জাভেদ আখতাৰ/কলকাতা
দুৰ্গোৎসৱৰ পিছতে হিন্দু ধৰ্মাৱলম্বীসকলে একেই পৰম্পৰাগত উৎসাহেৰে পালন কৰে কালী পূজা। পশ্চিম বংগ আৰু অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত ব্যাপক উলহ-মালহেৰে এই পূজা আয়োজন কৰা হয়। কলকাতাৰ বৰাসাত, কল্যাণী, নৈ হাট্টীৰ কালী পূজা দুৰ্গা পূজাৰ দৰেই সমানে বিখ্যাত। কালী পূজাৰ উদযাপন চাবলৈ বহু দূৰ-দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে। দৰ্শনাৰ্থীৰ ভিতৰত মুছলমান লোককো দেখিবলৈ পোৱা যায়।
দৰাচলতে কলকাতাত বহু মুছলমানে কালী পূজাৰ আয়োজন কৰে আৰু এই পূজাত অংশগ্ৰহণ কৰে। কলকাতাত এখন ২৫ বছৰীয়া কালী পূজাৰ আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছে ৰিজৱান আহমেদ ছিদ্দিকী ওৰফে মামাই। ছিদ্দিকীয়ে কয় যে তেওঁ স্বেচ্ছামূলক অনুদান গ্ৰহণ কৰে আৰু এই উৎসৱৰ সকলো খৰচ নিজে ব্যয় কৰে।
"পূজাখনত দান কৰাটো কাৰো বাবে বাধ্যতামূলক নহয়। মই সকলো খৰচ বহন কৰো।"-কলকাতাৰ লাল বজাৰত আৰক্ষী মুখ্য কাৰ্যালয়ৰ সমীপৰ গ্ৰাণ্ট লেনত কালী পূজাৰ আয়োজন কৰা ৰিজৱান আহমেদ ছিদ্দিকীয়ে এইদৰে কয়।
‘মোৰ বহু বন্ধু-বান্ধৱী আৰু সহকৰ্মী হিন্দু ধৰ্মৰ। এই পূজাৰ পৰা তেওঁলোকে বহুত সুখ পায়। পূজা আয়োজন কৰাত তেওঁলোকে মোক সহায় কৰে। আমি কেৱল পূজা কৰাই নহয় দুখীয়াৰ মাজত কাপোৰো বিতৰণ কৰোঁ। আমি বছৰৰ এটা মসয়ত আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ ছোৱালীৰ বিয়াৰ আয়োজনতো সহায় কৰোঁ। শীতকালত আমি কম্বল, চাদৰকে ধৰি ঠাণ্ডা কাপোৰ বিতৰণ কৰোঁ।”-ছিদ্দিকীয়ে জানিবলৈ দিয়ে।
ৰিজৱান আহমেদ ছিদ্দিকীয়ে পুনৰ কয় যে বহু বছৰৰ আগতে শিশুসকলে ইয়াত কালী পূজাৰ আয়োজন কৰিছিল। এবাৰ স্থানীয় ল’ৰা আৰু চাটা ষ্ট্ৰীটৰ ল’ৰাবোৰৰ মাজত কাজিয়া হৈছিল। কণমানি ল’ৰাকেইটাই কালি পূজাৰ আয়োজন কৰিছিল যদিও আনটো দল আহি সৰু বিস্ফোৰণেৰে বিঘিনি ঘটালে আৰু আতংকিত হৈ কণমানি আয়োজক কেইজন পলাই গ’ল।
“সেইদিনা আমাৰ মাজৰ কিছুমানে আগবাঢ়ি গৈ কালি পূজাখন কৰিছিল। সেই সময়ৰ পৰাই এনেদৰে অব্যাহত আছে। কালি পূজা তিনিদিনীয়া উৎসৱ, পূজাৰ বাবে দুদিন থাকে। তৃতীয় দিনা ভাণ্ডাৰা (সাম্প্ৰদায়িক ভোজ) আয়োজন কৰা হয়।"-ছিদ্দিকীয়ে কয়।
উল্লেখ্য যে, ৰিজৱান আহমেদ ছিদ্দিকিৰ ঘৰত ভাণ্ডাৰাৰ আয়োজন কৰা হয়। তেওঁৰ সহকৰ্মীসকল এই কামৰ লগত জড়িত। ৰিজৱান আহমেদ ছিদ্দিকীক মৰমেৰে মামা (মাকৰ ভাতৃ) বুলি কোৱা হয়। ৰাইজৰ মাজত তেওঁ যথেষ্ট জনপ্ৰিয়। ব্যৱসায়ী ৰিজৱান সামাজিক কাম-কাজৰ লগতো সক্ৰিয়ভাৱে জড়িত। তেওঁ হিন্দু আৰু মুছলমান উভয়কে সহায় কৰিবলৈ কাম কৰে।
এই বাতৰি লিখাৰ সময়ত ৰিজৱান কালী পূজাৰ প্ৰস্তুতিত ব্যস্ত। ইতিমধ্যে তেওঁ পূজাৰ বাবে আৰক্ষীৰ পৰা অনুমতি লাভ কৰিছে। তেওঁ কয়, “আমি বছৰ বছৰ ধৰি একেলগে বাস কৰি আহিছো আৰু সকলোৱে একেলগে উৎসৱ পালন কৰো। ঈদ উপলক্ষে আমাৰ সকলো হিন্দু বন্ধু ইয়ালৈ আহে। একেদৰে আমি দীপাৱলী আৰু কালী পূজাও পালন কৰো। এইবোৰে সদিচ্ছা আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰে।''
ছিদ্দিকীয়ে সামাজিক কাম-কাজৰ বাবে এটা কাৰ্যালয়ো খুলিছে, আৰু মানুহে নিজৰ সমস্যা সমাধানৰ বাবে তাত ভিৰ কৰে। কিয়নো ৰিজৱানৰ ৰাজনৈতিক সংযোগ আছে। তেওঁৰ কাৰ্যালয়ৰ এটা কোঠা স্থায়ী বিনামূলীয়া চিকিৎসা শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছে আৰু তাত ডাঃ পাণ্ডেই ৰোগীক পৰীক্ষা কৰে। ৰোগীয়ে তাত বিনামূলীয়া ঔষধো লাভ কৰে।
ৰিজৱান আহমেদ ছিদ্দিকী বহু এন জি অ’ৰ সৈতেও জড়িত হৈ আছে। আৰ্তজনৰ বাবে তেওঁ হুইল চেয়াৰৰ ব্যৱস্থা কৰে। কালী পূজাৰ সন্দৰ্ভত ৰিজৱান আহমেদ ছিদ্দিকীয়ে কয় যে তেওঁৰ মূল লক্ষ্য হৈছে ভাতৃত্ববোধৰ পোষকতা কৰা। তেওঁ জানে যে হিন্দু উৎসৱ উদযাপন কৰা বুলি কিছুমান মানুহে তেওঁক সমালোচনা কৰিব পাৰে। “আন কি ভাবে তাক লৈ মই চিন্তা নকৰো; মই মানৱতাৰ সেৱা কৰি আছো।”