মুছলমানৰ আগচোতালত হিন্দুৰ মন্দিৰ; যুগ যুগ ধৰি ৰক্ষণাবেক্ষণ দি আহিছে মুছলমান গাঁওৱাসীয়ে

Story by  atv | Posted by  Munni Begum • 10 Months ago
বৰমানী ভাগৱতী আইৰ মন্দিৰ
বৰমানী ভাগৱতী আইৰ মন্দিৰ
 
চাইজুৰ ৰহমান / বৰপেটা
 
শান্তি, সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই আহিছে বৰপেটাৰ ভেল্লা-কেওঁটকুছিৰ নিকটৱৰ্তী গহেৰপাম গাঁওবাসীয়ে। গাঁওখনত বসবাস কৰা হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে একেলগে খাইছে, উভয়ে ইজনে সিজনৰ আপদে-বিপদে সহায়-সহযোগিতা আগবঢ়াই আহিছে। ধৰ্মীয় গোড়ামীক স্থান নিদিয়া এই গাঁওখনৰ দুই সম্প্ৰদায়ৰ লোকে সমিল-মিলেৰে যুগ যুগ ধৰি বসবাস কৰি আহিছে। যিকোনো কাম-কাজ তথা অনুষ্ঠানত পৰস্পৰে পৰস্পৰক সহায় সহযোগ কৰি আহিছে। 
 
মনকৰিবলগীা যে, ধৰ্মীয় একতা-সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা গহেৰপাম গাঁওৰ খিলঞ্জীয়া গৰিয়া মুছলমান পৰিয়াল এটাৰ আগ চোতালত আছে হিন্দু ধৰ্মৰ লোকৰ বৰমানী ভগৱতী আইৰ এটা মন্দিৰ। যুগ যুগ ধৰি এই মন্দিৰটো চৌপাশে বসবাস কৰা গৰিয়া মুছলমান লোকসকলে নিৰীক্ষণ কৰি আছে। মন্দিৰটোৰ চোৱা-চিতাৰ সম্পূৰ্ণ দায়িত্ব গৰিয়া লোকসকলে পালন কৰি আছে। তেওঁলোকে বৰমানী ভগৱতী আইৰ মন্দিৰটোৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হ'ব নিদিয়াকৈ ৰাখিছে। মন্দিৰটো তেওঁলোকে ধুনীয়াকৈ চাফ চিকুণ কৰি আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিছে।   
 
আনকি মন্দিৰটোৰ পকীকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰত গৰিয়া মুছলমান লোক সকলে আৰ্থিকভাৱে সহযোগ কৰাৰ লগতে শাৰিৰীকভাৱেও খাটি আহিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে বৰমানী ভগৱতী আইৰ এই মন্দিৰৰ নামত গৰিয়া মুছলমান সকলে প্ৰায় ডেৰ বিঘা মাটি দান কৰিছে। মন্দিৰৰ যিকোনো ধৰণৰ অনুষ্ঠানত গৰিয়া মুছলমানসকলে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰি শান্তি, সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।
 
গহেৰপাম গাঁৱৰ মছজিদ
 
গহেৰপাম গাঁওৰ বাসিন্দা, বৰমানী ভগৱতী মন্দিৰৰ সৈতে জড়িত তথা শ্ৰী শ্ৰী বল্লদেৱ সত্ৰ সমিতিৰ সম্পাদক সত্যন তালুকদাৰে কয় যে "গহেৰপাম গাঁওত বসবাস কৰা গৰিয়া মুছলমান সকলৰ পুৰ্ব পুৰুষ হিন্দু আছিল। তেওঁলোকে ঘটনাক্ৰমে অখাদ্য গ্ৰহণ কৰাৰ বাবে সমাজচ্যুত হৈ পৰৱৰ্তী সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইছলাম ধৰ্ম গ্ৰহণ কৰিলেও তেওঁলোকৰ মাজত থকা বৰমানী ভগৱতী মন্দিৰটো সংৰক্ষণ, ৰক্ষণাবেক্ষণ কৰে আৰু তেনেদৰেই আজি শ শ বছৰ ধৰি গৰিয়া মুছলমান সকলে মন্দিৰৰ চোৱা-চিতা কৰি আহিছে। তেওঁলোকে মন্দিৰৰ বাবে ২-৩ কঠা মাটিও দান কৰিছে। বৰমানী ভগৱতী মন্দিৰৰ প্ৰতিষ্ঠা দিৱসত গৰিয়া মুছলমান সকলে হিন্দু সকলৰ লগত একেলগে অংশগ্ৰহণ কৰে। মন্দিৰৰ বাবে দান-দক্ষিণাও দিয়ে। গহেৰপাম গাঁওৰ হিন্দু আৰু গৰিয়া মুছলমান সকলৰ মাজত শ শ বছৰ ধৰি মিলাপ্ৰীতি, একতা, সম্প্ৰীতি অটুট আছে আৰু ভৱিষ্যতলৈও থাকিব। আমাৰ মাজত ধৰ্মভেদ, জাতিভেদ কাহানিও নাই। আমি সকলো মানুহ।"
 
