জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

Story by  atv | Posted by  [email protected] • 2 h ago
জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট
জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট
 
গুৱাহাটী
 
অসমীয়াৰ প্ৰাণৰ স্পন্দন, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই। কিন্তু তেওঁ এৰি থৈ যোৱা স্মৃতি আৰু গীতবোৰে আজিও প্ৰতিজন অসমীয়াৰ মন গহনত এক বিশেষ স্থান দখল কৰি আছে। আজি ৪ ফেব্ৰুৱাৰী— জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহ বাৰ্ষিকী। কিন্তু দুৰ্ভাগ্যবশতঃ, এইবাৰৰ বিবাহ বাৰ্ষিকীটো গৰিমাৰ বাবে আন বৰ্ষবোৰৰ দৰে নহয়। ২৪ বছৰীয়া বৈবাহিক জীৱনৰ সুদীৰ্ঘ যাত্ৰাত এয়া প্ৰথমটো বিবাহ বাৰ্ষিকী য’ত জুবিন অবিহনে গৰিমাই অকলশৰে উদযাপন কৰিবলগীয়া হৈছে।
 
আজিৰ পৰা ঠিক ২৪ বছৰ পূৰ্বে, অৰ্থাৎ ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া। যি সময়ত জুবিনৰ জনপ্ৰিয়তা আকাশলংঘী আছিল, সেই সময়তে তেওঁৰ জীৱনলৈ ছাঁটোৰ দৰে আহিছিল গৰিমা। এই সুদীৰ্ঘ দুটা দশকত জুবিনৰ সুখ-দুখ, সাফল্য আৰু সংগ্ৰামৰ প্ৰতিটো খোজত গৰিমা আছিল তেওঁৰ সবল শক্তি আৰু প্ৰেৰণা।
 
জুবিনবিহীন এই প্ৰথমটো বিবাহ বাৰ্ষিকীত আৱেগ ধৰি ৰাখিব নোৱাৰিলে গৰিমা শইকীয়া গাৰ্গে। পুৱাই সামাজিক মাধ্যম ফেচবুকৰ যোগেদি তেওঁ স্বামীৰ সৈতে অতিবাহিত কৰা পুৰণি সুমধুৰ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি এক আৱেগিক পোষ্ট কৰে।

তেওঁ লিখিছেঃ 
''Happy 24th Anniversary Goldie! প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ.. তোমাৰ মৰমেৰে, আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ্বৰপুত্ৰ।’’
 
প্ৰিয় স্বামীক 'গোল্ডী' আৰু 'ঈশ্বৰপুত্ৰ' বুলি সম্বোধন কৰি গৰিমাই প্ৰকাশ কৰা এই গভীৰ অনুৰাগে আজি প্ৰতিজন অনুৰাগীৰ চকু সেমেকাই তুলিছে। 
 
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়াও অসমবাসীয়ে সেই শোক পাহৰিব পৰা নাই। গৰিমাৰ এই আৱেগিক পোষ্টটোত হাজাৰ হাজাৰ অনুৰাগীয়ে কমেণ্ট কৰি সমবেদনা জনোৱাৰ লগতে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বহুতৰে মতে, জুবিন আৰু গৰিমাৰ যুটিটো কেৱল এহাল দম্পতীয়েই নাছিল, বৰঞ্চ অসমীয়া সাংস্কৃতিক জগতৰ এক অভিন্ন অংশ আছিল।