গুৱাহাটী
অসম চৰকাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা(BNSS), ২০২৩ৰ ৯৮ নং ধাৰা আৰোপ কৰি নিষিদ্ধ মৌলবাদী সংগঠনৰ সৈতে জড়িত সকলো ধৰণৰ মৌলবাদী আৰু জেহাদী সাহিত্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।
ৰাজনৈতিক (A) বিভাগে ৩ ডিচেম্বৰত জাৰি কৰা এই অধিসূচনাত জামাত-উল-মুজাহিদিন বাংলাদেশ (JMB), আনছাৰুল্লাহ বাংলা টীম (ABT), আনছাৰ-আল-ইছলাম/প্ৰ’-AQIS আৰু এনে ধৰণৰ নিষিদ্ধ সংগঠনৰ সৈতে জড়িত যিকোনো সামগ্ৰী প্ৰকাশ, প্ৰচলন, বিক্ৰী, সংৰক্ষণ আৰু ডিজিটেল শ্বেয়াৰিং নিষিদ্ধ কৰা হৈছে।
অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ যোগাযোগ আৰু ন্যায়িক বিভাগৰ পৰ্যবেক্ষণৰ পিছত এই নিৰ্দেশ জাৰি কৰা হৈছে। এই দুয়োটা বিভাগে সকীয়াই দিছে যে এনে সাহিত্য ভাৰতৰ সাৰ্বভৌমত্ব, আভ্যন্তৰীণ সুৰক্ষা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ৰাজহুৱা শৃংখলা ৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকি। প্ৰশাসনে উল্লেখ কৰে যে এই সংগঠনসমূহক ইতিমধ্যে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ৩৫ৰ অধীনত সন্ত্ৰাসবাদী গোট হিচাপে চিহ্নিত কৰা হৈছে।
চৰকাৰে উল্লেখ কৰে যে চোৰাংচোৱা প্ৰতিবেদন, চাইবাৰ পেট্ৰ'লিং ইনপুট আৰু অসম আৰক্ষী আৰু বিশেষ টাস্ক ফ'ৰ্চৰ শেহতীয়া তদন্তই প্ৰিণ্ট আৰু ডিজিটেল দুয়োটা ফৰ্মেটতে মৌলবাদী প্ৰকাশনসমূহৰ প্ৰচলন আৰু দখল থকাৰ ইংগিত দিয়ে। নিষিদ্ধ বিষয়বস্তুৰ ভিতৰত হিংসাত্মক জেহাদক গৌৰৱান্বিত কৰা, আদৰ্শগত শিক্ষা প্ৰদান কৰা, কাৰ্যকৰী নিৰ্দেশনা প্ৰদান কৰা আৰু মৌলবাদী নেটৱৰ্কলৈ নিযুক্তিৰ বাবে উৎসাহিত কৰা সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।
এই অধিসূচনাখনত উল্লেখ কৰা হৈছে যে এনে বিষয়বস্তুৱে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৯৯ (আপত্তিজনক বিষয়বস্তু) আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৭ (আপত্তিজনক ইলেক্ট্ৰনিক সামগ্ৰী প্ৰচাৰ) সহ বিভিন্ন আইনী বিধি উলংঘা কৰিছে। ইয়াৰ উপৰি BNSSৰ ধাৰা ৯৮ আৰু ৯৯ ৰ অধীনত ইয়াক আপত্তিজনক বুলি গণ্য কৰা হয়, যিয়ে ৰাজ্যখনক ইয়াৰ তাৎক্ষণিক বাজেয়াপ্তকৰণৰ নিৰ্দেশ দিবলৈ ক্ষমতা প্ৰদান কৰে।
ন্যায়িক বিভাগে নিজৰ পৰ্যবেক্ষণত কয় যে এনে প্ৰচাৰ অব্যাহত থাকিলে যুৱক-যুৱতীসকল মৌলবাদী সংগঠনৰ প্ৰতি ধাবমান হোৱাৰ লগতে সামাজিক বিবাদ বৃদ্ধি হোৱাৰ আশংকা আছে। চৰকাৰে গুৰুত্ব আৰোপ কৰে যে গোষ্ঠীসমূহৰ মাজত শত্ৰুতা বৃদ্ধি কৰা, ৰাষ্ট্ৰীয় সংহতি বিঘ্নিত কৰা বা ধৰ্মীয় বিশ্বাসক অপমান কৰা - BNS আইনৰ ধাৰা ১৯৬, ১৯৭ আৰু ২৯৯ ৰ অধীনত অপৰাধ - এইবোৰৰ বিৰুদ্ধে কঠোৰ প্ৰতিৰোধী পদক্ষেপৰ প্ৰয়োজন।
সেই অনুসৰি ৰাজ্যখনে উল্লিখিত মৌলবাদী গোটসমূহৰ সৈতে জড়িত যিকোনো বিষয়বস্তুৰ ছপা, প্ৰকাশ, বিতৰণ, প্ৰদৰ্শন, অধিকাৰ আৰু ডিজিটেল সংৰক্ষণ নিষিদ্ধ কৰিছে। এই নিষেধাজ্ঞা ৱেবছাইট, অনলাইন পৰ্টেল, ছ'চিয়েল মিডিয়া পেজ, এনক্ৰিপ্টেড মেছেজিং গ্ৰুপ আৰু ডিজিটেল চেনেললৈকে বিস্তৃত।
অসম আৰক্ষী, বিশেষ শাখা, CID, জিলা আৰক্ষী অধীক্ষক আৰু চাইবাৰ ক্ৰাইম ইউনিটসমূহক এই আদেশ কঠোৰভাৱে বলৱৎ কৰাৰ লগতে উলংঘাকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই অধিসূচনা শীঘ্ৰে কাৰ্যকৰী হ'ব।