আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসত সামৰ্থ্য উদযাপন

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ছানিয়া আঞ্জুম
 
প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ৩ তাৰিখে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী ব্যক্তি দিৱস পালন কৰা হয়। এই দিৱসটোৱে কেৱল বিশ্বব্যাপী থকা সাম্যবাদৰ দায়বদ্ধতাৰ কথাই নহয়, ইজনে, সিজনৰ প্ৰতি বহন কৰা নৈতিক আৰু আধ্যাত্মিক দায়িত্বৰ কথাও সোঁৱৰাই দিয়ে। মুছলমানসকলে সকলোকে মৰম আৰু সন্মানেৰে আচৰণ কৰা উচিত বুলি বিশ্বাস কৰে।
 
কোৰাণ আৰু নবী মহম্মদ (চুন্নত) ৰ শিক্ষাত কোৱা হৈছে যে, সকলো মানুহ গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ সৈতে সন্মান সহকাৰে আচৰণ কৰা উচিত। অধিকাৰৰ বিষয়ে আধুনিক আইন তৈয়াৰ হোৱাৰ বহু আগৰ পৰাই এই ধাৰণাটো ইছলামিক শিক্ষাৰ এটা অংশ।
 
"আমি নিশ্চয় আদমৰ সন্তানসকলক সন্মান জনাইছোঁ"(কোৰাণ ১৭:৭০) কোৰাণৰ এই বাক্যশাৰীৰ পৰাই ইছলামিক নৈতিকতাৰ আৰম্ভণি হয়। সমাজৰ প্ৰতিটো স্তৰৰ সকলো লোকেই গুৰুত্বপূৰ্ণ। কোৰাণত কোৱা হৈছে যে বিশেষভাৱে সক্ষম লোকসকল আন সাধাৰণ লোকসকলৰ দৰেই সমান আৰু তেওঁলোকক সন্মানেৰে ব্যৱহাৰ কৰা উচিত,(কোৰাণ ২৪:৬১)। ইয়াত কোৱা হৈছে যে তেওঁলোকৰ মূল্য সমাজৰ আন যিকোনো ব্যক্তিৰ দৰেই সমান।
 
প্ৰতিনিধিত্বমূলক ছবি
 
শেষ নবী হজৰত মহম্মদে (ছ:) এই নৈতিকতাক বাস্তৱ অৰ্থত শক্তিশালী কৰি তুলিছিল। তেওঁ বাৰে বাৰে মানুহক শিকাইছিল যে, আল্লাহে মানুহক তেওঁলোকৰ বাহ্যিক ৰূপৰ দ্বাৰা নহয়, তেওঁলোকৰ অন্তৰখন হে বিচাৰ কৰে। নবী হজৰত মহম্মদে (ছ:) অন্ধ বা বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে সন্মান আৰু সম মৰ্য্যদাৰ সৈতে কথা-বতৰা পাতিছিল। ন্যায়, দয়া আৰু পাৰস্পৰিক সমৰ্থনৰ মূল্যবোধেৰে মুছলমানসকলৰ ওপৰত এক স্পষ্ট সাম্প্ৰদায়িক দায়িত্ব অৰ্পণ কৰা হৈছে। যাতে, সমাজৰ প্ৰতিজন সদস্যই সকলো ক্ষেত্ৰতে সমান সুযোগ পায় বা কোনো ক্ষেত্ৰতে বঞ্চিত নহয়। গতিকে এই ধাৰণা কেৱল সা-সুবিধাৰ বাবে নহয়, ই আধ্যাত্মিক।
 
আব্দুল্লাহ ইবনে উম্ম মাকটুমৰ (ৰা:) জীৱন ইছলামিক সাম্যবাদৰ অন্যতম প্ৰাৰম্ভিক উদাহৰণ হিচাপে প্ৰমাণ হয়। তেওঁ এগৰাকী বিশেষভাৱে সক্ষম (অন্ধ) ছাহাবা আছিল। অন্ধ হোৱাৰ পিছতো তেঁওক মোৱাজ্জিন (আজান দিয়া আৰু মছজিদ চোৱাচিতা কৰা ব্যক্তি) হিচাপে নিযুক্তি দিয়া হৈছিল। প্ৰতিবাৰৰ নামাজৰ আজান দি তেওঁ মানুহক নামাজলৈ মাতিছিল। তাতোকৈ ডাঙৰ কথাটো হ'ল, নবী হজৰত মহম্মদে (ছ:) ভ্ৰমণৰ সময়ত তেওঁক দুবাৰকৈ মদিনাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। এই কথাই স্পষ্টভাৱে প্ৰমাণ কৰে যে, নেতৃত্ব, সততা আৰু সামৰ্থ্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়, দৃষ্টিশক্তি বা শাৰীৰিক শক্তিৰ দ্বাৰা নহয়।
 
