ঈদৰ পিছতে মহৰম, ৰক্ষা বন্ধনঃ ধৰ্মীয় সংঘৰ্ষ ৰোধ কৰিবলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ

Story by  atv | Posted by  [email protected] • 10 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

অহা ৪ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া হিন্দুসকলৰ পবিত্ৰ কাৱড় যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-প্ৰদেশ চৰকাৰে নিৰ্ধাৰিত পথত মুকলিভাৱে মাংস বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰায় একে সময়তে হ'বলগীয়া বকৰি ঈদ, মহৰম, ৰক্ষা বন্ধনৰ পূৰ্বে আৰক্ষী আয়ুক্ত, বিভাগীয় আয়ুক্ত, জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰে।
 
ধৰ্মীয় দিশৰ পৰা অতি স্পৰ্শকাতৰ বিবেচিত উত্তৰ-প্ৰদেশত ধৰ্মীয় অনুষ্ঠানৰ সময়ত সঘনাই সংঘৰ্ষৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এইধৰণৰ সতৰ্কতা অৱলম্বন কৰাটো অত্যন্ত ইতিবাচক খবৰ।
 
মুখ্যমন্ত্ৰী যোগীয়ে কয় যে এইবাৰ "মালমাহ" (অতিৰিক্ত মাহ) হোৱাৰ বাবে শাঁওন মাহৰ সময়সীমা দুমাহ। এই সময়ছোৱাত শ্ৰৱণী শিৱৰাত্ৰি, নাগপঞ্চমী আৰু ৰক্ষাবন্ধন উৎসৱ পালন কৰা হ’ব বুলিও তেওঁ কয়। উল্লেখ্য যে, সৌৰবছৰ আৰু চন্দ্ৰবছৰৰ মাজত সমন্বয় স্থাপন কৰিবলৈ প্ৰতি তৃতীয় বছৰৰ মূৰে মূৰে পঞ্জিকাত এটা চন্দ্ৰ মাহ বৃদ্ধি কৰা হয়। ইয়াক অধিমাহ বা মালমাহ বুলি কোৱা হয়।
 
কাৱড় যাত্ৰাৰ সময়ত কেইজনমান হিন্দু যুৱক
 
"৪ জুলাইৰ পৰা আৰম্ভ হোৱা পবিত্ৰ শ্ৰৱণ মাহত পৰম্পৰাগত কাৱড় যাত্ৰা অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ২৯ জুনত বকৰি ঈদ পালন কৰা হ'ব। আইন-শৃংখলাৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি অতি স্পৰ্শকাতৰ। গতিকে আমি প্ৰশাসনিক দিশত সজাগ আৰু সাৱধান হ’ব লাগিব। ভক্তৰ বিশ্বাসক সন্মান জনাই কাৱড় যাত্ৰাৰ পথছোৱাত মুকলি ঠাইত মাংস বিক্ৰী কৰিবলৈ দিয়া নহয়। পথটো পৰিষ্কাৰ আৰু চেনিটাইজ কৰি ৰাখিব লাগিব। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা থাকিব লাগিব। বতৰ যিহেতু গৰম, গতিকে খোৱাপানীৰ ব্যৱস্থাও থকা উচিত,” মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়।
 
আদিত্যনাথে যাত্ৰা পথত চিচিটিভি কেমেৰা স্থাপন কৰাৰ লগতে ডুবাৰুকো নিয়োগ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। কাৱড় যাত্ৰাৰ বাবে শিবিৰ স্থাপনৰ স্থানসমূহ আগতীয়াকৈ চিহ্নিত কৰিবলৈও তেওঁ নিৰ্দেশ দিছে, যাতে যাতায়তত বাধাৰ সৃষ্টি নহয়। 
 
লগতে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে কাৱড় যাত্ৰাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া ডিজে, সংগীতৰ শব্দ নিৰ্ধাৰিত মানদণ্ড অনুসৰি হ’ব লাগিব। ধর্মীয় যাত্রাত অস্ত্র প্রদর্শন হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ কয়, "অনুষ্ঠানৰ আয়োজকক অনুমতি দিয়ক। কিন্তু সকলোৱে যাতে নীতি-নিয়ম মানি চলে সেয়া নিশ্চিত কৰক।"
 
"কিছুমান দুষ্ট চক্ৰই অপ্ৰয়োজনীয়ভাৱে অন্য সম্প্ৰদায়ৰ লোকক উচটনি দিবলৈ চেষ্টা কৰিব পাৰে, এনেবোৰ বিষয়ত চকু ৰাখিব। স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰিব লাগে। আৰক্ষী বাহিনীয়ে প্ৰতিদিনে সন্ধিয়া খোজকাঢ়ি টহল দিব লাগিব। পি আৰ ভি ১১২ সক্ৰিয় হৈ থাকিব লাগে, আৰু দুষ্ট চক্ৰসমূহৰ সৈতে শক্তিশালীভাৱে মোকাবিলা কৰা উচিত।’
 
