Muslim World Leagueৰ মূৰব্বী ড° মহম্মদ বিন আব্দুলকাৰীম আল-ইছা ৫ দিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিব

Story by  atv | Posted by  [email protected] • 9 Months ago
ড° মহম্মদ বিন আব্দুলকাৰীম আল-ইছা
ড° মহম্মদ বিন আব্দুলকাৰীম আল-ইছা
 
নতুন দিল্লী

মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব তথা ইছলামিক বিশ্বৰ অতি সন্মানীয় ব্যক্তি ড° মহম্মদ বিন আব্দুলকাৰীম আল-ইছাই অহা ১০ জুলাইত ৫ দিনৰ ভ্ৰমণসূচী লৈ ভাৰত ভ্ৰমণলৈ আহিব। আগমনৰ কিছু সময়ৰ পাছতেই তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা আছে।
 
 ড° আল-ইছাই অহা ১১ জুলাইৰ পুৱা ১১ বজাত দিল্লীৰ ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰত বিশিষ্ট ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতা, শিক্ষাবিদ, আৰু সংবাদ মাধ্যমৰ সমাৱেশত ভাষণ দিব। খুছৰো ফাউণ্ডেচনৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। খুছৰো ফাউণ্ডেশ্যনৰ অনুষ্ঠানত এন এছ এ ডোভালে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব ড° আল-ইছাক সংগ দিব। 
 
উল্লেখ্য যে, ড° আল-ইছা ছৌদি আৰৱৰ আইন আৰু ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত দেশখনত পৰিয়াল আৰু মহিলাকে ধৰি আইন সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ভাৰত ভ্ৰমণত তেওঁ উদাৰ ইছলামবাদ, ধৰ্মীয় সহনশীলতা, আন্তঃসাংস্কৃতিক যোগাযোগ, অহিংসা, আৰু ধৰ্মীয় বহুত্ববাদৰ ওপৰত ভাষণ দিয়াৰ সম্ভাৱনা আছে।
 
মুছলমান বিশ্বই সন্মুখীন হোৱা বিভিন্ন জটিল বিষয়ত ড° আল-ইছাৰ সুক্ষ্ম স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাবিদকে ধৰি বহু আমন্ত্ৰিত ব্যক্তিয়ে এই অনুষ্ঠানৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে।
 
সূত্ৰ অনুসৰি, ভাৰত ভ্ৰমণৰ সময়ত আল-ইছাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰাণীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। তেওঁ আইচিচিআৰৰ সভাপতিক সাক্ষাৎ কৰাৰ লগতে বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ বিশিষ্ট ধৰ্মীয় নেতাৰ এটা দলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পিছত তেওঁ দিল্লীৰ অক্ষৰধাম মন্দিৰলৈ যাব আৰু তাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক লগ কৰিব। 
 
দিল্লীত থকা সময়ছোৱাত তেওঁ জামা মছজিদত শুকুৰবাৰৰ নামাজ আৰু আগ্ৰালৈ গৈ তাজমহল দৰ্শনৰ সম্ভাৱনা আছে। তেওঁৰ সূচীৰ ভিতৰত আছে ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ চাণক্যপুৰী ভ্ৰমণৰ লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা।
 
উল্লেখ্য যে, মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আল-ইছা এজন সুপৰিচিত ইছলামিক পণ্ডিত; উদাৰবাদী ইছলামৰ এক বলিষ্ঠ কণ্ঠ, আৰু আন্তঃধৰ্মীয় আলোচনা তথা বিশ্ব শান্তিৰ প্ৰচাৰক। ইছলামিক বিশ্বৰ এজন সন্মানীয় নেতা আল-ইছাই উদাৰবাদী ইছলামক প্ৰসাৰিত কৰাৰ লগতে সকলো পটভূমিৰ লোকৰ মাজত সহানুভূতি, বুজাবুজি আৰু সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ বিশিষ্ট ভূমিকাৰ বাবে বহুলভাৱে স্বীকৃতি লাভ কৰিছে।
 
মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব হিচাপে ড° আল-ইছাই বিভিন্ন সম্প্ৰদায়, ধৰ্ম আৰু জাতিৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলা আৰু সম্পৰ্ক শক্তিশালী কৰাৰ পদক্ষেপৰ নেতৃত্ব দিছে। তেওঁ চেণ্টাৰ ফৰ ৰেচপন্সিবল লিডাৰশ্বিপৰ অধ্যক্ষ হিচাপেও কাম কৰে, যিটো বিশ্বব্যাপী প্ৰভাৱশালী চৰকাৰ, ধৰ্ম, সংবাদ মাধ্যম, ব্যৱসায়, আৰু সম্প্ৰদায়ৰ নেতাসকলে একেলগে কাম কৰি আজিৰ মানৱতা আৰু বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ সমাধান কৰে।
 
ড° আল ইছাক বিভিন্ন ধৰ্মৰ লোকৰ মাজত উদাৰতা, সহযোগিতা আৰু সহাৱস্থানৰ প্ৰসাৰৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে ধৰ্মীয় নেতা, চৰকাৰী বিষয়া, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে প্ৰশংসা কৰিছে।