আধুনিক যুগত বিশেষভাবে সক্ষম লোকসকলে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে নিজৰ সামৰ্থ্য দেখুৱাবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু নিজৰ মনোভাৱ সলনি কৰিছে। উদাহৰণস্বৰূপে বিশ্ব অভিলেখ ভংগ কৰা পেৰালিম্পিয়ানসকল, গৱেষণাত নেতৃত্ব দিয়া দৃষ্টিহীন বিজ্ঞানীসকল আৰু ব্যৱসায় স্থাপন কৰা বধিৰ উদ্যোগীসকলে পুৰণি কু-সংস্কাৰক প্ৰত্যাহ্বান জনাই আগবাঢ়ি গৈছে।
 
প্ৰতিবন্ধীলোকৰ বহু প্ৰেৰণাদায়ক সাফল্য ভাৰতত দেখিবলৈ পোৱা গৈছে। অসামৰিক সেৱা, ক্ৰীড়া, ওকালতি আদি ক্ষেত্ৰত তেওঁলোকে নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। উদাহৰণস্বৰূপে, দৃষ্টিশক্তিহীন অসামৰিক সেৱাৰ টপাৰ, আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰা হুইল চেয়াৰ খেলুৱৈ। তেওঁলোকে দেখুৱাইছে যে অন্তৰ্ভুক্তিয়ে সকলোকে নিজৰ সম্ভাৱনাক লাভ কৰাত সহায় কৰে আৰু সমাজলৈ অৰ্থপূৰ্ণভাৱে অৰিহণা যোগায়।
 
ভাৰতৰ অক্ষমতা খণ্ডই প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ (আৰ পি ডব্লিউ ডি) আইন, ২০১৬ ৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছে। এই আইনখনে অধিক প্ৰকাৰৰ অক্ষমতাক স্বীকৃতি দিয়ে আৰু শিক্ষা আৰু চাকৰিৰ সুযোগ বৃদ্ধি কৰে। বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে সাংকেতিক ভাষা ব্যৱহাৰ কৰা আৰু সহায়ক সঁজুলি প্ৰদানৰ দৰে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰধান চহৰসমূহে তেওঁলোকৰ আন্তঃগাঁথনি অধিক সুলভ কৰি তুলিছে। অভিগম্য ভাৰত (সুগম্য ভাৰত)ৰ দৰে চৰকাৰী পদক্ষেপে ৰাজহুৱা স্থান, মেট্ৰ’ ব্যৱস্থা, আৰু ডিজিটেল প্লেটফৰ্মত ৰেম্প, স্পৰ্শ পথ, আৰু সুলভ শৌচাগাৰৰ দৰে ব্যৱস্থাৰে পৰিৱৰ্তন আনিছে।
 
 
ভাৰতীয় সংবাদ মাধ্যম আৰু চিনেমাত বিশেষভাৱে সক্ষম লোকসকলক এতিয়া বেলেগ ধৰণেৰে চিত্ৰিত কৰা হৈছে। এয়া কেৱল তেওঁলোকৰ প্ৰতি কৰুণা বা দয়া নহয়, তেওঁলোকক সক্ষম বুলি দেখুওৱা হৈছে। কিন্তু এতিয়াও ডাঙৰ ব্যৱধান আছে, বিশেষকৈ গ্ৰাম্য অঞ্চলত য’ত স্বাস্থ্যসেৱা, শিক্ষা, আৰু গতিশীলতাৰ সাহায্যৰ সুবিধা সীমিত। বিশেষকৈ বিশেষভাৱে সক্ষম মহিলা আৰু শিশুৰ বাবে ডাঙৰ বিষয়। আমি মানুহৰ চিন্তা-ধাৰা সলনি কৰিব লাগিব আৰু অন্তৰ্ভুক্তি সম্ভৱ হ’বলৈ সহায় আগবঢ়াব লাগিব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
২০২৪ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অক্ষমতা সম্পৰ্কীয় পৰামৰ্শদাতা সমিতিলৈ ড০ শিৱানী গুপ্তাৰ নিযুক্তি এক উল্লেখযোগ্য উদাহৰণ। হুইলচেয়াৰ ব্যৱহাৰকাৰী আৰু অভিগম্যতাৰ সমৰ্থক হিচাপে তেওঁ সুলভ ৰাজহুৱা পৰিবহণ, কৰ্মক্ষেত্ৰৰ সাল-সলনি, আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাৰ সঁহাৰিৰ বাবে নিৰ্দেশনা গঠন কৰিছে, যিয়ে প্ৰতিষ্ঠানিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত কৰিছে।
 
