৰা ট্ৰেপৰ সৈতে কাম কৰি আছে
 
মহম্মদ ফিৰোজ আহমেদ বৰ্তমান এক আগশাৰীৰ বেচৰকাৰী সংগঠন আৰণ্যকৰ এজন সংৰক্ষণ বিজ্ঞানী (Scientist F)। তেওঁ বাঘ, হাৰ্পেটোফাউনা (herpetofauna) আৰু সম্প্ৰদায় আধাৰিত প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ গৱেষণা আৰু সংৰক্ষণৰ চোৱাচিতা কৰে। তেওঁ আৰণ্যকৰ ভিতৰত এটা ৩০ জনীয়া দলৰ নেতৃত্ব দিয়ে।
 
মহম্মদ ফিৰোজ পূৰ্বতে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ (National Tiger Conservation Authority) সৈতে জড়িত আছিল। তেওঁ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন উপদেষ্টা সমিতিৰ সদস্য আছিল। তেওঁ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ আৰু সংৰক্ষণ প্ৰজনন বিশেষজ্ঞ গোট-ইণ্ডিয়াৰ সৈতেও জড়িত।
 
ফিৰোজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মিথচোনিয়ান ইনষ্টিটিউচনত বন্যপ্ৰাণী সংৰক্ষণ আৰু ব্যৱস্থাপনা সম্পৰ্কে প্ৰশিক্ষণ লাভ কৰিছিল।  তেওঁ থাইলেণ্ডত প্ৰয়োগযোগ্য পৰিৱেশ শিক্ষা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰিছিল যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মিথচোনিয়ান প্ৰতিষ্ঠান আৰু পৰিৱেশ শিক্ষা আৰু সংৰক্ষণ গোলকীয় দ্বাৰা প্ৰদান কৰা হৈছিল। ফিৰোজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চীৰ কেপ মে'ত কাছ' সংৰক্ষণ আৰু সম্প্ৰদায়ৰ ওপৰত প্ৰশিক্ষণো কৰিছিল। 
 
নিশাৰ ফটোগ্ৰাফীৰ সময়ত ফিৰোজ আহমেদ আৰু তেওঁৰ দল
 
মহম্মদ ফিৰোজ আহমেদ কেলিফৰ্ণিয়া একাডেমী অফ চাইন্স, আমেৰিকান মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰি, নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰি, মিউজিয়াম অৱ ভৰ্টিব্ৰেট জুল'জী ইন ইউ এছ এ আৰু নেচাৰেল হিষ্ট্ৰি মিউজিয়াম, লণ্ডনৰ ভিজিটিং ছায়েণ্টিষ্ট।
 
(আজি আন্তঃৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱস উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে)