মটৰ চাইকেলেৰে সপোন খেদি ফুৰা ৫৮বছৰীয়া ছবিৰ হুছেইন

Story by  Daulat Rahman | Posted by  Munni Begum • 2 Months ago
 ছবিৰ হুছেইন
ছবিৰ হুছেইন

দৌলত ৰহমান / গুৱাহাটী

৫৮ বছৰ বয়সতো ছবিৰ হুছেইন এজন নিপুণ বাইকাৰ। ভাৰতৰ অতি দূৰ্গম আৰু প্ৰত্যাহ্বানজনক স্থানলৈ দুটাকৈ একক বাইক অভিযানকে ধৰি কেইবাটাও সফল বাইক অভিযানৰ পিছত এতিয়া তেওঁ আলেকজেণ্ডাৰে ভাৰতত প্ৰৱেশ কৰা কণ্টকময় পথেৰে বাইক অভিযানৰ লক্ষ্য লৈছে। 

আৱাজ-দ্য ভইচ অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাবিৰ হুছেইনে কয় যে এজন বাইকাৰৰ বাবে বয়স কোনো এটা সময়ত গুৰুত্বপূৰ্ণ হ’লেও শাৰীৰিকভাৱে সুস্থ হৈ থাকিলে ৬০ বছৰ অতিক্ৰম কৰাৰ পিছতো বাইকেৰে দুসাহসিক অভিযান চলাব পাৰে। "মানসিক আৰু শাৰীৰিকভাৱে নিজকে সুস্থ কৰি ৰখাটোৱেই মূল কথা। ই সহজ নহয় যদিও অসম্ভৱো নহয়। সদায় মনত ৰাখিব, আপোনাৰ জয় আপোনাৰ ভয়ৰ মাজতে নিহিত হৈ আছে।"-এজন সাংবাদিক আৰু দুখন গ্ৰন্থৰ লেখক ছবিৰ হুছেইনে এইদৰে কয়।
 
 
২০ মে’ত ছবিৰ হুছেইনে দিল্লী-ইউ পি সীমান্তৰ বৈশালীৰ পৰা আম্বালা, জলন্ধৰ, পাঠানকোট, জম্মু, ৰাজৌৰী, শ্বোপিয়ান, শ্ৰীনগৰ, সোণামাৰ্গ আৰু লাডাখ হৈ তুৰটুকলৈ একক যাত্ৰাত নামি পৰিছিল। মুঠ ১৬০০ কিলোমিটাৰ ৱান ৱে দূৰত্বৰ অভিযানত ছাবিৰ হুছেইনৰ সৈতে আছিল চেডেলবেগ আৰু সঁজুলি, স্পেয়াৰ পাৰ্টছ, জোতা আৰু পানীৰ বটল থকা কেইটামান পেকেট ভৰ্তি এখন ছুজুকি ১৫০চিচি ফিয়েৰো।
 
২০১৩ চনৰ বাইক অভিযানৰ প্ৰত্যাহ্বান, বাধা, আনন্দ আৰু সন্তুষ্টিৰ আধাৰত হুছেইনৰ প্ৰথমখন গ্ৰন্থ "যুদ্ধক্ষেত্ৰ আৰু স্বৰ্গ" (Battlefields & Paradise) প্ৰকাশ পাইছিল। ৱেষ্টলেণ্ডৰ দ্বাৰা এই গ্ৰন্থখন প্ৰকাশ পাইছিল। গ্ৰন্থখনত ছাবিৰ হুছেইনে কাশ্মীৰৰ ৰাজনীতি আৰু সাধাৰণ মানুহৰ হৃদয়ত থকা অসাধাৰণ  দৃঢ়তা আৰু আৰু আশাৰ কথা সন্নিবিষ্ট কৰিছে। 
 
২০১৮ চনৰ শীতকালত ছবিৰ হুছেইনে ভাৰতৰ উত্তৰ-পূবত নিজৰ শিপা পুনৰ বিচাৰি উলিয়াবলৈ ৰয়েল এনফিল্ড হিমালয়ান মটৰ চাইকেলত নিজৰ দীঘলীয়া একক যাত্ৰা আৰম্ভ কৰে। উত্তৰ বংগৰ শিলিগুৰিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত তেওঁ দেশৰ কিছুমান বিপদজনক আৰু মনোমোহা পথৰ কাষেৰে ছিকিম, দাৰ্জিলিং, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, আৰু নাগালেণ্ড অতিক্ৰম কৰে।
 