উল্লেখ্য যে,বৰপেটাৰ গহেৰপাম গাঁওখনৰ দুই সম্প্ৰদায়ৰ লোকৰ মাজত থকা মিলাপ্ৰীতিৰ কথা শুনিলে আপুনিও গৌৰৱ অনুভৱ কৰিব। গহেৰপাম গাঁওত বসবাস কৰা হিন্দু-মুছলিম দুই ধৰ্মৰ লোকে যুগ যুগ ধৰি ভাই-ককাইৰ দৰে বসবাস কৰি আহিছে। দাতে-ওঁঠে কোনো দিনে নলগা এই গাঁওখনত থকা খিলঞ্জীয়া হিন্দু আৰু  খিলঞ্জীয়া গৰিয়া মুছলমান লোকে ভাতৃত্ববোধ আৰু একতাৰ ডোলেৰে বান্ধ খাই আছে শ শ বছৰ ধৰি। আনহাতে মন্দিৰটোৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰৈত এটি মছজিদ আছে। 
 
এফালে হিন্দুৱে মন্দিৰটোত সেৱা জনাই আহিছে আৰু আনফালে মুছলমান লোকসকলে মছজিদত নামাজ আদায় কৰি আহিছে। কাৰোৰে পৰা সৃষ্টি হোৱা নাই কোনো ধৰণৰ অসুবিধা। সকলোৱে নিজৰ ধৰণে নিজৰ ধৰ্ম পালন কৰি আহিছে। হিন্দু লোকৰ যি কোনো কাম-কাজত গৰিয়া মুছলমানে আৰু গৰিয়া মুছলমানৰ যি কোনো কাম-কাজত হিন্দু লোকে সহায় সহযোগ কৰি সম্প্ৰীতিৰ বাণী বিলাই আহিছে। এই গাঁওখনৰ দুই ধৰ্মৰ লোকৰ মাজত আছে অতীজৰে পৰাই অতুলনীয় মিলা-প্ৰীতি। 
 
হিন্দু-মুছলমানৰ একতাৰ প্ৰতিনিধিত্বমূলক ছবি
 
ইফালে গহেৰপাম গাঁও জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি চহিদুল ইছলামে কয় যে "আমাৰ আতা-পিতা, পুৰ্বপুৰুষ সকলে এই মন্দিৰটো ৰক্ষণাবেক্ষণ কৰি আহিছিল আৰু এতিয়া নাতি-পুতি সকলেও এই কামত জড়িত হৈ আছে। আজিৰ পৰা কেইবছৰমান আগলৈকে গহেৰপাম গাঁওৰ কোনো হিন্দু লোকৰ মৃত্যু হ'লে গৰিয়া মুছলমান সকলে চৌকাত জুই জ্বলোৱা নাছিল। একেদৰে কোনো গৰিয়া মুছলমান লোকৰ মৃত্যু হ'লে হিন্দু সকলেও চৌকা বন্ধ ৰাখিছিল। আমাৰ মাজত একতা, সমন্বয় পূৰ্বেও আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতলৈও বৰ্তি থাকিব।
 
এসময়ত হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈ মুছলমান হোৱা এই গৰিয়া লোকসকলে যুগ যুগ ধৰি ভাই-ককাইৰ দৰে বসবাস কৰি সম্প্ৰীতি, সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাই আহিছে। ৰজা প্ৰমত্ত সিংহৰ দিনত স্থাপিত বৰমানী ভগৱতী আইৰ মন্দিৰৰ সুৰক্ষাৰ ক্ষেত্ৰত সেই তেতিয়াৰ পৰাই গৰিয়া মুছলমানে যথেষ্ট ভূমিকা পালন কৰিছে। অতি গৌৰৱ আৰু আনন্দৰ কথা যে যি সময়ত এচাম সুবিধাবাদীয়ে ধৰ্মৰ নামত অসমখনক ভাগ ভাগ কৰি অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে, সেই সময়তে বৰপেটাৰ এইখন গহেৰপাম গাঁওৰ বাসিন্দাসকলে একতা-সম্প্ৰীতিৰ নজহা-নপমা উদাহৰণ দাঙি ধৰিছে।