বৈঠকত মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে ৰমজানৰ সময়ত ধর্মীয় কাম-কাজৰ বাবে যাতায়তত যাতে কোনো প্রভাৱ পৰা নাছিল। "এই প্ৰচেষ্টাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে। এইবাৰ, বকৰি ঈদ আৰু মহৰম উপলক্ষে, আমি একেটা ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব। স্থানীয় প্ৰশাসনে এই সন্দৰ্ভত সংশ্লিষ্ট ধৰ্মীয় নেতা/বুদ্ধিজীৱীসকলৰ সৈতে আলোচনা কৰিব লাগে," তেওঁ কয়।
 
তেওঁ লগতে কয় যে বকৰি ঈদৰ দিনা কুৰবানিৰ স্থান আগতীয়াকৈ চিহ্নিত কৰিব লাগে। "পূৰ্বতে চিহ্নিত কৰা ঠাইৰ বাহিৰে আন ক'তো বলি দিয়া উচিত নহয়। যিকোনো ক্ষেত্ৰতে নিশ্চিত হওক যে কোনো নিষিদ্ধ পশু ক'তো বলি দিয়া নহয়। প্ৰতিখন জিলাতে বলি দিয়াৰ পিছত আৱৰ্জনাসমূহ পদ্ধতিগতভাৱে নিষ্কাশনৰ এক কাৰ্য্য পৰিকল্পনা থাকিব লাগে," যোগী আদিত্যনাথে কয়। 
 
যোৱা বছৰ শ্ৰৱণ মাহৰ সময়ত বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত প্ৰায় এক কোটি শিৱ ভক্তই প্ৰাৰ্থনা কৰিছিল, আৰু পবিত্ৰ মাহটোৰ প্ৰতি সোমবাৰে প্ৰায় ছয় লাখ লোক মন্দিৰলৈ আহিছিল। তেওঁ কয় যে এইবাৰ "মালমাহ"ৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যলৈ অহা ভক্তৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বাৰাণসীৰ সমান্তৰালকৈ অযোধ্যা আৰু সীতাপুৰৰ স্থানীয় প্ৰশাসনেও মন্দিৰ প্ৰশাসনৰ সমন্বয়ত এক পদ্ধতিগত কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
 
ইফালে, গেমিং/চেটিং এপৰ জৰিয়তে শিশুৰ ধৰ্মান্তৰকৰণৰ বিষয়তো বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। "শেহতীয়াকৈ দেশৰ বহু ঠাইত অবৈধ ধৰ্মান্তৰকৰণৰ ঘটনা পোহৰলৈ আহিছে। গাজিয়াবাদত অনলাইন গেমিং/চেটিং এপৰ জৰিয়তে কিশোৰ শিশুৰ ধৰ্মান্তৰকৰণৰ ঘটনা আমি দেখিবলৈ পাইছো। এনে অসামাজিক আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়," আদিত্যনাথে কয়।
 
তেওঁ আৰু কয় যে অবৈধ ধৰ্মান্তৰকৰণৰ কাৰ্য্য এক আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰ দ্বাৰা সংঘটিত হৈছে। তেওঁ কয়, "এই ছিণ্ডিকেটটোৱে চাকৰি বিচৰা বিশেষভাৱে সক্ষম কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ ওপৰত চকু ৰাখে। তেওঁলোকক আৰ্থিক প্ৰলোভনো দিয়া হৈছে। অবৈধ ধৰ্মান্তৰকৰণৰ এই সমগ্ৰ ছিণ্ডিকেটটো মষিমূৰ কৰাটো প্ৰয়োজন হৈ পৰিছে। এনে যিকোনো কামৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা উচিত।"
 
আদিত্যনাথে নিৰ্দেশ দিয়ে যে থানা, চক্ৰ, জিলা, ৰেঞ্জ, জ’ন, আৰু সংমণ্ডল পৰ্যায়ত নিযুক্তি পোৱা জ্যেষ্ঠ বিষয়াসকলে নিজ নিজ অঞ্চলৰ ধৰ্মগুৰু আৰু সমাজৰ অন্যান্য বিশিষ্ট লোকসকলৰ সৈতে যোগাযোগ কৰিব লাগে। "ৰাইজৰ বাবে ইতিবাচক বাৰ্তা জাৰি কৰক। শান্তি সমিতিৰ এখন বৈঠক অনুষ্ঠিত কৰক। সংবাদ মাধ্যমৰ সহযোগিতা লওক, যাতে শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ বিৰাজ কৰে।"