UCCক লৈ মুছলিম পাৰ্চনেল ল ব’ৰ্ড ক্ষুব্ধ; সামাজিক-ধাৰ্মিক আৰু সাংস্কৃতিক স্বাধীনতাত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা

Story by  atv | Posted by  [email protected] • 5 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

উত্তৰাখণ্ড ৰাজ্যৰ প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আইনখনে বহুবিবাহ, আৰু অনৈতিক বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ-ইন সম্পৰ্ক (live-in relationship)ৰ ক্ৰমবৰ্ধমান ধাৰাক প্ৰতিহত কৰিব বিচাৰিছে। আইনখনৰ অধীনত লিভ-ইনত থকা প্ৰেমিক-প্ৰেমিকাই প্ৰশাসনৰ ওচৰত নিজৰ সম্পৰ্কৰ কথা লিখিতভাৱে পঞ্জীয়ন কৰিব লাগিব। 
 
বুধবাৰে নিশা উত্তৰাখণ্ড চৰকাৰে সদনত গৃহীত কৰা এই আইনখনে আশা কৰা অনুসৰি অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ দৰে মুছলমান সংগঠনক ক্ষুব্ধ কৰি তুলিছে। সংগঠনটোৰ নেতাসকলে উত্তৰাখণ্ডত ইউচিচিৰ বিধেয়কখন গৃহীত কৰাৰ পিছতে জৰুৰীকালীন বৈঠকত মিলিত হয়। 
 
বিধেয়কখন আইন হ’বলৈ এতিয়া ৰাজ্যখনৰ ৰাজ্যপালে স্বাক্ষৰ কৰিব লাগিব। প্ৰস্তাৱিত আইনখনৰ সমালোচনা কৰি অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে ইয়াক অপ্ৰয়োজনীয়, অন্যায়, বৈচিত্ৰ্যতা বিৰোধী, আৰু অবাস্তৱিক বুলি অভিহিত কৰে।

অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ মুখপাত্ৰ ড০ চৈয়দ কাছিম ৰছুল ইলিয়াছে কয়, “ৰাজনৈতিক লাভৰ বাবে খৰখেদাকৈ উত্থাপন কৰা এই বিধেয়কখনৰ যোগ্যতাৰ অভাৱ আৰু ই মৌলিক অধিকাৰক খৰ্ব কৰে। আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক সহায়ৰ বাবে এই আইনখন লৰালৰিকৈ গৃহীত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ব'ৰ্ডে।"

উল্লেখ্য যে, বিজেপিয়ে প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে ইস্তাহাৰত দেশবাসীক ইউচিচি প্ৰণয়নৰ প্ৰতিশ্ৰুতি দি আহিছে। বহু বিশেষজ্ঞই অনুভৱ কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰাখণ্ড ইউচিচিৰ জৰিয়তে বিজেপিয়ে তেওঁলোকৰ সমৰ্থন পৰীক্ষা কৰি চাব বিচাৰিছে। 

উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল কোড বিল, ২০২৪য়ে আচৰিতভাৱে দত্তক আইন (adoption law)ক স্পৃশ্য কৰা নাই আৰু লগতে অনুসূচিত জনজাতিসকলকো ইয়াৰ পৰিসৰৰ বাহিৰত ৰাখিছে।
 
বিধেয়কখনৰ উল্লেখযোগ্য দিশসমূহ হৈছেঃ

বিবাহৰ বয়সঃ পুৰুষৰ বাবে বিবাহৰ আইনী বয়স ২১ বছৰ, আৰু মহিলাৰ বাবে ১৮ বছৰ। পুৰুষ আৰু মহিলা উভয়ৰে বিবাহৰ সময়ত জীৱিত পত্নী থাকিব নোৱাৰে। কোনেও নিজৰ পিতৃ, মাতৃ, ককাক, আইতাকৰ নিকট আত্মীয়ক বিয়া কৰাব নোৱাৰে।
 
৬০ দিনৰ ভিতৰত সকলো বিবাহ আইনগতভাৱে স্বীকৃতি (পঞ্জীয়ন) হ’ব লাগিব। যদি পঞ্জীয়নৰ সবিশেষ ভুৱা হয়, তেন্তে প্ৰদানকাৰীয়ে তিনি মাহৰ কাৰাদণ্ড আৰু ২৫,০০০ টকাৰ জৰিমনা ভৰিব লাগিব। বিবাহ পঞ্জীয়ন নকৰিলে ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।
বিবাহ বিচ্ছেদ কোনো ধৰ্মীয় কৰ্তৃপক্ষৰ পৰা নহয়, আদালতৰ পৰা আহিব লাগিব। ইয়াৰ দ্বাৰা তিনি তালাকৰ সমস্যা সমাধানৰ লক্ষ্য লোৱা হৈছে (ইতিমধ্যে ইয়াক নিষিদ্ধ কৰা হৈছে)। এই আইন উলংঘা কৰিলে অপৰাধীক তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব।
 
লগতে ইউচিচিৰ আইন অমান্য কৰি বিয়া পতা দম্পতীয়ে কেইবা মাহৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।
 