ছবিৰ হুছেইনে মটৰ চাইকেলেৰে ভ্ৰমণ কৰাৰ সময়ত সংগ্ৰহ কৰা দৃশ্য
 
ছবিৰ হুছেইনে স্মৰণ কৰি কয়, ‘তেওঁৰ উত্তৰ-পূবলৈ যোৱা পথৰ বহু ঠাই মানচিত্ৰত বিন্দু মাত্ৰ আছিল যদিও ইয়াৰ নিজস্ব সৌন্দৰ্য আছে, যিয়ে মোক জীৱনত বহুমূলীয়া অভিজ্ঞতা দি থৈ গৈছে।' আকৌ এবাৰ ছবিৰ হুছেইনৰ বাইক অভিযান চৰ্চালৈ আহিছে আৰু শেহতীয়াকৈ তেওঁৰ দ্বিতীয়খন গ্ৰন্থ “Into the East” প্ৰকাশ পাইছে।
 
“উত্তৰ-পূবক বেছিভাগেই এক আওহতীয়া দৃষ্টিৰে চায়, যিয়ে ইয়াক অস্থিৰ আৰু বিভিন্ন কাৰণত প্ৰায়ে ভ্ৰমণৰ বাবে বিপদজনক ঠাই হিচাপে চিত্ৰিত কৰে। শাৰীৰিক বৈশিষ্ট্য, খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে ইয়াৰ জনসংখ্যাৰ বেছিভাগকে বিদেশী বুলি গণ্য কৰা হয়। অৱশ্যে, বাস্তৱতা বহুত বেলেগ। উত্তৰ-পূৰ্বাঞ্চল হৈছে ধুনীয়া মানুহ বসবাস কৰা এক লুকাই থকা স্বৰ্গ আৰু মোৰ গ্ৰন্থখন বিশ্বৰ আগত অঞ্চলটোক উজ্জ্বল কৰি তোলাৰ এক প্ৰয়াস।"-ছাবিৰ হুছেইনে কয়।
 
অসমত জন্ম গ্ৰহণ কৰা ছবিৰ হুছেইনে ১৯৮৭ চনৰ শেষৰ ফালে বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৮৮ চনৰ মাৰ্চ মাহত তেওঁ ইংৰাজী দৈনিক কাকত দ্য চেণ্টিনেলত যোগদান কৰে। ১৯৯০ চনত তেওঁ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াত যোগদান কৰিবলৈ দিল্লীলৈ যায় আৰু তাত দীৰ্ঘদিনধৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কাম কৰে। অৱশ্যে, ২০২২ চনত তেওঁ সাংবাদিকতা বৃত্তিটো এৰি কন্টেন্ট ৰাইটাৰ হয়।
 
ছবিৰ হুছেইনে ভ্ৰমণ কৰা ঠাইৰ দৃশ্য
 
‘মটৰ চাইকেলৰ প্ৰতি মোৰ সদায় এক প্ৰেম আছিল। বহু বছৰ আগতে মই উত্তৰাখণ্ডলৈ বাইকেৰে কেইটামান চুটি ভ্ৰমণ কৰিছিলোঁ। লাডাখলৈ প্ৰথম যাত্ৰাৰ বাবে ১৯৯৮ চনত দিল্লীৰ এটা মটৰ চাইকেল ক্লাবৰ অংশ হৈ পৰিলোঁ। ২০০৮ চনলৈকে ক্লাবৰ লগত থাকি লাডাখলৈ ৮ টা ৰাইড কৰিলোঁ। ২০০৮ চনত ক্লাব এৰি ২০১৩ চনত কাশ্মীৰ আৰু লাডাখৰ মাজেৰে প্ৰথম একক ৰাইডত গৈছিলো।’-ছবিৰ হুছেইনে কয়।
 
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সোধাত ছবিৰ হুছেইনে কয় যে যেতিয়ালৈকে তেওঁ শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে সচেতন হৈ থাকিব তেতিয়ালৈকে তেওঁ বাইক অভিযান অব্যাহত ৰাখিব। ছাবিৰ হুছেইনে কয়, "এই মুহূৰ্তত এই কথা কোৱাটো যথেষ্ট অদ্ভুত যেন লাগিলেও ভাৰতত প্ৰৱেশৰ বাবে আলেকজেণ্ডাৰে বাচি লোৱা দূৰ্গম পথেৰে সফলতাৰে বাইক অভিযান চলাবলৈ মই চেষ্টাৰ কোনো ক্ৰটি নকৰো।"