ড° শিৱানী গুপ্তাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অন্তৰ্ভুক্ত হোৱাটোৱে দেখুৱাইছে যে বিশেষভাৱে সক্ষম লোকসকলক গুৰুত্বপূৰ্ণ ভূমিকাত ৰখাৰ ফলত অধিক উন্নত নীতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে তেওঁলোকৰ অভিজ্ঞতা বিশেষজ্ঞতা হে, সীমাৱদ্ধতা নহয়।
 
অন্তৰ্ভুক্তি কোনো দয়া বা কৰুনাৰ ইংগিত নহয়, বৰঞ্চ ই হৈছে মানৱতাবোধৰ স্বীকৃতি। যেতিয়া বিশেষভাৱে সক্ষম ব্যক্তিসকলে সকলোতে সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰে, তেতিয়া সেই ক্ষেত্ৰসমূহ অধিক শক্তিশালী, অধিক উদ্ভাৱনীমূলক আৰু অধিক সহানুভূতিশীল হৈ পৰে। অন্তৰ্ভুক্তিৰ দ্বাৰা বৃদ্ধ লোক, সাময়িকভাৱে আঘাতপ্ৰাপ্ত লোক অথবা প্ৰতিবন্ধী লোকৰ অভিভাৱক সকলোৱে উপকৃত হয়।
 
ব্যক্তিগতভাৱে আমি কি অৰিহণা যোগাব পাৰো ? 
 
- ব্যক্তিজনক প্ৰথম স্থান দিয়া, সন্মানজনক ভাষা ব্যৱহাৰ কৰা
 
- স্কুল, কৰ্মক্ষেত্ৰ, বা অনলাইন প্লেটফৰ্ম আদিত সুলভতা নিশ্চিত কৰা
 
- তেওঁলোকক বোজা বুলি অভিহিত কৰা ধাৰণা নাইকিয়া কৰা
 
- অক্ষম কণ্ঠ শুনা আৰু তেওঁলোকক সমৰ্থন কৰা
 
- বিশেষভাৱে সক্ষম লোকৰ কাহিনী শুনা আৰু সকলোৰে মাজত সিঁচি দিয়া
 
ইছলামিক দৃষ্টিকোণৰ পৰা এইটো হৈছে 'আমল চালিহ' অৰ্থাৎ ভাল কাম বা সৎ কাম। ইয়াত প্ৰান্তীয় লোকসকলক সহায় কৰা, অসুবিধা আঁতৰোৱা, আৰু ন্যায় নিশ্চিত কৰাৰ নবী হজৰত মহম্মদৰ (ছ:) আদৰ্শ প্ৰতিফলিত কৰে। মোৰ মতে অক্ষমতা এজন ব্যক্তিৰ নিজৰ “দুৰ্বলতা” নহয়, বৰঞ্চ সাধাৰণতে সমাজে সঠিক সমৰ্থন বা সুলভ স্থান প্ৰদান নকৰাৰ ফল। এই বিষয়ে লিখাটোৱেই মোৰ সকলোকে অধিক যত্নশীল, অধিক অন্তৰ্ভুক্ত আৰু অধিক ন্যায়পৰায়ণ হ’বলৈ উৎসাহিত কৰাৰ উপায়।
 
এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসটোৱে আমাক এই মূল্যবোধসমূহ প্ৰতিদিনে অনুশীলন কৰিবলৈ সোঁৱৰাই দিয়ে। যাতে মানুহৰ জীৱনত মৰ্যাদা, ন্যায়পৰায়ণতা আৰু অন্তৰ্ভুক্তি বাস্তৱিক হয়। ই যাতে, কেৱল আমি বছৰত এবাৰ পালন কৰা দিৱস হৈয়ে নাথাকে।