নিৰ্দিষ্ট আদালতত আবেদন দাখিল কৰাৰ ৬০ দিনৰ ভিতৰত বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক জাননী জাৰি কৰিব লাগিব। ৰক্ষণাবেক্ষণ আৰু জীৱিকাৰ ধন পুৰুষ আৰু মহিলা উভয়কে দিব লাগিব। লগতে, পৰিয়াল আদালতৰ নিৰ্দেশ সন্মতি অবিহনে জাৰি কৰা গোচৰত উচ্চ ন্যায়ালয়ে আপীলৰ অনুমতি দিয়ে।
 
প্ৰস্তাৱিত আইনখনে নিৰ্দেশ দিছে যে প্ৰতিটো লিভ-ইন সম্পৰ্ক সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন হ’ব লাগিব। এজন সংগী যদি বিবাহিত হয়, তেন্তে তেনে লিভিং সম্পৰ্ক বেআইনী ঘোষণা কৰা হ'ব। লিভ-ইনত থকা দম্পতীৰ পৰা জন্ম লাভ কৰা সন্তানসকলে সকলো আইনী সুৰক্ষাৰ অধিকাৰী।
 
যদিহে লিভ-ইনত থকা প্ৰেমিক-প্ৰেমিকাই তেওঁলোকৰ সম্পৰ্ক শেষ কৰে, তেন্তে পঞ্জীয়ন কৰ্তৃপক্ষক অৱগত কৰিব লাগিব। লগতে যদি এনে সম্পৰ্কত থকা পুৰুষজনে যদি পলায়ন কৰে, তেন্তে তেওঁ মহিলাগৰাকীৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব লাগিব।
 
প্ৰস্তাৱিত আইনখনত মৃত ব্যক্তি এজনৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত সম্পত্তিৰ সমান বিতৰণৰ ব্যৱস্থা ৰখা হৈছে। যদিহে মৃত ব্যক্তিজনৰ পৰিয়ালৰ কোনো নিকট সদস্য নাই, তেনে পৰিস্থিতিত সম্পত্তিখিনি পিতৃ পক্ষৰ ভায়েকৰ সন্তানৰ মাজত সম-বিতৰণ কৰা হ'ব।
 
কিন্তু মুছলিম ল' ব'ৰ্ডৰ মুখপাত্ৰ ড০ চৈয়দ কাছিম ৰছুল ইলিয়াছে এক দীঘলীয়া প্ৰেছ বিজ্ঞপ্তিযোগে যুক্তি দিছে যে বিশেষ বিবাহ পঞ্জীয়ন আইন (Special Marriage Registration Act) আৰু উত্তৰাধিকাৰ আইন আদিৰ দৰে বৰ্তমানৰ আইনসমূহে ধৰ্মীয় বিশ্বাসক উলংঘা নকৰাকৈ ব্যক্তিগত আইনৰ বিষয়সমূহ পৰ্যাপ্তভাৱে সম্বোধন কৰি আহিছে।
 
তেওঁ দাবী কৰে যে ইউচিচিয়ে ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাক ৰক্ষা কৰা সাংবিধানক বিৰোধিতা কৰিছে, আৰু ব্যক্তিগত স্বাধীনতাত আঘাত হানিবলৈ চেষ্টা কৰিছে।
 
তেওঁ উত্তৰাধিকাৰ সম্পৰ্কীয় বিধানসমূহক সমালোচনা কৰি যুক্তি দিয়ে যে ইয়াত পাৰিবাৰিক দায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পত্তি বিতৰণৰ ইছলামিক নীতিক অৱজ্ঞা কৰা হৈছে।
 
 
“প্ৰথমে বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে চমুকৈ আলোচনা কৰা হয়, তাৰ পিছত উত্তৰাধিকাৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় আৰু শেষত, আচৰিত কথাটো হ’ল, লিভ-ইন সম্পৰ্কৰ বাবে এক নতুন আইনী ব্যৱস্থা উপস্থাপন কৰা হয়। এনে সম্পৰ্কই নিঃসন্দেহে সকলো ধৰ্মৰ নৈতিক মূল্যবোধক প্ৰভাৱিত কৰিব।"-তেওঁ কয়। 
 
দ্বিতীয় বিবাহ নিষিদ্ধ কৰা সন্দৰ্ভত ড০ ইলিয়াছে ইয়াক কেৱল প্ৰচাৰৰ কৌশল বুলি উলাই কৰি কয় যে দ্বিতীয় বিবাহ নিষিদ্ধ কৰিলে মহিলাসকলৰ ওপৰত অসমতাপূৰ্ণ প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত সামাজিক জটিলতাৰ সৃষ্টি কৰিব পাৰে।
 
ড০ ইলিয়াছে পুনৰবাৰ নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি কয় যে আইন প্ৰণয়নকাৰীসকলে ইউচিচি পুনৰ বিবেচনা কৰিব লাগে, কিয়নো ই ধাৰ্মিক আৰু সাংস্কৃতিক স্বাধীনতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।